অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এ জে টি জনসিং

আছিৰ জৱাহৰ থমাছ জনসিং (A. J. T. Johnsingh, ১৪ অক্টোবৰ ১৯৪৫ – ৭ জুন ২০২৪) হ'ল তামিলনাডুৰ এজন ভাৰতীয় মেৰুদণ্ডী প্ৰাণীৰ পৰিৱেশবিদ। জনসিঙে‍ বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰাংকুকুৰৰ বিষয়ে‍ কৰা অধ্যয়ন ভাৰতীয় বিজ্ঞানীয়ে মুক্তভাৱে চলা স্তন্যপায়ী প্ৰাণীৰ ওপৰত কৰা প্ৰথমেটাে অধ্যয়ন আছিল।

হালনাগাদ: ১০ জানুৱাৰী ২০২৬ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

আছিৰ জৱাহৰ থমাছ জনসিং (A. J. T. Johnsingh, ১৪ অক্টোবৰ ১৯৪৫ – ৭ জুন ২০২৪) হ'ল তামিলনাডুৰ এজন ভাৰতীয় মেৰুদণ্ডী প্ৰাণীৰ পৰিৱেশবিদ।১ জনসিঙে‍ বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰাংকুকুৰৰ বিষয়ে‍ কৰা অধ্যয়ন ভাৰতীয় বিজ্ঞানীয়ে মুক্তভাৱে চলা স্তন্যপায়ী প্ৰাণীৰ ওপৰত কৰা প্ৰথমেটাে অধ্যয়ন আছিল।২

জীৱনী

জনসিংহৰ জন্ম হৈছিল তামিলনাডুৰ তিৰুনেলভেলী জিলাৰ নাংগুনেৰীত৩ ১৯৪৫ চনত আৰু তাতেই জীৱনৰ প্ৰথম বছৰবোৰ কটাইছিল৷ তাৰ পাছত চেন্নাইৰ মাদ্ৰাজ খ্ৰীষ্টান কলেজত স্নাতক শিক্ষা গ্ৰহণ কৰে। তেওঁ আছিল এজন অগ্ৰণী বন্যপ্ৰাণী বিজ্ঞানী আৰু ভাৰতীয় অৰণ্যত থকা বৃহৎ বন্য স্তন্যপায়ী বিশেষকৈ ৰাংকুকুৰৰ বিষয়ে‍ ক্ষেত্ৰভিত্তিক গৱেষণা কৰা প্ৰথমজন ভাৰতীয়।৪ ১৯৭৬-৭৮ চনৰ ভিতৰত কৰা তেওঁৰ গৱেষণাই বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰাংকুকুৰ, অন্যান্য মাংসভোজী আৰু খুৰা থকা প্ৰাণীৰ পৰিৱেশ আৰু চিকাৰৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।৫

শিৱকাশীৰ আয়া নাদৰ জনকী আম্মাল মহাবিদ্যালয়ত অধ্যাপক হিচাপে কিছু সময় কাম কৰাৰ পাছত আৰু ৱাশ্বিংটন, ডি.চি.ৰ স্মিথছ’নিয়ান ইনষ্টিটিউচনত পোষ্ট ডক্টৰেট ফেলো হিচাপে ১৯৮১ চনত তেওঁ ভাৰতলৈ উভতি আহি বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে৷ ১৯৮৫ চনত তেওঁ নতুনকৈ প্ৰতিষ্ঠিত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান ডেৰাডুনত যোগদান কৰে আৰু তাত তেওঁ বন্যপ্ৰাণী বিজ্ঞান অনুষদৰ মুৰব্বী হয় আৰু ২০০৫ চনত বি‍জ্ঞানগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে।৩

তেওঁ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে‍ কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে৷৬৭

জনসিঙে‍ পদ্মশ্ৰী বঁটা লাভ কৰাৰ লগতে এক লাখ ডলাৰৰ এবিএন এএমআৰঅ' বঁটাকে ধৰি অন্যান্য বিভিন্ন বিশিষ্ট বঁটা লাভ কৰিছে৷৮

২০২৪ চনৰ ৭ জুনত ৭৮ বছৰ বয়সত জনসিঙৰ মৃত্যু হয়।৯

তথ্যসূত্ৰ

  1. ↑ "Meet Dr. A.J.T. Johnsingh". Sanctuaryasia.com
  2. ↑ (31 May 2014). Dr. AJT Johnsingh - Leading the Way. Jungle Lodges & Resorts
  3. ↑ India's foremost wildlife biologist and conservation activist, A J T Johnsingh, is no more. www.downtoearth.org.in
  4. ↑ PTI. (8 June 2024). Biologist and conservation activist Johnsingh leaves behind rich conservation legacy. The Telegraph
  5. ↑ Johnsingh, A. J. T. (1983). Large mammalian prey - predators in Bandipur. Journal of the Bombay Natural History Society. পৃ. 1–57
  6. ↑ (10 December 2005). "Of tribals and tigers..". Thehindubusinessline.com
  7. ↑ (23 July 2012). Batting for the precious Ghats. The Hindu
  8. ↑ (9 December 2005). "ABN Amro salutes 'earth heroes' ". Thehindubusinessline.com
  9. ↑ Eminent wildlife biologist AJT Johnsingh dies

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিপৰিৱেশ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এ জে টি জনসিং” প্ৰবন্ধৰ সংশোধন ৫৬৮৮৪৩ (১০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।