অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰজনীকান্ত

ৰজনীকান্ত তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী তামিল চলচ্চিত্ৰ কে. বালাচান্দেৰৰ দ্বাৰা পৰিচালিত অপূৰ্ৱ ৰাগাংগল (১৯৭৫) নামৰ চলচ্চিত্ৰ খনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল। কে. বাল্লাচান্দেৰক ৰজনীকান্তে তেওঁৰ মাৰ্গদৰ্শকৰ মৰ্যাদা দিয়ে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩,২৪৮ শব্দ · ১৮ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰজনীকান্ত (জন্ম: ১২ ডিচেম্বৰ ১৯৫০, জন্ম নাম: শিৱাজী ৰাও গায়কোৱাড) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মেডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক প্ৰতীক।১ তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী তামিল চলচ্চিত্ৰ কে. বালাচান্দেৰৰ দ্বাৰা পৰিচালিত অপূৰ্ৱ ৰাগাংগল (১৯৭৫) নামৰ চলচ্চিত্ৰ খনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল। কে. বাল্লাচান্দেৰক ৰজনীকান্তে তেওঁৰ মাৰ্গদৰ্শকৰ মৰ্যাদা দিয়ে।

তামিল চলচ্চিত্ৰত অলপদিনৰ বাবে ঋণাত্মক (antagonistic) চৰিত্ৰত অভিনয় কৰাৰ পিছত ৰজনীকান্ত ক্ৰমান্বয়ে এগৰাকী প্ৰতিষ্ঠিত অভিনেতা স্বৰূপে স্বীকৃত হ'ল। ভাৰতীয় জনসাধাৰণৰ মাজত তেওঁ অদ্যাপি চলচ্চিত্ৰ বিগ্ৰহ (matinee idol) হিচাপে অতীৱ জনপ্ৰিয়।২ তেওঁৰ চালচলন আৰু চলচ্চিত্ৰসমূহত সুৰুচিপূৰ্ণ সংলাপ পৰিৱেশন জনসাধাৰণৰ মাজত তেওঁৰ জনপ্ৰিয়তা আৰু আকৰ্ষণৰ অন্যতম কাৰণ।২ ২০০৭ চনত মুক্তিপ্ৰাপ্ত শিৱাজী নামৰ চলচ্চিত্ৰখনত অভিনয়ৰ বাবে ৰজনীকান্তক ২৬ কোটি টকা পাৰিশ্ৰমিক হিচাপে আগবঢ়োৱা হৈছিল আৰু ইয়াৰ জৰিয়তে জেকী চানৰ পিছতেই এছিয়া মহাদেশৰ সকলোতকৈ বেছি পাৰিশ্ৰমিকপ্ৰাপ্ত অভিনেতা হিচাপে পৰিগণিত হয়।৩৪

ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰাৰ উপৰিও ৰজনীকান্তে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি অন্য দেশৰো চলচ্চিত্ৰত অভিনয় কৰিছে। ২০১৩ চনলৈকে তেওঁ ছবাৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা জয় কৰিছে- চাৰিবাৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু দুবাৰ শ্ৰেষ্ঠ অভিনেতাৰ বিশেষ বঁটা। তদুপৰি তেওঁক এবাৰ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা আৰু ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান প্ৰদান কৰা হৈছে। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা জীৱনযোৰা সাধনাৰ বাবে তেওঁ ২০১৯ চনৰ দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়। অভিনেতা হোৱাৰ লগতে ৰজনীকান্ত এগৰাকী প্ৰযোজক আৰু চলচ্চিত্ৰ লেখক। অভিনয়ৰ কেৰিয়াৰৰ সমান্তৰাল ভাৱে ৰজনীকান্ত এগৰাকী লোকহিতৈষী দানী, আধ্যাত্মিক ব্যক্তি আৰু তেওঁ দক্ষিণ ভাৰতত দ্ৰাৱিড়ীয় ৰাজনীতিতো প্ৰভাৱশালী।

শৈশৱ

১৯৫০ চনৰ ১২ ডিচেম্বৰত বৰ্তমানৰ কৰ্ণাটক ৰাজ্য আৰু তাহানিৰ মহীশূৰ ৰাজ্যৰ অন্তৰ্ভুক্ত বেংগালুৰু চহৰত ৰজনীকান্তৰ জন্ম হয়। শৈশৱতে ৰজনীকান্তৰ নাম আছিল শিৱাজী ৰাও গায়কোৱাড।৫ তেওঁৰ পিতৃ আছিল পুলিচ কনিষ্টবল ৰামোজীৱ ৰাও গায়কোৱাড (Ramoji Rao Gaikwad) আৰু মাতৃ জীজাবাই।৬ পৰিয়ালৰ চাৰিজন সহোদৰৰ ভিতৰত ৰজনীকান্ত আটাইতকৈ কনিষ্ঠ আছিল। তেওঁৰ দুজন ভাতৃ আৰু এগৰাকী ভগ্নী আছিল। তেওঁৰ ন বছৰ বয়সতে মাতৃৰ মৃত্যু ঘটে।৭ ইয়াৰ পৰৱৰ্ত্তী কালত তেওঁ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। এই সময়ছোৱাত ৰজনীকান্তে বিভিন্ন কাম যেনে কুলীৰ কাম আদি কৰি পেট প্ৰৱৰ্ত্তাবলগীয়াত পৰে। তেওঁ বেংগালুৰুৰ গৱিপুৰম আদৰ্শ চৰকাৰী বিদ্যালয় (Government Model Primary School)-ত কন্নড় মাধ্যমত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে।৮

১৯৬৬ ৰ পৰা ১৯৭৩ চনলৈকে তেওঁ বেংগালুৰু আৰু মাদ্ৰাছত বিভিন্ন ঠাইত কাম কৰে। পৰৱৰ্ত্তী কালত তেওঁ বাংগালোৰ ট্ৰেন্সপোৰ্ট চাৰ্ভিচ (Bangalore Transport Service, BTS)-ত বাছৰ কণ্ডাক্টৰ হিচাপে সংস্থাপন লাভ কৰে।৯১০ এই সময়ছোৱাতে কন্নড় নাট্য পৰিচালক টপী মুনিআপ্পাই (Topi Muniappa) তেওঁক কেইখনমান নীতিশিক্ষামূলক নাটকত অভিনয় কৰাৰ সুযোগ দিয়ে। ইয়াৰ ভিতৰত Duryodhana নামৰ নাটকখন উল্লেখযোগ্য।১১ ১৯৭৩ চনত তেওঁৰ সহকৰ্মী আৰু বন্ধু ৰাজ বাহাদুৰ (Raj Bahadur)-ৰ প্ৰভাৱত পৰি ৰজনীকান্তে মাদ্ৰাছ ফিল্ম ইনষ্টিটিউট (Madras Film Institute)-ত ভৰ্ত্তি হয়। এইগৰাকীয়ে বন্ধুৱেই তেওঁক এই সময়ত অৰ্থনৈতিকভাৱেও সহায় কৰে।১২১৩ কোনো নাটকত কৰা ৰজনীকান্তৰ অভিনয় চাই তামিল চলচ্চিত্ৰ পৰিচালক কে. বালাচ্ছেন্দাৰ (K. Balachander)-এ তেওঁক দিক্‌ নিৰ্দেশনা দিয়ে।১১ পৰিচালক গৰাকীয়ে ৰজনীকান্তক তামিল ভাষা শিকিবলৈ উপদেশ দিয়ে আৰু ৰজনীকান্তেও এই উপদেশ তৎপৰতাৰে পালন কৰে।১৪

কেৰিয়াৰ

প্ৰাৰম্ভিক কেৰিয়াৰ (১৯৭৫-৭৭)

"ৰজনীকান্তে দাবী কৰে যে মই তেওঁৰ বিদ্যালয়। কিন্তু মই জোৰ দি ক'বই লাগিব যে এয়া সেই ৰজনীকান্ত নহয় যাক মই ছবিজগতলৈ আনিছিলোঁ। তেওঁ নিজৰ কৰ্মপ্ৰচেষ্টা আৰু অক্লান্ত পৰিশ্ৰমৰ দ্বাৰা এই পৰ্যায় পাইছেহি। মই মাত্ৰ তেওঁক সুযোগ এটা দিছিলোঁ আৰু ছবিজগতৰ পথ দেখুৱাই দিছিলোঁ। তেওঁ নিজ প্ৰচেষ্টাৰে উন্নতিৰ চৰম শিখৰ পাইছেহি। "
— —ৰজনীকান্তৰ সন্দৰ্ভত কে. বালাচ্ছেন্দাৰ১৫

১৯৭৫ চনত ৰজনীকান্তে তামিল চলচ্চিত্ৰ অপূৰ্ৱ ৰাগাংগল (Apoorva Raagangal)-ৰ যোগেদি চলচ্চিত্ৰৰ জগতত প্ৰবেশ কৰে।১৬ কে. বালাচ্ছেন্দাৰে পৰিচালনা কৰা এই চলচ্চিত্ৰখনত মূল চৰিত্ৰত অভিনয় কৰিছিল কমল হাছানে।১৬ এই চলচ্চিত্ৰত ৰজনীকান্তে শ্ৰীবিদ্যা (Srividya)-ৰ অত্যাচাৰী স্বামীৰ ৰূপত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল।১৭ এই চলচ্চিত্ৰখনে পিছৰবছৰ তামিল ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়।১৮ ৰজনীকান্তৰ দ্বিতীয়খন ছবি হ'ল পুত্তুনা কানাগাল (Puttanna Kanagal)-এ পৰিচালনা কৰা আৰু ১৯৭৬ চনত মুক্তি পোৱা কথা সঙ্গমা (Katha Sangama) নামৰ কন্নড় ভাষাৰ চলচ্চিত্ৰখন। ইয়াৰ পিছত তেওঁ কে. বালাচ্ছেন্দাৰে পৰিচালনা কৰা Anthuleni Katha নামৰ তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। ইয়াত ৰজনীকান্তে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ পিছত কেইবছৰমান ৰজনীকান্তে সাধাৰণতে ঋণাত্মক চৰিত্ৰ কিছুমান যেনে Avargal-ত এজন ঋণাত্মক মনোভাৱৰ পতিৰূপে,১৯ Moondru Mudichu-ত এজন লম্পটৰূপে,২০ 16 Vayadhinile-ত এজন খঙাল ব্যক্তিৰূপে অভিনয় কৰে।২১২২ ১৯৭৭ চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে Chilakamma Cheppindi নামৰ তেলুগু চলচ্চিত্ৰত মুখ্য ভূমিকাত অভিনয় কৰে।২৩

পৰীক্ষণ আৰু সফলতা (১৯৭৮–৮৯)

১৯৮৯ চনত ''ৰাজা চিন্না ৰোজা'' ছবিৰ চিত্ৰগ্ৰহণৰ সময়ত ৰজনীকান্ত
১৯৮৯ চনত ৰাজা চিন্না ৰোজা ছবিৰ চিত্ৰগ্ৰহণৰ সময়ত ৰজনীকান্তছবি: Mperumal derivative work: Keyan20 · CC BY-SA 3.0

১৯৭৮ চনত তামিল চলচ্চিত্ৰ বৈৰৱী (Bairavi)-ৰ জৰিয়তে ৰজনীকান্তে প্ৰথমবাৰৰ বাবে মূল নায়ক হিচাপে অভিনয় কৰে। ২৪ এই চলচ্চিত্ৰখনৰ জৰিয়তেই তেওঁ চুপাৰষ্টাৰ খিতাপেৰে খ্যাত হৈ পৰে। ২৫ সেই সময়তেই মুক্তিপ্ৰাপ্ত Mullum Malarum নামৰ বোলছবিখন সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত হয়।২৬ এই ফিল্মখনৰ দ্বাৰাই J. Mahendran-ৰ পৰিচালক হিচাপে অভিষেক ঘটিছিল। কল্কি নামৰ আলোচনীখনত একে নামত প্ৰকাশিত এখন উপন্যাসিকাৰ আধাৰত উক্ত বোলছবিখনৰ কাহিনীভাগ লোৱা হৈছে। ২৭ এই ছবিখনে শ্ৰেষ্ঠ তামিল ছবিৰ ফিল্মফেয়াৰ পুৰস্কাৰ লাভ কৰাৰ উপৰিও ৰজনীকান্তে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বিশেষ বঁটা লাভ কৰে। ২৮ Bhuvana Oru Kelvikkuri নামৰ চলচ্চিত্ৰখনৰ সফলতাৰ পিছত Muthuraman-এ ১৯৭৯ চনত Aarilirunthu Arubathu Varai নামৰ এখন অতিনাটকীয় ছবি নিৰ্মাণ কৰে। এই ছবিখনত ৰজনীকান্তে নায়ক হিচাপে অভিনয় কৰিছিল আৰু ছবিখনত নায়কে নিজৰ সহোদৰৰ বাবে সৰ্বস্ব পৰিত্যাগ কৰাৰ কাহিনী বৰ্ণিত হৈছে।২৯ ইয়াৰ পিছত Allauddinum Albhutha Vilakkum নামৰ ছবিখনৰ জৰিয়তে মালয়ালম চলচ্চিত্ৰ ক্ষেত্ৰত অভিষেক ঘটে। সেই একে বৰ্ষতেই তেওঁ Dharma Yuddam নামৰ বোলছবিখনত অভিনয় কৰিছিল, য'ত তেওঁ এগৰাকী মানসিকভাৱে অসুস্থ ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰে যি নিজৰ পিতৃ-মাতৃৰ মৃত্যুৰ প্ৰতিশোধ লয়। ১৯৭৯ চনত ৰজনীকান্তে তেওঁৰ ৫০-তম বোলছবি Tiger-ত বিখ্যাত তেলুগু অভিনেতা এন টি ৰামা ৰাও (N. T. Rama Rao)ৰ সৈতে অভিনয় কৰিছিল। সেই সময়তেই মুক্তিপ্ৰাপ্ত কেইখন যুৱ-প্ৰজন্মৰ মনোৰঞ্জক ছবি হৈছে: Ninaithale Inikkum (১৯৭৯), তামিল-কন্নড় দ্বিভাষিক Priya, আৰু তেলুগু ছবি Amma Evarikkaina Amma। Priya-ৰ কাহিনীভাগ সুজাতা ৰংগৰাজনৰ এখন ডিটেকটিভ উপন্যাসৰ পৰা লোৱা হৈছিল। এই ছবিখনৰ আন এক বিশেষত্ব হৈছে যে- ভাৰতৰ বাহিৰত চিত্ৰগ্ৰহণ কৰা ৰজনীকান্ত অভিনীত এইখনেই প্ৰথম ছবি। মূলতঃ দক্ষিণ-পূৱ এছিয়াত ছবিখনৰ দৃশ্যগ্ৰহণ সম্পন্ন হৈছিল। ৩০

১৯৮০-ৰ দশকত ৰজনীকান্ত দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ জগতত এগৰাকী প্ৰতিষ্ঠিত অভিনেতা হৈ পৰে।৩১ এইসময়ত তেওঁ হঠাতে চিনেমা জগতৰ পৰা অৱসৰৰ চিন্তা কৰে, কিন্তু পিছত মন সলনি কৰে।৩২ তেওঁ বলিউদৰ ডন (১৯৭৮) চলচ্চিত্ৰৰ পুনৰ নিৰ্মাণ কৰা তামিল চলচ্চিত্ৰ Billa-ৰ যোগেদি পুনৰ উভতি আহে। ইয়াত ৰজনীকান্তে দ্বৈত ভূমিকাত অভিনয় কৰে আৰু এইখনেই তেওঁৰ সফল আৰু জনপ্ৰিয় চলচ্চিত্ৰসমূহৰ প্ৰথমখন হৈ পৰে। শ্ৰীদেৱীৰ সৈতে তেওঁৰ যুগবন্দী ইয়াৰ পৰৱৰ্ত্তী কালত অভিনীত চলচ্চিত্ৰ যেনে Johnny আদিতো অক্ষুণ্ণ থাকে। ১৯৮১ চনত তেওঁ কন্নড় আৰু মালয়ালম দুয়োটা ভাষাতে সমান্তৰালভাৱে শ্বুটিং লোৱা গজনী নামৰ চিনেমাখনত অভিনয় কৰে। বৰ্তমানলৈকে এই দুয়োটা ভাষাতে ৰজনীকান্ত অভিনীত এইখনেই শেষৰখন চলচ্চিত্ৰ হৈ ৰ'ল।

১৯৮৩ চনত ৰজনীকান্তে হিন্দী চলচ্চিত্ৰ অন্ধা কানুন-ৰ জৰিয়তে বলিউদত প্ৰবেশ কৰে। অমিতাভ বচ্চন আৰু হেমা মালিনীৰ সৈতে অভিনীত এই ছবিখন সেইসময়ৰ আটাইতকৈ জনপ্ৰিয় ছবি হিচাপে পৰিগণিত হয়।৩৩ পৰৱৰ্ত্তী কালত তেওঁ Naan Mahaan Alla (১৯৮৪), Anbulla Rajinikanth,৩৪ John Jani Janardhan আদি ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰে। Nallavanuku Nallavan নামৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ৰজনীকান্তে ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।৩৫ তেওঁৰ এশতম ছবি Sri Raghavendra (১৯৮৫)-ত ৰজনীকান্তে হিন্দু সংস্কাৰক ৰঘুবেন্দ্ৰ স্বামীৰ ভূমিকাত অভিনয় কৰে।৩৬

ইয়াৰ পিছত ৰজনীকান্তে অভিনয় কৰা মুখ্য চলচ্চিত্ৰসমূহ হৈছে- তামিল চলচ্চিত্ৰ Naan Sigappu Manithan (১৯৮৫), Padikkathavan (১৯৮৫), Mr. Bharath (১৯৮৬), Velaikaran (১৯৮৭), Guru Sishyan (১৯৮৮) আৰু Dharmathin Thalaivan (১৯৮৮)। ১৯৮৮ চনত তেওঁ ব্লাডষ্টন নামৰ একমাত্ৰ ইংৰাজী চলচ্চিত্ৰত অভিনয় কৰে।৩৭

বাণিজ্যিক জনপ্ৰিয়তা আৰু ষ্টাৰড'ম (১৯৯০-২০০১)

এই দশকটোত ৰজনীকান্তে নিজকে বাণিজ্যিক ভাৱে সফল এক মনোৰঞ্জক ৰূপে প্ৰতিষ্ঠা কৰিছিল। এই সময়ছোৱাত মুক্তি পোৱা প্ৰায় সকলোবোৰ ছবিয়ে বক্স অফিচত হিট হৈছিল। তেওঁ দশকটো আৰম্ভ কৰিছিল Panakkaran (১৯৯০) নামৰ ছবি খনৰে। তেওঁ ইখনৰ পিছত সিখনকৈ হিন্দী ছবিতো অভিনয় কৰে। ১৯৯১ চনত মুক্তি পোৱা হাম নামৰ ছবিখনত তেওঁ অমিতাভ বচ্চনৰ সৈতে সহযোগী ভূমিকাত অভিনয় কৰে।৩৮ ১৯৯১ চনত তেওঁ Thalapathi নামৰ ছবিখনত মণি ৰত্নমৰ সৈতে অভিনয় কৰে।৩৯৪০৩৬ তদুপৰি অন্য ভাষাৰ মূল ছবিৰ পৰা হিন্দী আৰু তেলুগু ভাষাত পুনৰ্নিৰ্মাণ কৰা ছবি কিছুমানতো ৰজনীকান্তে অভিনয় কৰে।৪১ তেওঁ Baashha (১৯৯৫) ছবিৰ বাবে সুৰেশ কৃষ্ণৰ সৈতে মিলি কাম কৰে আৰু এই ছবিখনো ভীষণ জনপ্ৰিয় হয়।৪২ এই ছবিখনেই ৰজনীকান্তক অন্য এজন খুউব জনপ্ৰিয় অভিনেতা হিচাপেই সীমাবদ্ধ নাৰাখি জনসাধাৰণৰ মাজত এক অতি উচ্চ স্থান (demigod) প্ৰদান কৰে।৪৩ আমিৰ খানৰ সৈতে একেলগে অভিনয় কৰা হিন্দী ছবি Aatank Hi Aatank বৰ্তমানলৈকে মুখ্য ভূমিকা লোৱা তেওঁৰ শেষৰখন হিন্দী ছবি। তেওঁৰ Muthu নামৰ ছবিখন জাপানী ভাষালৈ Mutu: Odoru Maharaja নামেৰে ডাব কৰা প্ৰথমখন তামিল ছবি হিচাপে খ্যাত।৪৪৪৫৪৬ ১৯৯৫ চনত মুক্তি পোৱা বঙালী ছবি ভাগ্য দেবতা-ৰ যোগেদি ৰজনীকান্তে বঙালী চলচ্চিত্ৰ জগততো প্ৰবেশ কৰে।

সংগ্ৰাম, পুনৰুথান আৰু জনপ্ৰিয়তা অৰ্জন (২০০২–১০)

এটা চমু বিৰতিৰ পিছত ৰজনীকান্তে ২০০২ চনত বাবা নামৰ ছবিখনৰ জৰিয়তে ৰূপালী পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰে। এই ছবিখনৰ কাহিনীও ৰচনা কৰিছিল ৰজনীকান্তে নিজেই।৪৭ অনুৰাগীৰ আগ্ৰহ আৰু ব্যাপক প্ৰচাৰৰ মাজেৰে মুক্তি পোৱা এই ছবিখনত এজন গেংষ্টাৰৰ সংশোধনৰ কাহিনী বৰ্ণিত হৈছে। ইয়াত গেংষ্টাৰৰ সংস্কাৰপূৰ্ণ ৰূপটো হিন্দু সাধু মহাৱতাৰ বাবাজীৰ পুনঃঅৱতাৰ হিচাপে দেখুওৱা হৈছে আৰু তেওঁ ৰাজনৈতিক দুৰ্নীতিৰ বিপক্ষে যুঁজত অৱতীৰ্ণ হয়।৪৭ ছবিখন অৱশ্যে বজাৰত বিশেষভাৱে সফল নহ'ল আৰু বিতৰকসকল উচ্চ হাৰৰ নিবিদাৰ ফলস্বৰূপে ব্যাপক ঘাটিৰ সম্মুখীন হয়। ৰজনীকান্তে বিতৰকসকলৰ ঘাটি হোৱা ধন নিজৰ পৰা ঘূৰাই দিয়ে।৪৮৪৯ ছবিখনৰ সম্পৰ্কে বিভিন্ন মন্তব্য আছিল এনেধৰণৰ: "the bloom was off the rose" আৰু "the gold does not glitter any more"।৫০ তামিল ৰাজনৈতিক দল Pattali Makkal Katchi (চমুকৈ পি এম কে)-ৰ নেতা S. Ramadoss-এ এই ছবিখনত ৰজনীকান্তে ধূমপান কৰাৰ বাবে আৰু বিড়ি লৈ অভিনয় কৰাৰ বাবে তেওঁক গৰিহণা দিয়ে। ৰজনীকান্তে তামিল যুৱপ্ৰজন্মক ধূমপান আৰু মদ্যপানৰ প্ৰতি উৎসাহিত কৰা বুলি সমালোচিত হয়। বাবা ছবিখন প্ৰদৰ্শিত হোৱা ছবিগৃহসমূহত পি এম কেৰ সদস্যই আক্ৰমণ কৰিছিল আৰু ছবিখনৰ ফিল্ম ৰ'ল কাঢ়ি লৈ জ্বলাই দিছিল।৫১

"৬১ বছৰ বয়সৰ এজন ব্যক্তি যি কেবল দক্ষিণ ভাৰতৰে নহয় সমগ্ৰ ভাৰতৰে বছৰটোৰ আটাইতকৈ সফল ছবিখনত অভিনয় কৰিবলৈ এতিয়াও সক্ষম, তেখেতৰ বিষয়ে আৰু অধিক কিবা কোৱাৰ প্ৰয়োজন আছে নে? চুপাৰষ্টাৰ ৰজনীকান্তে কল্পবিজ্ঞানীক ছবি অন্থিৰণ-ত এজন বিজ্ঞানী আৰু এটা ৰবটৰ চৰিত্ৰত অভিনয় আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ সকলোতকৈ চেৰা। [...] তেওঁ চৰিত্ৰ দুটি ইমান সূক্ষ্মভাবে ফুটাই তুলিছে যে এয়া সকলোৰে আলোচ্যৰ বিষয় হৈ পৰিছে। তেওঁ দুবছৰত মাত্ৰ এখন ছবি কৰিব পাৰে, কিন্তু সেইখনে যে আন সকলোকে চেৰ পেলাব সেয়া নিশ্চিত। "
— —অন্থিৰণ (Enthiran) ছবিত ৰজনীকান্তৰ অভিনয়ৰ প্ৰসংগত Rediff৫২

তেওঁ P. Vasu-ৰ সৈতে Kuselan নামৰ এখন ছবি নিৰ্মাণ কৰে। এই ছবিখন একেলগে তেলুগু ভাষাত Kathanayakudu নামেৰে নিৰ্মিত হৈছিল আৰু ইয়াত ৰজনীকান্ত নিজৰেই চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰটো ভাৰতীয় চলচ্চিত্ৰৰ এক তাৰকা ছবিখনৰ মূল নায়কৰ শ্ৰেষ্ঠ বন্ধু ৰূপে বৰ্ণিত হৈছে। ৰজনীকান্তৰ ভাষ্য অনুসৰি এই ছবিখনত তেওঁৰ জীৱনৰ আগছোৱা কালৰ কাহিনী চিত্ৰায়িত হৈছিল।৫৩ অৱশ্যে ছবিখনে বক্স অফিচত বিশেষ সফলতা নেদেখুৱালে আৰু ইয়াৰ ফলত বহু বিতৰক ঘাটিৰ সম্মুখীন হয়।৫৪ ৰজনীকান্তে ঘোষণা কৰিছিল যে, তেওঁ Pyramid Saimira-ৰ সহযোগত Kuselan ছবিৰ বাবে হোৱা বিতৰকৰ ঘাটিৰ ক্ষতিপূৰণ দিব।৫৫৫৬

দুবছৰ পিছত ৰজনীকান্তে P. Vasu-ৰ চন্দ্ৰমুখী (২০০৫) ছবিখনৰ বাবে চুক্তিবদ্ধ হয়। এই ছবিখন চিৰসেউজ মালয়ালম বহুল জনপ্ৰিয় চলচ্চিত্ৰ Manichitrathazhu পুনৰ নিৰ্মাণ আছিল। এই ছবিখনে ২০০৭ চনলৈকে সৰ্বাধিক দিন ধৰি ছবিঘৰত প্ৰদৰ্শিত তামিল ছবিৰ অভিলেখ ভংগ কৰে।৫৭ এই ছবিখন তুৰ্কী আৰু জাৰ্মান ভাষালৈ Der Geisterjäger নামেৰে ভাষান্তৰ বা ডাব কৰি উক্ত দেশকেইখনত মুক্তি দিয়া হৈছিল।৫৮ চন্দ্ৰমুখী-ৰ মুক্তিৰ পিছত এ ভি এম প্ৰডাকছনছে S. Shankar পৰিচালনাত ৰজনীকান্তৰ দ্বাৰা অভিনীত তামিল চলচ্চিত্ৰৰ সৰ্ববৃহৎ ছবি এখন নিৰ্মাণ কৰা সম্পৰ্কে বাতৰি ওলাইছিল। এই ছবিখন আছিল শিৱাজী আৰু দুবছৰ জোৰা চিত্ৰগ্ৰহণ আৰু প্ৰযোজনাৰ অন্ততঃ ছবিখন ২০০৭ চনৰ গ্ৰীষ্মকালত মুক্তি দিয়া হৈছিল। মুক্তিৰ পিছত ই যুক্তৰাজ্য আৰু দক্ষিণ আফ্ৰিকাৰ বক্স অফিচত শীৰ্ষৰ ১০খন শ্ৰেষ্ঠ ছবিৰ তালিকাভুক্ত হৈছিল।৫৯৬০ এই ছবিত অভিনয়ৰ বাবে ৰজনীকান্তক ২৬ কোটি টকা পাৰিশ্ৰমিক হিচাপে দিয়া হৈছিল আৰু ইয়াৰ জৰিয়তে তেওঁ এছিয়া মহাদেশৰ দ্বিতীয় সৰ্বাধিক পাৰিশ্ৰমিকপ্ৰাপ্ত অভিনেতা হিচাপে পৰিগণিত হয়।৩৬১ শিৱাজী ছবিখনৰ প্ৰযোজনাৰ সময়তেই সৌন্দৰ্য ৰজনীকান্তে দেউতাকৰ কম্পিউটাৰৰ দ্বাৰা সৃষ্ট এনিমেছনৰ দ্বাৰা ৰূপেৰে কৃত Sultan: The Warrior এখন ছবি নিৰ্মাণৰ সম্পৰ্কে অৱগত কৰিছিল। এই ছবিখন ২০০৮ চনত মুক্তি দিয়াৰ কথা আছিল,৬২৬৩ কিন্তু ছবিখনৰ প্ৰষোজনা পৰ্বতে কেণা লগাত ইয়াৰ প্ৰস্তুতি পৰৱৰ্তী কেবাবছৰো ধৰি অজ্ঞাত হৈয়ে ৰয়।৬৪

ৰজনীকান্তে পুনৰ S. Shankar-ৰ সৈতে লগ হৈ বিজ্ঞানভিত্তিক কল্পকাহিনীৰ চলচ্চিত্ৰ অন্থিৰণ (Enthiran) নিৰ্মাণ কৰে।৬৫ গোটেই বিশ্বজুৰি ছবিখন ২০১০ চনত মুক্তি দিয়া হৈছিল আৰু ই আছিল ভাৰতৰ সৰ্বাধিক ধন ব্যয়েৰে নিৰ্মাণ কৰা ছবি। ছবিখন তামিল চলচ্চিত্ৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপেও পৰিগণিত হৈছিল।৬৬৬৭৬৮ এই ছবিত অভিনয়ৰ বাবে ৰজনীকান্তক প্ৰদান কৰা হৈছিল।৬৯

স্বাস্থ্যৰ অৱনতি আৰু শেহতীয়া কৰ্ম (২০১১–বৰ্তমান)

২০১৪ চনত ''Kochadaiyaan'' ছবিৰ শ্ৰাব্য এলবাম মুক্তিৰ সময়ত ৰজনীকান্ত
২০১৪ চনত Kochadaiyaan ছবিৰ শ্ৰাব্য এলবাম মুক্তিৰ সময়ত ৰজনীকান্তছবি: Bollywood Hungama · CC BY 3.0

২০১১ চনৰ জানুৱাৰী মাহত ৰজনীকান্ত সৌন্দৰ্য ৰজনীকান্তৰ দ্বাৰা প্ৰযোজিত আৰু K. S. Ravikumar-ৰ দ্বাৰা পৰিচালিত হ'ব লগা ৰানা (Raana) নামৰ এখন ঐতিহাসিক ছবিত অভিনয় কৰাৰ কথা আছিল।৭০ ২০১১ চনৰ ২৯ এপ্ৰিলত ছবিখনৰ চিত্ৰগ্ৰহণৰ সময়ত খাদ্যত বিষক্ৰিয়াত আক্ৰান্ত হৈ ৰজনীকান্ত বমি, নিৰ্জলীকৰণ আৰু অৱসাদগ্ৰস্ততাত ভোগে।৭১ তেওঁক St. Isabel's Hospital-ত এদিনৰ বাবে চিকিৎসা প্ৰদান কৰাৰ পিছত যাবলৈ দিয়া হয়।৭২ পাঁচ দিনৰ পিছত তেওঁক উশাহ নিশাহত কষ্ট পোৱাৰ লগতে জ্বৰৰ বাবে একেখন চিকিৎসালয়তে পুনৰ ভৰ্ত্তি কৰাব লগা হয়।৭৩ তেওঁৰ ব্ৰংকাইটিছত আক্ৰান্ত বুলি ধৰা পৰে আৰু আই চি ইউ-ত কেইদিনমান আৰু চিকিৎসালয়ত এসপ্তাহ ৰখা হৈছিল।৭৪ ৰজনীকান্তক চিকিৎসালয়ৰ পৰা মুকলি কৰাৰ কেইবাটাও খেলিমেলি তাৰিখ প্ৰচাৰ হোৱাৰ লগতে ৰজনীকান্তৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাতৰিও প্ৰচাৰিত হৈছিল।৭৫ অৱশ্যে লতা ৰজনীকান্ত এই সকলো বাতৰি অস্বীকাৰ কৰিছিল। ইতিমধ্যে, CNN-IBN এইবুলি বাতৰি সম্প্ৰচাৰিত হ'ল যে, ভাৰতত "Rajinikanth dead" টুইটাৰৰ এটা top trends আৰু গুগলত most searched term হৈ পৰিছিল।৭৬ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ দুদিন পিছত তেওঁক ২০১১ চনৰ ১৬ মে'ত Sri Ramachandra Medical College and Research Institute-ত বাৰে বাৰে হোৱা শ্বাস নিশ্বাসৰ সমস্যা আৰু খাদ্যনলীত হোৱা সমস্যাৰ বাবে ভৰ্ত্তি কৰা হয়।৭৭ অৱশ্যে চিকিৎসালয়খনে এইদৰেই প্ৰকাশ কৰি আহিছিল যে, ৰজনীকান্ত সুস্থিৰ অৱস্থাতেই আছে চিকিৎসাৰ প্ৰতি ধনাত্মক সঁহাৰি পোৱা গৈছে।৭৫ ৰজনীকান্তক কিডনী পুনঃসংস্থাপনৰ প্ৰয়োজন হোৱা বুলি বহুল ভাৱে প্ৰচাৰিত হৈছিল আৰু পিছত ধনুষে এই বাতৰি অস্বীকাৰ কৰিছিল।৭৮ ২০১১ চনৰ ২১ মে'ত ঐশ্বৰ্য ৰজনীকান্তে অনুৰাগীসকলৰ মাজত প্ৰচাৰিত ঋণাত্মক বাতৰি দূৰ কৰাৰ অৰ্থে চিকিৎসালয়ৰ ৱাৰ্ডত ৰজনীকান্ত আৰু তেওঁৰ thumbs signal দেখুৱাই তোলা এখন ফটো মুকলি কৰি দিয়ে।৭৯ চিকিৎসালয়খনে অনধীকৃত ব্যক্তিৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰিছিল।৮০ ৰজনীকান্তৰ ভাতৃ সত্যনাৰায়ণ ৰাও গায়কোৱাডে এইবুলি জনাইছিল যে, ৰজনীকান্তৰ হঠাৎ অসুস্থতাৰ কাৰণ আছিল দ্ৰুত ওজন হ্ৰাস আৰু খাদ্য তালিকাৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা চাপ। ইয়াৰ লগতে মদ্যপান ত্যাগ আৰু ধূম্ৰপান ত্যাগৰ ফলত উদ্ভূত অন্যান্য বিসংগতিও কাৰক আছিল।৮১ প্ৰচাৰ মাধ্যমৰ প্ৰকাশিত ডিজিটেলী ৰেকৰ্ড কৰা এটা ৪ মিনিটৰ বাৰ্তাৰ জৰিয়তে অনুৰাগীসকলক সম্বোধন কৰাৰ পিছত ২০১১ চনৰ ২১ মে'ৰ দিনা অমিতাভ বচ্চনৰ পৰামৰ্শক্ৰমে ৰজনীকান্তক পৰিয়ালৰ সৈতে চেন্নাইৰ পৰা ছিংগাপুৰলৈ লৈ যোৱা হয়। তাত মাউণ্ট এলিজাবেথ চিকিৎসালয়ৰ nephropathy বিভাগত চিকিৎসাধীন হয়।৮২৮৩ চিকিৎসালয়খনত দুসপ্তাহ চিকিৎসা প্ৰদান কৰাৰ পিছত ২০১১ চনৰ ১৫ জুনৰ দিনা যাবলৈ দিয়া হয়। অৱশ্যে তেওঁ ছিংগাপুৰতে অলপ দিন থাকি ২০১১ চনৰ ১৩ জুলাইতহে চেন্নাইলৈ ঘূৰি আহে।৮৪৮৫

ৰানা ছবিখন পুনৰ আৰম্ভ কৰিবলৈ কেইবাবাৰো প্ৰচেষ্টা চলোৱাৰ পিছত ৰজনীকান্তে তেওঁৰ জনপ্ৰিয় ছবি Enthiran-ৰ চৰিত্ৰ Chitti ৰূপায়িত কৰে আৰু বলিউদৰ বিজ্ঞানভিত্তিক কল্পকাহিনীৰ ছবি Ra.One (২০১১)-ত শ্বাহৰুখ খান আৰু কৰীণা কাপুৰৰ সৈতে অতিথি শিল্পী হিচাপে ভূমুকি মাৰে।৮৬ ২০১১ চনৰ নৱেম্বৰত এই সিদ্ধান্ত লোৱা হ'ল যে, K. S. Ravikumar-ৰ কাহিনীৰে সৌন্দৰ্য ৰজনীকান্তৰ দ্বাৰা পৰিচালিত হ'ব লগা Kochadaiyaan ছবিখনৰ নিৰ্মাণৰ খাতিৰত ৰানা নিৰ্মাণৰ সিদ্ধান্ত নিলগাই থোৱা হ'ব।৮৭ দীপিকা পাডুকনে অভিনয় কৰা এই motion capture ছবিখন ২০১৪ চনৰ ২৩ মে'ত মুক্তি দিয়াৰ হয়। ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰিব সক্ষম হয়।৮৮

চলচ্চিত্ৰপঞ্জী

মূল প্ৰবন্ধ: ৰজনীকান্ত অভিনীত চলচ্চিত্ৰসমূহ

জনপ্ৰিয়তা

দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ জগতত ৰজনীকান্তক বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় তাৰকা বুলি গণ্য কৰা হয়।৩১৮৯৯০ তেওঁৰ এনে জনপ্ৰিয়তাৰ প্ৰধান কাৰণ তেওঁৰ সংলাপ প্ৰক্ষেপণৰ একক ধৰণ আৰু দান-বৰঙনি (philanthropy)-ৰ বাবেই বুলি ধাৰণা কৰা হয়।৯১ তদুপৰি বহুতে ধাৰণা কৰে যে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰসমূহত চুপাৰ হিৰ' ধৰণৰ কাৰ্যকলাপ থকা চৰিত্ৰত কৰা অভিনয়ৰ বাবেও ৰজনীকান্ত প্ৰখ্যাত।৯২ ৰজনীকান্ত অভিনীত প্ৰায় প্ৰতিখন চলচ্চিত্ৰতে তেওঁৰ চৰিত্ৰৰ এক অদ্বিতীয় একচন ষ্টাণ্ট থকা দেখা যায়।৯৩৯৪ সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি কেৰিয়াৰৰ আৰম্ভণিতে অন্য বহুতো সহযোগী অভিনেতা অভিনেত্ৰী যেনে Gouthami Tadimalla আৰু নয়নতাৰা আদি কেৱল ৰজনীকান্তৰ সহযোগী হোৱাৰ বাবেই প্ৰখ্যাত হৈ পৰিছে। ইয়াৰ ফলত যিকোনো নতুন অভিনেতায়ে ৰজনীকান্তৰ সৈতে একেলগতে কাম কৰাৰ সুযোগ পাবৰ বাবে চেষ্টা কৰে।৯৫৯৬

২০০৬ চনত জাপানলৈ কৰা এক ভ্ৰমণত সেইসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৰজনীকান্তৰ Muthu নামৰ চলচ্চিত্ৰখনে দুখন দেশৰ সম্পৰ্কত পেলোৱা ধনাত্মক প্ৰভাৱৰ কথাৰ শলাগ লয়।৯৭ চন্দ্ৰমুখী নামৰ চলচ্চিত্ৰখনে একেৰাহে ৮০০ দিন চলাৰ বাবে ভাৰতত আটাইতকৈ দীৰ্ঘদিন ধৰি চলা তামিল চিনেমাৰ খ্যাতি লাভ কৰে। শিৱাজী নামৰ চলচ্চিত্ৰখনো আটাইতকৈ বৃহৎ পৰিসৰত মুক্তি পোৱা ভাৰতীয় চিনেমাৰূপে খ্যাত। এই চলচ্চিত্ৰখনে যুক্তৰাজ্যৰ আটাইতকৈ জনপ্ৰিয় প্ৰথম দহখনৰ চলচ্চিত্ৰৰ এখন হিচাপে স্বীকৃতি লাভ কৰে। চন্দ্ৰমুখী আৰু শিৱাজী, দুয়োখন চলচ্চিত্ৰই দক্ষিণ আফ্ৰিকাতো মুক্তি পাইছিল আৰু দুয়োখনেই বক্স অফিচত জনপ্ৰিয় হৈছিল।৯৮ ২০১০ চনৰ ডিচেম্বৰত আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিউট অব মেনেজমেণ্টে (Indian Institute of Management) ৰজনীকান্ত অভিনীত Enthiran চলচ্চিত্ৰখনৰ বাণিজ্যিক সফলতাক এক ক্ষেত্ৰ অধ্যয়ন (Case study) হিচাপে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰে।৯৯

"ৰজনীকান্তৰ কৌতুক" সমূহো তেওঁৰ গুণমুগ্ধসকলৰ মাজত যথেষ্ট জনপ্ৰিয়।১০ এই কৌতুকসমূহে বৰ্তমান এই কেইবাটাও মোবাইল এপ্লিকেশ্যনতো স্থান পাইছে।১০০১০১১০২১০৩ তদুপৰি চি বি এছ ই পাঠ্যক্ৰমত জীৱনী অন্তৰ্ভুক্ত কৰা ৰজনীকান্তেই একমাত্ৰ চলচ্চিত্ৰ অভিনেতা। এই পাঠটোৰ শীৰ্ষক হৈছে From Bus Conductor to Superstar (বাছ কণ্ডাক্টৰৰ পৰা চুপাৰষ্টাৰলৈ)।১০৪

ব্যক্তিগত জীৱন

পৰিয়াল

১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত ৰজনীকান্তে ৩১ বছৰ বয়সত অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত লতা ৰংগচাৰীক বিয়া কৰায়।১০৫ তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে: ঐশ্বৰ্য ৰজনীকান্ত আৰু সৌন্দৰ্য ৰজনীকান্ত। তেওঁৰ পত্নী লতাই বৰ্তমান "The Ashram" এখন বিদ্যালয় চলাই আছে। তেওঁৰ ডাঙৰ জীয়ৰী ঐশ্বৰ্যই ২০০৪ চনৰ ১৮ নৱেম্বৰত তামিল অভিনেতা ধনুষক বিয়া কৰায় আৰু বৰ্তমান তেওঁলোকৰ Yathra আৰু Linga নামৰ দুটা পুত্ৰ সন্তান আছে।১০৬১০৭ তেওঁৰ কনিষ্ঠা কন্যা সৌন্দৰ্য চলচ্চিত্ৰ উদ্যোগত পৰিচালক, প্ৰযোজক আৰু গ্ৰাফিক ডিজাইনাৰ হিচাপে কৰ্মৰত। ২০১০ চনৰ ৩ ছেপ্টেম্বৰত সৌন্দৰ্যৰ উদ্যোগপতি অশ্বিন ৰামকুমাৰৰ সৈতে বিবাহ সম্পন্ন হয়।১০৮

ধৰ্মীয় ধাৰণা

ৰজনীকান্ত হিন্দুত্ব আৰু আধ্যাতিকতাবাদৰ অনুগামী আৰু তেওঁ আধ্যাত্মিকতাত অতি বিশ্বাসী।১০৯ পঢ়ুৱৈৰূপে তেওঁ এই বিষয়সমূহৰ গ্ৰন্থৰ অনুৰাগী। তেওঁ যোগ আৰু ধ্যানো অভ্যাস কৰে। ৰজনীকান্তে তেওঁৰ চলচ্চিত্ৰসমূহ মুক্তিৰ আগেয়ে মন্দিৰ দৰ্শন কৰে। ২০০৭ চনত শিৱাজী-ৰ মুক্তিৰ পূৰ্বে তেওঁ তিৰুমালা ৱেংকটাশ্বৰ মন্দিৰ আৰু তাৰ পিছৰ বছৰ Kuselan মুক্তিৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ প্ৰশান্তি নিলয়মত সত্য সাই বাবাক দৰ্শন কৰিছিল।১১০ মাজে সময়ে ৰজনীকান্তে হিমালয়ৰ বিভিন্ন স্থানলৈ ধৰ্মীয় পৰিব্ৰজনৰ কাৰণেও পৰিভ্ৰমণ কৰে।১১১ তেওঁ প্ৰায়ে নিজৰ প্ৰিয় আধ্যাত্মিক ব্যক্তি হিচাপে ৰামকৃষ্ণ পৰমহংস,১১২ স্বামী সৎচিদানন্দ, ৰাঘৱেন্দ্ৰ স্বামী,১১৩ মহাৱতাৰ বাবাজী,১১৪ আৰু ৰমন মহৰ্ষিৰ নাম উল্লেখ কৰে।১১২

সমাজ সেৱা আৰু ৰাজনীতি

১৯৯৫ চনত ৰজনীকান্তে সেই সময়ৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক লগ পাইছিল আৰু তাৰ পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক সমৰ্থন কৰিবলৈ লয়। Kumudam নামৰ আলোচনীখনে চলোৱা এটা জনমত সমীক্ষাত এইদৰে প্ৰকাশ পাইছিল যে, ৰজনীকান্তৰ সমৰ্থনত কংগ্ৰেছ দলে তামিলনাডুৰ বিধানসভাৰ নিৰ্বাচনত ১৩০খন পৰ্যন্ত আসন লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। ১৯৯৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে তামিলনাডুত এ আই এ ডি এম কে দলৰ সৈতে জোঁট বান্ধিবলৈ লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত ৰজনীকান্তে মন সলনি কৰি ডি এম কে-তামিল মানিলা কংগ্ৰেছৰ জোঁটক সমৰ্থন কৰে। তামিল মানিলা কংগ্ৰেছৰ নিৰ্বাচনত চিহ্ন আছিল বাইচাইকেল আৰু আন্নামলাই নামৰ জনপ্ৰিয় ছবিখনত ৰজনীকান্তে চাইকেল চলাই থকাৰ আলোকচিত্ৰ এখন প'ষ্টাৰ হিচাপে প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল। ৰজনীকান্তে কৈছিল "Even God cannot save Tamil Nadu if AIADMK returns to power"। ৰজনীকান্তে ডি এম কে-তামিল মানিলা কংগ্ৰেছৰ জোঁটক অকুণ্ঠ সমৰ্থন জনোৱাৰ লগতে তামিল জনগণ আৰু তেওঁৰ অনুগ্ৰাহীসকলক এই জোঁটৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনাইছিল। ১৯৯৬ চনৰ নিৰ্বাচনত এই জোঁটে সম্পূৰ্ণ বিজয় সাব্যস্ত কৰে। ১৯৯৬ চনতেই অনুষ্ঠিত ভাৰতীয় সংসদৰ সাধাৰণ নিৰ্বাচনতো ৰজনীকান্তে এই জোঁটক সমৰ্থন জনাইছিল।১১৫

২০০২ চনত ৰজনীকান্তে কৰ্ণাটক চৰকাৰৰ তামিলনাডুৰ বাবে কাৱেৰী নদীৰ পানী এৰি নিদিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত দিনজোৰা অনশন কাৰ্যসূচী হাতত লৈছিল। তেওঁ এইবুলিও ঘোষণা কৰিছিল যে, প্ৰস্তাৱিত ভাৰতীয় নদীসমূহৰ সংযোগী আচঁনিৰ বাবে তেওঁ এক কোটি টকা আগবঢ়াব।১১৬ তেওঁ সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীক সাক্ষাৎ কৰিছিল আৰু এই প্ৰস্তাৱিত প্ৰকল্পৰ বাবে সমৰ্থন আদায় কৰিবলৈ বহু বিশেষজ্ঞৰে মত বিনিময় কৰিছিল।১১৭ অৱশ্যে, তামিল চলচ্চিত্ৰ উদ্যোগৰ বেছিভাগ অন্য সদস্য আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ শিল্পী সংস্থা (ইংৰাজীত চমুকৈ SIFAA)-ই নিজৰ ঐক্য প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। চলচ্চিত্ৰ পৰিচালক Bharathi Raja-এ কৈছিল যে, ৰজনীকান্তৰ এই কাৰ্যৰ দ্বাৰা চলচ্চিত্ৰ উদ্যোগত বিভাজন অহাৰ উপক্ৰম হৈছিল আৰু তেওঁক "traitor who had a tacit understanding with the Karnataka government" বুলি আখ্যা দিছিল.১১৮

পিছলৈ ২০০৪ চনত, ৰজনীকান্তে এইবুলি কৈছিল যে, তেওঁ ব্যক্তিগত ভাৱে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোটদান কৰিব কিন্তু কোনো জোঁটৰ সপক্ষে তেওঁৰ সমৰ্থন আগনবঢ়ায়।১১৯ সেই বছৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন জোঁট ধৰাশায়ী হৈছিল আৰু তামিলনাডুৰ ৩৯খন লোকসভা আসনৰ ভিতৰত এখনো আসন এই জোঁটে লাভ কৰিবলৈ সক্ষম নহ'ল।১২০

২০০৮ চনত SIFAA-ই Hogenakkal জলপ্ৰপাতৰ পানীৰ বিবাদৰ ক্ষেত্ৰত কৰ্ণাটক চৰকাৰৰ স্থিতিৰ প্ৰতিবাদকল্পে আয়োজন কৰা অনশন ধৰ্মঘটত তেওঁ কৰ্ণাটকৰ ৰাজনীতিকসকলক ভৰ্ৎসনা কৰিছিল। লগতে তেওঁ ৰাজনীতিকসকলক নিজৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে জল প্ৰকল্পৰ বিষয়টোক জ্বলন্ত ৰূপ নিদি শীঘ্ৰে সমাধান কৰিবলৈ আহ্বান জনাইছিল। তেওঁ কৰ্ণাটকৰ ৰাজনীতিকসকলক সত্যবাদী হ'বলৈ আহ্বান জনাই কৈছিল, "They cannot be fooled and will not remain silent if you continue to act in such manner"।১২১ কঠোৰপন্থী কন্নড় কৰ্মী তথা Kannada Chaluvali Vatal Paksha-ৰ নেতা Vatal Nagaraj-এ ইয়াৰ বাবে ৰজনীকান্তৰ পৰা ক্ষমা প্ৰাৰ্থনা দাবী কৰিছিল আৰু ভাবুকি প্ৰদান কৰিছিল কৈছিল যে ৰজনীকান্তক কৰ্ণাটকত প্ৰৱেশৰ ক্ষেত্ৰত বাধা দিয়াৰ লগতে তেওঁৰ সকলো চলচ্চিত্ৰ কৰ্ণাটকত প্ৰচলনৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হ'ব।১২২ আন এক কন্নড় সংগঠন Karnataka Rakshana Vedike-ই একেধৰণৰ মতকেই পোষণ কৰিছিল।১২২ কৰ্ণাটকত তামিল চলচ্চিত্ৰ ৰক্ষাৰ্থে আৰু তামিলনাডুস্থিত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কল্যাণৰ বাবে ৰজনীকান্তে TV9 Kannada নামৰ টিভি চেনেলৰ জৰিয়তে তেওঁৰ উক্তিৰ স্পষ্টীকৰণ দিয়াৰ লগতে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰে।১২২ Kuselan নামৰ চলচ্চিত্ৰখন কৰ্ণাটকত মুক্তি পোৱাৰ পিছত ৰজনীকান্তে কৰ্ণাটক চলচ্চিত্ৰ উদ্যোগক নিষেধাজ্ঞা নাকচ কৰি ছবিখন মুক্তিৰ ক্ষেত্ৰত সহযোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অন্যহাতে তামিল চলচ্চিত্ৰ অভিনেতা R. Sarathkumar, Sathyaraj আৰু Radha Ravi-এ ৰজনীকান্তৰ ক্ষমা খোজা কাৰ্যক গৰিহণা দিয়ে। তেওঁলোকে ইয়াক "disgrace to Tamilians" আখ্যা দি এইবুলি কয়, "there was no need for him to apologise as his speech never provoked the sentiments of Kannadigas or the Kannada film industry"।১২৩

তামিলনাডুৰ ৰজনীকান্তৰ অনুগামী পৰিষদ (fan associations)-সমূহে ৰাজনীতিৰ ক্ষেত্ৰলৈ ৰজনীকান্তৰ প্ৰৱেশ ঘটিব বুলি পূৰ্বানুমান কৰি আছিল। ৰাজনীতিলৈ ৰজনীকান্তক প্ৰৱেশ কৰাৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিবলৈ ক'ইম্বাটোৰ মহানগৰৰ কিছুসংখ্যক অনুগামীয়ে ২০০৮ চনত ৰজনীকান্তৰ বাবে এটা ৰাজনৈতিক দল গঠন কৰে। দলটোৰ নাম ৰখা হৈছিল "Desiya Dravadar Makkal Munnetra Kazhagam" (DDMMK) আৰু ইয়াৰ নিজস্ব পতাকা আৰু চিহ্নও আছিল।১২৪ এই বিষয়ে গম পাই ৰজনীকান্তে প্ৰচাৰ মাধ্যমসমূহলৈ এখন মুকলি চিঠি লিখি এইদৰে জনাইছিল যে, এই ঘটনাপ্ৰৱাহৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই আৰু তেওঁ অনুগামীসকলক এনেধৰণৰ কামৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিয়াৰ লগতে এনে কামৰ পৰা আঁতৰি নগ'লে আইনী ব্যৱস্থা লোৱাৰ ভাবুকি প্ৰদান কৰিছিল। তেওঁ এইবুলিও উল্লেখ কৰিছিল যে, ৰাজনীতিৰ প্ৰতি তেওঁ মুঠেও আগ্ৰহী নহয় আৰু তেওঁৰ মাথোঁ চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ থকাৰ মন। তেওঁ লগতে কৈছিল, কোনেও তেওঁক জোৰ কৰি ৰাজনীতিলৈ আনিব নোৱাৰে আৰু তেওঁ নিজে বিচাৰিলে কোনেও প্ৰৱেশত বাধাও দিব নোৱাৰে।১২৫ সেই বছৰৰ শেষলৈ ৰজনীকান্তে SIFAA-ৰ দ্বাৰা আয়োজিত দিনজোৰা অনশন ধৰ্মঘটত অন্যান্য তামিল চলচ্চিত্ৰ কৰ্মীসকলৰ সৈতে অংশগ্ৰহণ কৰি শ্ৰীলংকা চৰকাৰক শ্ৰীলংকাৰ অসামৰিক যুদ্ধ সমাপ্তি ঘটাবলৈ আৰু শ্ৰীলংকাবাসী তামিলসকলক তেওঁলোকৰ অধিকাৰ ভূমি প্ৰদান কৰিবলৈ প্ৰদান কৰিবলৈ দাবী জনাইছিল।১২৬ এই অনশন ধৰ্মঘটৰ ফলস্বৰূপেই ২০০৯ চনত বিশ্বৰ বিভিন্ন প্ৰান্তত তামিল অধিবাসীকলে একে আহ্বানেৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। ২০১০ চনত তামিল অভিনেতা অজিত কুমাৰে তামিল চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় কৰ্মীসকলক জোৰ কৰি ৰাজনীতিৰ ক্ষেত্ৰলৈ টনা কাৰ্যৰ বিৰুদ্ধে মাত মাতি এটা বিতৰ্কত সৃষ্টি কৰিছিল আৰু ৰজনীকান্তে অজিত কুমাৰক সমৰ্থন জনাইছিল।১২৭

২০১১ চনত ৰজনীকান্তে গান্ধীবাদী আন্না হাজাৰেৰ নেতৃত্বত আৰম্ভ হোৱা ২০১১ চনৰ দুৰ্নীতিবিৰোধী আন্দোলনলৈ তেওঁৰ সমৰ্থন ব্যক্ত কৰিছিল।১২৮ তেওঁ আনকি India Against Corruption-ৰ সদস্যসকলক অনশনৰ কাৰ্যসূচী অনুষ্ঠিত কৰিবৰ বাবে চেন্নাইত থকা তেওঁৰ বিবাহ ভৱন Raghavendra Kalyana Mandapam বিনামূল্যে আগবঢ়াইছিল।১২৯

বঁটা আৰু সন্মান

মূল প্ৰবন্ধ: ৰজনীকান্তৰ প্ৰাপ্ত পুৰস্কাৰ তথা মনোনয়নপ্ৰাপ্ত পুৰস্কাৰৰ তালিকা

ৰজনীকান্তক বহু পুৰস্কাৰ আৰু সন্মান প্ৰদান কৰা হৈছে। মূলতঃ তামিল চলচ্চিত্ৰত কৰা অভিনৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হৈছে। তেওঁ ১৯৮৪ চনত পোনপ্ৰথমবাৰৰ বাবে Nallavanuku Nallavan-ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।৩৫ শিৱাজী (২০০৭) আৰু অন্থিৰণ (২০১০) চলচ্চিত্ৰদুখনত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল। ৰজনীকান্তে Muthu (১৯৯৫), Padayappa (১৯৯৯), চন্দ্ৰমুখী (২০০৫) আৰু শিৱাজী (২০০৭)-ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। অভিনয়ৰ পাৰদৰ্শিতাৰ লগতে প্ৰযোজনা আৰু চলচ্চিত্ৰ লিখনৰ বাবে চিনেমা এক্সপ্ৰেছ আৰু ফিল্মফেনছ এছ'ছিয়েনৰ পৰাও তেওঁ বহুসংখ্যক বঁটা লাভ কৰিছে।

ৰজনীকান্তে তামিলনাডু চৰকাৰৰ পৰা ১৯৮৪ চনত Kalaimamani বঁটা আৰু ১৯৮৯ চনত M. G. R. বঁটা লাভ কৰে। South Indian Film Artistes' Association-এ তেওঁক Kalaichelvam বঁটা প্ৰদান কৰিছিল। ভাৰত চৰকাৰে ২০০০ চনত তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।১৩০ ২০০৭ চনত এন ডি টি ভি-ৰ দ্বাৰা তেওঁ Indian Entertainer of the Year হিচাপে নিৰ্বাচিত হয়। এইক্ষেত্ৰত তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল শ্বাহৰুখ খান।১৩১১৩২ একে বছৰতেই মহাৰাষ্ট্ৰ চৰকাৰে তেওঁ ৰাজ কাপুৰ বঁটা প্ৰদান কৰে। ২০১০ চনৰ বিজয় বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তক Chevalier Sivaji Ganesan Award for Excellence in Indian Cinema প্ৰদান কৰা হয়।১৩৩ Asiaweek-ৰ দ্বাৰা ৰজনীকান্ত দক্ষিণ এছিয়াৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তি হিচাপে ঘোষিত হৈছিল।২১৩৪ Forbes India-ৰ দ্বাৰা তেওঁ ২০১০ চনত সবাতোকৈ প্ৰভাৱশালী ভাৰতীয় হিচাপে ঘোষিত হৈছিল।১৩৫ ২০১১ চনত ৰজনীকান্তক এন ডি টি ভি-য়ে Entertainer of the Decade সন্মান প্ৰদান কৰে আৰু সেইসময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী পি চিদাম্বৰমে তেওঁক এই বঁটা প্ৰদান কৰিছিল।১৩৬ ২০১৬ চনত ভাৰত চৰকাৰে তেখেতক দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰে।১৩৭ ২০১৯ চনৰ দাদাচাহেব ফাল্কে বঁটা তেওঁলৈ প্ৰদান কৰা হয়।

গ্ৰন্থসূচী

আৰু পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ M. R. Venkatesh. Decoding Rajinikanth. Deccan Herald
  2. ↑ Ethiraj, Gopal. (14 December 2009). Rajini is simple, stylish, spiritual, that explains his uniqueness. Asian Tribune
  3. ↑ Sharma, Neha. (29 September 2010). Rapchik Rajinikanth, mind it!. The Hindustan Times
  4. ↑ Ruma Singh. (12 April 2011). If it's election time in Tamil Nadu, Rajinikanth is the Boss. The Economic Times
  5. ↑ (6 October 2010). When Rajnikanth met his 'god'. Rediff.com
  6. ↑ Ruma Singh. (6 July 2007). Even more acclaim will come his way. The Times of India
  7. ↑ S, Anandan. (6 January 2013). Reel to real image, a tome. The Hindu
  8. ↑ (13 December 2010). Rajini's friends to renovate primary school. Sify
  9. ↑ M. D, Riti. (22 December 1999). You can see God in him at times. Rediff.com
  10. ↑ Rajinikanth: Who Really Is the Super Star?. Forbes India
  11. ↑ Lakhe, Manisha. (27 September 2010). Why Rajinikanth Rocks. Forbes
  12. ↑ K. V. Subramanya. (16 June 2007). He drove Rajnikant to stardom. The Hindu
  13. ↑ (13 June 2007). Meet the bus driver Rajni worked with. Rediff.com
  14. ↑ N.S., Ramnath; D'Souza, Nilofer. (22 December 2010). Rajinikanth: Who Really Is the Super Star?. Forbes
  15. ↑ Hindu 2012, পৃ. 12
  16. ↑ Sathyalaya Ramakrishnan. (13 December 2010). Super Star Rajnikanth turns 61: Fans celebrates enthusiastically. Asian Tribune
  17. ↑ C Raja Mohan. (12 December 2010). Fans celebrate Rajinikanth's 61st birthday. The Indian Express
  18. ↑ 23rd National Film Awards. Directorate of Film Festivals
  19. ↑ Malathi Rangarajan. (10 April 2011). We will miss you, Sujatha. The Hindu
  20. ↑ Special Correspondent. (17 November 2010). Professor Viswanathan passes away. The Hindu
  21. ↑ S. Shiva Kumar. (31 December 2010). Immortality ode. The Hindu
  22. ↑ Karthik Subramanian. (3 October 2010). Unabashed entertainer – Enthiran. The Hindu
  23. ↑ (12 December 2012). Success has humble beginnings. Rediff.com
  24. ↑ Ramachandran 2012
  25. ↑ Ramachandran 2012
  26. ↑ D. Karthikeyan. (13 December 2009). A phenomenon called Rajnikanth. The Hindu
  27. ↑ Ramachandran 2012
  28. ↑ Ramachandran 2012
  29. ↑ Rajitha. (22 December 1999). Rajini's real potential remains largely untapped. Rediff.com
  30. ↑ Ramachandran 2012
  31. ↑ (2 July 2011). The Rajini mystique. The Hindu
  32. ↑ Girija Jinnaa. (15 June 2007). 'Yesterday I was a conductor, today I'm a star'. The Indian Express
  33. ↑ Top Earners 1980-1989 (Figures in Ind Rs). Box Office India
  34. ↑ (10 December 2006). Only Rajini can. The Economic Times
  35. ↑ (1991). Collections. Update Video Publication. পৃ. 394
  36. ↑ K. Hariharan. (24 October 2010). Magazine: He's back. The Hindu
  37. ↑ Weldon, Michael. (1996). The Psychotronic Video Guide. Titan Books. পৃ. 66. ISBN 978-1-85286-770-6
  38. ↑ (15 December 2006). It's India-Japan Friendship Year. The Hindu
  39. ↑ (9 June 2010). Looking at Mani Ratnam's landmark movies – Rediff.com Movies. Rediff.com
  40. ↑ (12 December 2009). Tamil superstar Rajnikant turns 60, fans celebrate. The Indian Express
  41. ↑ Megha Shenoy. (4 April 2011). Inspiration for remakes. The Deccan Herald
  42. ↑ (12 December 2012). Working with Rajinikanth: Baasha director tells all. Rediff.com
  43. ↑ Pillai, Sreedhar. (17 February 2009). Rajinikanth: Old is gold. The Times of India
  44. ↑ Happy birthday, Rajinikanth!. Mid Day
  45. ↑ S Saroj Kumar. (4 January 2012). Brand Rajinikanth. The Financial Express
  46. ↑ "Dancing Maharajas". Newsweek. 10 May 1999
  47. ↑ Rangarajan, Malathi. (16 August 2002). Baba. The Hindu
  48. ↑ N Sathiya Moorthy. (3 May 2003,). Film producer GV commits suicide. Rediff.com
  49. ↑ Sudhish Kamath. (12 May 2004,). Superstar wannabes. The Hindu: Metro Plus
  50. ↑ Will Sivaji be Rajini's biggest hit?- History. Rediff.com
  51. ↑ (23 March 2004). Rajini keeps everyone guessing
  52. ↑ (14 December 2010). Rajinikanth in Endhiran. Rediff.com
  53. ↑ P, Krishnakumar. (1 August 2008). Pasupathy, the real star of Kuselan. Rediff.com. Rediff
  54. ↑ Pillai, Sreedhar. (20 August 2008). Kollywood in a flap. The Times of India
  55. ↑ Iyengar, Pushpa. Hope Floats For SRK. The Outlook
  56. ↑ S, Shyam Prasad. (16 December 2008). Kuselan may spark Tamil film boycott. Bangalore Mirror
  57. ↑ The Final Verdict – History. Sify
  58. ↑ (2 April 2006). Rajni's 'Chandramukhi' in Turkish and German. Oneindia.in
  59. ↑ United Kingdom Box Office June 15–17, 2007. Box Office Mojo
  60. ↑ South Africa Box Office August 3–5, 2007. Box Office Mojo
  61. ↑ Vilakudy, Rajaneesh. (5 November 2006). After Brangelina, it's Rajinikanth. Daily News and Analysis
  62. ↑ (25 October 2010). Rajinikanth's Sultan rechristened as Hara. OneIndia
  63. ↑ (13 December 2007). Animated film on Rajnikant to be released in December 2008. The Economic Times
  64. ↑ Ramanujam, Srinivas. (29 April 2012). The day Rajini took ill. The Times of India
  65. ↑ Gupta, Shubhra. (26 December 2010). Chulbul Pandey Now Lives in Chennai. The Indian Express
  66. ↑ Is It True That Endhiran Will Gross Than Three Idiots?. Box Office India
  67. ↑ Rajini's Endhiran: A sell out in Chennai. NDTV
  68. ↑ (1 November 2010). Endhiran — The Robot Expected Lifetime Business. Box Office India
  69. ↑ (28 August 2010). Avatar technology powers Rajnikant in Enthiran. The Indian Express
  70. ↑ Srinivasan, Meera. (29 January 2011). Raana Rajini's next venture. The Hindu
  71. ↑ (29 April 2011). Rajinikanth admitted to hospital – Entertainment – DNA. Daily News and Analysis
  72. ↑ Rajinikanth hospitalised. Sify
  73. ↑ ITGD Bureau. (14 May 2011). Actor Rajinikanth hospitalised again. India Today
  74. ↑ (18 June 2011). Rajini writes letter to fans, says he will be back soon. The Hindustan Times
  75. ↑ Rajinikanth's Condition Stable: Hospital. NDTV
  76. ↑ Rajinikanth death rumours are false, says family – Trends News – IBNLive. CNN-IBN
  77. ↑ Modi To Visit Rajini in Hospital. NDTV
  78. ↑ (1 June 2011). Rajini will soon be back to complete 'Raana': Dhanush. The Times of India
  79. ↑ (23 May 2011). Rajinikanth out of ICU, moved into private ward – Times of India. The Times of India
  80. ↑ (6 May 2011). Rajini getting better, say docs as fans pray for their superstar. The Times of India
  81. ↑ (17 May 2011). Rajini suffering from lung, liver ailment: Brother. NDTV
  82. ↑ (4 June 2011). International news of the week. Business Standard
  83. ↑ (30 May 2011). Rajini in Singapore hospital on Big B’s advice. Zee News
  84. ↑ (31 May 2011). Rajnikanth fine, recovering well: Dhanush. The Hindu
  85. ↑ (14 July 2011). Rajinikanth to return tonight
  86. ↑ Rudrappa, Chetan. (16 September 2011). Rajinikanth's cameo RA.One. The Times of India
  87. ↑ Bharti Dubey, TNN, 29 January 2011, 05.42 pm IST. (29 January 2011,). Rana, a triple delight for Rajini fans. The Times of India
  88. ↑ (23 May 2014). 'Kochadaiiyaan' Review Roundup: Commendable Attempt by Soundarya; Worth Watching. International Business Times
  89. ↑ (11 December 2007). Rajni set for quiet birthday. The Hindu
  90. ↑ (14 May 2011). Rajinikanth's health condition improving, says wife. Sify
  91. ↑ (28 September 2010). Who rules South Cinema – Rajinikanth or Kamal Haasan?. Breakingnewsonline.net
  92. ↑ Hendrix, Grady. (27 September 2010). SUPERSTAR Rajinikanth!: The biggest movie star you've probably never heard of. – By Grady Hendrix – Slate Magazine. Slate.com
  93. ↑ Rajini's Punch dialogues. thesouthreports.com
  94. ↑ (18 April 2008). It doesn't get bigger than Rajinikanth. Times of India
  95. ↑ S.R, Ashok Kumar. (20 July 2007). Determined to make a mark, again. The Hindu
  96. ↑ Moviebuzz. Ghajini was a big mistake!. Sify
  97. ↑ Prem Panicker. (14 December 2006). When the PM wowed Japan's parliament. Rediff.com
  98. ↑ Sivaji to delight Japanese and South African fans. Behindwoods.com
  99. ↑ (23 December 2010). Rajinikanth's Enthiran – Case study in IIM A. Times of India
  100. ↑ (10 January 2011,). New Year Diary. The Outlook
  101. ↑ Rajinikanth jokes. Times of India
  102. ↑ (17 March 2011). Rajinikanth global warming. Times of India
  103. ↑ (5 January 2012). Rajinikanth first biography to be launched. IBNLive
  104. ↑ Rajinikanth becomes a lesson for CBSE students. That Faisal Saif
  105. ↑ Rajini's personal life. weeksupdate.com
  106. ↑ Dhanush’s son named Linga – Tamil Movie News. IndiaGlitz
  107. ↑ (12 October 2006). Tamil Nadu / Chennai News: Rajnikanth turns grandfather. The Hindu
  108. ↑ Gladwin Emanuel. (4 September 2010). Soundarya Rajinikanth’s celeb-studded wedding. The Times of India
  109. ↑ (28 April 2004). Rajnikanth is a firm believer in Hindutva. Rediff.com
  110. ↑ (14 April 2008). Andhra Pradesh / Anantapur News: Rajinikanth in Puttaparthi. The Hindu
  111. ↑ Ramanujam, Srinivasa. (21 August 2011). Rajinikanth love Himalayas. The Times of India
  112. ↑ (1 June 2011). Why does Rajini dwell in the hearts of millions?. cinefundas.com
  113. ↑ (22 September 2010). Rajini blesses "Mahaan" actor. Indiaglitz.com
  114. ↑ (10 May 2008). Rajini's tribute to Babaji. Indiaglitz.com
  115. ↑ (21 January 1998). Tamil Cinema 1998-Year Highlights (Part-2). Dinakaran
  116. ↑ (13 October 2002). Rediff India News: Rajinikanth fasts for Kaveri waters. Rediff.com
  117. ↑ (14 October 2002). Rediff India to meet Indian PM. Rediff
  118. ↑ (12 October 2002). Rally exposes politicised film industry
  119. ↑ (28 April 2004). 'Rajnikanth is a firm believer in Hindutva'. Rediff
  120. ↑ (17 May 2009). AIADMK entering Parliament after five years. The Times of India
  121. ↑ Rajnikanth blasts Karnataka over water project – Thaindian News. Thaindian.com
  122. ↑ (5 April 2008). Karnataka groups demand apology. Sify
  123. ↑ Rajini earns the wrath of Tamil cinema. Behindwoods
  124. ↑ (8 December 2008). Now, Rajnikanth’s Fans Float Party: DDMMK. Extramirchi.com
  125. ↑ (14 October 2008). No one can compel me to enter politics. The Hindu
  126. ↑ (12 November 2008). Kollywood fasts over Eelam Tamils' plight. Tamil Guardian
  127. ↑ (7 February 2010). Karunanidhi against bringing politics into film world: The Hindu. The Hindu
  128. ↑ (23 August 2011). Actor Rajinikanth supports Anna Hazare. The Times of India
  129. ↑ (26 December 2011). Rajinikanth lends wedding hall for anti-corruption fast: Team Anna. Daily News and Analysis
  130. ↑ Civilian Awards announced on 26 January 2000. Ministry of Home Affairs (India)
  131. ↑ (17 January 2008). NDTV presents Indian of the Year awards. NDTV
  132. ↑ Indian Entertainer of the year. itimes.com
  133. ↑ (18 June 2010). Air supply. The Hindu
  134. ↑ Buncombe, Andrew. (3 October 2010). Meet India's biggest film star. The Independent
  135. ↑ (4 May 2011). Now, a film on Rajinikanth's life. The Times of India
  136. ↑ (31 May 2010). Rajinikanth is the Entertainer of the decade. Sify
  137. ↑ (26 January 2014). Rajinikanth gets Padma Vibhushan; Padma Shri for Priyanka, Ajay Devgn. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাপদ্মবিভূষণ বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীদাদাচাহেব ফাল্কে বঁটা বিজয়ীকলিউড (তামিল চলচ্চিত্ৰ জগত)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজনীকান্ত” প্ৰবন্ধৰ সংশোধন ৬৪০৩৫২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।