অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ৰামকৃষ্ণ পৰমহংস

ৰামকৃষ্ণ পৰমহংস আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেওঁৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ। সেয়েহে তেওঁৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেওঁ আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে- পৃথিৱীৰ সকলো ধৰ্মই সঁচা আৰু ইয়াত কোনো ভিন্নতা নাই।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮১৫ শব্দ · ৫ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰামকৃষ্ণ পৰমহংস আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেওঁৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ। সেয়েহে তেওঁৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেওঁ আছিল মানৱতাৰ পূজাৰী। সাধনাৰ ফলত তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে- পৃথিৱীৰ সকলো ধৰ্মই সঁচা আৰু ইয়াত কোনো ভিন্নতা নাই। ই মাথোঁ ঈশ্বৰপ্ৰাপ্তিৰ ভিন ভিন সাধন।

জন্ম

ৰামকৃষ্ণ পৰমহংসদেৱৰ জন্ম হৈছিল ১৮৩৬ খ্ৰীষ্টাব্দত, পশ্চিমবংগৰ গাঁও কামাৰপুকুৰত। তেওঁৰ দেউতাকৰ নাম আছিল খুদিৰাম চট্টোপাধ্যায়১ আৰু মাকৰ নাম আছিল চন্দ্ৰমনি দেৱী। ৰামকৃষ্ণ পৰমহংসৰ সৰুকালৰ নাম আছিল গদাধৰ। তেওঁৰ শিশুসুলভ সৰলতা আৰু মন্ত্ৰমুগ্ধ হাঁহিয়ে সকলোকে মোহিত কৰিছিল।

জীৱন

১৮৫৫ চনত কলকাতাৰ এগৰাকী চহকী কৈৱৰ্ত জনগোষ্ঠী সম্প্ৰদায়ৰ মহিলা ৰাণী ৰাসমণিয়ে নিৰ্মাণ কৰা দক্ষিণেশ্বৰ কালি মন্দিৰত ৰামকুমাৰে পূজাৰী হিচাপে যোগদান কৰিছিল।২ ৰামকৃষ্ণ আৰু তেওঁৰ ভতিজাক হৃদয় ৰামকুমাৰৰ সহকাৰী ৰূপে মূৰ্তি সজোৱাৰ কামত নিয়োজিত হৈছিল। ১৮৫৬ চনত ৰামকুমাৰৰ মৃত্যুৰ পিছত ৰামকৃষ্ণই মন্দিৰৰ পুৰোহিতৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।৩ কলকতাৰ এখন পাঠশালাৰ সঞ্চালক অগ্ৰজ ককায়েক ৰামকুমাৰ চট্টোপাধ্যায়ে ৰামকৃষ্ণ পৰমহংসক তেওঁৰ পাঠশালাত অধ্যাপনা কৰিবলৈ লৈ গৈছিল। কিন্তু বহু চেষ্টাৰ পিছতো অধ্যাপনা-অধ্যয়নত তেওঁৰ মন নবহাত কলিকতাৰে ওচৰৰ দক্ষিণেশ্বৰত থকা কালী মাতাৰ মন্দিৰত ককায়েকে তেওঁক পুৰোহিতৰ দায়িত্ব সঁপিলে। ৰামকৃষ্ণ পৰমহংস হৈ পৰিল কালীমাৰ পৰম ভক্ত। এনেদৰে ২০ বছৰ বয়সতে মাতাৰ কৃপাত তেওঁ লাভ কৰিলে পৰম দিব্য জ্ঞান।

ৰামকৃষ্ণ পৰমহংসৰ পৰম শিষ্য আছিল স্বামী বিবেকানন্দ। ৰামকৃষ্ণদেৱে নিজস্ব অনুভূতিতে ঈশ্বৰৰ অস্তিত্ব বিশ্বাস কৰিছিল। আধ্যাত্মিক সত্য, প্ৰখৰ ভক্তি এইবোৰ আছিল তেওৰ পথ প্ৰদৰ্শক। তেওঁ ভক্তসকলক মানৱতাৰ পাঠ পঢ়ুৱাইছিল। ওণ ৰামকৃষ্ণদেৱৰ শিষ্য নাগ মহাশয়দেৱে এদিন গংগাৰ পাৰত দুজন লোকে ৰামকৃষ্ণ পৰমহংসদেৱক গালি পাৰি কথা কৈ থকা শুনি ক্ৰোধিত হোৱাৰ পাছতো ঈশ্বৰক কৈছিল যে তেওঁলোকৰ মন ৰামকৃষ্ণৰ প্ৰতি ভক্তিৰে ভৰাই তোলা। সঁচা ভক্তিৰ ফলত সেই দুজন লোকে সন্ধিয়ালৈ একেলগে আহি ৰামকৃষ্ণদেৱৰ ভৰিত পৰি ক্ষমা খুজিছিল আৰু ৰামকৃষ্ণদেৱেও মানুহ দুজনক ক্ষমা কৰি দিছিল।

জীৱনৰ বিয়লি বেলাত ৰামকৃষ্ণদেৱে সমাধিক্ষেত্ৰতে থাকিবলৈ ল'লে। শৰীৰৰ প্ৰতি মোহ লাহে লাহে কমি আহিল। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিবলৈ শিষ্যসকলে কৰা অনুৰোধত তেওঁ মাথোঁ হাঁহিবলৈ ধৰিলে। তেওঁৰ শিষ্যসকলে তেওঁক ঠাকুৰ নামেৰে মাতিছিল। ৰামকৃষ্ণ পৰমহংসৰ পৰমশিষ্য বিবেকানন্দই কিছুদিনৰ বাবে হিমালয়ত গৈ তপস্যা কৰিবলৈ বিচাৰিছিল। আজ্ঞা ল'বলৈ বিবেকানন্দই যেতিয়া ৰামকৃষ্ণদেৱৰ ওচৰলৈ গৈছিল, তেতিয়া ৰামকৃষ্ণদেৱে কৈছিল যে- চাৰিওফালে মানুহ ভোকাতুৰ, চাৰিওফালে মাথোঁ অজ্ঞানৰ আন্ধাৰ। ইয়াত মানু্হে হাহাকাৰ কৰিব আৰু তেওঁ হিমালয়ৰ কোনো গুহাৰ আনন্দত নিমগ্ন থাকিলে তেওঁৰ আত্মাই শান্তি নাপাব। ইয়াৰ পাছতে বিবেকানন্দই দৰিদ্ৰৰ সেৱাত নিমগ্ন হ'ল।

ৰামকৃষ্ণ পৰমহংস আছিল মহান যোগী, মানৱ সেৱাক ঈশ্বৰপ্ৰশস্ত পথ বুলি মনতে থাপি লৈ সমাজ সেৱাত নিজ জীৱন উছৰ্গা কৰি অনৈকতাত একতাৰ সন্ধান কৰা এজন মহাপুৰুষ।

মৃত্যু

তেখেতে ১৮৮৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত শেষ নিশ্বাস গ্ৰহণ কৰে।

তথ্যসূত্ৰ

  • Beckerlegge, Gwilym. (2006). Swami Vivekananda's Legacy of Service. Oxford University Press. ISBN 9780195673883
  • Bhattacharyya, Somnath. Kali's Child: Psychological And Hermeneutical Problems. Infinity Foundation
  • Chatterjee, Partha. (1993). The Nation and Its Fragments: Colonial and Postcolonial Histories. Princeton University Press. পৃ. 296. ISBN 978-0-691-01943-7
  • Gupta, Mahendranath ("M."). (1942). The Gospel of Sri Ramakrishna. Ramakrishna-Vivekananda Center. ISBN 0911206019
  • Gupta, Mahendranath ("M."). (2001). Sri Sri Ramakrishna Kathamrita. Sri Ma Trust. ISBN 978-81-88343-00-3
  • Harding, Elizabeth U. (1998). Kali, the Dark Goddess of Dakshineswar. Motilal Banarsidass. ISBN 8120814509
  • Heehs, Peter. (2002). Indian Religions. Orient Blackswan
  • Hixon, Lex. (2002). Great Swan: Meetings With Ramakrishna. Larson Publications. ISBN 0-943914-80-9
  • Isherwood, Christopher. (1980). Ramakrishna and His Disciples. Vedanta Press. ISBN 0-87481-037-X (reprint, orig. 1965)
  • Jackson, Carl T. (1994). Vedanta for the West. Indiana University Press. ISBN 0-253-33098-X
  • Kripal, Jeffery J. (1995). ((Kali's Child: The Mystical and the Erotic in the Life and Teachings of Ramakrishna)). University of Chicago Press
  • Müller, max. (1898). Ramakrishna: His Life and Sayings. LONGMANS, GREEN, AND CO. ISBN 81-7505-060-8
  • Neevel, Walter G. (1976). Hinduism: New Essays in the History of Religions. Brill Archive. পৃ. 53–97
  • Rajagopalachari, Chakravarti. (1973). Sri Ramakrishna Upanishad. Vedanta Press
  • Ramaswamy, Krishnan. (2007). Invading the Sacred: An Analysis of Hinduism Studies in America. Rupa & Co. ISBN 978-8129111821
  • Rolland, Romain. (1929). Life of Ramakrishna. Vedanta Press. ISBN 978-8185301440
  • Saradananda, Swami. (2003). Sri Ramakrishna and His Divine Play. Vedanta Society. ISBN 978-0916356811
  • Saradananda, Swami. (1952). Sri Ramakrishna The Great Master. Sri Ramakrishna Math
  • Sen, Amiya P. (2006). Sri Ramakrishna, the Kathamrita and the Calcutta middle classes: an old problematic revisited. Postcolonial Studies. পৃ. 165–177
  • Sen, Amiya P. (2001). Three essays on Sri Ramakrishna and his times. Indian Institute of Advanced Study
  • Spivak, Gayatri Chakravorty. (December 28, 2007). Other Asias. Wiley-Blackwell
  • Tyagananda; Vrajaprana. (2010). Interpreting Ramakrishna: Kali's Child Revisited. Motilal Banarsidass. পৃ. 410. ISBN 9788120834996

আৰু চাওক

অধিক তথ্য

  • Ananyananda, Swami. (1981). Ramakrishna: a biography in pictures. Advaita Ashrama, Calcutta. ISBN 978-8185843971
  • Chetanananda, Swami. (1990). Ramakrishna As We Saw Him. Vedanta Society of St Louis. ISBN 978-0916356644
  • Hourihan, Paul. (2002). Ramakrishna & Christ, the Supermystics: New Interpretations. Vedantic Shores Press. ISBN 1-931816-00-X
  • Olson, Carl. (1990). The Mysterious Play of Kālī: An Interpretive Study of Rāmakrishna. American Academy of Religion (Scholars Press). ISBN 1-55540-339-5
  • Prosser, Lee. (2001) Isherwood, Bowles, Vedanta, Wicca, and Me. Writers Club: Lincoln, Nebraska. ISBN 0-595-20284-5
  • Satyananda, Saraswati. Ramakrishna: The Nectar of Eternal Bliss. Devi Mandir Publications. ISBN 1-877795-66-6
  • Torwesten, Hans. (1999). Ramakrishna and Christ, or, The paradox of the incarnation. The Ramakrishna Mission Institute of Culture. ISBN 978-8185843971

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Smart, Ninian The World’s Religions (1998) p.409, Cambridge
  2. ↑ Sen 2006, p. 176
  3. ↑ Harding 1998, পৃ. 251

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ধৰ্মীয় গুৰুবঙালী ব্যক্তিভক্তি আন্দোলন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামকৃষ্ণ পৰমহংস” প্ৰবন্ধৰ সংশোধন ৬৩১৪০২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।