অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কোৱেণ্টিন টাৰাণ্টিনো

কোৱেণ্টিন জেৰম টাৰাণ্টিনো (Quentin Tarantino, জন্ম ২৭ মাৰ্চ, ১৯৬৩) এজন আমেৰিকীয় চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু লেখক। তেওঁৰ ছবিসমূহৰ বৈশিষ্ট্য হৈছে চিত্ৰাংকিত হিংসা, প্ৰায়ে বহু অশ্লীল শব্দৰ বৰ্ধিত সংলাপ আৰু জনপ্ৰিয় সংস্কৃতিৰ উল্লেখ।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ৮২৪ শব্দ · ৫ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কোৱেণ্টিন জেৰম টাৰাণ্টিনো (Quentin Tarantino, জন্ম ২৭ মাৰ্চ, ১৯৬৩) এজন আমেৰিকীয় চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু লেখক। তেওঁৰ ছবিসমূহৰ বৈশিষ্ট্য হৈছে চিত্ৰাংকিত হিংসা, প্ৰায়ে বহু অশ্লীল শব্দৰ বৰ্ধিত সংলাপ আৰু জনপ্ৰিয় সংস্কৃতিৰ উল্লেখ। তেওঁৰ এই কামে সমালোচনাত্মক আৰু বাণিজ্যিক সফলতাৰ সমান্তৰালভাৱে একধৰণৰ কাল্ট অনুসৰণকাৰী লাভ কৰিছে৷ তেওঁক কিছুমানে তেওঁৰ প্ৰজন্মৰ আটাইতকৈ প্ৰভাৱশালী পৰিচালক হিচাপে নিৰ্বাচিত কৰিছে৷ তেওঁ দুটা একাডেমী বঁটা, দুটা বাফ্‌টা বঁটা আৰু চাৰিটা গোল্ডেন গ্ল'ব বঁটাকে ধৰি বহুতো বঁটা আৰু মনোনয়ন লাভ কৰিছে। তেওঁৰ ছবিসমূহে বিশ্বজুৰি ১.৯ বিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰিছে।১

টাৰাণ্টিনোৱে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল স্বতন্ত্ৰ অপৰাধমূলক ছবি ৰিজাৰ্ভাৰ ডগছ (১৯৯২)ৰ জৰিয়তে। তেওঁৰ দ্বিতীয়খন ছবি ক্ৰাইম কমেডী-ড্ৰামা পাল্প ফিকচন (১৯৯৪)-এ বৃহৎ সফলতা লাভ কৰে আৰু কান চলচ্চিত্ৰ মহোৎসৱৰ পালম ডি অৰ আৰু শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ একাডেমী বঁটাকে ধৰি বহুতো বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ একচন হৰৰ ছবি ফ্ৰম ডাস্ক টিল ডন (১৯৯৬)ত অভিনয় কৰিছিল। পৰিচালক হিচাপে তেওঁৰ তৃতীয়খন ছবি জেকী ব্ৰাউন (১৯৯৭)ৰ জৰিয়তে ব্লেক্সপ্লইটেচন ছবিক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল।

টাৰাণ্টিনোৱে যুদ্ধ কলাৰ ছবি কিল বিল: ভলিউম ১ (২০০৩) আৰু কিল বিল: ভলিউম ২ (২০০৪) লিখিছিল আৰু পৰিচালনা কৰিছিল৷ দুয়োটা খণ্ডকে একেলগে একক ছবি হিচাপে গণ্য কৰা হৈছিল। ইয়াৰ পিছত তেওঁ শোষণ-স্লেচাৰ ছবি ডেথ প্ৰুফ (২০০৭) নিৰ্মাণ কৰে, যিখন ছবি ফ্ৰম ডাস্ক টিল ডন-ৰ পৰিচালক ৰবাৰ্ট ৰড্ৰিগেজৰ সৈতে ডাবল ফিচাৰৰ অংশ আছিল, যিখন সামূহিক শিৰোনাম গ্ৰীণ্ডহাউছৰ অধীনত মুক্তি পাইছিল। তেওঁৰ পৰৱৰ্তী ছবি ইনগ্ল’ৰিয়াছ বাষ্টাৰডছ (২০০৯)ত দ্বিতীয় বিশ্বযুদ্ধৰ বিকল্প বিৱৰণী হিচাপে মুক্তি দিয়া হৈছিল। ইয়াৰ পিছত তেওঁ জাংগো আনচেইনড (২০১২) নামৰ এখন দাসৰ প্ৰতিশোধ লোৱা স্পেগেটি ৱেষ্টাৰ্ণৰ ছবি নিৰ্মাণ কৰে৷ এইখন ছবিৰ জৰিয়তে তেওঁ শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ বাবে দ্বিতীয়টো একাডেমী বঁটা লাভ কৰে। তেওঁৰ অষ্টমখন ছবি দ্য হেটফুল এইট (২০১৫) আছিল এখন সংশোধনীবাদী পশ্চিমীয়া থ্ৰিলাৰ আৰু ৰোডশ্ব’ মুক্তিৰ জৰিয়তে দৰ্শকৰ বাবে মুকলি কৰা হৈছিল।

টাৰাণ্টিনোৰ নৱম আৰু শেহতীয়া ছবি ওৱান্স আপন এ টাইম ইন হলিউড (২০১৯) আছিল ১৯৬০ চনৰ শেষৰ ফালে পুৰণি হলিউডৰ নতুন হলিউডলৈ পৰিৱৰ্তনৰ বিষয়ে নিৰ্মিত কমেডী-ড্ৰামা৷ তেখেতৰ প্ৰথম উপন্যাস, ছবিখনৰ উপন্যাসকৰণ, ২০২১ চনত প্ৰকাশ পাইছিল। ছবিজগতৰ পৰা অৱসৰ লোৱাৰ পূৰ্বে তেওঁ দশমখন ছবি মুক্তি দিয়াৰ পৰিকল্পনা ৰচিছে৷

প্ৰাৰম্ভিক জীৱন

১৯৬৩ চনৰ ২৭ মাৰ্চত টেনেচিৰ নক্সভিলত কোৱেণ্টিন জেৰম টাৰাণ্টিনোৰ জন্ম হৈছিল৷৷২ কনি মেকহাগ আৰু উচ্চাকাংক্ষী অভিনেতা টনি টাৰাণ্টিনোৰ তেওঁ একমাত্ৰ সন্তান।৩ তেওঁৰ মাতৃৰ জৰিয়তে চেৰ'কি বংশধৰ বুলি দাবী কৰিছে, যিজনো আইৰিছ বংশৰ আছিল, আনহাতে তেওঁৰ পিতৃ ইটালীয়-আমেৰিকান আছিল।৩৪ টিভি ধাৰাবাহিক গানস্মোকত বাৰ্ট ৰেইনল্ডছৰ চৰিত্ৰ কুইণ্ট এছপাৰৰ নামেৰে তেওঁৰ নামকৰণ কৰা হৈছিল।৫ টাৰাণ্টিনোৰ মাকে লছ এঞ্জেলছ ভ্ৰমণৰ সময়ত দেউতাকক লগ পাইছিল; বিবাহ আৰু বিবাহ বিচ্ছেদৰ পিছত তেওঁ লছ এঞ্জেলছ এৰি নক্সভিললৈ গুচি যায়, য'ত তেওঁৰ পিতৃ-মাতৃ বাস কৰে৷ ১৯৬৬ চনত পুত্ৰৰ সৈতে লছ এঞ্জেলছলৈ উভতি যায়।৬৭

টাৰাণ্টিনোৰ মাতৃয়ে লছ এঞ্জেলছত উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে সংগীতজ্ঞ কাৰ্টিছ জাষ্টুপিলৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু পৰিয়ালটো ওচৰৰ কেলিফৰ্ণিয়াৰ টৰেন্সলৈ গুচি যায়।৮৯ জাষ্টুপিলে টাৰাণ্টিনোৰ লগত বহুতো চলচ্চিত্ৰ প্ৰদৰ্শনলৈ গৈছিল আৰু মাকে তেওঁক অধিক পৰিপক্ক চিনেমা চাবলৈ অনুমতি দিছিল, যেনে কাৰ্নাল নোলেজ (১৯৭১) আৰু ডেলিভাৰেন্স (১৯৭২)৷ ১৯৭৩ চনত মাকে জাষ্টুপিলৰ বিবাহ বিচ্ছেদ ঘটাই হডকিনৰ লিম্ফোমাৰ ভুল নিদান পোৱাৰ পিছত টাৰাণ্টিনোক পুনৰ নক্সভিলত ককা-আইতাকৰ সৈতে থাকিবলৈ পঠিয়ায়। এবছৰ নৌহওঁতেই তেওঁ টৰেন্সলৈ উভতি আহে।১০১১

১৪ বছৰ বয়সত টাৰাণ্টিনোৱে তেওঁৰ অন্যতম প্ৰাচীন গ্ৰন্থ লিখিছিল৷ সেইখন আছিল Smokey and the Banditৰ আধাৰত নিৰ্মিত কেপ্তেইন পিচফাজ এণ্ড দ্য এঞ্চোভি বেণ্ডিট নামৰ চিত্ৰনাট্য। পিছলৈ তেওঁ প্ৰকাশ কৰে যে তেওঁৰ মাকে তেওঁৰ লেখাৰ দক্ষতাক সৰুতে উপহাস কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ ভৱিষ্যতৰ কোনো ধন-সম্পত্তি কেতিয়াও তেওঁৰ সৈতে ভাগ নকৰিব।১২ ১৫ বছৰ বয়সত এলম’ৰ লিঅ’নাৰ্ডৰ উপন্যাস দ্য চুইচ ফ্ৰম এ কেমাৰ্টৰ দোকানত চুৰি কৰাৰ বাবে তেওঁক মাকে গৃহবন্দী কৰিছিল। তেওঁক কেৱল টৰেন্স কমিউনিটি থিয়েটাৰত পঢ়িবলৈহে যাবলৈ দিয়া হৈছিল, য'ত তেওঁ টু প্লাছ টু মেকছ চেক্স আৰু ৰোমিঅ' এণ্ড জুলিয়েটৰ দৰে নাটকত অংশগ্ৰহণ কৰিছিল।১০ সেই বছৰতে তেওঁ হাৰ্বাৰ চিটিৰ নাৰ্বন হাইস্কুলৰ পৰা ওলাই আহে।১৩১৪

ব্যক্তিগত জীৱন

১৯৯০ চনৰ আৰম্ভণিতে টাৰাণ্টিনোৱে কমেডিয়ান মাৰ্গাৰেট চো আৰু কেথী গ্ৰীফিনৰ সৈতে ডেটিং কৰিছিল। ১৯৯৫ চনৰ পৰা ১৯৯৮ চনলৈকে তেওঁ অভিনেত্ৰী মীৰা ছ’ৰভিনোৰ সৈতে ডেটিং কৰিছিল আৰু ৬৮ সংখ্যক অস্কাৰ অনুষ্ঠানত তেওঁৰ সংগী আছিল য’ত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ একাডেমী বঁটা লাভ কৰিছিল। ১৯৯৮ চনৰ মাৰ্চ মাহত তেওঁলোকৰ বিচ্ছেদ ঘটে, ছ'ৰভিনোৱে এটা বিবৃতি প্ৰকাশ কৰে যে "[আমি] এতিয়াও ইজনে সিজনক বহুত ভাল পাওঁ" কিন্তু "নিজৰ পৃথক পথত যোৱাৰ পাৰস্পৰিক সিদ্ধান্ত"ত উপনীত হৈছে।১৫ ২০০৩ চনৰ পৰা ২০০৫ চনলৈকে টাৰাণ্টিনো চলচ্চিত্ৰ নিৰ্মাতা ছফিয়া কপ'লাৰ সৈতে ৰোমাণ্টিক সম্পৰ্কত আছিল। বিচ্ছেদৰ পিছৰে পৰা দুয়োজনে বন্ধু হৈ আছে।১৬

২০১৭ চনৰ ৩০ জুনত টাৰাণ্টিনোৰ সংগীতজ্ঞ জিভিকা পিকৰ কন্যা ইজৰাইলী গায়িকা ডেনিয়েলা পিকৰ সৈতে বাগ্দান সম্পন্ন হয়। ২০০৯ চনত টাৰাণ্টিনো ইনগ্ল'ৰিয়াছ বাষ্টাৰ্ডছৰ প্ৰচাৰৰ বাবে ইজৰাইলত থকাৰ সময়ত তেওঁলোকৰ লগ হয়।১৭ ২০১৮ চনৰ ২৮ নৱেম্বৰত তেওঁলোকৰ বেভাৰলী হিলছ হোমত ৰিফৰ্ম ইহুদী অনুষ্ঠানত তেওঁলোকৰ বিবাহ হয়।১৮১৯ ২০২০ চনৰ জানুৱাৰী মাহলৈকে তেওঁলোকে টেল আভিভ আৰু লছ এঞ্জেলছৰ মাজত সমান্তৰালভাৱে বাস কৰিছিল।২০ ফলত তেওঁ হিব্ৰু ভাষা শিকিবলৈ চেষ্টা কৰিছে।২১ ২০২০ চনৰ ২২ ফেব্ৰুৱাৰীত তেওঁলোকৰ পুত্ৰৰ ইজৰাইলৰ জন্ম হয়।২২২৩২৪ ২০২২ চনৰ ৩ জুলাইত ইজৰাইলত তেওঁলোকৰ দ্বিতীয় সন্তান এগৰাকী কন্যাৰো জন্ম হয়।২৫২৬

ৰাজনৈতিক দৃষ্টিভংগী

২০১৫ চনত টাৰাণ্টিনোৱে কয় যে বাৰাক অ'বামা তেওঁৰ প্ৰিয় ৰাষ্ট্ৰপতি২৭ আৰু ব্লেক লাইভছ মেটাৰ আন্দোলনৰ সমৰ্থনত তেওঁ কণ্ঠস্বৰ প্ৰকাশ কৰে।২৮২৯

২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ নেতৃত্বত ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে টাৰাণ্টিনোৱে ইজৰাইলৰ সৈন্যৰ "মনোবল বৃদ্ধি" কৰিবলৈ দক্ষিণ ইজৰাইলৰ এটা সামৰিক ঘাটি পৰিদৰ্শন কৰে।৩০

২০২৪ চনৰ আগষ্ট মাহত টাৰাণ্টিনোৱে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম'ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছক বিল মাহেৰৰ প'ডকাষ্ট ক্লাব ৰেণ্ডমত ভোট দিয়াৰ উদ্দেশ্য প্ৰকাশ কৰে।৩১

তথ্যসূত্ৰ

  1. ↑ Top Grossing Director at the Worldwide Box Office. The Numbers
  2. ↑ (September 23, 2020). Quentin Tarantino Biography. Biography.com
  3. ↑ Quentin Tarantino – The 'Inglourious Basterds' Interview. African American Literature Book Club
  4. ↑ Goldberg, Jeffrey. (September 1, 2009). Hollywood's Jewish Avenger. The Atlantic
  5. ↑ Labrecque, Jeff. (December 31, 2015). Quentin Tarantino: The Hateful Eight interview. Entertainment Weekly. Meredith Corporation
  6. ↑ Allan, Samuel. (July 26, 2019). how tarantino's love of l.a. led to 'once upon a time in hollywood'. I-D
  7. ↑ Lee, Michael. (July 24, 2019). Inspiring Writing Lessons from the Greats: Quentin Tarantino. The Script Lab
  8. ↑ Holm, D.K. (2004). Quentin Tarantino: The Pocket Essential Guide. Summersdale Publishers. পৃ. 24–5. ISBN 978-1-84839-866-5
  9. ↑ Walker, Andrew. (May 14, 2004). Faces of the week – Quentin Tarantino. BBC News
  10. ↑ Holm, D.K. (2004). Quentin Tarantino: The Pocket Essential Guide. Summersdale Publishers. পৃ. 26–7. ISBN 978-1-84839-866-5
  11. ↑ Campbell, Chuck. (March 27, 2017). Knoxville-native director Tarantino works hometown into films. Knoxville News Sentinel. Gannett
  12. ↑ Hibberd, James. (August 9, 2021). Quentin Tarantino Vowed to Never Give His Mom 'a Penny' Due to Childhood Insult: 'No House for You!'. The Hollywood Reporter
  13. ↑ Quentin Tarantino: 'Inglourious' Child Of Cinema. NPR.org
  14. ↑ Giang, Vivian. (May 20, 2013). 10 Wildly Successful People Who Dropped Out Of High School. Business Insider
  15. ↑ Quentin Tarantino's Becoming a Dad! All About His Past Romances from Mira Sorvino to Margaret Cho. People Magazine
  16. ↑ Brara, Noor. (June 5, 2017). 5 Things You Didn't Know About Sofia Coppola. Vogue
  17. ↑ (July 1, 2017). Quentin Tarantino engaged to Israeli Daniella Pick. Times of Israel
  18. ↑ Michallon, Clemence. (November 29, 2018). Quentin Tarantino marries Daniella Pick in Los Angeles. The Independent
  19. ↑ Froim, Yoni. (November 29, 2018). Quentin Tarantino marries Israeli singer Daniella Pick. Ynetnews
  20. ↑ Brown, Hannah. (January 19, 2020). Quentin Tarantino on Tel Aviv, missiles and learning Hebrew. The Jerusalem Post
  21. ↑ Mendel, Jack. (25 June 2021). Quentin Tarantino opens up about learning Hebrew and his life in Tel Aviv. Jewish News
  22. ↑ Calvario, Liz. (February 22, 2020). Quentin Tarantino and Wife Daniella Welcome Their First Child Together. Entertainment Tonight. CBS
  23. ↑ Brown, Hannah. (March 1, 2020). Quentin Tarantino and Israeli wife Daniella Pick's newborn gets a name. The Jerusalem Post
  24. ↑ (February 22, 2020). Daniella Pick and Quentin Tarantino become parents. Maariv
  25. ↑ Zaga, Bar. (July 3, 2022). Tarantino and Israeli wife Daniella Pick welcome baby No. 2. Ynetnews
  26. ↑ Fleming, Mike Jr. (November 22, 2022). Take A Plunge As Quentin Tarantino Comes Of Age During The Era Of Auteur '70s Films: The Deadline Q&A. Deadline
  27. ↑ (August 24, 2015). Quentin Tarantino: Obama 'hands down' my favorite president. MSNBC
  28. ↑ (November 5, 2015). Tarantino 'Surprised' by Backlash to Anti-Brutality Statement. NBC News
  29. ↑ (December 8, 2015). Quentin Tarantino On White Supremacy And Black Lives Matter. HuffPost
  30. ↑ (October 14, 2023). Once upon a time in the south: Tarantino solidarity trip to troops, towns. The Times of Israel
  31. ↑ (August 27, 2024). "Don't f**k s**t up": Quentin Tarantino's advice to Kamala Harris on her presidential campaign. Salon.com

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিচলচ্চিত্ৰ পৰিচালকচিত্ৰনাট্য লেখকচলচ্চিত্ৰ প্ৰযোজকসাহিত্যিকঅভিনয় শিল্পীআমেৰিকান অভিনয় শিল্পীকুৰি শতিকাৰ ব্যক্তিএকাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোৱেণ্টিন টাৰাণ্টিনো” প্ৰবন্ধৰ সংশোধন ৫৯৪০০৬ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।