অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শিৱাজী (চলচ্চিত্ৰ)

শিৱাজী: দ্য ব’চ (Sivaji: The Boss) হৈছে ২০০৭ চনত মুক্তি প্ৰাপ্ত ভাৰতীয় তামিল ভাষাৰ মছলা-ধৰ্মী চলচ্চিত্ৰ যাৰ পৰিচালনা কৰিছিল এচ শঙ্কৰে আৰু প্ৰযোজনা কৰিছিল এভিএম প্ৰডাকচনে। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল ৰজনীকান্ত আৰু শ্ৰীয়া চৰণে; লগতে আছিল সুমন, বিবেক, মণিভাৰন আৰু ৰঘুবৰণ। এ. আৰ.

হালনাগাদ: ৯ নৱেম্বৰ ২০২৪ ৮৮২ শব্দ · ৫ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

শিৱাজী: দ্য ব’চ (Sivaji: The Boss) হৈছে ২০০৭ চনত মুক্তি প্ৰাপ্ত ভাৰতীয় তামিল ভাষাৰ মছলা-ধৰ্মী চলচ্চিত্ৰ যাৰ পৰিচালনা কৰিছিল এচ শঙ্কৰে আৰু প্ৰযোজনা কৰিছিল এভিএম প্ৰডাকচনে। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল ৰজনীকান্ত আৰু শ্ৰীয়া চৰণে; লগতে আছিল সুমন, বিবেক, মণিভাৰন আৰু ৰঘুবৰণ। এ. আৰ. ৰহমানে সংগীত আৰু আৱহ সংগীত পৰিচালনা কৰিছিল, য’ত থোতা থাৰানী আৰু কে.ভি. আনন্দ চলচ্চিত্ৰখনৰ কলা নিৰ্দেশক আৰু চিত্ৰগ্ৰহণকাৰী আছিল।

চলচ্চিত্ৰখনত এগৰাকী সুপ্ৰতিষ্ঠিত চফ্টৱেৰ চিষ্টেম আৰ্কিটেক্ট শিৱাজী, যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ উভতি আহে, তেওঁ বিনামূল্যে চিকিৎসা আৰু শিক্ষা দি সমাজখনক উন্নত কৰাৰ সপোন দেখে। য’ত তেওঁ সপোনবোৰ পূৰণ কৰাৰ অৰ্থে প্ৰভাৱশালী ব্যৱসায়ী আদিশেষনৰ দ্বাৰা বাধা বিপত্তিৰ সন্মুখীন হ’বলগীয়া হয়। যেতিয়া দুৰ্নীতিও দেখা দিয়ে, শিৱাজীকে তেওঁৰ নিজৰ পদ্ধতিত যুদ্ধ কৰাৰ বিপৰীতে আৰু কোন উপায় নেদেখে।

ছবিখনে বিশ্বজুৰি ২০০৭ চনৰ ১৫ জুনত তামিল ভাষাত মুক্তি পাইছিল আৰু একেই তাৰিখতে তেলুগু ভাষাতো ডাব সংস্কৰণ মুক্তি দিয়া হৈছিল। ছবিখন হিন্দী ভাষালৈও ডাব কৰা হৈছিল, যি ২০১০ চনৰ ৮ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিছিল। ছবিখনে সমালোচকসকলোৰ দ্বাৰা ইতিবাচকভাৱে গৃহীত হৈছিল, আৰু বিশ্বব্যাপী বাণিজ্যিক সাফল্যলৈ পৰিণত হৈছিল। ই চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, তিনিটা ফিল্মফেয়াৰ বঁটা আৰু দুটা বিজয় বঁটা লাভ কৰিবলৈ সক্ষম হয়।

ছবিখন থ্ৰী ডি (3D) -লৈ ৰূপান্তৰিত হৈছিল আৰু ২০১২ চনৰ ১২ ডিচেম্বৰ তাৰিখে ইয়াক 'শিৱাজী থ্ৰী ডি' (Sivaji 3D) হিচাপে মুক্তি দিয়ে। থ্ৰি ডি সংস্কৰণটোৰ সময়সীমা বা দৈৰ্ঘ্য মূল চলচ্চিত্ৰখনতকৈ চুটি আছিল।

প্লট

ভাৰতীয় চফ্টৱেৰ আৰ্কিটেক্ট শিৱাজী (ৰজনীকান্ত) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ উভতি আহে। তেওঁ 'শিৱাজী ফাউণ্ডেচন' নামেৰে এটি অ-লাভজনক ট্ৰাষ্ট প্ৰতিষ্ঠা কৰাৰ লক্ষ্য স্থিৰ কৰে, যাৰ জৰিয়তে হাস্পতাল আৰু শিক্ষা প্ৰতিষ্ঠানৰ এটি নেটৱৰ্ক গঠন কৰি দৰিদ্ৰসকলক বিনামূল্য সেৱা আগবঢ়াব। প্ৰভাৱশালী ব্যৱসায়ী আদিশেষনে (সুমন) শিৱাজীক তেওঁৰ প্ৰতিযোগী হিচাবে দেখে কাৰণ তেওঁ লাভ-উপাৰ্জনকাৰী শিক্ষা প্ৰতিষ্ঠান আৰু হাস্পতাল পৰিচালনা কৰে। সিৱাজী দুৰ্নীতিগ্ৰস্থ চিভিল চাৰ্ভিছত ঘুষ দিবলৈ বাধ্য হয়, কিন্তু, শেষ পৰ্যায়লৈ ঘুষবোৰ ইমান বেছি হৈ যায় যে, তেওঁ তেওঁৰ বাৰী বন্ধকত ৰাখিবলগীয়া হয় আৰু গাড়ী পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হয়। আদিশেষনৰ বিৰুদ্ধে শিৱাজী যেতিয়া আদালতত যায়, তেতিয়া তেওঁ বহু চৰকাৰী কৰ্মকৰ্তাক ফাউণ্ডেচনৰ নামত ঘুষ দি পদ্ধতি অৱলম্বন কৰাৰ বাবে তেওঁ কেচত হাৰি যায়। একে লগে, শিৱাজী তামিজচেলভী (শ্ৰীয়া চৰণ) নামেৰে ছোৱালী এগৰাকীৰ প্ৰেমত পৰে। তেওঁৰ ৰাশিফল জনাৰ পিছত, এগৰাকী জ্যোতিষীয়ে সতৰ্ক কৰি দিয়ে যে তেওঁলোকৰ মিলনৰ ফলত শিৱাজীৰ মৃত্যু হ’ব। তামিজচেলভী শিৱাজীৰ প্ৰতি তেওঁৰ উদ্বেগৰ কাৰণে প্ৰস্তাৱটি প্ৰত্যাখ্যান কৰিলেও তেওঁ তামিজচেলভীৰ ভয়ক সান্ত্বনা দিয়ে আৰু তেওঁক তেওঁৰ সৈতে বিয়া কৰাৰ বাবে ৰাজি কৰে।

আদালতৰ কেচৰ ক্ষতিৰ পিছত, তামিজচেলভীয়ে শিৱাজীক অনুৰোধ কৰে যে, তেওঁ আৰু তেওঁৰ কাষলৈ আহিব নালাগে। তেওঁ যি পদ্ধতি অৱলম্বন কৰিছিল সেইসমূহৰ পৰা কাম কৰা যে সম্ভৱ নহয় তেওঁ বুজি উঠে, তেওঁ খেলটো নিজৰ মতে খেলাৰ সিদ্ধান্ত লয়। শিৱাজী, তেওঁৰ মোমায়েক আৰিভু (বিবেক) -ৰ সহায়তাত আদিশেষনৰ দখলত থকা ২ বিলিয়ন ডলাৰৰ অবৈধ উপাৰ্জনৰ প্ৰমাণ পায় আৰু আধা টকা দিয়াৰ বাবে নথিসমূহ আদিশেষনক ব্লেকমেইল কৰাৰ বাবে ব্যৱহাৰ কৰে। তেওঁ তামিলনাডুজুৰি যিসকল লোকৰ অবৈধ উপাৰ্জন আছে সেইসকলৰ সম্পৰ্কে তেওঁ আৰু বিশদভাৱে জানি লয় আৰু সিহঁতৰ অবৈধ সম্পদৰ আধা ধন দিয়াৰ বাবে সিহঁতক ব্লেকমেইল কৰে। পিছত তেওঁ হাৱালাৰ জালিয়াতিৰ জৰিয়তে বিশ্বব্যাপী তেওঁৰ বন্ধুসকলোৰ বেংক একাউণ্টত এই ধনসমূহ স্থানান্তৰ কৰে। ইয়াৰ পিছত তেওঁৰ ধনসমূহ ব্যৱহাৰযোগ্য আৰু বৈধ কৰি তুলি শিৱাজী ফাউণ্ডেচনৰ অনুদান হিচাবে অৰ্থ জমা কৰে।

শিৱাজী টেক্স চুৰিকাৰীসকলোক (আদিশেষনসহ) আটককৃত অবৈধ অৰ্থৰ বিৱৰণ সম্পৰ্কে আয়কৰ তদন্ত আৰু নজৰদাৰি বিভাগ (Income Tax Investigation and Vigilance Department) -ক জনায় আৰু সিহঁতক গ্ৰেপ্তাৰ কৰে। তেওঁ ফাউণ্ডেচনটো আকৌ খোলে আৰু শীঘ্ৰেই তামিলনাডুৰ প্ৰতিখন জিলাৰ লোকসকলোৰ বাবে বিনামূল্যে, উন্নতমানৰ শিক্ষা (good quality education), ইন্‌ফ্ৰাষ্টাকচাৰ (infrastructure), সেৱা আৰু কৰ্মসংস্থান (services and employment) দিবলৈ সক্ষম হয়। আদিশেষনৰ নেতৃত্বত, যাক শিৱাজীৰ দ্বাৰা ব্লেকমেইল কৰা হৈছিল তাক তেওঁ নিস্তব্ধ কৰাৰ বাবে তামিজচেলভীৰ নিৰ্দোষতাৰ কামত লগাইছিল। শিৱাজীৰ জীৱনৰ ভয়ত তেওঁ শিৱাজীৰ লেপটপটো চিডিআই (CID) আৰু আদিশেষনৰ নিয়োগকৃত আয়কৰ কৰ্মকৰ্তাসকলোৰ হাতত অবৈধ অৰ্থৰ লেনদেন সম্পৰ্কিত সমস্ত তথ্য দিছিল। উপস্থিত প্ৰমাণসহ শিৱাজীক গ্ৰেপ্তাৰ কৰা হয়।

আদিশেষন আৰু পুলিচ শিৱাজীক তেওঁৰ লেপটপ আনল’ক কৰাৰ বাবে নিৰ্দেশ দিয়ে। শিৱাজী ৰাজি নোহোৱাত আদিশেষনে তেওঁক নিৰ্যাতন কৰি মৃত অৱস্থাত থৈ যায়। এই বিষয়টোৰ পৰা হাতসাৰিবৰ বাবে, আদিশেষন আৰু পুলিশে প্ৰৱঞ্চনা কৰিবৰ বাবে পুলিশ গাড়ীত গুলি চালনাৰ ব্যৱস্থা কৰিছিল যি শিৱাজীৰ মৃতদেহ বহন কৰিব, ইয়াক তৃতীয় পক্ষৰ দ্বাৰা হত্যা কৰাৰ দৰে দেখুৱায়। শিৱাজী অৱশ্যে মিচা অভিনয় কৰে; আলোচনাৰ আগে তেওঁক সহানুভূতিশীল পুলিচ কনিষ্টবলে তেওঁক হত্যা কৰাৰ পৰিকল্পনা সম্পৰ্কে জ্ঞাত কৰায়। ঘৰত অকলে থাকি তেওঁ নিজে বিদ্যুতায়ন কৰে। শিৱাজীৰ বন্ধু ডাঃ চেজিয়ান (ৰঘুভৰান), তামিজচেলভী আৰু আৰিভু এটি এমএমএছৰ মাধ্যমত শিৱাজী কৰ্তৃক অবহিত হোৱাৰ পিছত পুলিচ গাড়ীত জুই লাগি যোৱাৰ আগতে শিৱাজীক অন্য এখন গাড়ীত লৈ যায়। যদিও সকলোৱে ভাবে যে, শিৱাজীৰ মৃত্যু হৈছে। চেজিয়ান ডিফিব্ৰিলিটৰ (defibrillator) ব্যৱহাৰ কৰি পুনৰ্জীৱন দিয়ে। শিৱাজীৰ “মৃত্যুৰ” পিছত, আদিশেষন আৰু চিবিআইয়ে ভয়েস-ডিটেকশ্বন প্ৰগ্ৰামৰ দ্বাৰা মিচাকৈ শিবাজিৰ লেপটপ খোলাৰ চেষ্টা কৰে; যদিও তেওঁলোক ব্যৰ্থ হয় আৰু লেপটপৰ সমস্ত ডাটা গুছি যায়।

কিছু দিন পিছত, সকলোৱে শিৱাজী ফাউণ্ডেচনৰ ভৱিষ্যতৰ বিষয়ে অবাক হোৱাৰ পিছত, পুনৰুদ্ধাৰিত বা পুনৰ্জীৱিত শিৱাজী এজন এনআৰআই বন্ধু এম জি ৰবিচন্দ্ৰনৰ ছদ্মৱেশত ফাউণ্ডেচনৰ নিয়ন্ত্ৰণলৈ ঘূৰি আহে। যদিও আদিশেষনে তাৎক্ষণিকভাৱে বুজিব পাৰে যে, ৰবিচন্দ্ৰন প্ৰকৃততে শিৱাজী, কিন্তু শিৱাজীৰ “মৃত্যু” আৰু ৰবিচন্দ্ৰনৰ পৰিচয়ৰ প্ৰমাণপত্ৰ আদি থকাৰ কাৰণে তেওঁ পুলিচৰ কাষত এইটো প্ৰমাণ কৰিব নোৱাৰে। পিছত, শিৱাজী আদিশেষনৰ মেডিকেল কলেজৰ ওপৰত আদিশেষন আৰু শিৱাজী দুয়ো যুদ্ধ কৰে। যুদ্ধৰ সময়ত, অবিচ্ছিন্নভাৱে কেম্পাচ্‌ৰ চালে চালে কোবাই যাৰ ফলত লুকুৱাই থোৱা অৰ্থ কেম্পাচ্‌ৰ চাৰিওপিনে উৰি যায়। শিক্ষাৰ্থীসকলে স্থানত টকা উৰি থকা দেখি সেই টকা সংগ্ৰহ কৰিবলৈ ধৰে, য’ত ভৰিৰ গচকত আদিশেষনৰ মৃত্যু হয়। শিৱাজী ফাউণ্ডেচন শীঘ্ৰেই ভাৰতৰ অৰ্থনৈতিক আৰু শিল্পোন্নয়নৰ এক সীমনাত পৰিণত হয়।

অভিনয়ত

  • ৰজনীকান্ত - শিৱাজী (এম. জি. ৰবিচন্দ্ৰন)১
  • শ্ৰীয়া চৰণ - তামিজচেলভী২
  • বিবেক - আৰিভু২
  • সুমন - আদিশেষন১
  • ৰঘুবৰণ - ড॰ চেজিয়ান২
  • মানিভান্নান - আৰুমুগাম
  • বাদিভুক্কাৰশী - মিচেচ আৰুমুগাম
  • শচীন হানিফ - এ. কুজান্ধাইভেল
  • চলমন পাপ্পায়া - থনদৈমন
  • পাট্টিমনদ্ৰম ৰাজা - ৰামলিংগম
  • চানমুগাৰজন - পলিচ ইন্সপেক্টৰ যিয়ে আদিশেষন সহায় কৰিছিল
  • পিৰামিড নটৰাজন - আৰভুৰ উকীল
  • এম এছ ভাস্কৰ - পাজানিচামী৩
  • লিভিংষ্টন - পলিচ ইন্সপেক্টৰ যিয়ে শিৱাজীৰ সৈতে বিৰোধিতা কৰিছিল৩
  • উমা পদ্মনাভন - মিচেচ. জ্যোতি ৰামলিংগম
  • বচ বেংকট - ভেলু
  • বসু বিক্ৰম - এম এল এ
  • মহাদেৱান - জ্যোতিষী যাৰ পৰা তামিজচেলভীয়ে তেওঁৰ বিয়াৰ সম্পৰ্কে পৰামৰ্শ লৈছিল৩
  • নয়নতাৰা - “বেলেইলাক্কা” গীতত কেমিঅ’ এপিয়াৰেঞ্চ৩
  • ইলাভাৰাসু - কেমিঅ’ এপিয়াৰেঞ্চত৪
  • কনাল কান্নন - কেমিঅ’ এপিয়াৰেঞ্চত৪
  • মাইলস্বামী - কেমিঅ’ এপিয়াৰেঞ্চত৪
  • এ.চি. মূৰালী মোহন - এগৰাকী ডাক্তৰ যিয়ে কুজান্ধাইভেলক চিকিৎসা প্ৰদান কৰে৪
  • চিন্নী জয়ন্ত - কেমিঅ’ এপিয়াৰেঞ্চত৪
  • ধামু - কেমিঅ’ এপিয়াৰেঞ্চত৪
  • স্বামীনন্থন - গ্ৰাহক যিয়ে খঁজড়ীৰ বিষয়ে শুধে৪
  • মুথুকালাই - কেমিঅ’ এপিয়াৰেঞ্চত
  • এছ. শংকৰ - “বেলেইলাক্কা” গীতত কেমিঅ’ এপিয়াৰেঞ্চ৫
  • কে.ভি. আনন্দ - “বেলেইলাক্কা” গীতত কেমিঅ’ এপিয়াৰেঞ্চ৫
  • থটা তাৰাণী - “বেলেইলাক্কা” গীতত কেমিঅ’ এপিয়াৰেঞ্চ৫

তথ্যসূত্ৰ

  1. ↑ Chanda, Arup. (24 June 2007). Rajnikanth THE BOSS. The Tribune
  2. ↑ Gautaman Bhaskaran. (27 July 2007). Sivaji – the Boss. The Hollywood Reporter
  3. ↑ (29 November 2013). Sivaji The Boss Tamil (சிவாஜி) – Full Movie 1080p HD. AVM Productions
  4. ↑ (29 November 2013). Sivaji The Boss Tamil (சிவாஜி) – Full Movie 1080p HD. AVM Productions
  5. ↑ (29 November 2013). Sivaji The Boss Tamil (சிவாஜி) – Full Movie 1080p HD. AVM Productions

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱাজী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৪৩৬৩৮ (৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।