অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এঞ্জেলা মাৰ্কেল

এঞ্জেলা ড'ৰথিয়া মাৰ্কেল ( Angela Dorothea Merkel; জন্ম: ১৭ জুলাই ১৯৫৪) এগৰাকী জাৰ্মান অৱসৰপ্ৰাপ্ত ৰাজনীতিবিদ যিয়ে ২০০৫ চনৰ পৰা ২০২১ চনলৈকে জাৰ্মানীৰ চ্যান্সেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এঞ্জেলা ড'ৰথিয়া মাৰ্কেল ( Angela Dorothea Merkel; জন্ম: ১৭ জুলাই ১৯৫৪) এগৰাকী জাৰ্মান ভাষা অৱসৰপ্ৰাপ্ত ৰাজনীতিবিদ যিয়ে ২০০৫ চনৰ পৰা ২০২১ চনলৈকে জাৰ্মানীৰ চ্যান্সেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনৰ পৰা ২০০৫ চনলৈকে বিৰোধী দলৰ নেত্ৰী আৰু ২০০০ চনৰ পৰা ২০১৮ চনলৈকে খ্ৰীষ্টান ডেম’ক্ৰেটিক ইউনিয়নৰ নেত্ৰী আছিল।

মাৰ্কেলৰ জন্ম হৈছিল পশ্চিম জাৰ্মানীৰ হামবাৰ্গত। কেঁচুৱা অৱস্থাতে তাইৰ পৰিয়াল পূব জাৰ্মানীলৈ গুচি যায়। কমিউনিষ্ট ইষ্ট জাৰ্মান ফ্ৰী জাৰ্মান ইউথ (FDJ)ৰ সদস্য মাৰ্কেলে ১৯৮৬ চনত কোৱাণ্টাম ৰসায়ন বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু ১৯৮৯ চনলৈকে গৱেষণা বিজ্ঞানী হিচাপে কাম কৰে।১ ইয়াৰ পিছত ১৯৮৯ চনৰ বিপ্লৱৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰে আৰু চমুকৈ লোথাৰ ডি মাইজিয়েৰৰ নেতৃত্বত পূব জাৰ্মানীৰ প্ৰথমখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ উপ-মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯০ চনত জাৰ্মানীৰ পুনৰ একত্ৰীকৰণৰ পিছত মাৰ্কেল মেকলেনবাৰ্গ-ভৰ্পমাৰ্ন ৰাজ্যৰ বাবে বুণ্ডেষ্টাগলৈ নিৰ্বাচিত হয়। চ্যান্সেলৰ হেলমুট ক’লৰ আশ্ৰয়দাতা হিচাপে ১৯৯১ চনত মাৰ্কেলক মহিলা আৰু যুৱ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে, পিছলৈ ১৯৯৪ চনত পৰিৱেশ, প্ৰকৃতি সংৰক্ষণ আৰু পাৰমাণৱিক সুৰক্ষা মন্ত্ৰী হয়।১৯৯৮ চনৰ ফেডাৰেল নিৰ্বাচনত চিডিইউ পৰাস্ত হোৱাৰ পিছত মাৰ্কেলে দলটোৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। তাৰ পিছত দলটোৰ প্ৰথমগৰাকী মহিলা নেত্ৰী আৰু দুবছৰৰ পিছত বিৰোধীৰ প্ৰথমগৰাকী মহিলা নেত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

পটভূমি আৰু প্ৰাথমিক জীৱন

মাৰ্কেল এঞ্জেলা ড'ৰথিয়া কাছনাৰ হিচাপে ১৯৫৪ চনত হামবাৰ্গৰ আইমছবুটেল কোৱাৰ্টাৰত জন্ম হৈছিল,২৩ এঞ্জেলাৰ পিতৃ হৰ্ষ্ট কাছনাৰ (১৯২৬–২০১১),৪৫ এগৰাকী লুথাৰিয়ান পাষ্টৰ আৰু বাৰ্লিনৰ স্থানীয় আৰু মাতৃ পত্নী হাৰ্লিণ্ড (১৯২৮–২০১৯; জন্ম জেনট্জচ), ডানজিগ (বৰ্তমান পোলেণ্ডৰ গ্ডানস্ক)ত জন্মগ্ৰহণ কৰা ইংৰাজী আৰু লেটিন ভাষাৰ শিক্ষক আছিল। এঞ্জেলাৰ দুজন সৰু ভাই-ভনী আছে, মাৰ্কাছ কাছনাৰ, এজন পদাৰ্থবিজ্ঞানী আৰু আইৰিন কাছনাৰ, এগৰাকী অকুপেচনেল থেৰাপিষ্ট। শৈশৱ আৰু যৌৱনত মাৰ্কেলক তেওঁৰ সমনীয়াসকলে "কেছি" নামেৰে জনা গৈছিল, যিটো তেওঁৰ শেষ নাম কাছনাৰৰ পৰা উদ্ভৱ হৈছিল।৬৭

মাৰ্কেল জাৰ্মান আৰু পোলেণ্ডৰ বংশৰ। তাইৰ ককাক লুডৱিক কাছনাৰ আছিল পোলেণ্ড জনগোষ্ঠীৰ এজন জাৰ্মান আৰক্ষী। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সত বন্দী হোৱাৰ পিছত তেওঁ নীলা সেনাবাহিনীত যোগদান কৰে আৰু সম্ভৱতঃ জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ কৰে।৮৯ তেওঁ মাৰ্কেলৰ আইতাক বাৰ্লিনৰ জাৰ্মান মাৰ্গাৰেটক বিয়া কৰাই তেওঁৰ গৃহ চহৰলৈ স্থানান্তৰিত হয় আৰু তাত তেওঁ পুনৰ আৰক্ষীত কাম কৰে। ১৯৩০ চনত তেওঁলোকে পোলেণ্ডৰ কাজমিৰচাক নামটোক জাৰ্মানীকৰণ কৰি কাছনাৰলৈ ৰূপান্তৰিত কৰে।১০১১১২১৩ মাৰ্কেলৰ মাতৃৰ ফালৰ পৰা ককাক-আইতাক আছিল ডানজিগ ৰাজনীতিবিদ উইলি জেণ্ট্জছ আৰু এলবিং (বৰ্তমান এলব্লাগ, পোলেণ্ড) চহৰৰ কেৰাণী এমিল ড্ৰেঞ্জৰ কন্যা গেৰ্ট্ৰুড আলমা (জন্ম ড্ৰেঞ্জ)। ১৯৯০ চনৰ মাজভাগৰ পৰা মাৰ্কেলে কেইবাবাৰো ৰাজহুৱাভাৱে নিজৰ পোলেণ্ডৰ ঐতিহ্যৰ কথা উল্লেখ কৰি নিজকে চতুৰ্থাংশ পোলেণ্ড বুলি বৰ্ণনা কৰিছে যদিও ২০১৩ চনৰ জীৱনীখনৰ ফলত তেওঁৰ পোলেণ্ডৰ শিপা অধিক পৰিচিত হৈ পৰে।১৪

তথ্যসূত্ৰ

  1. ↑ Miller, Saskia. (20 April 2020). The Secret to Germany's COVID-19 Success: Angela Merkel Is a Scientist. The Atlantic
  2. ↑ (2009-09-27). Angela Merkel: Pfarrertochter aus Hamburg, Physikerin, Kanzlerin. Hamburger Abendblatt
  3. ↑ (2024-07-17). Altkanzlerin: Angela Merkel wird 70. ZDFheute
  4. ↑ Langguth, Gerd. (August 2005). Angela Merkel. Deutscher Taschenbuch Verlag. পৃ. 10. ISBN 3-423-24485-2
  5. ↑ (13 March 2013). Kanzlerin Merkel hat polnische Wurzeln. Süddeutsche.de
  6. ↑ Qvortrup, Matthew. (2016). Angela Merkel: Europe's Most Influential Leader. The Overlook Press. ISBN 978-1-4683-1408-3
  7. ↑ (26 August 2021). Merkel, power player who changed Germany. The West Australian
  8. ↑ (18 June 2014). Picturing the Family: Media, Narrative, Memory | Research
  9. ↑ Schuller, Konrad; Warschau. (22 March 2013). Merkels polnische Wurzeln: Großvaters Krieg. FAZ.NET
  10. ↑ Kornelius, Stefan. (March 2013). Angela Merkel: Die Kanzlerin und ihre Welt. Hoffmann und Campe. পৃ. 7. ISBN 978-3-455-50291-6
  11. ↑ Kornelius, Stefan. (10 September 2013). Six things you didn't know about Angela Merkel. The Guardian
  12. ↑ The German chancellor's Polish roots. Deutsche Welle
  13. ↑ (13 March 2013). Merkel hat polnische Wurzeln. Süddeutsche Zeitung
  14. ↑ Krauel, Torsten. (13 March 2013). Ahnenforschung: Kanzlerin Angela Merkel ist zu einem Viertel Polin. Die Welt

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এঞ্জেলা মাৰ্কেল” প্ৰবন্ধৰ সংশোধন ৬৩২৫১৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।