তামিল ভাষা (தமிழ்) ভাষাত ভাৰতৰ ছয় কোটিৰো বেছি মানুহে কথা পাতে। এই ভাষাটো দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ চৰকাৰী ভাষা আৰু উত্তৰ আৰু উত্তৰ-পূৱ শ্ৰীলঙ্কাৰ প্ৰধান ভাষা। ইয়াৰ উপৰিও চিঙ্গাপুৰ, মালয়েচিয়া, মৰিচাছ আৰু দক্ষিণ আফ্ৰিকাত বহুতো তামিলভাষী মানুহ আছে। সমগ্ৰ বিশ্বত প্ৰায় চাৰে সাত কোটি লোকে তামিল ভাষাত কথা পাতে।
বৰ্ণ
তামিল বৰ্ণমালা আন ভাৰতীয় বৰ্ণমালাতকৈ পৃথক। প্ৰতিটো বৰ্গৰ বাবে মাত্ৰ এটাকৈ বৰ্ণ আছে। যেনে - ক বৰ্গৰ আখৰ ক, খ, গ, ঘ, ঙ লিখিবলৈ க ব্যৱহাৰ কৰা হয়।
| অসমীয়া | তামিল |
|---|---|
| ক বৰ্গ | க |
| চ বৰ্গ | ச |
| ট বৰ্গ | ட |
| ত বৰ্গ | த |
| প বৰ্গ | ப |
ள-ळ, ழ-ऴ, ற-ऱ, ன-ऩ - এইবিলাক বৰ্ণ বুজাব পৰা সমাৰ্থক অসমীয়া বৰ্ণ নাই।
সাধাৰণ সংখ্যাৰ বাহিৰেও তামিল ভাষাত ১০, ১০০ আৰু ১০০০ৰ বাবে চিহ্ন আছে। দিন, মাহ, বছৰ, ডেবিট, ক্ৰেডিট, টকা আৰু সংখ্যাৰ বাবেও চিহ্ন উপস্থিত থাকে। তামিলত কেইবাটাও ঐতিহাসিক ভগ্নাংশ চিহ্নৰ মাধ্যমেৰে ব্যৱহাৰ কৰা হয়।
সংখ্যা
| ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১০০ | ১০০০ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ௦ | ௧ | ௨ | ௩ | ௪ | ௫ | ௬ | ௭ | ௮ | ௯ | ௰ | ௱ | ௲ |
অন্ৰু = এক ইৰণ্ডু = দুই মুন্ৰু = তিনি নান্গু = চাৰি ঐন্দু = পাঁচ আৰু = ছয় এলু = সাত ঔট্টু = আঠ ঔন্পদু = ন পত্তু = দহ
বাহ্যিক সংযোগ
- Tamil language at Encyclopædia Britannica
- Tamil language and literature
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তামিল ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৪৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।