অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কোথাপল্লী গীতা

কোথাপল্লী গীতা(Kothapalli Geetha; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অন্ধ্ৰ প্ৰদেশৰ আৰাকু (লোকসভা সমষ্টি)ৰ এগৰাকী প্ৰাক্তন সংসদ সদস্য।

হালনাগাদ: ৬ জুন ২০২৫ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কোথাপল্লী গীতা(Kothapalli Geetha; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অন্ধ্ৰ প্ৰদেশৰ আৰাকু (লোকসভা সমষ্টি)ৰ এগৰাকী প্ৰাক্তন সংসদ সদস্য। ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ যুৱজন শ্ৰমিকা ৰাইথু কংগ্ৰেছ পাৰ্টি (YSRCP)ক প্ৰতিনিধিত্ব কৰি সংৰক্ষিত অনুসূচিত জনজাতি (ST) আসন আৰাকু সমষ্টিৰ পৰা জয়ী হৈছিল।১২ তেওঁ ২০১৮ চনত জনজাগৰুতি পাৰ্টি আৰম্ভ কৰিছিল যদিও পিছলৈ ২০১৯ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।৩

প্ৰাথমিক জীৱন আৰু শিক্ষা

অন্ধ্ৰ প্ৰদেশৰ পূৱ গোদাবৰীৰ থিম্মাপুৰমত গীতাৰ জন্ম হৈছিল। কোথাপল্লীয়ে পিতৃ জেকব আৰু মাতৃ লিজাম্মাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। ১৯৮৯ চনৰ ২৮ আগষ্টত পি আৰ কোটেশ্বৰা ৰাওৰ সৈতে তেওঁৰ বিবাহ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।৪ গীতাই ১৯৮৯ চনত কলা শাখাত স্নাতক, ১৯৯০ চনত শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰে৷ দুয়োটা ডিগ্ৰীয়েই অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ অধীনত।৫

ৰাজনৈতিক জীৱন

গীতা আৰাকু (লোকসভা সমষ্টি)ৰ পৰা (অনুসূচিত জনজাতি) সম্প্ৰদায়ৰ পৰা ৱাই এছ আৰ চি পিৰ প্ৰাৰ্থী হিচাপে সাংসদ হিচাপে নিৰ্বাচিত হয়।১২ ৰাজ্যখনৰ জাতিগত ৰাজনীতিক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে ২০১৮ চনৰ ২৪ আগষ্টত তেওঁ জন জাগৰুতি পাৰ্টি নামৰ এটা নতুন ৰাজনৈতিক দল আৰম্ভ কৰিছিল।৬২০১৯ চনৰ জুন মাহত অমিত শ্বাহ আৰু ৰাম মাধৱৰ সৈতে হোৱা বৈঠকৰ অন্তত তেওঁ বিজেপিত যোগদান কৰে।.৭

২০১৬ চনত গীতাৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰি কোৱা হৈছিল যে তেওঁ অনুসূচিত জনজাতিৰ নহয় যদিও তেওঁ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত আৰাকু লোকসভা সমষ্টিৰ পৰা অনুসূচিত জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত আসনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচনত জয়ী হৈছিল।১যথোচিত অনুসন্ধানৰ বাবে এখন তদন্ত সমিতি গঠন কৰা হয়৷ তদন্তৰ অন্তত জিলা দণ্ডাধীশে কয় যে কোথাপল্লী গীতা অনুসূচিত জনজাতিৰ নহয়।৮

তথ্যসূত্ৰ

  1. ↑ (2019-03-17). Lok Sabha election 2019: Araku lone ST constituency in Andhra Pradesh. Hindustan Times
  2. ↑ (2021-02-17). Kothapalli Geetha releases party manifesto, first list · Vijayawada News - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ YSRCP demands Geetha's resignation - TeluguSquare.com. www.telugusquare.com
  4. ↑ (2018-08-24). Geetha Kothapalli · National Portal of India
  5. ↑ Kothapalli Geetha(Yuvajana Sramika Rythu Congress Party):Constituency- ARAKU(ANDHRA PRADESH) - Affidavit Information of Candidate. myneta.info
  6. ↑ (2018-08-24). Araku MP Kothapalli Geetha launches Jana Jagruti Party in Vijayawada. The News Minute
  7. ↑ (2019-06-19). Former Andhra MP Kothapalli Geetha joins BJP after meeting Amit Shah. The News Minute
  8. ↑ Kothapalli Geetha on Her Cast Issue. tupaki

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদঅন্ধ্ৰপ্ৰদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোথাপল্লী গীতা” প্ৰবন্ধৰ সংশোধন ৫১৫৪৮৮ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।