অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৌশিকী চক্ৰৱৰ্তী

বিদূষী কৌশিকী চক্ৰৱৰ্তী (জন্ম ২৪ অক্টোবৰ ১৯৮০) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু সুৰকাৰ। তেওঁ সংগীত গৱেষণা একাডেমীৰ ছাত্ৰী আৰু পাটিয়ালা ঘৰানাৰ এগৰাকী পৰিৱেশক। তেওঁ তেওঁৰ প্ৰদৰ্শনীত বিশুদ্ধ ধ্ৰুপদী, খেয়াল, দাদৰা, থুমৰি, ভজন আদি ভাৰতীয় সংগীতৰ কেইবাটাও প্ৰকাৰক সামৰি লৈছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৬৫৫ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বিদূষী কৌশিকী চক্ৰৱৰ্তী (জন্ম ২৪ অক্টোবৰ ১৯৮০) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু সুৰকাৰ। তেওঁ সংগীত গৱেষণা একাডেমীৰ ছাত্ৰী আৰু পাটিয়ালা ঘৰানাৰ এগৰাকী পৰিৱেশক।১২ তেওঁ তেওঁৰ প্ৰদৰ্শনীত বিশুদ্ধ ধ্ৰুপদী, খেয়াল, দাদৰা, থুমৰি, ভজন আদি ভাৰতীয় সংগীতৰ কেইবাটাও প্ৰকাৰক সামৰি লৈছে। চক্ৰৱৰ্তীয়ে এছিয়া-প্ৰশান্ত মহাসাগৰীয় শ্ৰেণীত, বিশ্ব সংগীতৰ বাবে ২০০৫ চনত বিবিচি ৰেডিঅ’ থ্ৰী বঁটা লাভ কৰিছিল। কৌশিকী হিন্দুস্তানী শাস্ত্ৰীয় সংগীতজ্ঞ অজয় চক্ৰৱৰ্তীৰ জীয়ৰী আৰু তেওঁ দেউতাকৰ লগতে তেওঁৰ স্বামী পাৰ্থসাৰথি দেশিকানৰ সৈতে মঞ্চানুষ্ঠান পৰিৱেশন কৰে।৩ ২০২০ চনত তেওঁক নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰা হয়।৪ কৌশিকী চক্ৰৱৰ্তী এগৰাকী কৰ্ণাটকী শাস্ত্ৰীয় সংগীতজ্ঞও।

প্ৰাৰম্ভিক জীৱন

১৯৮০ চনৰ ২৪ অক্টোবৰত কলিকতাত কৌশিকীৰ জন্ম হৈছিল। তেওঁ চন্দনা চক্ৰৱৰ্তীৰ কন্যা আৰু পদ্মভূষণ প্ৰাপক ভাৰতীয় শাস্ত্ৰীয় গায়ক অজয় চক্ৰৱৰ্তী তেওঁৰ পিতৃ। দুবছৰ বয়সৰ পৰাই কৌশকী সংগীতৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল। ১৯৮০ ৰ দশকৰ শেষৰ ফালৰপৰা কৌশকীয়ে তেওঁৰ দেউতাকৰ সৈতে সংগীতানুষ্ঠান প্ৰদৰ্শনৰ বাবে বিশ্ব ভ্ৰমণ কৰিছিল। তেওঁ ৭ বছৰ বয়সত কলিকতা ৰোয়িং ক্লাবত তেওঁৰ প্ৰথমটো ৰাজহুৱা প্ৰদৰ্শন কৰিছিল।৫

দহ বছৰ বয়সত, তেওঁ জ্ঞান প্ৰকাশ ঘোষৰ একাডেমীত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰিছিল। ঘোষ তেওঁৰ দেউতাকৰো গুৰু আছিল। পিছত, তেওঁ আইটিচি সংগীত গৱেষণা একাডেমীত যোগদান কৰে আৰু তাৰ পৰা ২০০৪ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল,৬৭৮ আৰু কলিকতাত তেওঁৰ দেউতাকৰ শ্ৰুতিনন্দন সংগীত বিদ্যালয়ত তেওঁক সকলো ফালৰপৰা সাজু কৰি তোলা হৈছিল। কেৱল খেয়াল আৰু থুমৰী প্ৰদৰ্শনতে তেওঁৰ বিশেষত্ব ফুটি উঠা নাছিল; ২০০২ চনৰপৰা তেওঁ বিদ্বান বালামুৰুলী কৃষ্ণৰপৰা নিপুনতাৰে কৰ্ণাটকী সংগীত শিকিছিল।৭৮

কলিকতাৰ পাঠ ভৱন স্কুলত তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ২০০২ চনত তেওঁ কলিকতাৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক মহিলা মহাবিদ্যালয় যোগমায়া দেৱী কলেজৰপৰা দৰ্শনত প্ৰথম শ্ৰেণীৰ ডিগ্ৰী লাভ কৰে। তেওঁ কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰপৰা দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৯১০

কৰ্মজীৱন

চক্ৰৱৰ্তীয়ে বহুতো উল্লেখযোগ্য সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি সংগীত পৰিৱেশন কৰিছে। মূলতঃ তেওঁ খেয়াল প্ৰদৰ্শন কৰে যদিও মাজে মাজে তেওঁ সমসাময়িক ভাৰতীয় পপ সংগীতো পৰিৱেশন কৰে।১ ২০ বছৰ বয়সৰপৰা তেওঁ ডোভাৰ লেন সংগীত সন্মিলনত প্ৰদৰ্শন কৰিছিল আৰু পৰৱৰ্তী ৫ বছৰলৈ এই অংশগ্ৰহণ অব্যাহত ৰাখিছিল।

সংগীত জগতলৈ আগবঢ়োৱা ৬০ বছৰীয়া অৱদানৰ স্বীকৃতি স্বৰূপে কণ্ঠশিল্পী কিশোৰী আমনকাৰৰ সন্মানাৰ্থে ২০১১ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে পুনেত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সংগীতানুষ্ঠানত চক্ৰৱৰ্তীয়ে ৰাগ টোডি পৰিৱেশন কৰিছিল।১১

কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত, আগষ্ট ২০০৩ ত, চক্ৰৱৰ্তীয়ে লণ্ডনত এক লাইভ প্ৰদৰ্শন আগবঢ়ায় যাক পিৱৰ ৰেকৰ্ড হিচাপে মুকলি কৰা হয়। এই অনুষ্ঠানত কৌশকীৰ দেউতাকে তেওঁৰ সৈতে হাৰমনিয়াম সংগত কৰিছিল।১ তেওঁ ভাৰতৰ আইটিচি সংগীত সন্মিলন, সংগীতৰ বসন্ত উৎসৱ (কেলিফৰ্ণিয়া), চৱাই গন্ধৰ্ব ভীমসেন সংগীত মহোৎসৱ আৰু পৰম্পৰা কাৰ্যসূচী (লছ এঞ্জেলছ)ত প্ৰদৰ্শন কৰিছে।১২ সংগীত পৰিৱেশনৰ বাবে তেওঁ পাটিয়ালা পৰম্পৰাৰ ধ্বজাবাহক হিচাপে প্ৰশংসিত হৈছে। এই অনুষ্ঠানত উপস্থিত হোৱা তেওঁৰ অতিথিসকল হৈছে অতিথি হিচাপে বনশ্ৰী সেনগুপ্তা, সুভমিতা বেনাৰ্জী, লোপামুদ্ৰা মিত্ৰ, জয় সৰকাৰ, তেওঁৰ দেউতাক অজয় চক্ৰৱৰ্তী।১৩

টক শ্ব’ চক্ৰৱৰ্তীয়ে মনোৰঞ্জন চেনেল ৰূপসী বাংলাত গায়কসকলৰ সৈতে এখন সাপ্তাহিক টক-শ্ব’ৰ অনুষ্ঠান কৰিছিল। দেওবাৰে সম্প্ৰচাৰিত গান-গল্প আৰ গান (গান, কাহিনী আৰু গান) নামৰ টক-শ্ব’টোত সংগীত আৰু গল্প পৰিৱেশন কৰা হয়। তেওঁ শাস্ত্ৰীয়, ৰবীন্দ্ৰ সংগীত, নজৰুল গীতি, লোক সংগীত, আধুনিক, বাংলা বেণ্ড, চলচ্চিত্ৰীয় গীত আৰু ৰিমিক্সৰ দৰে বঙালী গান উপস্থাপন কৰে। এই অনুষ্ঠানত উপস্থিত থাকি পৰিৱেশন কৰা অতিথিসকল হৈছে; বনশ্ৰী সেনগুপ্তা, সুভমিতা বেনাৰ্জী, লোপামুদ্ৰা মিত্ৰ, জয় সৰকাৰ আৰু তেওঁৰ দেউতাক অজয় চক্ৰৱৰ্তী।১৪

মিউজিকেল গ্ৰুপ চক্ৰৱৰ্তীয়ে সখী নামৰ এক বিশেষ মহিলা সংগীত গোট গঠন কৰিছিল; এই গোটটো শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগশাৰীৰ গোট। তেওঁলোকে তেওঁলোকৰ প্ৰদৰ্শনৰ মাজেৰে নাৰীত্ব উদযাপন কৰে আৰু তেওঁলোক গঙ্গা নদী, সৰস্বতী, দুৰ্গা, লক্ষ্মী, দ্ৰৌপদী, কুন্তী, সীতা, ৰাধা আৰু মীৰাৰ প্ৰতি উৰ্চগিত। গোটৰ প্ৰথমটো অনুষ্ঠান ২০১৫ চনৰ ২০ জানুৱাৰীত মুম্বাইৰ কলা মন্দিৰত অনুষ্ঠিত হৈছিল। চক্ৰৱৰ্তী কণ্ঠশিল্পী আছিল আৰু এই গোটৰ আন সদস্যসকল আছিল তবলাত শাওনি তালৱালকাৰ, পাখাৱাজত মহিমা উপাধ্যায়, বাঁহীত দেবপ্ৰিয়া চেটাৰ্জী, ভায়’লিনত নন্দিনী শংকৰ, আনহাতে কথক নৃত্য প্ৰদৰ্শন কৰিছিল ভক্তি দেশপাণ্ডেই। তেওঁলোক প্ৰতিগৰাকীয়ে আছিল বিখ্যাত হিন্দুস্তানী সংগীতজ্ঞসকলৰ কন্যা বা নাতি বা শিষ্যা।১৫ চক্ৰৱৰ্তীয়ে ২০১৫ চনৰ অক্টোবৰত কাৰ্নেগী হলত তেওঁৰ গোটৰ সৈতে এই সংগীতৰ এই অনুষ্ঠানটো পৰিৱেশন কৰিছিল; এইটো ৯০ মিনিটৰ এটি কাৰ্যসূচী আছিল।৬

সন্মান আৰু স্বীকৃতি

চক্ৰৱৰ্তী বহুতো পুৰস্কাৰ আৰু স্বীকৃতি লাভ কৰিছিল। ১৯৯৫ চনত তেওঁ যদু ভট্ট বঁটা লাভ কৰিছিল, ১৯৯৮ চনত নতুন দিল্লীত অনুষ্ঠিত ২৭ তম বাৰ্ষিক আই টি চি সংগীত সন্মিলনত তেওঁৰ উদ্বোধনী গীতৰ পিছতে ৰাজহুৱাকৈ তেওঁৰ নাম উল্লেখ কৰি তেওঁক প্ৰশংসা কৰা হৈছিল। ২০০০ চনত তেওঁ লাভ কৰিছিল অসামান্য যুৱ ব্যক্তি (আউটষ্টেণ্ডিং য়ং পাৰ্চন) বঁটা। তেওঁ ২৫ বছৰ বয়সত সংগীতক্ষেত্ৰত অসামান্য কৃতিত্বৰ বাবে বিবিচি বঁটা (২০০৫) লাভ কৰিছিল। বিবিচিয়ে তেওঁৰ সংগীত যাত্ৰাক লৈ এখন চুটি চলচ্চিত্ৰও নিৰ্মাণ কৰিছিল – য’ত তেওঁৰ সংগীতৰ সৈতে সম্পৰ্কিত মানুহ আৰু ঠাইবোৰ সামৰি লোৱা হৈছিল। [9] তেওঁ হিন্দুস্তানী কণ্ঠ সংগীতৰ বাবে সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লা খান পুৰস্কাৰ ২০১০১৬, আৰু ২০১৩ চনত আদিত্য বিৰলা কলাকিৰণ পুৰস্কাৰ লাভ কৰিছিল।৬ চক্ৰৱৰ্তীয়ে এবিপি আনন্দৰ দ্বাৰা শ্বেৰা বঙালী সন্মান ২০১৭ লাভ কৰিছিল।

ব্যক্তিগত জীৱন

২০০৪ চনত কৌশিকীয়ে হিন্দুস্তানী সংগীতৰ এগৰাকী পেছাদাৰী গায়ক পাৰ্থসাৰথি দেশিকানক বিয়া কৰায়। ঋষৃত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান।১৩

এলবাম

  • ২০০২ – আ জাৰ্ণি বিগিনচ্‌
  • ২০০৫ – হামাৰো প্ৰণাম
  • ২০০৫ – ৱাটাৰ
  • ২০০৭ – ৰাগেশ্ৰী
  • ২০০৭ – পিৱৰ
  • ২০০৮ – ঝনক
  • ২০১০ – জগ দৌ দিন কা মেলা
  • ২০১১ – মনোময়
  • ২০১১ – কৌশিকী
  • ২০১১ – জানি দ্যেখা হৱে
  • ২০১১ - যাত্ৰা ২:দ্য জাৰ্ণি কনটিনিউচ
  • ২০১২ – পাঁচ অধ্যায়
  • ২০১৩ – বুন
  • ২০১৩ – হনুমান ডট কম
  • ২০১৩ – শূন্য অংক
  • ২০১৩ – Thirumanam Enum Nikkah
  • ২০১৪ – পাৰাপাৰ (Original Motion Picture Soundtrack)
  • ২০১৪ – গুলাব গেং
  • ২০১৪ – ৰামানুজন
  • ২০১৪ – সন্ধ্যা নমাৰ আগে (Original Motion Picture Soundtrack)
  • ২০১৪ – হৃদ মাঝাৰেয় (Original Motion Picture Soundtrack)
  • ২০১৫ – কাৰৱাঁ
  • ২০১৫ – কাদম্বৰী (Original Motion Picture Soundtrack)
  • ২০১৫ – ফেমিলি এলবাম (Original Motion Picture Soundtracks)
  • ২০১৬ – মিৰ্য্যা
  • ২০১৭ – কৌশকীচ সখী
  • ২০১৭ – Arani Takhon (Original Motion Picture Soundtrack)
  • ২০১৭ – গায়ে যা

তথ্যসূত্ৰ

  1. ↑ Kaushiki Chakraborty: Artist Biography. All Muic.com
  2. ↑ Voice of Punjab is Bengali. The Tribune
  3. ↑ Kaushiki Chakraborty Desikan and Partha Desikan delight Atlanta. atlantadunia.com
  4. ↑ #GoodNewsOfTheDay: 15 Women honoured with Nari Shakti Puraskar by President Ram Nath Kovind on Women's Day. PINKVILLA
  5. ↑ (11 September 2012). Kaushiki's dual role. The Telegraph
  6. ↑ (16 October 2015). Kaushiki Chakraborty's Sakhi:Women in Indian Music. Carnegiehall Organization
  7. ↑ Lusk, Jon. (2005). Winner 2005 Kaushiki Chakraborty (India). BBC News
  8. ↑ Banerjee, Meena. (29 May 2009). Thinking of khayal in Bengal. দ্য হিন্দু
  9. ↑ (25 September 2010). The Girl with the Runaway Taan: Tehelka Magazine, Vol 7, Issue 38. Tehelka Magazine
  10. ↑ History of the College. Jogmayadevi College
  11. ↑ (14 February 2011). The blend of three 'gharanas', a musical experience beyond words. Daily News and Analysis
  12. ↑ Mathur, Barkha. (6 December 2015). Classical vocalist Kaushiki Chakraborty to perform in city today. The Times of India
  13. ↑ Biswas, Jaya. (4 August 2014). Are Kaushiki and Parthasarathi back together?. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  14. ↑ Gaan Golpo aar Gaan. News Time
  15. ↑ Chowdhury, Tathagata Ray. (19 January 2015). Kaushiki Chakraborty forms first all women's classical band, Sakhi. The Times of India
  16. ↑ Ustad Bismillah Khan Yuva Puraskar 2010 Presented. Press Trust of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সংগীতজ্ঞনাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৌশিকী চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৫২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।