অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এডাম গ্ৰাণ্ট

এডাম এম. গ্ৰাণ্ট (Adam Grant), (জন্ম: ১৩ আগষ্ট, ১৯৮১) জনপ্ৰিয় বিজ্ঞানৰ এজন আমেৰিকান লেখক, আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ অধ্যাপক যি ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান(সাংগঠনিক মনোবিজ্ঞান)ত বিশেষজ্ঞ।

হালনাগাদ: ৩১ আগষ্ট ২০২৫ ৩১১ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

এডাম এম. গ্ৰাণ্ট (Adam Grant), (জন্ম: ১৩ আগষ্ট, ১৯৮১) জনপ্ৰিয় বিজ্ঞানৰ এজন আমেৰিকান লেখক, আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ অধ্যাপক যি ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান(সাংগঠনিক মনোবিজ্ঞান)ত বিশেষজ্ঞ।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮১ চনৰ ১৩ আগষ্টত মিচিগানৰ ৱেষ্ট ব্লুমফিল্ড টাউনশ্বিপত এজন অধিবক্তা পিতৃ আৰু এগৰাকী শিক্ষয়িত্ৰী মাতৃৰ ঘৰত গ্ৰাণ্টে জন্মগ্ৰহণ কৰিছিল। ১২তেওঁ ডেট্ৰাইট, মিচিগানৰ উপকণ্ঠ অঞ্চলত ডাঙৰ-দীঘল হৈছিল। গ্ৰাণ্টে স্প্ৰিংবৰ্ড ডাইভিংত অংশগ্ৰহণ কৰিছিল আৰু ডাঙৰ হৈ এজন পেছাদাৰী বাস্কেটবল খেলুৱৈ হোৱাৰ আকাংক্ষা কৰিছিল।২ হাইস্কুলৰ সময়ছোৱাত তেওঁ ১৯৯৯ চনত ডাইভিঙৰ ক্ষেত্ৰত অল-আমেৰিকান হিচাপে নিৰ্বাচিত হয়।৩তেওঁ বি.এ. হাৰ্ভাৰ্ড কলেজৰ পৰা আৰু এম. আৰু মিচিগান বিশ্ববিদ্যালয়ৰ পৰা সাংগঠনিক মনোবিজ্ঞানত পি.এইচ.ডি. লাভ কৰে। ৪কলেজৰ সময়ত তেওঁ পেছাদাৰী যাদুকৰ হিচাপে কাম কৰিছিল।

শৈক্ষিক জীৱন

২০০৭ চনত সাংগঠনিক আচৰণৰ সহকাৰী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ‘ইউনিভাৰ্চিটি অৱ নৰ্থ কেৰ’লিনা এট চেপেল হিলত’ গ্ৰাণ্টক নিযুক্তি দিয়া হৈছিল।একাডেমিক আলোচনীত ধাৰাবাহিক গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ পিছত তেওঁক বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলত সহযোগী অধ্যাপক হিচাপে ২০০৯ চনত নিযুক্তি দিয়া হৈছিল। পেনচিলভেনিয়াৰ ২৮ বছৰ বয়সত বিদ্যালয়খনৰ আটাইতকৈ কম বয়সীয়া পূৰ্ণাংগ অধ্যাপক হিচাপে তেখেত পৰিগণিত হয়।৫৬২০১১ চনৰ পৰা ২০১৭ চনলৈকে তেওঁক বিশ্ববিদ্যালয়খনৰ শ্ৰেষ্ঠ অধ্যাপক হিচাপে ছাত্ৰ-ছাত্ৰীসকলে ৰেংকিং কৰিছিল।৭

ব্যৱসায়

গ্ৰাণ্ট ৱৰ্কলাইফ প'ডকাষ্টৰ আয়োজক। ৮

২০১৭ চনত গ্ৰাণ্টে মিচিগান বিশ্ববিদ্যালয়ৰ অধ্যাপক ৱেইন বেকাৰ আৰু উদ্যোগী চেৰিল বেকাৰৰ সৈতে 'গিভ এণ্ড টেক ইনক',এটা কোম্পানী সহ-প্ৰতিষ্ঠা কৰে, যিয়ে Givitas নামৰ এটা চফ্টৱেৰ নিৰ্মাণ কৰে। এইটো এটা ৱেব-ভিত্তিক SaaS প্লেটফৰ্ম যাক, এডামৰ গিভ এণ্ড টেক নামৰ কিতাপখনৰ আধাৰত সংস্থাসমূহৰ নীতি কাৰ্যকৰী কৰাত সহায় কৰিবলৈ ডিজাইন কৰা হৈছে।৯

গ্ৰাণ্টে লিন ইনৰ ব'ৰ্ডত কাম কৰে আৰু EXILE Contentৰ সৃষ্টিশীল পৰামৰ্শদাতা ব'ৰ্ডৰ অধ্যক্ষতা কৰে।১০ ১১

ব্যক্তিগত জীৱন

স্নাতক বিদ্যালয়ত থাকোঁতে গ্ৰাণ্টে তেওঁৰ পত্নী এলিছনক বিয়া কৰায়। দম্পতীটোৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।১২

গ্ৰন্থ

(১) Give and Take: A Revolutionary Approach to Success (2013)

(২) Originals: How Non-Conformists Move the World (2016)

(৩) Option B: Facing Adversity, Building Resilience, and Finding Joy. (2017;শ্বেৰিল ছেণ্ডবাৰ্গৰ সৈতে)

(৪) Think Again: The Power of Knowing What You Don't Know (2021).

Description and preview.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ eStories. www.estories.com
  2. ↑ Dominus, Susan. (March 27, 2013). Is Giving the Secret to Getting Ahead?. The New York Times
  3. ↑ 1999 Mens Public School All American Divers. USA Diving
  4. ↑ Adam Grant. Management Department
  5. ↑ Dominus, Susan. Is Giving the Secret to Getting Ahead?. The New York Times
  6. ↑ Maurer, Tim. Are You A Complainer, Consumer Or Contributor?. Forbes
  7. ↑ Clifford, Catherine. (May 18, 2017). Why Wharton's No. 1 professor recommends keeping a resume of your failures. CNBC
  8. ↑ WorkLife with Adam Grant. itunes.apple.com
  9. ↑ Givitas – Knowledge Collaboration Software – Give and Take. giveandtakeinc.com
  10. ↑ Lean In Founders & Advisory Board. leanin.org
  11. ↑ Ramos, Dino-Ray. Diego Luna, Gael Garcia Bernal Join Exile's Creative Advisory Board With Chair Adam Grant. Deadline. PMC
  12. ↑ Award Citation. American Psychologist

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞানীসাহিত্যিকআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডাম গ্ৰাণ্ট” প্ৰবন্ধৰ সংশোধন ৫৩৬৩৩৩ (৩১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।