অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কোণ্ডাপল্লি কোটেশ্বৰম্মা

কোণ্ডাপল্লি কোটেশ্বৰম্মা (Kondapalli Koteswarmma; ৫ আগষ্ট, ১৯১৮ – ১৯ ছেপ্টেম্বৰ, ২০১৮) এগৰাকী ভাৰতীয় কমিউনিষ্ট নেত্ৰী, নাৰীবাদী, বিপ্লৱী আৰু লেখিকা আছিল। ১৯১৮ চনত পামাৰুত তেওঁৰ জন্ম হৈছিল।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৪ ৩৭২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কোণ্ডাপল্লি কোটেশ্বৰম্মা (Kondapalli Koteswarmma; ৫ আগষ্ট, ১৯১৮ – ১৯ ছেপ্টেম্বৰ, ২০১৮)১ এগৰাকী ভাৰতীয় কমিউনিষ্ট নেত্ৰী, নাৰীবাদী, বিপ্লৱী আৰু লেখিকা আছিল। ১৯১৮ চনত পামাৰুত তেওঁৰ জন্ম হৈছিল।২

প্ৰাৰম্ভিক জীৱন

খুৰাকৰ লগত তেওঁৰ অতি কম বয়সত বিয়া হৈছিল যদিও দুবছৰৰ পিছত স্বামীৰ মৃত্যু হৈছিল। মাত্ৰ ৯ বছৰ বয়সতে তেওঁ বৈধ্ব্যৰ সাজ পৰিধান কৰিবলগীয়া হৈছিল। তেওঁ গৃহ চহৰতে পৰাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু লগতে সংগীতৰো প্ৰশিক্ষণো লৈছিল।। ১০ বছৰ বয়সত বিভিন্ন সভা আৰু মণ্ডলীত দেশপ্ৰেমমূলক গীত গাই স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশ লৈছিল। ১৯ বছৰ বয়সত কোণ্ডাপল্লি সীতাৰামায়াৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয়। প্ৰথম অৱস্থাত তেওঁ বহু সামাজিক বাধাৰ সন্মুখীন হৈছিল কাৰণ তেতিয়াৰ দিনত বিধৱাৰ পুনৰ বিবাহ সমাজে গ্ৰহণ কৰা নাছিল। বিয়াৰ পিছত স্বামীৰ সৈতে জোন্নাপাড়ুত কিছু বছৰ বাস কৰে। এই সময়ছোৱাত গুড়িবাডাত কমিউনিষ্ট পাৰ্টিৰ কাম কৰিছিল। বিজয়াৱাড়ালৈ যোৱাৰ পিছত তেওঁ বিভিন্ন সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে মহিলা সংগঠনৰ বাবেও কাম কৰে।৩

কৰ্ম আৰু পৰৱৰ্তী জীৱন

তেওঁ স্বামী আৰু পুচাপল্লী সুন্দৰায়াৰ দৰে ব্যক্তিৰ সৈতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বাবে সক্ৰিয়ভাৱে কাম কৰিছিল। তেলংগানা বিদ্ৰোহত সক্ৰিয়ভাৱে অৱদান আগবঢ়াইছিল। পৰিয়াল আৰু সন্তানৰ পৰা আঁতৰি আত্মগোপন কৰি বন্দৰ, এলুৰু, পুৰী, ৰাইচুৰত কেইবছৰমান পাৰ্টিৰ বাবে কাম কৰিছিল। বিদ্ৰোহৰ পাছত কম সময়ৰ ভিতৰত কমিউনিষ্ট পাৰ্টি দুটা ভাগত বিভক্ত হয়। ৩৫ বছৰ বয়সত তেওঁ মেট্ৰিকৰ বাব পঢ়িবলৈ হায়দৰাবাদলৈ যায়। গল্প লিখি আৰু ৰেডিঅ’ৰ বাবে অনুষ্ঠান পৰিৱেশন কৰি উপাৰ্জন কৰা অলপীয়া টকাৰে তেওঁ সেই সময়খিনিত জীৱন নিৰ্বাহ কৰিছিল। ইমান সামান্য উপাৰ্জনেৰে চলি থকা অৱস্থাতো প্ৰতিমাহে দহ টকাকৈ দলৰ পুঁজিলৈ প্ৰেৰণ কৰিছিল। মেট্ৰিক সম্পূৰ্ণ কৰাৰ পিছত কাকিনাডাৰ পলিটেকনিক কলেজত মেট্ৰ’ন হিচাপে যোগদান কৰাৰ পিছত কাকিনাদাৰ সাহিত্যিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। পিছলৈ তেওঁ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত কাম কৰিছিল। তেওঁ এহাল পুত্ৰ-কন্যা চন্দ্ৰশেখৰ আৰু কৰুণাৰ মাক আছিল। জীয়েক কৰুণা ডাক্তৰ আছিল আৰু চন্দ্ৰশেখৰে ৱাৰংগলৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। অভাৱনীয় পৰিস্থিতিত দুয়োৰে মৃত্যু হয়। এই বছৰবোৰত তেওঁৰ স্বামীয়ে ভাৰতত পিপ’লছ ৱাৰ পাৰ্টি প্ৰতিষ্ঠা কৰি দলৰ হৈ সক্ৰিয়ভাৱে কাম কৰিছিল। কিন্তু পিছত নিজৰ দলৰ পৰা বহিষ্কাৰ হৈ কাৰাবাস খাটিবলগীয়া হয় আৰু মানসিক ৰোগত আক্ৰান্ত হৈ ৮৭ বছৰ বয়সত নাতিনীয়েৰ (কৰুণাৰ কন্যা) ঘৰত তেওঁৰ মৃত্যু হয়। কোটেশ্বৰম্মা কিছুবছৰ বিজয়াৱাড়াত থাকি পিছলৈ হাইদৰাবাদৰ চন্দ্ৰ ৰাজেশ্বৰ ৰাও বৃদ্ধাশ্ৰমলৈ গুচি যায়।৪

সাহিত্যিক কৰ্ম

কোটেশ্বৰম্মাই আজিলৈকে বহু কেইখন গ্ৰন্থ, প্ৰবন্ধ আৰু গীত লিখিছে। তেওঁৰ উল্লেখযোগ্য কিছু গ্ৰন্থ- আম্মা চেপ্পিনা আইদু গিয়ালু (১৯৭২),অশ্ৰু সমীক্ষানম (১৯৯১),সংঘমিত্ৰা কথালু (১৯৯১)। তেওঁৰ আত্মজীৱনী নিৰ্জন বাৰাধি (২০১২) হায়দৰাবাদ বুক ট্ৰাষ্টে প্ৰকাশ কৰিছিল। ইয়াক The Sharp Knife of Memory নামেৰে ইংৰাজীলৈ আৰু অন্যান্য ভাষালৈ অনুবাদ কৰা হৈছে।৫

তথ্যসূত্ৰ

  1. ↑ Revolutionary Communist leader Kondapalli Koteswaramma passes away. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ తొలితరం కమ్యూనిస్ట్ నేత, కొండపల్లి సీతారామయ్య సతీమణి కన్నుమూత. telugu.samayam.com
  3. ↑ Woman extraordinaire
  4. ↑ Koteswaramma's life was like her writings, honest and balanced
  5. ↑ Sowmya, V.B. The sharp knife of memory, a memoir. UCP

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নাৰীবাদী লেখকতেলুগু ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোণ্ডাপল্লি কোটেশ্বৰম্মা” প্ৰবন্ধৰ সংশোধন ৪০৩৪৬৯ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।