অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঋতু বসু প্ৰিমলানী

ঋতু বসু প্ৰিমলানী:Ritu Vasu Primlani এগৰাকী ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান আৰু পৰিৱেশবিদ। তেওঁৰ কামৰ বাবে ভাৰত চৰকাৰৰ পৰা ২০১৫ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ঋতু বসু প্ৰিমলানী:Ritu Vasu Primlani এগৰাকী ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান আৰু পৰিৱেশবিদ। তেওঁৰ কামৰ বাবে ভাৰত চৰকাৰৰ পৰা ২০১৫ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে।১

ব্যক্তিগত জীৱন

প্ৰিমলানী ভাৰতৰ নতুন দিল্লীত ডাঙৰ-দীঘল হৈছিল। ইউ চি এল এৰ পৰা ভূগোল, নগৰ পৰিকল্পনা আৰু আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২

ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা নাৰী শক্তি বঁটা গ্ৰহণ কৰি বসু প্ৰিমলানী।
ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা নাৰী শক্তি বঁটা গ্ৰহণ কৰি বসু প্ৰিমলানী।ছবি: Presidential Press Agency · CC BY-SA 4.0

তেখেতে পাঁচটা হাফ মাৰাথন, দুটা অলিম্পিক-দূৰত্বৰ ট্ৰাইএথলন, এটা হাফ আইৰনমেন আৰু এটা স্প্ৰিণ্ট ট্ৰাইএথলনত অংশ গ্ৰহণ কৰিছে।৩ বৰ্তমান দিল্লীৰ বাহিৰত বাস কৰা তেওঁ এগৰাকী ছ'মেটিক থেৰাপিষ্টো।৪

কৰ্মজীৱন

প্ৰিমলানীয়ে আমেৰিকাত অলাভজনক সংস্থা থিম্মাক্কা’ছ ৰিচ’ৰ্ছ ফৰ এনভাইৰনমেণ্টেল এডুকেচন প্ৰতিষ্ঠা কৰিছিল। এই সংস্থাটোৱে ৰেষ্টুৰেণ্টৰ বাবে পৰিৱেশ পৰামৰ্শ সেৱা আগবঢ়াইছিল আৰু ২০০৩ চনত ই কেলিফৰ্ণিয়া গভৰ্ণৰছ এনভাইৰনমেণ্টেল এণ্ড ইকনমিক লিডাৰশ্বিপ বঁটা লাভ কৰিছিল৫৬৭ আৰু ৰেষ্টুৰেণ্টৰ সৈতে কৰা কামৰ বাবে তেওঁক অশোক ফেলো হিচাপে নিযুক্তি দিয়া হৈছিল ৮শ্ৰীমতী প্ৰিমলানিৰ সংস্থাটোৱে ২০০৩ চনত আমেৰিকাৰ ইপিএ ৰিজিঅ'ন ৯ বঁটাও লাভ কৰে। ৯

২০১৪ চনৰ জুলাই মাহত প্ৰিমলানীক বেংগালুৰুৰ এগৰাকী পৰিৱেশবিদ ছালুমাৰাদা থিম্মাক্কাই আমেৰিকাৰ পৰা ধন বিচৰাৰ বাবে নিজৰ নাম ব্যৱহাৰ কৰাৰ বাবে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।১০১১ থিম্মাক্কাৰ মতে, প্ৰিমলানীয়ে আমেৰিকাত থিম্মাক্কাৰ ৰিচ’ৰ্ছ ফৰ এনভাইৰনমেণ্টেল এডুকেশ্যন স্থাপন কৰাৰ সময়ত নিজৰ নামৰ অপব্যৱহাৰ কৰিছিল। প্ৰিমলানীৰ মতে, শতবৰ্ষীয় থিম্মাক্কাই "কথিতভাৱে" কেৱল পাহৰি গৈছিল যে তেওঁ প্ৰিমলানীক নিজৰ নাম ব্যৱহাৰ কৰিবলৈ সন্মতি দিছিল।১২

প্ৰিমলানীয়ে নিউয়ৰ্ক চহৰ, ছান ফ্ৰান্সিস্কো, মুম্বাই, ডুবাই, বেংগালুৰু, হায়দৰাবাদ, চণ্ডীগড়, পুনে আৰু দিল্লীকে ধৰি সমগ্ৰ বিশ্বৰ শতাধিক কৰ্পৰেট আৰু কমেডী ক্লাব শ্ব'ৰ প্ৰযোজনা, শিৰোনাম আৰু অভিনয় কৰিছে।[13] তেওঁ নিজৰ কমেডীৰ জৰিয়তে সামাজিক বাৰ্তা প্ৰেৰণৰ সৈতে মোকাবিলা কৰে, পৰিৱেশ, মানৱ অধিকাৰ,১৩ আৰু ধৰ্ষণৰ দৰে সাহসী বিষয়সমূহক কণ্ঠদান কৰে। ১৪ and rape ১৫

২০২৪ চনত ভাৰতৰ নতুন দিল্লীত তেওঁৰ প্ৰথম গ্রাফিক উপন্যাস JUTA মুকলি কৰে ১৬ আৰু নক্সভিলৰ নতুন বহনক্ষমতা পৰিচালক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।১৭

বঁটা

  • ভাৰত চৰকাৰৰ দ্বাৰা নাৰী শক্তি বঁটা, ২০১৫১৮
  • গ্ল'বেল অশোক ইনোভেটৰছ ফৰ দ্য পাব্লিক ছ'চিয়েল এণ্টাৰপ্ৰেনিউৰ ফেল'শ্বিপ ২০০৪৮
  • আমেৰিকাৰ ইপিএ অঞ্চল ৯ পৰিৱেশ কৃতিত্ব বঁটা ২০০৩১৯
  • কেলিফৰ্ণিয়া গৱৰ্ণৰৰ পৰিৱেশ আৰু অৰ্থনৈতিক নেতৃত্ব বঁটা ২০০৩৫

তথ্যসূত্ৰ

  1. ↑ A famous Punjabi stand-up comic once took his pants off in my hotel room and lay on my bed.. I sent him packing!. The Times of India
  2. ↑ (27 January 2016). Indias first openly gay comic, Vasu Primlani relives her memories of being raped as a child and serving time in jail.. India Today
  3. ↑ (22 May 2016). Stand-up comedian, environmentalist, triathlete and somatic therapist: Meet Vasu Primlani, the woman who does it all. dna
  4. ↑ (22 January 2017). A mode of healing that goes bone-deep to repair. dna
  5. ↑ 2003 Governor's Environmental and Economic Leadership Awards
  6. ↑ Ms. Vasu Primlani - India - WEF. WEF
  7. ↑ Vasu Primlani · I Inspire 2018. i-inspire.in
  8. ↑ Home | Ashoka | Everyone a Changemaker
  9. ↑ (10 June 2003). U.S. EPA Awards Thimmakka's Resources for Environmental Education
  10. ↑ Cops to Question Comic Ritu in Thimmakka Case. The New Indian Express
  11. ↑ (14 May 2014). NRI accused of misusing Thimmakka's name. The Hindu
  12. ↑ Bureau, Bangalore Mirror. (19 July 2014). Stand-up comedian accused of cheating activist detained on her way to the US. Bangalore Mirror
  13. ↑ (12 August 2012). FUNNY GIRLS
  14. ↑ Indian Men hahaha. The Mint
  15. ↑ Rape: What We Don't Know About It. Live Mint
  16. ↑ (2024-03-25). Celebrated stand up comedian, Vasu Primlani's released her Book, "Juta" - Saachi Baat
  17. ↑ Arora, Areena. How the city's new sustainability director plans to make Knoxville greener. Knoxville News Sentinel
  18. ↑ (9 March 2016). Playwright, social worker, journalist among winners of Nari Shakti award. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  19. ↑ (21 April 2003). EPA to Honor 19 Northern California Environmental Heros (sic)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋতু বসু প্ৰিমলানী” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৬২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।