এচএচএচ ডট্ কম্ (ইংৰাজী ভাষা: Sssh.com; আৰম্ভণি: ১৯৯৯) হৈছে কেৱল সদস্যসকলৰ বাবে উপলব্ধ এটা স্বতন্ত্ৰ মহিলাৰ ইৰ’টিকা ছাইট। মূলসুঁতিৰ প্ৰাপ্তবয়স্ক উদ্যোগৰ দ্বাৰা স্বীকৃতি লাভ কৰা এয়া প্ৰথমটো "মহিলাৰ বাবে পৰ্ণ" ৱেবছাইট, যিয়ে শ্ৰেষ্ঠ বিকল্প ৱেবছাইটৰ বাবে এক্সবিআইজেড বঁটা লাভ কৰিছিল।১
ইতিহাস
Sssh.com হৈছে এটা মহিলাৰ বাবে পৰ্ণ (নাৰীবাদী পৰ্ণগ্ৰাফী) আৰু ইৰ’টিকা ছাইট, য’ত মৌলিক এইটচডি ইৰ’টিক চিনেমা, মৌলিক উপন্যাস, শ্ৰাব্য নাটক, অনাতাঁৰ কেন্দ্ৰ, ভিআৰ এপ্লিকেচন, পোনপটীয়া অনুষ্ঠান আৰু বহুতো সমল উপলব্ধ। এই ছাইটটো মহিলাৰ দ্বাৰা মহিলা দৰ্শকৰ বাবে পৰিচালনা কৰা হয়। ইয়াৰ চিনেমাৰ লগতে অন্যান্য সমলসমূহ সদস্যসকলৰ পৰা লোৱা সমীক্ষাৰ দ্বাৰা অনুপ্ৰাণিত, যি যোৱা সোতৰ বছৰ ধৰি ধাৰাবাহিকভাৱে চলি আহিছে।
Sssh.com-ৰ মূল কেন্দ্ৰবিন্দু হ’ল ৰসায়ন আৰু পাৰস্পৰিক আনন্দ, য’ত মহিলাই শক্তিশালী চৰিত্ৰত অভিনয় কৰি নিজৰ আনন্দৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰে।২ প্ৰতিষ্ঠাপক এঞ্জি ৰাউনট্ৰীয়ে কয়, "মই ১৯৯৯ চনত এটা অতি সৰল কাৰণত Sssh.com মুকলি কৰিছিলোঁ: যেতিয়া মই ৱেবৰ বিভিন্ন পৰ্ণ ছাইটবোৰ চাইছিলোঁ আৰু প্ৰাপ্তবয়স্ক ভিডিঅ’ বজাৰৰ বিভিন্ন নাম আৰু ধাৰাবাহিকবোৰ পৰীক্ষা কৰিছিলোঁ, তেতিয়া মই এনে একো দেখা নাছিলোঁ যিয়ে মহিলাসকলক আকৰ্ষিত কৰিব পাৰে।"৩৪
২০১৩ চনৰ ৮৫ সংখ্যক একাডেমী বঁটাত উপহাৰৰ টোপোলাৰ অংশ হিচাপে মহিলা মনোনীতসকলক ছাইটটোৰ এবছৰীয়া বিনামূলীয়া ভিআইপি সদস্যপদ প্ৰদান কৰা হৈছিল।৫
নিৰ্বাচিত নিৰ্মাণসমূহ
- গন (Gone) হৈছে আমেৰিকাৰ এখন সৰু চহৰৰ প্ৰেম আৰু হেৰুৱাৰ কাহিনী। সমালোচক ৰিচ ম’ৰলেণ্ডৰ মতে, "এঞ্জি ৰাউনট্ৰী আৰু Sssh.com হয়তো এই পৰ্যালোচকে দেখা আটাইতকৈ চিন্তাশীল আৰু গুৰুত্বপূৰ্ণ প্ৰাপ্তবয়স্ক চিনেমাৰ বাবে অভিনন্দনৰ পাত্ৰ। শিল্পৰূপ হিচাপে ইয়াক সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত ই অনন্য।"৬ মেডলিন ব্লুৱে এই চিনেমাখনত কৰা অভিনয়ৰ বাবে এক্সবিআইজেডৰ "শ্ৰেষ্ঠ অভিনেত্ৰী – কাপল ৰিলিজ"ৰ বাবে মনোনীত হৈছিল।৭
- এলিংটন (Ellington) হৈছে চিণ্ডি এলিংটনৰ এটা চিন্ডাৰেলা সদৃশ কাহিনী, যাক তেওঁৰ মাহীমাকে দুৰ্ব্যৱহাৰ কৰে। তেওঁৰ কলেজীয়া বন্ধু জো প্ৰিন্সে সহায় কৰিবলৈ চেষ্টা কৰে আৰু তাৰ পৰাই এক ৰোমান্টিক সম্পৰ্কৰ গঢ় লৈ উঠে।৮ এই চিনেমাখন এবিচি নাইটলাইনত প্ৰদৰ্শিত হৈছিল।২
শিক্ষা
Mindbrowse.com আৰু SexTalkTuesday.com হৈছে Sssh.com-ৰ প্ৰতিষ্ঠাপক এঞ্জি ৰাউনট্ৰীৰ দ্বাৰা নিৰ্মিত দুখন ৱেবছাইট।৯
Mindbrowse.com-এ এখন লাইভ ষ্ট্ৰীমিং শ্ব’ পৰিচালনা কৰে য’ত প্ৰাপ্তবয়স্ক উদ্যোগৰ পেছাদাৰীসকলে এই উদ্যোগটোৱে মুখামুখি হোৱা বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।১০ অতীতৰ অতিথিৰ সকলৰ ভিতৰত আছিল নিক হক,১১ চিণ্ডি গেলপ,১২ ক্যানডিডা ৰয়েল, জেকি চেন্ট জেমছ আৰু চাউনটেল টিবলছ।৯১০
চেক্স টক টিউজডেত অংশগ্ৰহণকাৰীসকলে মানৱ যৌনতাৰ বিষয়ে নিজৰ চিন্তা আৰু মতামত আগবঢ়ায়। ইয়াৰ অতীতৰ অতিথি সকলৰ ভিতৰত আছিল কৌতুক অভিনেতা মাৰ্গাৰেট চো,১৩ অভিনেত্ৰী কোকো ব্ৰাউন,১৪ প্ৰাপ্তবয়স্ক চিনেমা পৰিচালক হোলী ৰেণ্ডেল,১৫ প্ৰাপ্তবয়স্ক চিনেমা অভিনেত্ৰী কেন্দ্ৰা চাণ্ডাৰলেণ্ড,১৬ গিগ’ল’জৰ অভিনেতা গাৰেন জেমছ,১৭ থেৰাপিউটিষ্ট গ্ল’ৰিয়া ব্ৰেম,১৮ যৌন শিক্ষয়িত্ৰী ডাকি ডুলিটল,১৯ প্ৰাপ্তবয়স্ক চিনেমা অভিনেত্ৰী বেল নক্স,২০ লেখিকা মিড’ৰী,২১ আৰু কৌতুক অভিনেতা চাৰা বেনিনকাছা।২২
সংবাদ মাধ্যম
Sssh.com-ৰ প্ৰতিষ্ঠাপক এঞ্জি ৰাউনট্ৰী প্ৰাপ্তবয়স্ক উদ্যোগৰ বাণিজ্য মেলাসমূহৰ পেনেল আলোচনাত সঘনাই অংশগ্ৰহণ কৰে। তেওঁৰ বিষয়ে এবিচি নাইটলাইন (ABC's Nightline),২ কচম’পলিটান (Cosmopolitan),২৩ চিএনবিচি (CNBC),২৪ ফক্স নিউজ (Fox News),২৫ টাইম মেগাজিন (Time Magazine)২৬ আৰু চাইক’লজী টুডে (Psychology Today)-ৰ দৰে মুখ্য সংবাদ মাধ্যমত প্ৰতিবেদন প্ৰকাশ পাইছে।২৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ XBIZ Award Winners 2015. XBIZ Awards
- ↑ Boudreau, Abbie. (April 20, 2012). Mommy Porn Revolution? More Women Seek Erotica, Romance. ABC News
- ↑ Interview With Angie Rowntree Of Sssh.com. Porn Corporation
- ↑ G, Lynsey. (March 25, 2016). What Women Really Want In Their Porn. Refinery29. Vice Media
- ↑ (February 18, 2013). Sssh.com, Screaming O Add Buzz and Smiles to Oscar Gift Bags. AVN
- ↑ Moreland, Rich. (10 November 2015). Gone: An Illuminated Sacrifice. 3hattergrindhouse.com
- ↑ Moreland, Rich. (15 January 2016). A Nice Girl Who Howls at the Moon: Part Four, Making Magic. 3hattergrindhouse.com
- ↑ Singer, Coleen. Porn For Women – Ellington – An Erotic Fairy Tale For Women. eroticscribes.com
- ↑ Freixes, Alejandro. (February 29, 2016). Sssh.com Releases Full Recording of 'Consent in Porn' Panel. XBIZ
- ↑ Pardon, Rhett. (December 29, 2015). Mindbrowse.com Presents 'It's Porn, Not HBO' at XBIZ Show. XBIZ
- ↑ (April 5, 2013). Sssh.Com Interviews Nick Hawk from Showtime's 'Gigolos'. AVN
- ↑ (July 8, 2014). MakeLoveNotPorn Co-Founder Tagged for Women in Porn Debate. AVN
- ↑ Gray, Lila. (January 5, 2015). Comedian Margaret Cho Moderating #SexTalkTuesday Today. XBIZ
- ↑ (October 12, 2015). CoCo Brown to Moderate 'Sex Talk Tuesday'. XBIZ
- ↑ Sanford, John. (July 27, 2015). Holly Randall to Moderate 'Sex Talk Tuesday'. XBIZ
- ↑ (October 20, 2015). Kendra Sunderland to Moderate 'Sex Talk Tuesday' Today. XBIZ
- ↑ Sanford, John. (August 3, 2015). Garren James Leads 'SexTalkTuesday'. XBIZ
- ↑ (October 17, 2014). Therapist Dr. Gloria Brame is #SexTalkTuesday Moderator, Oct. 21. AVN
- ↑ (August 8, 2014). Ducky DooLittle to Guest Moderate #SexTalkTuesday, Aug. 12. AVN
- ↑ (July 10, 2014). 'Duke Porn Star' Belle Knox to Host #SexTalkTuesday July 15. AVN
- ↑ (January 20, 2014). #SexTalkTuesday to Welcome Guest Moderator Midori Jan. 21. AVN
- ↑ (December 12, 2013). Comedian Sara Benincasa to Moderate #SexTalkTuesday, Dec. 17. AVN
- ↑ Moore, Lane. (September 23, 2014). Meet the Married Couple Who Created a Safe Way to Search for Porn. Cosmopolitan
- ↑ Morris, Chris. (15 January 2013). Porn's New Market: Women. CNBC
- ↑ McKay, Hollie. (25 March 2015). From 'Deep Throat' to 'Lovelace:' How the porn industry has changed. FOX News
- ↑ Stein, Joel. (June 8, 2011). America's Next Top Weiner. Time Magazine
- ↑ Seltzer, Leon. (May 14, 2012). The Triggers of Sexual Desire Pt 2: What's Erotic for Women?. Psychology Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এচএচএচ ডট্ কম্” প্ৰবন্ধৰ সংশোধন ৬৩৫৮৭৫ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।