মালয়ালম বা মলয়ালম (മലയാളം) দক্ষিণ ভাৰতৰ এটা দ্ৰাবিড় ভাষা। তামিল ভাষাৰ লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি। মালয়ালম ভাষা কোৱা মানুহ মালয়ালী নামেৰে পৰিচিত।
এই পৰ্য্যন্ত প্ৰাপ্ত মালয়ালম ভাষাত লিখা আদিতম ৰচনাবিলাক ৯ম শতিকাত লিখা। ১১২৫-১২৫০ অব্দৰ মধ্যৱৰ্তী সময়ত মালয়লাম ভাষাৰ প্ৰথম সাহিত্যিক ৰচনাগবিলাক লিখিত হয়। ইয়াৰ মাজত আছে ধ্ৰুপদী গীতিকবিতা।
মালয়ালম ভাষা মালায়ালম লিপিৰে লিখা হয়। চিঙ্গাপুৰ আৰু মালয়েছিয়াত মালয়ালম ভাষা আৰৱী লিপিৰে লিখা হয়। বহু সময়ত কেৰালাৰ মুছলমানসকলেও আৰৱী লিপিৰে ভাষাটো লিখে। মালয়ালম প্ৰধানত কেৰালা, লাক্ষাদ্বীপ আৰু পণ্ডিচেৰীৰ মাহে অঞ্চল প্ৰচলিত। ৩ কোটি ৫৭ লাখ মানুহে এই ভাষাত কথা পাতে।
]]

বাহ্যিক সংযোগ
- Malayalam language at Encyclopædia Britannica
- Unicode Code Chart for Malayalam (PDF Format)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালয়ালম ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩০৬৩৪ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।