কেৰেন এছ লিঞ্চ ( Caren S. Lynch; জন্ম: ৩০ ডিচেম্বৰ, ১৯৬৩) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন ব্যৱসায়ী আৰু চিভিএছ হেল্থৰ প্ৰাক্তন সভানেত্ৰী আৰু মুখ্য কাৰ্যবাহী বিষয়া (CEO)। ২০১৫ চনত তেওঁ এটনাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী হিচাপে পৰিগণিত হয়। মেগেলান হেল্থ চাৰ্ভিচেছ আৰু চিগনাত কাৰ্যবাহী পদত অধিষ্ঠিত হৈ আহিছে। ২০২১ চনত ফৰ্চুন ৫০০ তালিকাৰ সৰ্বোচ্চ পদবীৰ মহিলা মুখ্য কাৰ্যবাহী হিচাপে পৰিগণিত হয়।
প্ৰাথমিক জীৱন
১৯৬৩ চনৰ ৩০ ডিচেম্বৰত মেছাচুচেটছৰ ৱেৰত লিঞ্চৰ জন্ম হৈছিল।১ ৱেৰ জুনিয়ৰ এণ্ড চিনিয়ৰ হাইস্কুলত পঢ়ি ১৯৮০ চনত স্নাতক ডিগ্ৰী লাভ কৰে।২ ইয়াৰ পিছত লিঞ্চে বষ্টন কলেজৰ কেৰল স্কুল অৱ মেনেজমেণ্টত নামভৰ্তি কৰে আৰু তাৰ পৰাই তেওঁ একাউণ্টিঙত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ চাৰ্টিফাইড পাব্লিক একাউণ্টেণ্ট (CPA) প্ৰমাণপত্ৰও লাভ কৰিছে।৩ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ আৰ্নষ্ট এণ্ড ইয়ঙৰ বষ্টন কাৰ্যালয়ত নিজৰ বিত্তীয় কেৰিয়াৰ আৰম্ভ কৰে, য'ত তেওঁ বীমাৰ বিশেষজ্ঞতা লাভ কৰে।৪৩
বঁটা আৰু সন্মান
লিঞ্চ চিভিএছ হেল্থ, ইউ.এছ.বেংকৰ্প, দ্য বিজনেছ কাউন্সিল, বষ্টন কলেজ উইমেনছ কাউন্সিল আৰু দ্য বিজনেছ ৰাউণ্ডটেবলৰ প্ৰাক্তন ব’ৰ্ড মেম্বাৰ।
২০১৫ চনত লিঞ্চ স্তন কেন্সাৰ গৱেষণাৰ বাবে কোমেন কানেকটিকাট ৰেচ ফৰ দ্য কিউৰৰ সন্মানীয় সহ-অধ্যক্ষ আছিল।৫
২০২১ চনত লিঞ্চক ৫০ বছৰৰ ওপৰৰ মহিলা উদ্যোগী, নেত্ৰী, বিজ্ঞানী আৰু সৃষ্টিকৰ্তাৰ তালিকা ফৰ্বছ ৫০ অভাৰ ৫০ ৰ তালিকাত নিৰ্বাচিত কৰা হয়।৬ ২০২১ চনৰ অৰ্থনৈতিক উন্নয়ন সমিতিৰ বিশিষ্ট নেতৃত্ব বঁটাৰে তেওঁক সন্মানিত কৰা হয়।৭ ফৰ্চুনৰ আটাইতকৈ শক্তিশালী মহিলা তালিকাত একেৰাহে তিনি বছৰ (২০২১, ২০২২ আৰু ২০২৩) তেওঁ প্ৰথম স্থান লাভ কৰে।৮৯১০
২০২৩ চনত লিঞ্চক টাইমছ টাইমৰ বাৰ্ষিক বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।১১
লিঞ্চে ব্ৰায়াণ্ট বিশ্ববিদ্যালয়, হাৰ্টফোৰ্ড বিশ্ববিদ্যালয় আৰু বেকাৰ কলেজৰপৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে; ১২১৩ আৰু ২০২৪ চনৰ মে' মাহত তেওঁ ব্ৰায়াণ্ট বিশ্ববিদ্যালয়ত আৰম্ভণিৰ ভাষণ দিছিল।১৩
২০২৪ চনত ব্যৱসায়িক আলোচনীৰ চিইঅ' টুডে লিঞ্চক চিভিএছৰ নেতৃত্বক স্বীকৃতি দি লিঞ্চক "বছৰৰ স্বাস্থ্যসেৱাৰ চিইঅ'" হিচাপে ঘোষণা কৰে।১৪
ব্যক্তিগত জীৱন
লিঞ্চক মাতৃয়ে ডাঙৰ-দীঘল কৰিছিল।১৫ লিঞ্চৰ ১২ বছৰ বয়সত তেওঁৰ মাকৰ আত্মহত্যাৰ ফলত মৃত্যু হয়।৪ মাকৰ মৃত্যুৰ পিছত লিঞ্চ আৰু তেওঁৰ তিনিজন ভাই-ভনীক তেওঁলোকৰ সম্পৰ্কীয় ডাঙৰ-দীঘল কৰে।১৬১৭
লিঞ্চৰ বিবাহ কেভিন এম লিঞ্চৰ সৈতে।১৮১৯ ১৯৮০ চনৰ আৰম্ভণিতে কলেজত পঢ়ি থকাৰ সময়তে দুয়োৰে প্ৰথম লগ হৈছিল আৰু পিছলৈ ২০০০ চনৰ আৰম্ভণিতে পুনৰ সংযোগ ঘটে।১৫
তথ্যসূত্ৰ
- ↑ LYNCH Karen S.. globalny.biz
- ↑ Williams, Michelle. (September 13, 2016). Karen Lynch, native of Ware, makes list of Fortune's 'Most Powerful Women'. masslive.com
- ↑ (October 5, 2015). Deep-Rooted passion for healthcare drives Aetna's Lynch. distilnfo.com
- ↑ Brodwin, Erin; Court, Emma; Ramsey Pflanzer, Lydia. (April 15, 2019). Introducting: The 10 people transforming healthcare. Businesser Insider
- ↑ Courant, Hartford. (2015-05-05). Susan G. Komen Connecticut Announces Aetna’s Karen S. Rohan as Honorary Co-Chair for 2015 Race for the Cure Greater Hartford. Hartford Courant
- ↑ (2021). 50 Over 50 2021. Forbes
- ↑ (October 21, 2021). CED Honors Six US Business Leaders and their Companies for Distinguished Leadership. nbc15.com
- ↑ (2021). Most Powerful Women. Fortune
- ↑ (2022). Most Powerful Women. Fortune
- ↑ (2023). Most Powerful Women. Fortune
- ↑ Lee, Abigail. (April 13, 2023). Mass. natives Jennifer Coolidge and Karen Lynch make Time's 100 most influential people list - The Boston Globe. BostonGlobe.com
- ↑ England, Joanna. (March 6, 2023). Karen Lynch: Blazing a trail for the Health insurance sector. insurtechdigital.com
- ↑ CVS CEO to Deliver Bryant Commencement Address. news.bryant.edu
- ↑ Past Winners: Karen Lynch. CEO Today
- ↑ McGinn, Daniel. (2023). CEO Karen Lynch '84 Wants CVS to Be Your One-Stop Shop for Medical Care. Boston College
- ↑ Woldt, Jeffrey. (March 17, 2021). Lynch brings passion for health care to new role. chaindrugreview.com
- ↑ (April 24, 2018). How One Of Healthcare's Most Powerful Women Turned Personal Tragedy Into Her Driving Passion. Forbes
- ↑ Gosselin, Kenneth R.; Singer, Stephen. (November 6, 2020). Aetna executive Karen S. Lynch will become CEO of CVS Health. Hartford Courant
- ↑ Jourdey, Tom. (June 3, 2021). Gift to strengthen program on mindfulness, empathy and compassion in education. Pennsylvania State University
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰেন এছ লিঞ্চ” প্ৰবন্ধৰ সংশোধন ৬০৫৭০০ (১০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।