অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

গুগল

গুগল ইন্‌কৰ্পোৰেটেড (Google Incorporated) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী। গুগল সাধাৰণতে গুগল চাৰ্চ ইঞ্জিন আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফৰ্নিয়াৰ মাউণ্টেইন ভিউ চহৰত অৱস্থিত।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৬ ৪৮০ শব্দ · ৩ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

গুগল ইন্‌কৰ্পোৰেটেড (Google Incorporated) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী। গুগল সাধাৰণতে গুগল চাৰ্চ ইঞ্জিন আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফৰ্নিয়াৰ মাউণ্টেইন ভিউ চহৰত অৱস্থিত। গুগলৰ মূলমন্ত্ৰ হ'ল "বিশ্বৰ তথ্য একত্ৰিত কৰি সেইবোৰ সকলোৰে বাবে সহজলভ্য কৰি তোলা। গুগলৰ নিজস্ব প্ৰতিষ্ঠানিক মূলমন্ত্ৰ হ'ল "Don't be evil" অৰ্থাৎ "কেতিয়াও বেয়া নহ'ব"। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন পি এইচ ডি অধ্যয়নৰত ছাত্ৰ লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিন গুগলৰ প্ৰতিষ্ঠাপক।১২

ইতিহাস

১৯৯৬ চনত গৱেষণা প্ৰকল্প হিচাপে কেলিফোৰ্নিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন পি এইচ ডি অধ্যয়নৰত ছাত্ৰ লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিনে ইয়াৰ কাম কাজ আৰম্ভ কৰিছিল। তেওঁলোকৰ মনোভাৱ আছিল সেইসময়ৰ কৌশলসমূহক চেৰাই এটা নতুন কৌশলৰে যদি কোনো এটা চাৰ্চ ইঞ্জিন যদি সৃষ্টি কৰা হয়, যিটোৰে ৱেবছাইটবোৰৰ মাজত থাকি যদি পাৰস্পৰিক সম্পৰ্ক ৰাখি যদি ফলাফল নিৰ্নয় কৰা যায় তেন্তে আৰু ভাল ফলাফল পোৱা যাব।

১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত৩ ৪ লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিনে এটা প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে গুগল প্ৰতিষ্ঠা কৰে। ২০০৪ চনৰ ১৯ আগষ্টত ই এটা পাব্লিক লিমিটেড কোম্পানিলৈ পৰিণত হয়। সময়ৰ লগত নিত্যনতুন পণ্য আৰু সেৱা যোগ কৰি গুগলে প্ৰতিদিনেই নিজৰ আকাৰ আৰু উপযোগিতা বঢ়াই তোলাত সক্ষম হৈছে। একেসময়েতে নতুন কোম্পানী কিনি নিজৰ লগত একত্ৰীকৰণ, ভিন্ন প্ৰতিষ্ঠানৰ লগত অংশীদাৰিত্ব আৰু বিজ্ঞাপন জগতত নিজৰ অৱস্থানক সুদৃঢ়ীকৰণৰ মাধ্যমেৰে নিজকে বহুমুখী হিচাপে পৰিচয় কৰাইছে। ইয়াৰ ফলত তথ্য সন্ধান কৰাৰ সমসাময়িকভাৱে বৰ্তমান সময়ত ইমেইল, সামাজিক সংযোগী নেটৱৰ্কিং, ভিডিঅ শ্বেয়াৰিং, অফিছ প্ৰডাক্টিভিটি আদিৰ ক্ষেত্ৰত গুগলে নিজৰ পৰিসৰ বৃদ্ধি কৰিছে।

বৰ্তমান গুগলৰ চি ই ও সুন্দৰ পিচাই, এজন ভাৰতীয়।

গুগলৰ এপ তালিকা

Google Contacts icon (2022).svg
ছবি: Google · Public domain
Google Files logo.svg
ছবি: Google · Public domain
Gboard logo.svg
ছবি: Google · Apache License 2.0
Gmail icon (2020).svg
ছবি: Google · Public domain
Google 2015 logo.svg
ছবি: Google LLC · Public domain
Google Ads logo.svg
ছবি: Original: Google Vectorization: Wefk423 · Public domain
Google Calendar icon (2020).svg
ছবি: Google Inc. · Public domain
Google Chat icon (2023).svg
ছবি: Google · Public domain

বৰ্তমান বন্ধ হোৱা পৰিসেৱাবিলাক:

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Brin, Sergey; Page, Lawrence. (1998). The anatomy of a large-scale hypertextual Web search engine. Computer Networks and ISDN Systems. পৃ. 107–117
  2. ↑ Barroso, L.A.; Dean, J.; Holzle, U. (April 29, 2003). Web search for a planet: the google cluster architecture. IEEE Micro. পৃ. 22–28
  3. ↑ From the garage to the Googleplex. Google
  4. ↑ Google. ইংৰাজী ৱিকিপিডিয়া

সম্পৰ্কিত শ্ৰেণী

ইণ্টাৰনেটকোম্পানীগুগল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুগল” প্ৰবন্ধৰ সংশোধন ৬৩৮২৬৭ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।