অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এঞ্জেলিকা আৰিবাম

এঞ্জেলিকা আৰিবাম (Angellica Aribam; জন্ম: ২২ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় ৰাজনৈতিক কৰ্মী। লিংগ, জাতি আৰু ৰাজনীতিৰ গণতন্ত্ৰকৰণৰ বিষয়ত তেওঁ কাম কৰি আছে।ভাৰতত মহিলাৰ ৰাজনৈতিক নেতৃত্বক প্ৰসাৰিত কৰাৰ বাবে কাম কৰা বেচৰকাৰী সংস্থা ফেম ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ তেওঁ প্ৰতিষ্ঠাপক।

হালনাগাদ: ৩১ জুলাই ২০২৬ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

এঞ্জেলিকা আৰিবাম (Angellica Aribam; জন্ম: ২২ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় ৰাজনৈতিক কৰ্মী। লিংগ, জাতি আৰু ৰাজনীতিৰ গণতন্ত্ৰকৰণৰ বিষয়ত তেওঁ কাম কৰি আছে।১ভাৰতত মহিলাৰ ৰাজনৈতিক নেতৃত্বক প্ৰসাৰিত কৰাৰ বাবে কাম কৰা বেচৰকাৰী সংস্থা ফেম ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ তেওঁ প্ৰতিষ্ঠাপক।২৩ আৰিবম ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকাও আছিল, যি হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছাত্ৰ শাখা।৪

আৰিবাম হিলাৰী ক্লিণ্টন আৰু মেডেলিন অলব্ৰাইটে প্ৰতিষ্ঠা কৰা আমেৰিকান এন জি অ' ভিটাল ভইচেছৰ মহিলা ৰাজনৈতিক নেত্ৰীসকলৰ বাবে উদ্বোধনী ভিভিএংগেজ ফেলো।১২০১৭ চনত নীতি আৰু ৰাজনীতিৰ দিশত কৰা কামৰ বাবে আৰিবামক ফৰ্বছ ইণ্ডিয়াৰ ৩০ অনূৰ্ধ্ব ৩০ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হৈছিল। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংঘৰ কাৰ্যনিৰ্বাহক সমিতিলৈ নিৰ্বাচিত হোৱা তেওঁ প্ৰথমগৰাকী ছাত্ৰী।৫

প্ৰাথমিক জীৱন

এঞ্জেলিকা আৰিবামৰ জন্ম হৈছিল ভাৰতৰ মণিপুৰৰ ইম্ফল পশ্চিমত মণিপুৰী ব্ৰাহ্মণ পৰিয়ালত।৬আৰিবাম এম শৰ্মা আৰু (প্ৰয়াত) থোইবি দেৱীৰ তিনিগৰাকী ভাই-ভনীৰ ভিতৰত সৰু।৭তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিবলৈ ১২ বছৰ বয়সত নতুন দিল্লীলৈ গুচি যায়।৪

শিক্ষা

আৰিবামে এণ্ড্ৰুজ গঞ্জৰ কেন্দ্ৰীয় বিদ্যালয়লৈ যায়। ২০১২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ভেংকটেশ্বৰ কলেজৰ পৰা তেওঁ জৈৱ ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।৮২০১৭–২০১৮ চনত ৰাজনৈতিক জীৱনৰ পৰা বিশ্ৰামগ্ৰহণৰ সময়ছোৱাত আৰিবাম এগৰাকী এম অ’ এফ চি অ’মৰ পণ্ডিত আছিল আৰু পেকিং বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা নীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৯১০তেওঁৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বিষয় আছিল অপৰাধমূলক আইন (সংশোধনী) আইন ২০১৩ আৰু ধৰ্ষণৰ কঠোৰ আইনৰ বিষয়ে জনসাধাৰণৰ ধাৰণা।

ৰাজনৈতিক যাত্ৰা

আৰিবামে ২০১২ চনৰ জুলাই মাহত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছাত্ৰ শাখা নেচনেল ষ্টুডেণ্টছ ইউনিয়ন অৱ ইণ্ডিয়া (NSUI)ত যোগদান কৰে।১০ এটা সাক্ষাৎকাৰত আৰিবমে উল্লেখ কৰিছে যে ভাৰতৰ বিভিন্ন চহৰত উত্তৰ-পূবৰ লোকসকলে সমুখীন হোৱা বৰ্ণবাদে তেওঁক সক্ৰিয় ৰাজনীতিত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল।৫৮

২০১২ চনৰ ছেপ্টেম্বৰ মাহত আৰিবাম দিল্লী বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ কেম্পাছ ল চেণ্টাৰত নিৰ্বাচিত হয়। ইয়াৰ পাছতে দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়। ইয়াৰ লগে লগে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থালৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী উত্তৰ-পূবৰ লোক হিচাপে পৰিগণিত হয়।১১৫

২০১২ চনৰ ডিচেম্বৰ মাহত ৰাহুল গান্ধীয়ে তেওঁক এন এছ ইউ আইত ৰাষ্ট্ৰীয় সম্পাদিকা হিচাপে নিযুক্তি দিয়ে।৬৪ তেওঁ ৰাষ্ট্ৰীয় সমিতিত যোগদান কৰা সবাতোকৈ কম বয়সীয়া ব্যক্তিগৰাকী আছিল।

২০১৩ চনত জয়পুৰত অনুষ্ঠিত হোৱা এআইচিচিৰ অধিৱেশনত আৰিবাম আছিল সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ পৰা একমাত্ৰ বক্তা। তেওঁৰ ভাষণত তেওঁ সমগ্ৰ দেশতে উত্তৰ-পূব প্ৰব্ৰজনকাৰীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।১২

ষোড়শ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আৰিবমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে ছাত্ৰ ইস্তাহাৰৰ পৰামৰ্শ, প্ৰণয়ন, আৰু খচৰা প্ৰস্তুত প্ৰক্ৰিয়াৰ সহযোগ কৰিছিল।

২০১৬ চনৰ মাৰ্চ মাহত আৰিবমক এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদত পদোন্নতি দিয়া হয়।৪ ২০১৭ চনৰ জুলাই মাহত তেওঁ নিজৰ পদৰ পৰা পদত্যাগ কৰে৷ ব্যৱস্থাটোত কম বয়সীয়া লোকৰ বাবে ঠাই সৃষ্টি কৰাৰ প্ৰয়াসত, তেওঁ পাঁচ বছৰ ধৰি সংস্থাটোৰ সেৱা আগবঢ়ায়।১৩১৪ আৰিবমে ভাৰতীয় জাতীয় কংগ্ৰেছক বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মঞ্চত প্ৰতিনিধিত্ব কৰিছিল।১৫১৬১৭১৮

সক্ৰিয়তা

বৰ্ণবাদ বিৰোধী

আৰিবাম এজন বৰ্ণবাদ বিৰোধী কৰ্মী। ২০১২ চনৰ জুলাই মাহত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা হিংসাৰ পিছত তেওঁ ৰাজনীতিত যোগদান কৰে।৪৫ এন এছ ইউ আইৰ সৈতে কৰা কাম আৰু ব্যক্তিগত লেখাৰ জৰিয়তে তেওঁ বাৰে বাৰে বেজবৰুৱা সমিতিৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ দাবী জনাইছে।১৯উত্তৰ-পূব ভাৰতীয়সকলক "অভিবাসী" বুলি উল্লেখ কৰাৰ বাবে তেওঁ বিজেপিক আহ্বান জনায়, যাৰ ফলত দলটোৱে এটা স্পষ্টীকৰণ জাৰি কৰে।২০ এটা সাক্ষাৎকাৰত আৰিবামে সংখ্যালঘু জনগোষ্ঠী এটাক প্ৰতিনিধিত্ব কৰাৰ জৰিয়তে অহা দায়িত্বৰ ওপৰত পোহৰ পেলাইছে, "যেতিয়া সংখ্যালঘু সম্প্ৰদায়ৰ কোনো ব্যক্তিয়ে ভুল কৰে, তেতিয়া ইয়াক সমগ্ৰ সম্প্ৰদায়ৰ ভুল হিচাপে চোৱা হয় আৰু প্ৰতিনিধিজনৰ ওপৰত নেতা হিচাপে ভাল প্ৰদৰ্শন কৰিবলৈ বহুত বেছি হেঁচা প্ৰয়োগ কৰা হয়।"৩

২০২০ চনৰ মাৰ্চ মাহত আৰিবমে অনলাইনত তীব্ৰ নিৰ্যাতনৰ সন্মুখীন হয় য'ত তেওঁক অপমানজনক বৰ্ণবাদী হিচাপে নিন্দা কৰি হাৰাশাস্তি কৰা হয় যিটো ভাৰতীয় আইন অনুসৰি শাস্তিযোগ্য।২১ তেওঁ দিল্লী আৰক্ষীৰ চাইবাৰ চেলত অভিযোগ দাখিল কৰে।২২২৩ক'ভিড-১৯ৰ বাবে বৃদ্ধি পোৱা প্ৰাক্-ক্ষণতে ক্ৰমবৰ্ধমান বৰ্ণগত অপৰাধৰ ভিত্তিত ভাৰতৰ প্ৰধানমন্ত্ৰীক বৰ্ণবাদক নিন্দা কৰিবলৈ আহ্বান জনোৱা তেওঁৰ আবেদনখনে ব্যাপক সমৰ্থন লাভ কৰে৷ তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে এক বিবৃতি প্ৰকাশ কৰে।২৪২৫২৬

ঋতুস্ৰাৱৰ স্বাস্থ্য

ঋতুস্ৰাৱৰ স্বাস্থ্যৰ কণ্ঠ হিচাপে আৰিবমে ভাৰতীয় কাৰাগাৰত পৰিষ্কাৰ অনাময় সামগ্ৰীৰ সুবিধা নিশ্চিত কৰাৰ বাবে কাম কৰি আহিছে। ২০১৫ চনত ৰাষ্ট্ৰীয় ৰাজধানীত মহিলাৰ অধিক নিৰাপত্তাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে তেওঁক আটক কৰি ৰাখিছিল। কাৰাগাৰে তেওঁৰ ঋতুস্ৰাৱৰ পেডৰ অনুৰোধটোও ৰাখিব নোৱাৰাৰ বাবে তেওঁৰ সেই সময়খিনিত পীড়াগ্ৰস্ত হৈ পাৰ কৰিছিল। ইয়াৰ পিছত তেওঁ দিল্লী আৰক্ষীৰ সৈতে এই বিষয়টোৰ ভিত্তিত কাৰাগাৰত বিনামূলীয়া চেনিটেৰী পেড উপলব্ধ কৰিবলৈ আহ্বান জনায়।২৭২৮

তথ্যসূত্ৰ

  1. ↑ Angellica Aribam
  2. ↑ FEMMEFIRST FOUNDATION | Indian Company Info
  3. ↑ Angellica Aribam, Indian political activist
  4. ↑ 30 Under 30: Angellica Aribam has been fighting racism with elan
  5. ↑ (7 August 2015). The Manipuri Girl with a Voice and a Vision: NSUI Secretary Angellica Aribam
  6. ↑ State girl in NSUI National Committee: 18th dec12 ~ E-Pao! Headlines
  7. ↑ (6 June 2021). Am I unmothered? My story of grief
  8. ↑ Campus crusaders
  9. ↑ Class of 2017: Breakout stars and proven performers
  10. ↑ The Bridge
  11. ↑ December 2012 – Page 82 – Manipur News
  12. ↑ Lone speaker from NE in AICC meet: 21st jan13 ~ E-Pao! Headlines
  13. ↑ (14 July 2017). NSUI's National General Secretary Angellica Steps down from her Post, wants to give chance to new Blood
  14. ↑ (17 July 2017). Prominent members step down from NSUI to pave way for new leaders – DU Beat
  15. ↑ (25 May 2019). India's Rahul Gandhi urged to make 'drastic changes' after election loss
  16. ↑ (13 July 2016). The BJP Doesn't Care About Racism
  17. ↑ For India's Youth, These Elections Are About More Than Party Politics
  18. ↑ The Newshour Debate: US Degree Controversy – Full Debate (23rd June 2014)
  19. ↑ How many racial attacks against people from Northeast will it take?
  20. ↑ (3 February 2015). People from Northeast immigrants? BJP's vision document for Delhi sparks outrage
  21. ↑ Bhandari, Hemani. (24 March 2020). COVID-19 | Man calls DU student 'coronavirus', spits on face. The Hindu
  22. ↑ (25 March 2020). 'He Spat and Called Me Corona': Racism Against North East Indians Feeds off Coronavirus Panic
  23. ↑ (23 March 2020). Covid-19 in my city: How Indians in small towns are fighting the virus
  24. ↑ www.eastmojo.com/amp/story/coronavirus-updates%2
  25. ↑ (3 April 2020). 'Chang Bhai, take care'
  26. ↑ (11 April 2020). Modi condemns incidents of racism against Northeast students during lockdown
  27. ↑ Please provide sanitary napkins for detained protesters: An open letter to Delhi police
  28. ↑ (15 July 2015). Police Stations Must Provide Sanitary Pads, Writes Activist in a Letter to Delhi Police Commissioner

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰতীয় নাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এঞ্জেলিকা আৰিবাম” প্ৰবন্ধৰ সংশোধন ৬২১৮৬৪ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।