ক্লড-ইংগা বাৰবে (ইংৰাজী ভাষা: Claude-Inga Barbey; জন্ম: ২১ জানুৱাৰী ১৯৬১ – ৩ জানুৱাৰী ২০২৬) এগৰাকী চুইছ কৌতুক অভিনেতা, অভিনেত্ৰী আৰু লেখিকা আছিল।১
প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন
১৯৬১ চনৰ ২১ জানুৱাৰীত জেনেভাত জন্মগ্ৰহণ কৰা বাৰবেক তেওঁৰ মদ্যপায়ী আৰু ড্ৰাগছত আসক্ত পিতৃ-মাতৃয়ে পৰিত্যাগ কৰাৰ পাছত তিনি বছৰ বয়সত তেওঁৰ আইতাকে তোলনীয়া হিচাপে গ্ৰহণ কৰিছিল।২ তেওঁ জীৱনৰ পিছৰ পৰ্যায়তহে মাকৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিছিল।৩ শৈশৱত তেওঁ মাৰ্চেল মইনিয়াৰে প্ৰতিষ্ঠা কৰা পুতলা নাচৰ অনুষ্ঠান "লে মেৰিয়নেট ডি জেনেভ" আৱিষ্কাৰ কৰিছিল। পিছলৈ তেওঁ আইতাকৰপৰা পইচা চুৰ কৰি দ্য স্নো কুইনকে ধৰি আন আন অনুষ্ঠান চাবলৈ গৈছিল।৪৫ তেওঁ ১৯৭৮ চনৰপৰা ১৯৮০ চনলৈ ইকোলে ছুপাৰিয়াৰ ডি আৰ্ট ড্ৰামাটিক ডি জেনেভাত অধ্যয়ন কৰিছিল আৰু ১৯৯০ চনত ৰেডিঅ' চুইছ ৰোমাণ্ডেৰ ৰেডিঅ' অনুষ্ঠানত যোগদান কৰিছিল।
১৯৯৬ চনত বাৰবেয়ে পেট্ৰিক লেপৰ সৈতে মিলি বাৰগামোট শীৰ্ষক অনুষ্ঠানটো সৃষ্টি কৰে।৬ ১৯৯৮ চনত ইয়াৰ প্ৰথম থিয়েটাৰ প্ৰদৰ্শনী অনুষ্ঠিত হয় আৰু ২০০০ চনত পেৰিছৰ থিয়েটাৰ হেবাৰ্টটত ইয়াক বিশেষভাৱে প্ৰদৰ্শন কৰা হয়।৭ তেওঁ কৰ্মজীৱনৰ বেছিভাগ সময় বিভিন্ন প্ৰডাকচনত অভিনয় অব্যাহত ৰাখিছিল আৰু বিশেষকৈ ২০১৬ চনৰ চলোথাৰ্ণ ফিল্ম ফেষ্টিভেলত এনোমেলিয়াত অভিনয়ৰ বাবে শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল।৮ ২০১৮ চনত তেওঁ ইণ্টাৰনেট ধাৰাবাহিক অলেত এগৰাকী চাফাই কৰ্মী হিচাপে আত্মপ্ৰকাশ কৰে।৯ ২০২১ চনৰ মাৰ্চ মাহত তেওঁ লিংগ তৰলতাৰ (gender fluidity) ওপৰত আধাৰিত "TOC! Le langage épicène pour les nul.le.s" নামৰ এটা স্কেটচ নিৰ্মাণ কৰিছিল,১০ যিটো লে টেম্পছ বাতৰি কাকতৰ ৱেবছাইটত প্ৰকাশ পাইছিল।১১ অৱশ্যে, ট্ৰান্সফোবিয়া বুলি ধাৰণা কৰা বাবে এই কামটোৱে নেতিবাচক সঁহাৰি লাভ কৰিছিল,১২ যাৰ ফলত ৰেডিঅ' টেলিভিছন চুইছত এটা বিতৰ্কৰ সৃষ্টি হৈছিল।১৩ ২০২১ চনৰ ২৩ ডিচেম্বৰত প্ৰকাশিত তেওঁৰ এটা স্কেটচক বৰ্ণবাদী বুলি গণ্য কৰাৰ পাছত তেওঁ লে টেম্পছৰ স্তম্ভ বন্ধ কৰাৰ লগতে ছচিয়েল মিডিয়াৰপৰাও আঁতৰি অহাৰ কথা ঘোষণা কৰিছিল।১৪
ব্যক্তিগত জীৱন আৰু মৃত্যু
বাৰবে চাৰিজন সন্তানৰ মাতৃ আছিল। বিবাহ বিচ্ছেদৰ পূৰ্বে তেওঁ স্বামীৰ সৈতে ১৭ বছৰ ধৰি আছিল।১৫ ২০১৭ চনত জেনেভাৰ পুৰণি চহৰত সংঘটিত এক যান-বাহন সংঘৰ্ষত তেওঁৰ প্ৰাক্তন স্বামীৰ মৃত্যু হয়।১৬ তেওঁ প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় মেৰিনত কটাইছিল।১৭ ভগৱানৰ সৈতে টেলি্পেথিকভাৱে যোগাযোগ কৰা বুলি দাবী কৰাৰ পাছত ৪৫ বছৰ বয়সত তেওঁক দীক্ষিত কৰা হৈছিল।১৮১৯
২০২৬ চনৰ ৩ জানুৱাৰীত ৬৪ বছৰ বয়সত বাৰবেৰ মৃত্যু হয়।২০
চলচ্চিত্ৰপঞ্জী
- এল'গ্ৰে ডি বাৰবেৰী (১৯৮১)
- দ্য ডেথ অৱ মাৰিঅ' ৰিচ্চি (১৯৮৩)
- নোচেছ ডি চুখ্ৰে (১৯৮৪)
প্ৰকাশিত গ্ৰন্থ
- পেটিট ডিপ্ৰেছন চেণ্ট্ৰী চাৰ লে জাৰ্ডিন (২০০০)
- লে পেলেচ ডি চুগ্ৰে (২০০৩)
- লে পৰ্ট্ৰেইট ডি মাদাম মেলো এট অট্ৰেছ নভেলছ (২০০৪)
- লে পেটিটছ এৰেঞ্জমেণ্টছ (২০০৭)
- ৫০ নুৱাঞ্চ ডি ৰেগ্ৰেটছ (২০১৯)
- পুচিয়েৰেছ ডু ছাহাৰা (২০২২)
তথ্যসূত্ৰ
- ↑ Di Guardo, Andrea. (6 January 2026). La comédienne genevoise Claude-Inga Barbey s’en est allée. Tribune de Genève
- ↑ Claude-Inga Barbey. Les Archives du spectacle
- ↑ de Coulon, Laurence. (28 April 2019). «Elles m'ont sauvé la vie», confie Claude-Inga Barbey. Coopération
- ↑ Claude-Inga Barbey 2/5 - Lʹenfance de lʹart. Radio Télévision Suisse
- ↑ Brignoli, Nathalie. (9 November 2018). Claude-Inga Barbey. Elle
- ↑ (7 January 2016). Une history de couple. Le Temps
- ↑ Koutchoumoff, Lisbeth. (1 March 1999). Gens: Claude-Inga Barbey, l'écriture au cœur. Le Temps
- ↑ (7 January 2016). Claude-Inga Barbey récompensée pour son rôle dans une série télévisée. Radio Télévision Suisse
- ↑ Evard, Sophie. (22 September 2018). Claude-Inga Barbey chiffonne l'actu. 24 heures
- ↑ Barbey, Claude-Inga. (15 March 2021). TOC! Le langage épicène pour les nul.le.s. Le Temps
- ↑ Busslinger, Boris. (19 March 2021). Lettre ouverte du Collectif Radical d'Action Queer. Le Temps
- ↑ Frammery, Catherine. (19 March 2021). De l’art difficile et délicat de faire rire. Le Temps
- ↑ (24 March 2021). Peut-on rire de moi?. Radio Télévision Suisse
- ↑ Schaller, Thibaut. (24 December 2021). Claude-Inga Barbey se retire des réseaux sociaux: "Je n'ai plus les épaules pour supporter ça". Radio Télévision Suisse
- ↑ Genecand, Marie-Pierre. (15 January 2021). Après Manuela, Claude-Inga Barbey sera Jacqueline pour «Le Temps». Le Temps
- ↑ Baumann, Patrick. (18 January 2021). Claude-Inga Barbey: «Ma petite-fille ose de nouveau m’embrasser». L'Illustré
- ↑ (31 March 2019). Rencontre avec Claude - Inga Barbey. Générations
- ↑ (30 November 2016). Ils ont la foi et ils le disent. Générations
- ↑ Zbinden, Raphaël. (6 December 2016). Claude-Inga Barbey évoque sa rencontre avec un drôle de type. Cath.ch
- ↑ (5 January 2026). La comédienne Claude-Inga Barbey est décédée à l'âge de 64 ans. Radio Télévision Suisse
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লড-ইংগা বাৰবে” প্ৰবন্ধৰ সংশোধন ৬০৩৮৭১ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।