ক্যোকো ফুকাডা (Kyoko Fukada; জন্ম: ২ নৱেম্বৰ ১৯৮২) এগৰাকী জাপানী ভাষা অভিনেত্ৰী আৰু গায়িকা। তেওঁ হৰিপ্ৰ’ নামৰ সংস্থাটোৰ এগৰাকী শিল্পী। তেওঁ কামিকাজে গাৰ্লছ ছবিৰ বাবে য়োকোহামা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।১
প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন
১৯৮২ চনৰ ২ নৱেম্বৰত টকিঅ'ত ক্যোকো ফুকাডাৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল। ১৯৯৬ চনৰ ২০ অক্টোবৰত ১৩ বছৰ বয়সত তেওঁ "পিউৰ গাৰ্ল অডিচন"ৰ অংশ হিচাপে ২১সংখ্যক টেলেণ্ট স্কাউট কেৰাভান গ্ৰেণ্ড প্ৰিক্স বঁটা লাভ কৰে। ১৯৯৭ চনত চোৰে গা কোটাৱে ডা! নামৰ টেলিভিছন ধাৰাবাহিকখনত মিজুনো কাজুনেৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনেত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ফুকাডাই ১৯৯৯ চনত ৰিং ২ ছবিত কানায়ে চাৱাগুচি হিচাপে প্ৰথমখন চলচ্চিত্ৰত অভিনয় কৰে আৰু পিছলৈ ২০০০ চনত মুক্তি পোৱা স্কুল ডে অৱ দ্য ডেড-ত অভিনয় কৰে। তেওঁ ২০০১ চনত হৰিকোছি হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
২০০২ চনত তেওঁ ডলছ নামৰ ছবিত হাৰুনা হিচাপে অভিনয় কৰিছিল। ফুকাডা এগৰাকী জে-পপ গায়িকাও আৰু তেওঁৰ প্ৰথমটো একক গীত "দ্য লাষ্ট ফ্ৰুট"ৰ পিছত তেওঁৰ এলবাম "ডিয়াৰ..." ১৯৯৯ চনত পনি কেনিয়নে মুকলি কৰিছিল। ২০২৩ চনৰ জুলাই মাহত পনি কেনিয়নে তেওঁৰ সকলো সংগীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ডিজিটেল ষ্ট্ৰীমিং প্লেটফৰ্মৰ লগতে জাপানৰ অনলাইন মিউজিক ষ্ট’ৰসমূহত মুকলি কৰে।
২০২১ চনত ঘোষণা কৰা হৈছিল যে তেওঁৰ 'এডজাষ্টমেণ্ট ডিছঅৰ্ডাৰ' ধৰা পৰিছে আৰু চিকিৎসাৰ বাবে তেওঁ কামৰপৰা বিৰতি ল’ব।২ তেওঁ জনাইছিল যে আগৰ বছৰৰ বসন্তকালৰপৰাই তেওঁ অসুস্থ হৈ পৰিছিল আৰু সেই মাহত চিকিৎসকে তেওঁক এডজাষ্টমেণ্ট ডিছঅৰ্ডাৰত আক্ৰান্ত বুলি চিনাক্ত কৰিছিল। কোম্পানীটোৱে জনাইছিল যে, "ইয়াৰ পৰিপ্ৰেক্ষিতত আমি বৰ্তমান চিকিৎসাক অগ্ৰাধিকাৰ দিম আৰু কামৰপৰা বিৰতি ল'ম।" তেওঁৰ এই জিৰণিৰ বাবে তেওঁ জুলাই ২০২১-ৰপৰা অভিনয় কৰিবলগীয়া ধাৰাবাহিক মাই অছি নো ওজাচামা-ৰপৰাও আঁতৰি আহে।৩ ২০২১ চনৰ ২ ছেপ্টেম্বৰত তেওঁ নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে ঘোষণা কৰে যে তেওঁৰ জিৰণিৰ সময় অন্ত পৰিছে আৰু তেওঁ পুনৰ কাম আৰম্ভ কৰিব।৪
ব্যক্তিগত জীৱন
২০১৮ চনত ফুকাডা কোটিপতি ব্যৱসায়ী হিৰোইউকি চুগিমোটোৰ সৈতে সম্পৰ্কত থকাৰ কথা পোহৰলৈ আহে। পৰৱৰ্তী সময়ত এই যুটীটোৱে পৃথক পৃথক অনুষ্ঠানত এই বাতৰি নিশ্চিত কৰিছিল।৫ ২০২০ চনৰ আৰম্ভণিতে ফুকাডাক বাওঁ হাতত এটা আঙঠি পিন্ধি থকা অৱস্থাত দেখা গৈছিল,৬ আৰু বাতৰি অনুসৰি চুগিমোটোৱে টকিঅ’ৰ মিনাটো ৱাৰ্ডৰ এক অভিজাত অঞ্চলত এটা ফ্লেট কিনিছিল।৭ ইয়াৰ ফলত এই যুটীটোৱে অতি সোনকালে বিবাহপাশত আবদ্ধ হ’ব বুলি চৰ্চা আৰম্ভ হৈছিল।৬ অৱশ্যে ২০২৩ চনত প্ৰকাশ পায় যে এজন চলচ্চিত্ৰ পৰিচালকৰ সৈতে ফুকাডাৰ তথাকথিত গোপন সম্পৰ্কৰ বাবে চুগিমোটোৱে তেওঁৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰে। অৱশ্যে সেই পৰিচালকজনৰ পৰিচয় ৰাজহুৱা কৰা হোৱা নাছিল।৮৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ja:第26回ヨコハマ映画祭 日本映画個人賞. Yokohama Film Festival
- ↑ (2021-05-26). 深田恭子が活動休止を発表…適応障害で 7月期フジテレビ連ドラは降板. Sports Hochi
- ↑ (2021-05-29). 比嘉愛未, 深田恭子の代役でフジ連ドラ初主演「最後まで全力」 渡邊圭祐との"逆マイ・フェア・レディ"描く. Oricon News. Oricon
- ↑ (2021-09-02). 深田恭子が活動再開を報告「心と体も回復」 "適応障害"で5月に休養発表. Oricon News
- ↑ INC, SANKEI DIGITAL. (2021-06-23). 杉本宏之氏、深田恭子との交際を事実上認める「支えていきたい」. サンスポ
- ↑ 深田恭子 実業家恋人連れて実家で誕生日会!左手薬指には“結婚秒読み”の指輪がキラリ. 女性自身
- ↑ 《結婚目前で破局》深田恭子の交際相手が購入していた「平均販売価格20億円の超高級レジデンス」と「ハリー・ウィンストンの指輪」. NEWSポストセブン
- ↑ 「週刊文春」編集部. 「結婚は真剣に考えていた」深田恭子(41)と破局した実業家が初めて明かした‟深キョンへの燻る思い” · 文春オンライン. 文春オンライン
- ↑ 《結婚目前で破局》深田恭子の交際相手が購入していた「平均販売価格20億円の超高級レジデンス」と「ハリー・ウィンষ্টンの指輪」. NEWSポストセブン
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্যোকো ফুকাডা” প্ৰবন্ধৰ সংশোধন ৫৯২২৭৭ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।