অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

একলব্য শৰ্মা

একলব্য শৰ্মা (Eklabya Sharma; জন্ম: ১১ মে' ১৯৫৮) হিমালয় অঞ্চলৰ পাহাৰীয়া পৰিৱেশ তন্ত্ৰৰ গৱেষণা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আগ বঢে়াৱা অৱদানৰ বাবে পৰিচিত এজন ভাৰতীয় পৰিৱেশ বিজ্ঞানী। পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰত কৰা কামৰ বাবে ২০২৪ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।

হালনাগাদ: ২০ এপ্ৰিল ২০২৬ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

একলব্য শৰ্মা (Eklabya Sharma; জন্ম: ১১ মে' ১৯৫৮) হিমালয় অঞ্চলৰ পাহাৰীয়া পৰিৱেশ তন্ত্ৰৰ গৱেষণা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আগ বঢে়াৱা অৱদানৰ বাবে পৰিচিত এজন ভাৰতীয় পৰিৱেশ বিজ্ঞানী। পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰত কৰা কামৰ বাবে ২০২৪ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।১

প্ৰাথমিক জীৱন আৰু শিক্ষা

শৰ্মাৰ জন্ম হৈছিল পশ্চিমবংগৰ দাৰ্জিলিং জিলাত। তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি ১৯৭৭ চনত বিএচ.চি. আৰু ১৯৭৯ চনত উদ্ভিদ বিজ্ঞানত এমএচ.চি‍ ডিগ্ৰী লাভ কৰে, আৰু ১৯৮৫ চনত পৰিৱেশ বিজ্ঞানত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।১

কেৰিয়াৰ

শৰ্মাৰ প্ৰাৰম্ভিক গৱেষণাত পূব হিমালয়ত অ-লেগুমিনাছ হিমালয়ান এলডাৰ প্ৰজাতিৰদ্বাৰা নাইট্ৰজেন স্থিৰকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। তেওঁ পাহাৰীয়া অঞ্চলৰ পৰিৱেশগত প্ৰত্যাহ্বান আৰু বহনক্ষম উন্নয়নৰ ওপৰত ব্যাপকভাৱে কাম কৰিছে।২৩

তেওঁ আন্তৰ্জাতিক সংহত পৰ্বত উন্নয়ন কেন্দ্ৰ (আইচিআইএমঅ’ডি)ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, য'ত তেওঁ হিন্দু কুশ হিমালয় মূল্যায়ন আৰম্ভ কৰাত মূল ভূমিকা পালন কৰিছিল আৰু য'ত একাধিক দেশৰ ৩০০ৰো অধিক বিশেষজ্ঞ জড়িত আছিল।৪

শৰ্মাই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু নীতি মঞ্চতো অৰিহণা যোগাইছে, ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তি (UNFCCC)কে ধৰি, জলবায়ু পৰিৱৰ্তনৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চৰকাৰী পেনেল (আইপিচিচি), আৰু জৈৱ-বৈচিত্ৰ্যৰ সন্ধি (CBD)।৫

তেওঁ গ্লাছগো বিশ্ববিদ্যালয়ৰ অতিথি বিজ্ঞানী আছিল। ড° শৰ্মাৰ ২১০ টাতকৈও অধিক ৰচনা গ্ৰন্থ, গ্ৰন্থৰ অধ্যায় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা আলোচনীত সিঁচৰতি হৈ‍ আছে।৬

পৰামৰ্শদাতা আৰু পেছাদাৰী ভূমিকা

শৰ্মাই কেইবাটাও পৰামৰ্শদাতা ভূমিকা পালন কৰি আহিছে:

  1. বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ, জি. বি পন্ত ৰাষ্ট্ৰীয় হিমালয়ান পৰিৱেশ প্ৰতিষ্ঠান;
  2. কৌশলগত উপদেষ্টা, অশোক ট্ৰাষ্ট ফৰ ৰিচাৰ্চ ইন ইক'লজি এণ্ড এনভাইৰনমেণ্ট (ATREE);
  3. ট্ৰাষ্টী, দ্য মাউণ্টেন ইনষ্টিটিউট, আমেৰিকা;
  4. ছুইজাৰলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় মাউণ্টেন ছ’চাইটিৰ সঞ্চালক;
  5. সদস্য, পৰিচালনা সমিতি, ইউএনইপিৰ গ্ল’বেল মাউণ্টেন ৱেষ্ট মেনেজমেণ্ট আউতলুক;
  6. উপদেষ্টা, মুখ্যমন্ত্ৰী কাৰ্যালয়, ছিকিম চৰকাৰ।৭

বঁটা আৰু সন্মান

  1. পদ্মশ্ৰী (২০২৪); ১৮
  2. যুৱ বিজ্ঞানী পদক, ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (INSA);
  3. ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ বিশিষ্ঠ বৈজ্ঞানিক পুৰস্কাৰ;
  4. সন্মানীয় উল্লেখ কাগজ বঁটা, মাটি আৰু পানী সংৰক্ষণ সমিতি, আমেৰিকা;
  5. ছিকিম চৰকাৰ আৰু ছিকিম বিশ্ববিদ্যালয়ৰপৰা উৎকৃষ্টতা বঁটা;
  6. সামাজিক মৰ্যাদা বঁটা, ছিকিম চৰকাৰ।৯

ফেল'শ্বিপ

  1. ফেলো, ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (INSA);
  2. ফেলো, ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰত (NASI)।১০

নিৰ্বাচিত কামসমূহ

শৰ্মাই হিমালয়ৰ পৰিৱেশ বিজ্ঞান আৰু বহনক্ষম পৰ্বত উন্নয়নৰ ওপৰত বিস্তৃত কাম কৰিছে।১১১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Padma Awards 2024. Padma Awards. Ministry of Home Affairs, Government of India
  2. ↑ (2008-12-06). New race to explore the Himalayas
  3. ↑ (2024-01-26). Padma Awards 2024: PM Modi sends heartfelt congratulations to recipients in special message – Check full list of Padma Bhushan, Padma Shri, Padma Vibhushan awardees here. The Financial Express
  4. ↑ (26 January 2024). Padma Shri for Kurseong man Dr Eklabya Sharma. The Statesman
  5. ↑ Dr. Eklabya Sharma. ATREE
  6. ↑ Eklabya Sharma - Strategic Advisor and Distinguished Fellow
  7. ↑ Times, Siliguri. (25 January 2024). Dr Eklabya Sharma to receive Padma Shri. Siliguri Times
  8. ↑ (25 January 2024). Padma Awards 2024 announced. Press Information Bureau. Government of India
  9. ↑ Ecologist, craftsman and singer from North Bengal and Sikkim to receive Padma Shri in 2024. The Telegraph
  10. ↑ (25 January 2024). Boroloker biti lo singer, Chhau dancer among 11 Padma recipients from Bengal. The Times of India
  11. ↑ Google Scholar – Dr. Eklabya Sharma
  12. ↑ BOTANICAL RICHNESS IN WILD EDIBLE PLANTS OF SIKKIM HIMALAYA

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিপদ্মশ্ৰী বঁটা বিজয়ীবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একলব্য শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬০১৫৯১ (২০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।