ছাইকুমাৰ অপূৰ্বা (জন্ম ১৯৮১), যি চমুকৈ এছ অপূৰ্বা নামেৰেও অধিক পৰিচিত, এগৰাকী ভাৰতীয় কেৰম খেলুৱৈ আৰু মহিলাৰ একক শাখাৰ বৰ্তমানৰ কেৰম বিশ্ব চেম্পিয়ন।১ তেওঁ বৰ্তমান ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত। হায়দৰাবাদ চহৰৰ পৰা যিকোনো ক্ৰীড়াতে বিশ্ব চেম্পিয়ন হোৱা তেওঁ হ'ল প্ৰথমগৰাকী খেলুৱৈ।২
প্ৰাৰম্ভিক জীৱন
অপূৰ্বাৰ জন্ম আৰু শৈশৱ অন্ধ্ৰপ্ৰদেশৰ (বৰ্তমানৰ তেলেংগানাৰ অংশ) হায়দৰাবাদত অতিবাহিত হৈছিল। তেওঁৰ পূৰ্বপুৰুষসকল তামিলনাডু ৰাজ্যৰ বাসিন্দা আছিল।৩ দহ বছৰ বয়সতে দেউতাকে বন্ধুসকলৰ সৈতে কেৰম খেলা দেখি তেওঁ এই খেলৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। পৰৱৰ্তী সময়ত দেউতাকৰ পৰামৰ্শ মৰ্মেই তেওঁ কেৰম খেলত নিজৰ কেৰিয়াৰ গঢ়াৰ সিদ্ধান্ত লয়।৪
কেৰিয়াৰ
২০০৩ চনত ফ্ৰান্সত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল কেৰম ফেডাৰেচন কাপৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰে আৰু মহিলাৰ একক খিতাপ দখল কৰে। ২০০৪ চনত কলম্বোত অনুষ্ঠিত কেৰম বিশ্ব চেম্পিয়নশ্বিপত তেওঁ প্ৰথমবাৰৰ বাবে মহিলাৰ একক বিশ্ব খিতাপ অৰ্জন কৰে।
এছ অপূৰ্বা ২০১৬ চনৰ কেৰম বিশ্ব চেম্পিয়নশ্বিপত শ্ৰীলংকাক পৰাস্ত কৰি বিজয়ী হোৱা ভাৰতীয় দলটোৰ এগৰাকী অন্যতম সদস্য আছিল।৫৬ এই প্ৰতিযোগিতাতে তেওঁ কাজল কুমাৰীৰ সৈতে মহিলাৰ ডাবলছ আৰু একক শাখাৰ খিতাপো জয় কৰে।৭
অপূৰ্বাই ২০১৮ চনৰ কেৰম বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাক ৩-০ ব্যৱধানত পৰাস্ত কৰা ভাৰতীয় মহিলা দলৰো অংশ আছিল।৮ ২০১৮ চনৰ বিশ্বকাপত তেওঁ সহ-ভাৰতীয় খেলুৱৈ কাজল কুমাৰীক ফাইনেলত হৰুৱাই মহিলাৰ একক খিতাপ অৰ্জন কৰে।৯১০ ইয়াৰ উপৰিও ২০১৯ চনৰ তেলেংগানা ৰাজ্যিক ৰেংকিং টুৰ্ণামেণ্টতো তেওঁ মহিলাৰ একক শাখাত বিজয়ী হৈছিল।১১
তথ্যসূত্ৰ
- ↑ s.appoorwa - punjabcarrom. sites.google.com
- ↑ Subrahmanyam, V. v. (2013-03-14). Appoorwa is on a comeback trail. The Hindu
- ↑ Subrahmanyam, V. V. (2016-11-09). Appoorwa's distinction. The Hindu
- ↑ Gowra, Nikhita. (2016-12-20). Hyderabad girl is the new world carrom champion. Deccan Chronicle
- ↑ (11 November 2016). 2016 Carrom World Championship- Results. UK Carrom Federation
- ↑ Indian women win carrom team championship at World Cup. Sportstarlive
- ↑ (2016-11-11). World Carrom Championship: S Appoorwa wins two gold medals. Deccan Chronicle
- ↑ (2018-08-27). Indian women clinch crown. The Hindu
- ↑ (29 August 2018). Carrom World Cup 2018: India sweeps doubles titles - Sportstarlive. www.sportstarlive.com
- ↑ Prashant, Apoorva emerge champions at Carrom World Cup. Sportstarlive
- ↑ Kumar, Solomon S. (20 August 2019). Srinivas, Appoorwa reign supreme; Double for Jaswanth, Varsha triumphs. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ অপূৰ্বা” প্ৰবন্ধৰ সংশোধন ৫৯৮০২৯ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।