এগ্ন’ডাইছ বা এগ্ন’ডাইক (Agnodice; Agnodikē; খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকা) এগৰাকী কিংবদন্তি ব্যক্তি, যাক প্ৰাচীন এথেন্সৰ প্ৰথম মহিলা ধাত্ৰী বা চিকিৎসক হিচাপে কৃতিত্ব দিয়া হয়। তেওঁৰ কাহিনী ৰোমান লেখক গাইয়াছ জুলিয়াছ হাইজিনাছৰ ফেবুলেত উল্লেখ কৰা হৈছে। সাধাৰণতে এগ্ন’ডাইছক ঐতিহাসিক ব্যক্তি বুলি বিশ্বাস কৰা নহয় যদিও তেওঁৰ কাহিনীটোক প্ৰায়ে ধাত্ৰী বা চিকিৎসা শাস্ত্ৰ চৰ্চা কৰা মহিলাসকলৰ বাবে উদাহৰণ হিচাপে বা এই দুয়োটাৰে বিৰুদ্ধে যুক্তি হিচাপে ব্যৱহাৰ কৰা হয়।
হাইজিনাছৰ মতে এগ্ন’ডাইছে হিৰোফিলাছৰ অধীনত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিছিল, আৰু পুৰুষৰ বেশত নিজৰ গৃহ চহৰ এথেন্সত চিকিৎসক হিচাপে কাম কৰিছিল। কাৰণ সেই সময়ত মহিলাসকলে চিকিৎসাশাস্ত্ৰ চৰ্চা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। মহিলা ৰোগীৰ মাজত তেওঁৰ জনপ্ৰিয়তা বাঢ়ি অহাৰ লগে লগে প্ৰতিদ্বন্দ্বী চিকিৎসকে তেওঁক এথেন্সৰ মহিলাসকলক প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ বিচাৰ হয় আৰু বিচাৰকৰ আগত তেওঁৰ টিউনিকটো (tunic, প্ৰাচীন গ্ৰীচ বা ৰোমৰ পোচাক) দাঙি তেওঁ যে এগৰাকী নাৰী তাৰ প্ৰমাণ দিয়ে।এগৰাকী মহিলা হৈ অবৈধভাৱে চিকিৎসা চলোৱাৰ অভিযোগত তেওঁক অভিযুক্ত কৰা হয়। কিন্তু এথেন্সৰ মহিলাসকল এগৰাকী সু-চিকিৎসক হোৱা বাবে এগ্ন’ডাইছৰ পক্ষত আছিল। অৱশেষত বিচাৰকসকলে তেওঁক দোষমুক্ত কৰে আৰু মহিলা চিকিৎসকৰ বিপক্ষে থকা আইন বাতিল কৰা হয়।
জীৱনী
হাইজিনাছৰ মতে এগ্ন’ডাইছে প্ৰাচীন এথেন্সত বাস কৰিছিল, য’ত সেই সময়ত মহিলাসকলক চিকিৎসা শাস্ত্ৰ চৰ্চা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। চিকিৎসাশাস্ত্ৰ শিকিবলৈ তেওঁ পুৰুষৰ ছদ্মবেশ ধাৰণ কৰি, চুটিকৈ চুলি কাটি আলেকজেণ্ড্ৰিয়াত হেৰ’ফিলাছৰ অধীনত অধ্যয়ন কৰিছিল। চিকিৎসক হিচাপে প্ৰশিক্ষণ লৈ এগ্নডাইছ সেইসকল নাৰীক প্ৰসৱৰ ক্ষেত্ৰত সহায় কৰিবলৈ চেষ্টা কৰিছিল, যিসকলে পুৰুষ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ লাজ পাইছিল বা প্ৰকাশ্যভাৱে অস্বীকাৰ কৰিছিল।১
এটা ক্ষেত্ৰত এগ্নডাইছে প্ৰসুতিগৰাকীৰ ওচৰত তেওঁ যে প্ৰকৃততে এগৰাকী নাৰীহে সেই কথা প্ৰকাশ কৰিছিল আৰু সেইবাবে তেওঁ চিকিৎসাৰ অনুমতি লাভ কৰিছিল। এগ্ন’ডাইছৰ সফলতাত ঈৰ্ষান্বিত হৈ আন চিকিৎসকসকলে তেওঁ ৰোগীসকলৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ বিচাৰ চলে আৰু এৰ’পাগাছৰ সন্মুখত বস্ত্ৰ উন্মুক্ত কৰি নিজকে এগৰাকী মহিলা বুলি প্ৰকাশ কৰে। যিহেতু এথেন্সত মহিলাই চিকিৎসা শাস্ত্ৰ চৰ্চা কৰাত নিষেধাজ্ঞা আছিল, সেয়েহে আইন ভংগৰ অপৰাধত শাস্তিৰ ঘোষণা কৰা হ’ল। কিন্তু এথেন্সৰ বহুতো অভিজাত পুৰুষৰ পত্নীসকল এগ্ন’ডাইছৰ পক্ষত আছিল। ফলস্বৰূপে পূৰ্বৰ আইন বাতিল কৰি মহিলাসকলকো চিকিৎসা শাস্ত্ৰ চৰ্চা কৰাৰ অনুমতি দিয়া হ’ল।২
ঐতিহাসিকতা
এগ্ন’ডাইছ প্ৰকৃততে এগৰাকী ঐতিহাসিক ব্যক্তি আছিল নে সেই সম্পৰ্কে আধুনিক পণ্ডিতসকলৰ সন্দেহ আছে।৩ তেওঁৰ জন্মৰ সময় আৰু এগন'ডাইছৰ পূৰ্বে এথেন্সত কোনো "প্ৰসূতিবিদ" নাছিল বুলি কৰা হাইজিনাছৰ দাবী সংক্ৰান্তত প্ৰশ্নৰ উদয় হয়, যাৰবাবে এগন'ডাইছক ঐতিহাসিক বুলি গ্ৰহণ কৰাৰ সমস্যা আছে। সাহিত্যিক আৰু এপিগ্ৰাফিক প্ৰমাণে দেখুৱাইছে যে এগ্ন’ডাইছৰ পূৰ্বেও এথেন্সত ধাত্ৰী আছিল।৪৫৬ হাইজিনাছে দাবী কৰে যে এগ্ন’ডাইছক চিকিৎসা বিজ্ঞান শিকাইছিল "এজন নিৰ্দিষ্ট হেৰ'ফিলাছে" – সাধাৰণতে এইজন চেলচিডনৰ হেৰ'ফিলাছ বুলি ভবা হয়, যিজন স্ত্ৰীৰোগৰ বাবে পৰিচিত আছিল আৰু তেওঁক ডিম্বাশয় আৱিষ্কাৰৰ কৃতিত্ব দিয়া হৈছিল।৭ যদি এইটোৱে হয় তেন্তে এগ্ন’ডাইছ খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ শেষৰ ফালে বা তৃতীয় শতিকাৰ আৰম্ভণিতে জন্ম লৈছিল।৮
তথ্যউৎস
- Alic, Margaret. (1986). Hypatia's heritage: a history of women in science from antiquity to the late nineteenth century. Women's Press. ISBN 0704339544
- Demand, Nancy H. (1994). Birth, death, and motherhood in Classical Greece. Johns Hopkins University Press. ISBN 0801847621
- Flemming, Rebecca. (2007). Women, writing, and medicine in the classical world. Classical Quarterly. পৃ. 257–279
- Green, Monica H. (2008). Making Women's Medicine Masculine: the rise of male authority in pre-modern gynaecology. Oxford University Press. ISBN 9780191549526
- WAG. Agnodice. পৃ. 74
- Gardner, Augustus. (1852). A History of the Art of Midwifery: a lecture delivered at the College of Physicians and Surgeons, November 11th, 1851. Stringer and Townsend
- King, Helen. (2013). The one-sex body on trial: the classical and early modern evidence. ISBN 978-1-4094-6336-8
- King, Helen. (1986). Agnodike and the Profession of Medicine. Proceedings of the Cambridge Philological Society. পৃ. 53–77
- Retief, F. P.; Cilliers, L. (2006). The Healing Hand: The Role of Women in Greco-Roman Medicine. Acta Theologica
- Marland, Hilary. (1993). The Art of Midwifery: early modern midwives in Europe. Routledge. ISBN 0415064252
- Pomeroy, Sarah. (1977). Technikai kai mousikai: The education of women in the fourth century and in the Hellenistic period. American Journal of Ancient History
বাহ্যিক সংযোগ
- "Agnodice" A Cyclopaedia of Female Biography: 16, Henry Gardiner Adams, ed. (1857).
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এগ্ন’ডাইছ” প্ৰবন্ধৰ সংশোধন ৬৩১৬৭৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।