কোচিন শ্বিপয়াৰ্ড লিমিটেড (Cochin Shipyard Limited) বা চমূকৈ CSL হৈছে ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ আৰু মেৰামতি প্ৰতিষ্ঠান।১২ এয়া বিশ্বৰ অতি কমসংখ্যক শ্বিপয়াৰ্ডৰ ভিতৰত অন্যতম, যিয়ে এখন বিমানবাহী যুদ্ধজাহাজ নিৰ্মাণ কৰে। ভাৰতত এনে যুদ্ধজাহাজ নিৰ্মাণ কৰিবলৈ সক্ষম একমাত্ৰ শ্বিপয়াৰ্ড হৈছে কোচিন শ্বিপয়াৰ্ড।৩ এই শ্বিপয়াৰ্ড ভাৰতৰ কেৰালা ৰাজ্যৰ বন্দৰনগৰী কোচিত অৱস্থিত আৰু সামুদ্ৰিক উদ্যোগসমূহৰ এক গুৰুত্বপূৰ্ণ অংশ।৪ ইয়াত প্লেটফৰ্ম ছাপ্লাই ভেছেল (Platform Supply Vessel) আৰু দুটা আৱৰণযুক্ত তেলবাহী জাহাজ (ডাবল-হাল্ড অইল টেংকাৰ ) আদি নিৰ্মাণ কৰা হয়। কোচিন শ্বিপয়াৰ্ডে সৰ্বাধিক ১,২০,০০০ ডেডৱেইট টন (DWT) ক্ষমতাসম্পন্ন বৃহৎ জাহাজ নিৰ্মাণ কৰিছে। উৎপাদন ক্ষমতাৰ দিশৰপৰা ই ভাৰতৰ শীৰ্ষস্থানীয় শ্বিপয়াৰ্ড। কোম্পানীটোৱে ভাৰত চৰকাৰৰ মিনিৰত্ন মৰ্যাদা লাভ কৰিছে।৫
ইতিহাস
কোচিন শ্বিপয়াৰ্ড লিমিটেড ১৯৭২ চনত ভাৰত চৰকাৰৰ অধীনস্থ এক ৰাজহুৱা খণ্ডৰ কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰথম পৰ্যায়ৰ জাহাজ নিৰ্মাণ আৰু মেৰামতিৰ সুবিধাসমূহ ১৯৮২ চনত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হয়।
২০১২ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে কোম্পানীটোৰ অধিক সম্প্ৰসাৰণৰ বাবে প্ৰায় ₹১,৫০০ কোটি টকা সংগ্ৰহৰ উদ্দেশ্যে প্ৰাৰম্ভিক ৰাজহুৱা শ্বেয়াৰ ইছ্যু (IPO)ৰ জৰিয়তে চৰকাৰী অংশীদাৰিত্বৰ একাংশ বিক্ৰী (ডিভেষ্টমেণ্ট) কৰাৰ পৰিকল্পনা ঘোষণা কৰে। year.৬ ২০১৫ চনৰ ১৮ নৱেম্বৰত চৰকাৰে অংশীদাৰিত্ব বিক্ৰীৰ সিদ্ধান্ত চূড়ান্ত কৰে। পৰিকল্পনা অনুসৰি ৩.৩৯ কোটি (৩৩.৯ মিলিয়ন) শ্বেয়াৰ বিক্ৰী কৰাৰ কথা আছিল, যাৰ একাংশ চৰকাৰৰ বিদ্যমান শ্বেয়াৰ আৰু বাকী অংশ নতুন ইকুইটি শ্বেয়াৰ আছিল। কিন্তু এই পৰিকল্পনা ২০১৭ চনৰ আগষ্ট মাহলৈকে বাস্তৱায়িত নহ'ল। সেই সময়ত কোচিন শ্বিপয়াৰ্ডে সফলতাৰে IPO মুকলি কৰে আৰু ইয়াৰ শ্বেয়াৰ বম্বে ষ্টক এক্সচেঞ্জ (BSE) আৰু নেচনেল ষ্টক এক্সচেঞ্জ (NSE)-ত তালিকাভুক্ত হয়।৫ ২০২১ চনত কোচিন শ্বিপয়াৰ্ডে টেবমা শ্বিপয়াৰ্ডছ লিমিটেড অধিগ্ৰহণ কৰি নিজৰ জাহাজ নিৰ্মাণ আৰু মেৰামতি ক্ষমতা অধিক সম্প্ৰসাৰিত কৰে।
কাৰ্য্যাৱলী
কোচিন শ্বিপয়াৰ্ডত সৰ্বাধিক ১,১০,০০০ ডেডৱেইট টনেজ (DWT) ক্ষমতাসম্পন্ন জাহাজ নিৰ্মাণ কৰিব পৰা সুবিধা আছে। ইয়াৰ উপৰি, ইয়াত সৰ্বাধিক ১,২৫,০০০ ডেডৱেইট টনেজ (DWT) ক্ষমতাসম্পন্ন জাহাজৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ সুবিধাও উপলব্ধ।৭৮
জাহাজ নিৰ্মাণ


য়ে কেৰালাৰ কোচিত ভাৰতীয় নৌসেনাৰ স্বদেশীয় বিমানবাহী যুদ্ধজাহাজ আইএনএছ বিক্ৰান্ত (INS Vikrant) আনুষ্ঠানিকভাৱে দেশৰ সেৱালৈ সমৰ্পণ কৰে।]]
কোচিন শ্বিপয়াৰ্ডৰপৰা নিৰ্মাণ হৈ ওলাই অহা প্ৰথমখন জাহাজ আছিল এম ভি ৰাণী পদ্মিনী । এই জাহাজখন ১৯৮১ চনত নিৰ্মাণ সম্পূৰ্ণ কৰি ভাৰতীয় জাহাজবহৰত অন্তৰ্ভুক্ত কৰা হৈছিল। ৯কোচিন শ্বিপয়াৰ্ডে ভাৰতৰ সৰ্ববৃহৎ ডাবল-হালযুক্ত আফ্ৰামেক্স অইল টেংকাৰ দুখন, প্ৰতিখনৰ ৯৫,০০০ ডেডৱেইট টন (DWT) বহনক্ষমতা থকা এমভি মহৰ্ষি পৰশুৰাম আৰু এমভি আবুল কালাম আজাদ নিৰ্মাণ কৰি ভাৰতীয় জাহাজ নিগমক হস্তান্তৰ কৰিছে। ইয়াৰ উপৰি, কোচিন শ্বিপয়াৰ্ডে ইউৰোপ আৰু পশ্চিম এছিয়াৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কোম্পানীসমূহৰপৰা জাহাজ নিৰ্মাণৰ অৰ্ডাৰ লাভ কৰিছে। শ্বিপয়াৰ্ডটোৱে বাহামাছস্থিত ক্লিপাৰ গ্ৰুপৰ বাবে ৩০,০০০ ডেডৱেইট টন বহনক্ষমতাৰ ছয়খন বাল্ক কেৰিয়াৰ নিৰ্মাণৰ কাম গ্ৰহণ কৰিছিল। ইয়াৰে প্ৰথম তিনিখন জাহাজ ইতিমধ্যে সফলতাৰে জলাৱতৰণ কৰা হৈছে।১০ কোচিন শ্বিপয়াৰ্ড লিমিটেড বা চমূকৈ চিএছএল (CSL)এ কোচি ৱাটাৰ মেট্ৰৰ বাবে ব্যৱহাৰ কৰা ফেৰী নাওসমূহো নিৰ্মাণ কৰিছে। এই প্ৰকল্পত চিমেন্স ইণ্ডিয়া আৰু এচান্দিয়া (Echandia)-ৰ সৈতে যৌথভাৱে কাম কৰা হৈছিল।১১১২১৩
জানুৱাৰী ২০২৪ত কোচিন শ্বিপয়াৰ্ডে ৩১০ মিটাৰ (১,০২০ ফুট) দৈৰ্ঘ্যৰ এটা নতুন ড্ৰাই ডক উদ্বোধন কৰে। এই ড্ৰাই ডকত বছৰি ৩০০ মিটাৰ (৯৮০ ফুট) পৰ্যন্ত দৈৰ্ঘ্যৰ সৰ্বাধিক ছয়খন ডাঙৰ জাহাজৰ নিৰ্মাণ আৰু মেৰামতি কৰিব পাৰি। ইয়াত ছুৱেজমেক্স তেল টেংকাৰ, কণ্টেইনাৰ জাহাজ আৰু কেপছাইজ বাল্ক কেৰিয়াৰ আদি বৃহৎ জাহাজসমূহ চম্ভালিব পৰা সুবিধা আছে।১৪
২৭ ডিচেম্বৰ ২০২৪ তাৰিখে আডানি পৰ্টছ এণ্ড এচ ই জি(Adani Ports & SEZ)এ ইয়াৰ সহযোগী প্ৰতিষ্ঠান অ'চেন স্পাৰ্কল লিমিটেডৰ জৰিয়তে কোচিন শ্বিপয়াৰ্ড লিমিটেড (CSL)-ক আঠখন টাগব'ট নিৰ্মাণৰ অৰ্ডাৰ প্ৰদান কৰে। এই অৰ্ডাৰৰ মূল্য প্ৰায় ৪৫০ কোটি টকা। ইয়াৰ অধীনত উদুপী কোচিন শ্বিপয়াৰ্ড লিমিটেড-এ ৭০ টন ব'লাৰ্ড পুল ক্ষমতাসম্পন্ন এজিমুথ ষ্টাৰ্ন ড্ৰাইভ (ASD) টাগব'ট আঠখন নিৰ্মাণ কৰিব। এই টাগব'টসমূহৰ যোগান ২০২৬ চনৰ ডিচেম্বৰ মাহৰপৰা আৰম্ভ হ'ব আৰু ২০২৮ চনৰ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।১৫
৩০ জুন ২০২৫ তাৰিখলৈকে কোচিন শ্বিপয়াৰ্ড লিমিটেড (CSL)-ৰ মুঠ অৰ্ডাৰ বুকৰ মূল্য আছিল প্ৰায় ২১,১০০ কোটি টকা (প্ৰায় ২.২ বিলিয়ন আমেৰিকান ডলাৰ)। এই অৰ্ডাৰসমূহৰ ৬৬% ভাৰতীয় নৌসেনাৰপৰা আহিছিল। ইয়াৰ পূৰ্বে এই অংশ ৮৮% আছিল, অৰ্থাৎ কোম্পানীটোৰ অৰ্ডাৰৰ উৎস ক্ৰমাৎ অধিক বৈচিত্ৰ্যময় হৈ উঠিছে। ১৬
আই এন এছ বিক্ৰান্ত(INS Vikrant)
কোচিন শ্বিপয়াৰ্ড লিমিটেডে (CSL) ভাৰতৰ প্ৰথম স্বদেশীয় বিমানবাহী যুদ্ধজাহাজ ‘আইএনএছ বিক্ৰান্ত’ (INS Vikrant) নিৰ্মাণ কৰে। এই জাহাজখন পূৰ্বতে প্ৰজেক্ট–৭১ “এয়াৰ ডিফেন্স শ্বিপ” নামেৰে পৰিচিত আছিল। আইএনএছ বিক্ৰান্ত হৈছে কোচিন শ্বিপয়াৰ্ডে নিৰ্মাণ কৰা সৰ্ববৃহৎ যুদ্ধজাহাজ। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত জাহাজখনৰ সকলো মুখ্য গাঁথনিগত আৰু সঁজুলি সংস্থাপনৰ কাম সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰা হয়। ১৭ ইয়াৰ পিছত ২০২১ চনৰ ৪ আগষ্ট তাৰিখে জাহাজখনৰ সাগৰীয় পৰীক্ষা আৰম্ভ হয়। ১৮ পাঁচ দিনীয়া এই পৰীক্ষা ২০২১ চনৰ ৮ আগষ্ট তাৰিখে সফলতাৰে সম্পন্ন হয়।১৯ অৱশেষত, ২০২২ চনৰ ২ ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় নৌসেনাত আইএনএছ বিক্ৰান্ত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হয়।২০
আই এন এছ আনভেছ (INS Anvesh)
CSL-এ DRDO-ৰ সৈতে সহযোগিতাত আই এন এছআনভেছ নিৰ্মাণ কৰিছিল। এইখন এখন ক্ষেপণাস্ত্ৰ পৰিসৰ যন্ত্ৰ-পাতি জাহাজ (Missile Range Instrumentation Ship), যাক ভাৰতৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা কাৰ্যসূচীৰ বাবে ভাসমান পৰীক্ষণ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। ২১২২ ইয়াৰ নিৰ্মাণৰ দায়িত্ব ২০১৫ চনত কোচিন শ্বিপয়াৰ্ড লিমিটেড (CSL)-ক প্ৰদান কৰা হৈছিল আৰু ২০১৬ চনৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। জাহাজখন ২০২২ চনৰ ১১ মাৰ্চত ভাৰতীয় নৌসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হয়। ২৩
মাহে ক্লাছ কৰ্ভেট (Mahe-class corvette)
কোচিন শ্বিপয়াৰ্ড লিমিটেড (CSL) আৰু গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ (GRSE)-এ ভাৰতীয় নৌসেনাৰ বাবে ASW-SWC (Anti-Submarine Warfare Shallow Water Craft) শ্ৰেণীৰ যুদ্ধজাহাজ নিৰ্মাণ কৰি আছে। কোচিনত কোচিন শ্বিপয়াৰ্ড লিমিটেডএ নিৰ্মাণ কৰা জাহাজসমূহক মাহে ক্লাছ (Mahe class) আৰু GRSE-এ নিৰ্মাণ কৰা জাহাজসমূহক আৰ্ণালা শ্ৰেণী (Arnala class) বুলি কোৱা হয়। ২০১৯ চনৰ ৩০ এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয় (MoD) আৰু CSL-ৰ মাজত ₹৬,৩১১ কোটি টকাৰ এক চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি ৮৪ মাহৰ ভিতৰত আঠখন ASW-SWC শ্ৰেণীৰ জাহাজ নিৰ্মাণ কৰাৰ দায়িত্ব CSL-ক প্ৰদান কৰা হয়।২৪২৫ তাৰ পিছত, ২০২০ চনৰ ১ ডিচেম্বৰ তাৰিখে প্ৰথমখন ASW-SWC জাহাজ INS Mahe-ৰ বাবে ষ্টীল কটিং (Steel Cutting) অনুষ্ঠানৰ জৰিয়তে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়।২৬
আদেশ ক্লাছ পেট্ৰল ভেছেল (Aadesh-class patrol vessel )
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বাবে চি এছ এলে নিৰ্মাণ কৰিছে ২০খন এফ পি ভি। কোচিৰ মেছাৰ্ছ স্মাৰ্ট ইঞ্জিনিয়াৰিং এণ্ড ডিজাইন ছলিউচন (এছ ই ডি এছ)ৰদ্বাৰা ডিজাইন কৰিছে এই জাহাজ।২৭২৮
জাহাজ মেৰামতি
১৯৮২ চনৰপৰা কোচিন শ্বিপয়াৰ্ডে জাহাজ মেৰামতি সেৱা আগবঢ়াবলৈ আৰম্ভ কৰে। ইয়াৰ পিছৰেপৰা ই তেল অনুসন্ধান উদ্যোগত ব্যৱহৃত জাহাজকে ধৰি বিভিন্ন ধৰণৰ জাহাজৰ মেৰামতি আৰু আধুনিকীকৰণৰ কাম সম্পন্ন কৰি আহিছে। লগতে ভাৰতীয় নৌসেনা, ভাৰতীয় উপকূল ৰক্ষী বাহিনী, লক্ষদ্বীপ কেন্দ্ৰীয় শাসিত অঞ্চল, মীন বিভাগ, কোচিন বন্দৰ কৰ্তৃপক্ষ, শ্বিপিং কৰ্প'ৰেচন অৱ ইণ্ডিয়া (SCI) আৰু অইল এণ্ড নেচাৰেল গেছ কৰ্প'ৰেচন (ONGC)-ৰ জাহাজসমূহৰ নিৰ্ধাৰিত ৰক্ষণাবেক্ষণ আৰু সেৱা-আয়ুস বৃদ্ধিৰ কামো সম্পাদন কৰে। শ্বিপয়াৰ্ডটোৱে বিমানবাহী ৰণতৰী আইএনএছ বিৰাট (INS Viraat)-ৰ বৃহৎ পৰিসৰৰ মেৰামতি আৰু পুনৰসংস্কাৰো সফলতাৰে সম্পন্ন কৰিছিল।
কোচিন শ্বিপয়াৰ্ডে ONGC-ৰপৰা একাধিক গুৰুত্বপূৰ্ণ ৰক্ষণাবেক্ষণ আৰু আধুনিকীকৰণৰ চুক্তি লাভ কৰিছিল। ইয়াৰ অন্তৰ্গত আছিল ২০০৫–০৬ চনত মোবাইল অফশ্ব'ৰ ড্ৰিলিং ইউনিট (MODU) সাগৰ বিজয় (Sagar Vijay), মোবাইল অফশ্ব'ৰ ড্ৰিলিং ইউনিট সাগৰ ভূষণ (Sagar Bhushan) আৰু জেক-আপ ৰিগ সাগৰ কিৰণ (Sagar Kiran)-ৰ বৃহৎ পৰিসৰৰ মেৰামতি আৰু পুনৰসংস্কাৰৰ কাম।২৯
ই ২০১৬ আৰু ২০২৪ চনত বিমানবাহী জাহাজ আই এন এছ বিক্ৰমাদিত্যৰ বাবে বৃহৎ মেৰামত সম্পূৰ্ণ কৰে।৩০৩১
২০২৪ চনৰ ৫ এপ্ৰিলত চি এছ এল লাৰ্চেন এণ্ড টৌব্ৰ’ৰ কাটটুপলি শ্বিপয়াৰ্ড আৰু মাজাগন ডক শ্বিপবিল্ডাৰছৰ পিছত আমেৰিকাৰ নৌসেনাৰ সামৰিক ছিলিফ্ট কমাণ্ড ফ্লীট ছাপৰ্ট শ্বিপৰ মেৰামতিৰ বাবে মাষ্টাৰ শ্বিপ মেৰামতি চুক্তি (MSRA) স্বাক্ষৰ কৰা তৃতীয়টো ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানা হিচাপে পৰিগণিত হয়।৩২৩৩৩৪
অন্যান্য
শ্বিপয়াৰ্ডটোৱে সামুদ্ৰিক অভিযান্ত্ৰিকৰ (Marine Engineering) ক্ষেত্ৰত স্নাতক অভিযন্তাসকলকো প্ৰশিক্ষণ প্ৰদান কৰে। ৩৫ প্ৰতি বছৰে প্ৰায় ১০০ জন শিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Annual Report 2015–16. Ministry of Shipping, Govt of India
- ↑ Transportation Equipment. Department of Public Enterprises, Ministry of Finance
- ↑ Anandan, S. (2022-08-30). Cochin Shipyard can build follow-on carrier in about 8 years, says CMD. The Hindu
- ↑ List of ship building centres in India. Shipping Ministry of India
- ↑ Mudgill, Amit. (12 August 2017). Cochin Shipyard rallies over 20% on D-Street debut. The Economic Times
- ↑ Cochin Shipyard Limited firms up plans to go for IPO by year-end. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Welcome to Cochin Shipyard: ISO 9001 Certified - the biggest greenfield Shipyard of the Millenium
- ↑ Welcome to Cochin Shipyard: ISO 9001 Certified - the biggest greenfield Shipyard of the Millenium
- ↑ Priyadershini S. (7 March 2012). Soft hands handling hard steel. The Hindu
- ↑ (1 March 2006). Business: CSL launches three new vessels. দ্য হিন্দু
- ↑ Marine Battery Solutions by Vessel Type - Echandia. www.echandia.com
- ↑ Cochin Shipyard handovers India's first Water Metro ferry to Kochi Metro. Urban Transport News
- ↑ (2022-11-18). Water Metro boats win Gussies award. The Times of India
- ↑ (2026-02-24). $500-million boost for India shipbuilding as Cochin Shipyard, HD Hyundai Group advance JV talks: Report. Moneycontrol
- ↑ Cochin Shipyard bags Adani Ports tug boat order, deal value estimated at ₹450 crore · Company Business News. www.livemint.com
- ↑ Mishra, Twesh. (2026-01-15). Cochin Shipyard delivers first multi-purpose vessel to Germany's HS Schiffahrts. The Economic Times
- ↑ Gurung, Shaurya Karanbir. (2020-02-10). Structural and outfitting work of India's first indigenous aircraft carrier complete. The Economic Times
- ↑ India's first indigenous aircraft carrier, to be named INS Vikrant, finally begins sea trials. Times of India
- ↑ Vikrant successfully completes 5-day maiden sea voyage
- ↑ INS Vikrant, 1st India-Made Aircraft Carrier, Commissioned By PM. NDTV.com
- ↑ (2015-11-20). Cochin Shipyard to build secret vessel for DRDO. The Hindu
- ↑ (2021-09-07). Sea trials for floating missile test range INS Anvesh begin this month. Hindustan Times
- ↑ Menon, Adithya Krishna. (2023-04-25). India Conducts First Test of New Ship-Based BMD System. Naval News
- ↑ (2019-04-29). GRSE Signs Contract for 08 Anti-Submarine Warfare Shallow Watercraft. PSU Watch
- ↑ (2019-04-30). Cochin Shipyard gets Rs 6,311 crore contract for anti submarine warfare ships - BusinessToday. Business Today
- ↑ Indian ASW corvette programme cuts first steel · Shephard. www.shephardmedia.com
- ↑ First fast patrol vessel for Coast Guard delivered. Zee News
- ↑ CSL launches Fast patrol vessel · IRCLASS · Indian Register of Shipping. www.irclass.org
- ↑ Welcome to Cochin Shipyard: ISO 9001 Certified - The biggest greenfield Shipyard of the Millenium. cochinshipyard.in
- ↑ www.naval-technology.com/news/newscsl-completes-
- ↑ pib.gov.in/PressReleasePage.aspx?PRID=2079380
- ↑ Peri, Dinakar. (2024-04-08). Cochin Shipyard signs ship repair agreement with U.S. Navy. The Hindu
- ↑ Third Indian Shipyard Wins U.S. Navy Approval for Ship Repairs. The Maritime Executive
- ↑ Cochin Shipyard signs master ship repair agreement with US Navy. ddnews.gov.in
- ↑ Cochin Shipyard – Marine Engineering Training Website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোচিন শ্বিপয়াৰ্ড লিমিটেড” প্ৰবন্ধৰ সংশোধন ৬৩৫৮৮৭ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।