অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এ এইচ হুইলাৰ এণ্ড কোম্পানী

এ এইচ হুইলাৰ এণ্ড কোম্পানী (প্ৰাইভেট) লিমিটেড (A H Wheeler & Co (P) Ltd) এটা ভাৰতীয় মালিকানাধীন কোম্পানী। এইটো এটা গ্ৰন্থ বিপনীৰ শৃংখলা। ১৮৭৭ চনত এলাহাবাদ ৰেল ষ্টেচনত ইয়াৰ আৰম্ভণি কৰিছিল ফৰাচী দেশীয় লেখক Émile Moreau, ভাৰতীয় ব্যৱসায়ী টি. কে. বেনাৰ্জী আদি কেইজনমান ব্যক্তিয়ে।

হালনাগাদ: ৫ মাৰ্চ ২০২৬ ৩৫০ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

এ এইচ হুইলাৰ এণ্ড কোম্পানী (প্ৰাইভেট) লিমিটেড (A H Wheeler & Co (P) Ltd) এটা ভাৰতীয় মালিকানাধীন কোম্পানী। এইটো এটা গ্ৰন্থ বিপনীৰ শৃংখলা। ১৮৭৭ চনত প্ৰয়াগৰাজ ৰেল ষ্টেচনত১ ইয়াৰ আৰম্ভণি কৰিছিল ফৰাচী দেশীয় লেখক Émile Moreau, ভাৰতীয় ব্যৱসায়ী টি. কে. বেনাৰ্জী আদি কেইজনমান ব্যক্তিয়ে।

এ এইচ হুইলাৰ এণ্ড কোম্পানীৰ গ্ৰন্থ বিপনী শৃংখলাই ভাৰতৰ, বিশেষকৈ উত্তৰ মধ্য ভাৰতৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ ৰেল ষ্টেচনক সামৰি লৈছিল। ২৩ ১৯৫০ চনত বেনাৰ্জী পৰিয়াললৈ ইয়াৰ মালিকীস্বত্ব যায়। ২০০৪ চনত ২৫৮টা ৰেল ষ্টেচনত হুইলাৰ শৃংখলাৰ গ্ৰন্থ বিপনী আছিল। গ্ৰন্থ বিক্ৰীৰ যোগেদি ভাৰতীয় ৰেলে লাভ কৰা ৰাজহৰ ৮০ শতাংশ অৱদান এই কোম্পানীটোৱে আগবঢ়াইছিল।২ এসময়ত হুইলাৰ কোম্পানী আছিল ভাৰতীয় ৰেল ষ্টেচনসমূহৰ প্ৰায় একচ্ছত্ৰী গ্ৰন্থ বিক্ৰেতা, যি একছত্ৰিতা ২০০৪ চনত ই হেৰুৱাবলগীয়া হয়। ভাৰতীয় ৰেলৰ প্লেটফৰ্মৰ দ্বিতীয় স্থানত থকা গ্ৰন্থ বিক্ৰেতা আছিল মেচাৰ্চ হিগিনবোথান লিমিটেড। এই কোম্পানীটোৱে দক্ষিণ ৰেলৱে আৰু আংশিক ভাবে দক্ষিণ মধ্য ৰেলৱেৰ ষ্টেচনসমূহক সামৰি লৈছিল।৪ ইয়াৰ মুখ্য কাৰ্যালয় এলাহাবাদত অৱস্থিত আৰু এলাহাবাদৰ পৰাই সমগ্ৰ বিতৰণ ব্যৱস্থা পৰিচালিত হয়।১

ইতিহাস

প্ৰায় ১৫০ বছৰ আগত ঢাকাৰ পৰা বেনাৰ্জী উপাধিৰ এটা পৰিয়ালে প্ৰয়াগৰাজলৈ প্ৰব্ৰজন কৰিছিল। এই পৰিয়ালৰে যুৱক টি.কে. বেনাৰ্জী আছিল কিতাপ-বলিয়া আৰু কিতাপ সংগ্ৰাহক। এজন ফৰাচী দেশীয় ব্যক্তি Emile Moreau’ৰ সৈতে তেওঁৰ বন্ধুত্ব গঢ়ি হৈছিল। দুই বন্ধুৱে গঢ়ি তুলিছিল ৪৫,০০০তকৈয়ো বেছি এটা বিশাল কিতাপৰ সংগ্ৰহ। স্বাভাৱিকতে এই বিশাল সংগ্ৰহটো চম্ভালি ৰখা দুয়োৰে বাবে কঠিন হৈ পৰিছিল। সেয়েহে দুয়ো বন্ধুৱে এখন আঁচনি ললে। ১৮৭০ চনৰ আগভাগত তেওঁলোকে এলাহাবাদ ষ্টেচনৰ প্লেটফৰ্মত কিতাপৰ বিশাল স্তুপটো মেলি ললে আৰু সেইবোৰ ৰেহাই মূল্যত বিকিবলৈ আৰম্ভ কৰিলে। কিতাপ বিকি শেষ নোহোৱালৈকে তেওঁলোকে বিক্ৰী কাৰ্য চলাই গ'ল। এনেকৈয়ে তেওঁলোকৰ মূৰত এটা নতুন ব্যৱসায়ৰ ধাৰণাই খোপনি পুতিলে।৫

টি.কে.বেনাৰ্জী, Emile Moreau আৰু তিনিজন অন্য ব্যক্তিয়ে (ইয়াৰ দুজন ব্ৰিটিছ) এটা কোম্পানী গঠন কৰি ১৮৭৭ চনত এলাহাবাদ ষ্টেচন এখন বিপনী মুকলি কৰিলে। অচিৰেই অন্যান্য ষ্টেচনলৈয়ো তেওঁলোকৰ বিপনী সম্প্ৰসাৰিত হ'ল। ১৯০৫ চনত হুইলাৰ কোম্পানীয়ে হাওৰা ষ্টেচনৰ বিপনীখন ব্ৰহ্মদেশীয় চেগুন কাঠেৰে ইংলেণ্ডত তৈয়াৰ কৰাই আনিছিল। এই বিপনীখনৰ নমুনা এটা বৰ্তমান কোম্পানীৰ কাৰ্যালয়ত সজাই ৰখা হৈছে।৬

নামকৰণ

হুইলাৰ কোম্পানীৰ নামটো ধাৰ কৰিছিল লণ্ডনৰ বিখ্যাত আৰু সফল গ্ৰন্থ বিপনী "আৰ্থাৰ হেনৰী হুইলাৰ"ৰ পৰা। কিন্তু এই বিপনীৰ সৈতে এ এইচ হুইলাৰ কোম্পানীৰ কোনো ধৰণৰ ব্যৱসায়িক বা আন সম্পৰ্ক নাছিল।৭

একছত্ৰিতা বিলোপন

ব্ৰিটিছৰ দিনৰে পৰা এ এইচ হুইলাৰ এণ্ড কোম্পানী ৰেল ষ্টেচনৰ প্ৰায় একচ্ছত্ৰী গ্ৰন্থ বিক্ৰেতা আছিল। দক্ষিণ ৰেলৱে আৰু দক্ষিণ মধ্য ৰেলৱেৰ কিছু অংশ বাদ দি আটাইবোৰ জ'নেল ৰেলৱেত এই কোম্পানীটোৱে গ্ৰন্থ বিপনী চলাই আহিছিল। কিন্তু ২০০২ চনত প্ৰথমবাৰৰ বাবে হুইলাৰ প্ৰত্যাহ্বানৰ মুখামুখি হয়, যেতিয়া সংযুক্ত গণতান্ত্ৰিক মৰ্চা চৰকাৰে হুইলাৰ কোম্পানীৰ কিতাপ বিক্ৰীৰ চুক্তি নবীকৰণ নকৰিলে।৮ ২০০৪ চনত ভাৰতীয় ৰেল মন্ত্ৰালয়ে ৰেল ষ্টেচনসমূহৰ বাবে নতুন গ্ৰন্থ-নীতি গ্ৰহণ কৰে। ৰেল মন্ত্ৰালয়ৰ চাৰ্কুলাৰ এখনত কোৱা হয় যে মেচাৰ্চ এ এইচ হুইলাৰ এণ্ড কোম্পানীয়ে একক বিক্ৰীৰ অধিকাৰ লাভ নকৰিব আৰু তেওঁলোকে লাভ কৰিবলগীয়া অধিকাৰ অন্যসকলৰ দৰে হব।৯

ৰুডিয়াৰ্ড কিপলিং আৰু হুইলাৰ কোম্পানী

ইংগ-ভাৰতীয় লেখক ৰুডিয়াৰ্ড কিপলিঙৰ গ্ৰন্থৰ প্ৰথম প্ৰকাশক আছিল এ এইচ হুইলাৰ এণ্ড কোম্পানী। তেখেতৰ "প্লেইন টেলচ্ ফ্ৰম দি হিলচ্" আৰু অন্য ৬খন গল্প-পুথি "ইণ্ডিয়ান ৰেলৱে লাইব্ৰেৰী চিৰিজ" শিতানত হুইলাৰে প্ৰকাশ কৰিছিল। এই গ্ৰন্থবোৰ ৰেলৱে ষ্টেচনত থকা হুইলাৰৰ নিজস্ব গ্ৰন্থ বিপনীৰ যোগে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল। গ্ৰন্থবোৰৰ দাম আছিল এটকা বা এক পাউণ্ডৰ পোন্ধৰ ভাগৰ এভাগ। ৰিচাৰ্ড জাফাই কিপলিঙৰ এই গ্ৰন্থসমূহক আৰম্ভণি পৰ্যায়ৰ পেপাৰবেক সংস্কৰণ বুলি মন্তব্য কৰিছে।১০১১

তথ্যসূত্ৰ

  1. ↑ Motihar, Jhilmil. (2011-08-19). The original Wheeler dealers. HT Media
  2. ↑ Singh, Garima. (2004-07-07). Wheeler, Wheeler, more dealers. The Telegraph
  3. ↑ Derek O'Brien. (1 January 2006). The Penguin-CNBC-TV18 business yearbook 2006-07. New York. ISBN 978-0-14-310098-0
  4. ↑ Chaterjee, Rimi B. (May, 2011). Five centuries of print. The Southasia Trust
  5. ↑ www.livemint.com/Leisure/r8EEDa8JaP5xEdxS5kN7wO/
  6. ↑ www.livemint.com/Leisure/r8EEDa8JaP5xEdxS5kN7wO/
  7. ↑ Sethi, Atul. (2011-09-04). Train of thoughts. Bennett, Coleman & Co. Ltd
  8. ↑ www.financialexpress.com/news/ah-wheelers-future
  9. ↑ Kant, Kamal. (2004-07-07). (COMMERCIAL CIRCULAR NO. 19 OF 2004) Sub: Bookstall Policy – 2004. GOVERNMENT OF INDIA, MINISTRY OF RAILWAYS, RAILWAY BOARD
  10. ↑ J. W. Cunliffe. (30 May 2005). English Literature During the Last Half Century. Kessinger Publishing. পৃ. 171–172. ISBN 978-1-4179-8898-3
  11. ↑ Richard Jaffa. (2 June 2011). Man and Mason-Rudyard Kipling. AuthorHouse. পৃ. 96–. ISBN 978-1-4567-8134-7

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰেল পৰিবহণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এ এইচ হুইলাৰ এণ্ড কোম্পানী” প্ৰবন্ধৰ সংশোধন ৫৮৫০৬৬ (৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।