অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কোট্টুক্কাল গুহা মন্দিৰ

কোট্টুক্কাল গুহা মন্দিৰ কেৰালাৰ এক বিখ‍্যাত হিন্দু মন্দিৰ। মালায়ালম ভাষাত ইয়াক কালত্ৰিক্কোভিল বুলিও জনা যায়। এইটো শিল কাটি নিৰ্মিত স্থাপত্যৰ এটা জীৱন্ত উদাহৰণ। ইয়াক খ্ৰীষ্টীয় ষষ্ঠ আৰু অষ্টম শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ
কোট্টুকাল গুহা মন্দিৰ
কোট্টুকাল গুহা মন্দিৰছবি: Kannanshanmugam,shanmugamstuio,Kollam · CC BY-SA 3.0

কোট্টুক্কাল গুহা মন্দিৰ কেৰালাৰ এক বিখ‍্যাত হিন্দু মন্দিৰ। মালয়ালম ভাষাত ইয়াক কালত্ৰিক্কোভিল বুলিও জনা যায়। এইটো শিল কাটি নিৰ্মিত স্থাপত্যৰ এটা জীৱন্ত উদাহৰণ। ইয়াক খ্ৰীষ্টীয় ষষ্ঠ আৰু অষ্টম শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।১ এই মন্দিৰটো ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ আঞ্চলৰ ওচৰৰ কোট্টুক্কাল গাঁৱত অৱস্থিত।২ কোট্টুক্কাল নামৰ অৰ্থ হৈছে খোদিত কৰা শিল। এই নামটোৱে শিল কাটি বনোৱা মন্দিৰটোক বুজায়। ইয়াত অসমান আকাৰৰ দুটা গুহা আছে। দুয়োটা গুহাই পূব দিশলৈ মুখ কৰি আছে। এই গুহা দুটাৰ মাজত মূল দেৱতা গণেশৰ মূৰ্তি আছে।৩ সৰু গুহাটোত হনুমানৰ এটা মূৰ্তি আছে। ডাঙৰ গুহাটোত এটা একক শিলেৰে নিৰ্মিত নন্দীৰ মূৰ্তি আছে।৪ ভগৱান শিৱও এই মন্দিৰৰ এজন প্ৰধান দেৱতা। তেওঁক ইয়াত শিৱলিংগ ৰূপে পূজা কৰা হয়।৩

স্থানীয় লোকবিশ্বাস অনুসৰি এই ডাঙৰ শিলটো নন্দীসহ শিৱৰ অৱতাৰসকলে এই অঞ্চললৈ আনিছিল। ইয়াৰ ওচৰতে থকা আন এটা সৰু শিলক 'চুম্মাদু পাৰা' বুলি কোৱা হয়। ডাঙৰ গধুৰ শিলটো মূৰত লওঁতে হোৱা বিষ উপশম কৰিবলৈ এই সৰু শিলটোৱে সহায় কৰিছিল বুলি বিশ্বাস কৰা হয়। ইতিহাসবিদসকলৰ মতে ইয়াৰ উৎপত্তি খ্ৰীষ্টীয় সপ্তম শতিকাৰ। ওচৰৰে চদায়মংগলম শাসন কৰা 'নেডিলা পৰান্তক নেদুমচাদয়ন' নামৰ ৰজাজনে এই গুহা মন্দিৰটো নিৰ্মাণ কৰিছিল।

এই মন্দিৰটো এতিয়া এখন ডাঙৰ ধাননি পথাৰৰ মাজত অৱস্থিত। ট্ৰাভাংকোৰ দেৱস্বম ব’ৰ্ডৰ অধীনত ইয়াত দৈনিক নীতি-নিয়ম সম্পন্ন কৰা হয়। এই অঞ্চলৰ শান্ত পৰিৱেশে পৰ্যটকসকলক আকৰ্ষণ কৰে। কোল্লামৰ পৰা ৪৫ কিলোমিটাৰ যাত্ৰা কৰি এই স্থানত উপনীত হ’ব পাৰি।৫

অৱস্থান

এই শিল কাটি নিৰ্মিত মন্দিৰটোৰ ভৌগোলিক স্থানাংক হৈছে। এই ঠাই টুকুৰা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৭২.৫৩ মিটাৰ উচ্চতাত অৱস্থিত।

স্থাপত্য

এটা বিৰাট ডাঙৰ শিল কাটি এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে। এই স্থাপত্যবিধ ধাননি পথাৰৰ মাজত অৱস্থিত। দূৰৰ পৰা চালে ইয়াক এটা শুই থকা হাতীৰ দৰে যেন লাগে। শিল কাটি নিৰ্মাণ কৰা ১০ ফুট দীঘল আৰু ৮ ফুট বহল দুটা কোঠা ইয়াত আছে। ওপৰত এটা একক শিলেৰে কোঠাদুটা ঢাকি থোৱা হৈছে। নন্দী আৰু শ্ৰী হনুমানৰ দ্বাৰা বেষ্টিত এই শিৱলিংগ মন্দিৰটো পল্লৱ ৰাজবংশৰ (খ্ৰীষ্টপূৰ্ব অষ্টম শতিকা) সময়ৰ বুলি বিশ্বাস কৰা হয়। চেন্নাইৰ ওচৰৰ মামল্লাপুৰমত থকা তীৰভমি মন্দিৰৰ সৈতেও ইয়াৰ সমসাময়িক মিল আছে।৬

যাতায়ত

তিৰুৱনন্তপুৰমৰ পৰা,

  1. এম চি ৰোডৰ আয়ুৰ জংচনত সোঁফালে ঘূৰিব লাগে। এই পথটো আঞ্চললৈ গৈছে। আঞ্চল কুৰিশ্বমুডু জংচনত পুনৰ সোঁফালে ঘূৰিব লাগে। তাৰ পিছত কোট্টুকাল জংচন হৈ কডাক্কাল পথ ল’ব লাগে। (অথবা)
  2. এম চি ৰোডৰ আয়ুৰ দলঙৰ পৰা মাঞ্জাপাৰা হৈ মন্দিৰলৈ যাব পাৰি।

কোল্লামৰ পৰা স্থানীয় পথেৰে প্ৰথমে আয়ুৰলৈ যাব লাগে। আয়ুৰ জংচনত আঞ্চল পথলৈ ঘূৰিব লাগে। আঞ্চল কুৰিশ্বমুডু জংচনত সোঁফালে ঘূৰি কোট্টুকাল জংচন হৈ কডাক্কাল পথ ল’ব লাগে। ইয়ালৈ আটাইতকৈ ভাল আৰু বহল পথটো হৈছে এম চি ৰোড - আয়ুৰ আঞ্চল ৰোড - আঞ্চল কডাক্কাল ৰোড।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Kottukal Cave Temple, Ittiva Panchayat · DTPC. DTPC kollam
  2. ↑ Kottukal Rock-cut Cave temple · Temples in Kollam · Shiva. Temples of Kerala
  3. ↑ Kottukal Kal Thrikovil Cave Temple. ananthapuri.com
  4. ↑ Sreedhara Menon A. (2008). Cultural heritage of Kerala. D.C. Books, Kerala. পৃ. 135. ISBN 9788126419036
  5. ↑ Kottukal Rock Cut Cave Temple. hampi.in
  6. ↑ Kottukal cave temple. www.cpreecenvis.nic.in

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ মঠ-মন্দিৰকেৰালা পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোট্টুক্কাল গুহা মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬২৭২৯৩ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।