কেৰোলিন ফাৰ্ণকম্ব ( Caroline Farncomb) এগৰাকী কানাডিয়ান পেইণ্টাৰ১। তেওঁৰ জন্ম ১২ জানুৱাৰী, ১৮৫৯ আৰু মৃত্যু ১৩ নৱেম্বৰ ১৯৫১ চন। তেওঁ অণ্টাৰিঅ'ৰ লণ্ডনত বাস কৰিছিল য'ত তেওঁ মহিলা কলা সংস্থাৰ সম্পাদিকা আছিল আৰু এখন আৰ্ট গেলেৰী আৰম্ভ কৰিবলৈ শ্ৰম দান কৰিছিল, যিটো এতিয়া লণ্ডন মিউজিয়াম হৈ আছে।২
কেৰিয়াৰ
কেৰোলিনৰ জন্ম হয় পশ্চিম কানাডাৰ নিউকেষ্টল চহৰৰ ওচৰত২ ফাৰ্ণকমে ১৮৬৭ চনত পৰিয়ালৰ সৈতে অণ্টাৰিঅ'ৰ লণ্ডনলৈ গুচি যায়।৩ লণ্ডনত ক্লেমেন্স ভ্যান ডেন ব্ৰক আৰু ফ্লৰেন্স কাৰ্লাইলৰ লগত তেওঁ অণ্টাৰিঅ’ৰ লণ্ডনৰ হেলমুথ লেডিজ কলেজ; অণ্টাৰিঅ’ৰ লণ্ডনৰ ৱেষ্টাৰ্ণ স্কুল অৱ আৰ্ট এণ্ড ডিজাইন; নিউয়ৰ্কৰ আৰ্ট ষ্টুডেণ্টছ লীগ আৰু পেৰিছৰ একাডেমী জুলিয়ানত অধ্যয়ন কৰিছিল।৩৪
পশ্চিমীয়া কলা মেলা সমূহত তেওঁ তেওঁৰ চিত্ৰসমূহ প্ৰদৰ্শন কৰিছিল; কানাডাৰ মহিলা কলা সংস্থা; লণ্ডনৰ মহিলা কলা ক্লাব; মণ্ট্ৰিয়েলৰ আৰ্ট এছ'চিয়েচন (১৯০০-১৯০৯)ৰ সৈতে:৩ ৰয়েল কানাডিয়ান একাডেমী অৱ আৰ্টছ (১৮৯৯-১৯০৮);৫ আৰু অণ্টাৰিঅ' ছ'চাইটি অৱ আৰ্টিষ্ট (১৮৯৯-১৯০৯) অন্যান্য প্ৰদৰ্শনী সমিতি আৰু স্থানৰ লগতে ১৯০৮ চনত তেওঁ সদস্য হিচাপে নিৰ্বাচিত হয়।৬ ১৯০৮ চনত তেওঁ টৰণ্টোৰ ডব্লিউ স্কট এণ্ড সন্স গেলেৰীত গ্ৰুপ শ্ব'ত নিজৰ কামৰ প্ৰদৰ্শন আগবঢ়ায়।৭ ১৯৩২ চনলৈকে তেওঁ বিভিন্ন স্থানীয় স্থানত নিজৰ কামৰ প্ৰদৰ্শন কৰি আছিল।৩ ১৯৫১ চনত অন্টাৰিঅ’ৰ লণ্ডনত ফাৰ্ণকম্বৰ মৃত্যু হয়। তেওঁৰ কৰ্মৰাজি অন্টাৰিঅ'ৰ আৰ্ট গেলেৰী,৮৯ Mcintosh Gallery, পশ্চিম বিশ্ববিদ্যালয়,৩ মিচিছাগা সংগ্ৰহালয়সমূহ১০ আৰু মিউজিয়াম লণ্ডন সংৰক্ষণ কৰা আছে।১১
চিত্ৰভাণ্ডাৰ
কেৰোলিনে অঁকা এখন চিত্ৰ:
তথ্যসূত্ৰ
- ↑ Mississauga.ca - Things to Do - Caroline Farncomb Gallery. www.mississauga.ca
- ↑ Letter from Catharine B. McEwen, August 17, 1998, Caroline Farncomb Artist's file, National Gallery Library and Archives, Ottawa
- ↑ A Driving Force Biography. mcintoshdrivingforce.ca. Mcintosh Gallery, Western U
- ↑ Canadian Women Artists History Initiative: Artist Database: Artists: FARNCOMB, Caroline. cwahi.concordia.ca
- ↑ McMann, Evelyn. (1981). Royal Canadian Academy of Arts. University of Toronto Press
- ↑ Harper, J. Russell. (1970). Early Painters and Engravers in Canada. U of T Press
- ↑ Thumb-Box Exhibition catalogue, Caroline Farncomb Artist's file, National Gallery Library and Archives, Ottawa
- ↑ AGO Art of the Day — Caroline Farncomb born Newcastle, Ontario, 1859;... AGO Art of the Day
- ↑ Clement, Clara Erskine. (1904). Women in the fine arts from the Seventh Century B.C. to the Twentieth Century A.D.. BiblioLife. পৃ. 120. ISBN 978-0554334110
- ↑ Collection. mississauga.pastperfectonline.com. Mississauga Museum
- ↑ Collection. collection.museumlondon.ca. Museum London, Ontario
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰোলিন ফাৰ্ণকম্ব” প্ৰবন্ধৰ সংশোধন ৬০২১৩৭ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।