অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঋচা শৰ্মা

ঋচা শৰ্মা (ऋचा शर्मा) এজনী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, আৰু ভিডিঅ’ জকী। তেওঁ মিছ নেপাল ২০০৭ প্ৰতিযোগিতাৰ শীৰ্ষ দহজনৰ ভিতৰত আছিল তেওঁৰ অভিনয় আৰম্ভ হয় নেপালী চলচ্চিত্ৰ ফাৰ্ষ্ট লভ (২০১০)ৰ জৰিয়তে। পিছত ২০১১ চনত মেৰো লভ ষ্ট’ৰি আৰু হাইৱেত অভিনয় কৰে।

হালনাগাদ: ৪ এপ্ৰিল ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ঋচা শৰ্মা (ऋचा शर्मा) এজনী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, আৰু ভিডিঅ’ জকী। তেওঁ মিছ নেপাল ২০০৭ প্ৰতিযোগিতাৰ শীৰ্ষ দহজনৰ ভিতৰত আছিল আৰু সংগীত ভিডিঅ’ আৰু ৰেম্প শ্ব’ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল।১

তেওঁৰ অভিনয় আৰম্ভ হয় নেপালী চলচ্চিত্ৰ ফাৰ্ষ্ট লভ (২০১০)ৰ জৰিয়তে। পিছত ২০১১ চনত মেৰো লভ ষ্ট’ৰি আৰু হাইৱেত অভিনয় কৰে। ২০১২ চনৰ বক্স অফিচত সফল হোৱা লুট চলচ্চিত্ৰই তেওঁৰ অভিনয় যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।২

২০১২ চনত তেওঁ যুৱ সমাজক কেন্দ্ৰ কৰি নিৰ্মিত ভিছা গাৰ্ল চলচ্চিত্ৰত অভিনয় কৰে, আৰু ২০১৪ চনত সমালোচকসকলে প্ৰশংসা কৰা তালকজং বনাম তুল্কে চলচ্চিত্ৰত অংশ লয়। ২০১৫ চনত তেওঁ জিন্দাগী ৰক্স চলচ্চিত্ৰত এজন আৰক্ষীৰ ভূমিকা নিৰ্বাহ কৰিছিল। তেওঁ নেপালৰ কমেডি ৰিয়েলিটি শ্ব’ কমেডি চেম্পিয়নৰ ন্যায়াধীশৰূপে কৰ্মৰত।৩

জীৱনী

ঋচা শৰ্মা ১৯৮৭ চনৰ ১৭ জুলাই নেপালৰ ঢংগাডিত জন্মগ্ৰহণ কৰিছিল। তেওঁ কৈলালী জিলাত ডাঙৰ হৈছিল। বৰ্তমান তেওঁ কাঠমাণ্ডুত বাস কৰে।

বৰ্তমানলৈকে ঋচা শৰ্মাই ১৭খন চলচ্চিত্ৰত অভিনয় কৰিছে, যাৰ ভিতৰত দুখন চলচ্চিত্ৰ তেওঁ নিজেই প্ৰযোজনা কৰিছে।৪

২০১৯ চনৰ ডিচেম্বৰত তেওঁ কাঠমাণ্ডুত ললিতপুৰ ভিত্তিক লাবিম মলৰ পৰিচালক দীপেক্ষ বিক্ৰম ৰাণাক বিবাহ কৰে। বিবাহৰ আগতেই তেওঁ দুবছৰ ধৰি দীপেক্ষৰ সৈতে সম্পৰ্কত আছিল।৫

চলচ্চিত্ৰ তালিকা

বাস্তৱ টিভি অনুষ্ঠান

+বাস্তৱ টিভি অনুষ্ঠানবছৰশিৰোনামভূমিকাটোকা
২০২০কমেডি চেম্পিয়ন ১ম ছিজনবিচাৰকঅনুষ্ঠানটোৰ চাৰিজন বিচাৰকৰ অন্যতম।
২০২১কমেডি চেম্পিয়ন ২য় ছিজনবিচাৰকঅনুষ্ঠানটোৰ চাৰিজন বিচাৰকৰ অন্যতম।
২০২৪কমেডি চেম্পিয়ন ৩য় ছিজনবিচাৰকঅনুষ্ঠানটোৰ চাৰিজন বিচাৰকৰ অন্যতম।

টেলিভিশন শৃংখলা

টিভি
বছৰশিৰোনামভূমিকাটোকা
২০১১হাম্ৰো টীমসীমাটেলিভিশন আত্মপ্ৰকাশ
২০১৬পাহুছ (বাস্তৱ টিভি অনুষ্ঠান)উপস্থাপক

চলচ্চিত্ৰ

চলচ্চিত্ৰ
বছৰশিৰোনামভূমিকাটোকাউৎস
২০১০ফাৰ্ষ্ট লাভনীতু
২০১১মেৰো লাভ ষ্ট'ৰী—
২০১১হাইৱে—
২০১২লুটআয়ুষা
২০১২ভিছা গাৰ্ল—
২০১৩উমাউমা৬
২০১৪তালকজং বনাম তুলকেফুলি
২০১৫জিন্দগী ৰক্স—
২০১৬কেৰি অন কুট্টনজ্যোতিৰ মাউচী
২০১৬বাটো মুনি কো ফুল ২জুনালীঅতিথি ভূমিকা
২০১৬কো আফনো—
২০১৮ছুংকেছাৰীছুংকেছাৰীপ্ৰযোজকো৭
২০১৮চক্কৰ—
২০১৮না এটা না উটা—
২০২২হিজো আজি কাকুৰা

পুৰস্কাৰ

+বছৰপুৰস্কাৰশ্ৰেণীচলচ্চিত্ৰফলাফলউৎস
২০১৫জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ (নেপাল)সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীতালকজং বনাম তুলকে৮

তথ্যসূত্ৰ

  1. ↑ যোগী, শিৱৰাজ. (১৯ মে’ ২০১৭). मनले मागेको मज्जाले खाने हो!. The Annapurna Express
  2. ↑ Most Successful Nepali Movie Loot. Boss Nepal
  3. ↑ (২৫ ফেব্ৰুৱাৰী ২০২১). Comedy Champion returns with a brand new season. The Kathmandu Post
  4. ↑ Biography: Richa Sharma. nFilmreviews
  5. ↑ Marriage: Richa Sharma. Khabarhub
  6. ↑ Paudel, Shreya. (10 April 2020). Revisiting 'Uma'—a Maoist combatant's story. The Kathmandu Post
  7. ↑ Prasai, Biplob. (26 May 2018). Cinema should entertain and inform. The Annapurna Express
  8. ↑ (28 July 2015). 'Kabbadi' bags National Awards. The Kathmandu Post

সম্পৰ্কিত শ্ৰেণী

নেপালী অভিনেত্ৰীনেপালী চলচ্চিত্ৰৰ অভিনেত্ৰীনেপালৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋচা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫০১৯৮৪ (৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।