ভাৰতীয় অভিনেতা
১০৭ প্ৰবন্ধ
-
বিষ্ণু খাৰঘৰীয়া
বিষ্ণু খাৰঘৰীয়া (জন্ম ১৯৪৬) অসমীয়া চলচ্চিত্ৰ-জগতৰ এজন সুদীৰ্ঘকাল সক্ৰিয় অভিনেতা, যাৰ অভিনয়-জীৱন নাটকৰ পৰা আৰম্ভ হৈ ১৯৭১ চনত চিনেমালৈ বিস্তাৰ পায়। পাঁচ দশকৰো অধিক কালত তেখেতে ত্ৰিশতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা সহ একাধিক সন্মান লাভ কৰিছে।
-
অমিতাভ বচ্চন
অমিতাভ হৰিবংশ বচ্চন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেখেতৰ জন্ম হৈছিল ১১ অক্টোবৰ, ১৯৪২ চনত। ১৯৭০-ৰ দশকত তেখেতে অভিনীত বোলছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰে 'খঙাল যুৱক' (Angry Young Man) হিচাপে। তেওঁ ভাৰতীয় বোলছবি ইতিহাসৰ আটাইতকৈ প্ৰখ্যাত তাৰকা।
-
শ্বাহৰুখ খান
শ্বাহৰুখ খান (Shahrukh Khan; জন্ম ২ নৱেম্বৰ ১৯৬৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় অভিনেতা, প্ৰযোজক, আৰু দূৰদৰ্শন ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি। এওঁক চমুকৈ এছ আৰ কে (SRK) নামেৰেও জনা যায়।
-
আমিৰ খান
মহম্মদ আমিৰ হুচেইন খান (आमिर खान; জন্ম: ১৪ মাৰ্চ ১৯৬৫) হ'ল এজন বিখ্যাত ভাৰতীয় অভিনেতা। হিন্দী ছবিত ত্ৰিছ বছৰৰো বেছি সময় ধৰি তেওঁৰ কেৰিয়াৰত খানে নিজকে ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱশালী অভিনেতা হিচাপে প্ৰতিষ্ঠিত কৰিছে।
-
দিলীপ কুমাৰ
দিলীপ কুমাৰ (Dilip Kumar; প্ৰকৃত নাম মহম্মদ ইউচুফ খান) ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা। দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত৷ ট্ৰেজেদী কিং’ নামেৰে প্ৰসিদ্ধ অভিনেতাজনৰ কেৰিয়াৰৰ প্ৰথম ছবি আছিল ১৯৪৪ চনৰ ‘জোৱাৰ ভাটা’।
-
অশোক কুমাৰ
অশোক কুমাৰ (জন্মসূত্ৰে কুমুদলাল গাংগুলী; জন্ম:১৩ অক্টোবৰ ১৯১১ – মৃত্যু: ১০ ডিচেম্বৰ, ২০০১), এগৰাকী ভাৰতীয় অভিনেতা যাক ভাৰতীয় চলচ্চিত্ৰৰ ‘আইকন’ (icon) আখ্যা দিয়া হয়। তেওঁ হিন্দী চিনেমাত স্বাভাৱিক অভিনয় আৰম্ভ কৰিছিল। ৪০ আৰু ৫০ৰ দশকৰ ক'লা-বগা ছবিৰ যুগৰ তেওঁ আছিল প্ৰথমগৰাকী ছুপাৰষ্টাৰ।
-
অক্ষয় কুমাৰ
অক্ষয় কুমাৰ (Akshay Kumar; জন্ম: ৯ ছেপ্টেম্বৰ ১৯৬৭; জন্ম নাম: ৰাজীৱ হৰি ঔম ভটিয়া) হৈছে এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান অভিনেতা, প্ৰযোজক, মাৰ্চাল আৰ্টিষ্ট আৰু টেলিভিচন ব্যক্তিত্ব যিয়ে বলিউড ছবিত কাম কৰে। ২৯ বছৰৰ বেছি কেৰিয়াৰত, কুমাৰ ১০০ টাতকৈ বেছি চলচ্চিত্ৰত অভিনয় কৰিছে।
-
চলমান খান
চলমান খান (Salman Khan) এজন জনপ্ৰিয় ভাৰতীয় অভিনেতা, প্ৰযোজক তথা টেলিভিচন ব্যক্তিত্ব। তেওঁ বৰ্তমানলৈকে কেইবাখনো বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছে। তিনি দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ প্ৰযোজক হিচাপে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু অভিনেতা হিচাপে দুটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা লাভ…
-
নাছিৰুদ্দিন শ্বাহ
নাছিৰুদ্দিন শ্বাহ (Naseeruddin Shah) হৈছে এগৰাকী প্ৰসিদ্ধ ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেওঁ মূলসূঁতিৰ হিন্দী চলচ্চিত্ৰৰ লগতে ভাৰতীয় সমান্তৰাল চলচ্চিত্ৰৰ লগতো জড়িত। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অভিনেতাজন ফিল্মফেয়াৰ বঁটাৰে সন্মানিত হৈছে। ভেনিচ চলচ্চিত্ৰ মহোৎসৱত তেওঁ বিশেষভাৱে সন্মানিত হৈছে।
-
উৎপল দত্ত (অভিনেতা)
উৎপল দত্ত (Utpal Dutt) এজন ভাৰতীয় অভিনেতা, পৰিচালক, লেখক আৰু নাট্যকাৰ আছিল। তেওঁ মুলতঃ বঙালী থিয়েটাৰৰ এজন অভিনেতা আৰু আধুনিক ভাৰতীয় থিয়েটাৰৰ এজন অগ্ৰণী ব্যক্তি আছিল। তেওঁ ১৯৪৯ চনত "লিটল থিয়েটাৰ গ্ৰুপ" প্ৰতিষ্ঠা কৰে।
-
দেৱ আনন্দ
দেৱ আনন্দ ( Dev Anand; জন্ম: ধৰমদেৱ পিশোৰীমল আনন্দ ; ২৬ ছেপ্টেম্বৰ ১৯২৩ – ৩ ডিচেম্বৰ ২০১১) হিন্দী চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত এজন ভাৰতীয় অভিনেতা, লেখক, পৰিচালক আৰু প্ৰযোজক। আনন্দক ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু সফল অভিনেতা হিচাপে গণ্য কৰা হয়।
-
ৰজনীকান্ত
ৰজনীকান্ত তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী তামিল চলচ্চিত্ৰ কে. বালাচান্দেৰৰ দ্বাৰা পৰিচালিত অপূৰ্ৱ ৰাগাংগল (১৯৭৫) নামৰ চলচ্চিত্ৰ খনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল। কে. বাল্লাচান্দেৰক ৰজনীকান্তে তেওঁৰ মাৰ্গদৰ্শকৰ মৰ্যাদা দিয়ে।
-
অজয় দেৱগন
অজয় দেৱগন (Ajay Devgn; জন্ম: ২ এপ্ৰিল ১৯৬৯; জন্ম নাম: বিশাল দেৱগন) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক আৰু প্ৰযোজক। তেখেত হিন্দী চলচ্চিত্ৰৰ অন্যতম তীব্ৰ তথা প্ৰভাৱশালী অভিনেতা হিচাপে পৰিচিত, যিয়ে শতাধিক হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ঋত্বিক ঘটক
ঋত্বিক কুমাৰ ঘটক এজন বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু নাট্যকাৰ আছিল। সমসাময়িক বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিত ৰায়, তপন সিনহা আৰু মৃণাল সেনৰ লগতে তেওঁৰ চিনেমাবোৰ মূলতঃ সামাজিক বাস্তৱতা, বিভাজন আৰু নাৰীবাদৰ নিখুঁত চিত্ৰায়ণৰ বাবে উল্লেখযোগ্য।
-
শশী কাপুৰ
শশী কাপুৰৰ ১৯৩৮ চনৰ ১৮ মাৰ্চত জন্ম হয়। জন্মৰ সময়ত তেখেতৰ নাম আছিল বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ। শশী কাপুৰ ভাৰতৰ চলচ্চিত্ৰ সাম্ৰাজ্য বলিউদৰ বিখ্যাত কাপুৰ পৰিয়ালৰ এগৰাকী সদস্য। তেখেত এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক আৰু দাদা চাহেব বঁটা বিজেতা।
-
ইৰফান খান
ইৰফান খান (Irrfan Khan; ৭ জানুৱাৰী ১৯৬৭ – ২৯ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে ব্ৰিটিছ আৰু হলিউডৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ প্ৰায় তিনি দশকজুৰি চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ আছিল। প্ৰায় ৫০খন ভাৰতীয় ছবিত তেওঁ অভিনয় কৰিছে।
-
অভিষেক বচ্চন
অভিষেক বচ্চন (Abhishek Bachchan, अभिषेक बच्चन; জন্ম: ৫ ফেব্ৰুৱাৰী ১৯৭৬) হ'ল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা, যি কৰ্মৰ বাবে তেখেত বলিউডত পৰিচিত। বচ্চন পৰিয়ালৰ এজন সদস্য, তেখেত অভিনেতা অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ পুত্ৰ।
-
ঋষি কাপুৰ
ঋষি কাপুৰ (Rishi Kapoor; ৪ ছেপ্টেম্বৰ ১৯৫২ – ৩০ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ ঘাইকৈ হিন্দী চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়।
-
সৌমিত্ৰ চেটাৰ্জী
সৌমিত্ৰ চেটাৰ্জী (বা সৌমিত্ৰ চট্টোপাধ্যায়, Soumitra Chatterjee) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। অস্কাৰ বিজয়ী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ সৈতে কৰা সহযোগিতামূলক কামৰ বাবে তেওঁক জনা যায়। সত্যজিৎ ৰায়ৰ সৈতে চেটাৰ্জীয়ে চৈধ্যখন চলচ্চিত্ৰত কাম কৰিছে।
-
গিৰীশ কৰ্ণাড
গিৰীশ ৰঘুনাথ কৰ্ণাড (Girish Karnad; ১৯ মে' ১৯৩৮ – ১০ জুন ২০১৯) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল।
-
ৰণবীৰ কাপুৰ
ৰণবীৰ কাপুৰ (, জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮২) মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ২০১২ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে।
-
অনুৰাগ কাশ্যপ
অনুৰাগ কাশ্যপ (Anurag Kashyap) (জন্ম ১০ ছেপ্টেম্বৰ ১৯৭২) হিন্দী চিনেমাজগতৰ এজন পৰিচিত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। তেওঁ চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ফৰাচী চৰকাৰে ২০১৩ চনত তেওঁক নাইট অৱ দ্য অৰ্ডাৰ অৱ আৰ্টছ এণ্ড লেটাৰ্ছ হিচাপে নিৰ্বাচিত কৰে।
-
বিনোদ খান্না
বিনোদ খান্না (৬ অক্টোবৰ ১৯৪৬ – ২৭ এপ্ৰিল ২০১৭) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। তেখেতে দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত গুৰদাসপুৰ সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ (১৯৯৮-২০০৯ আৰু ২০১৪-২০১৭) নিৰ্বাচিত হৈছিল।
-
ফাৰহান আখতাৰ
ফাৰহান আখতাৰ (জন্ম ৯ জানুৱাৰী, ১৯৭৪) এগৰাকী ভাৰতীয় কথাছবি পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক, অভিনেতা, গায়ক, গীতিকাৰ আৰু দূৰদৰ্শনৰ অনুষ্ঠান সঞ্চালক। তেওঁৰ পিতৃ জাভেদ আখতাৰ আৰু মাতৃ হানী ইৰাণী।
-
ধনুষ
ধনুষ (தனுஷ்; জন্ম ২৮ জুলাই, ১৯৮৩) হৈছে ভাৰতীয় এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ আৰু নেপথ্য গায়ক। এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ২৮ জুলাই তামিলনাডুৰ চেন্নাইত।
-
সুশান্ত সিং ৰাজপুত
সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput; ২১ জানুৱাৰী ১৯৮৬ – ১৪ জুন ২০২০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা, নৃত্যশিল্পী, টেলিভিছন ব্যক্তিত্ব, উদ্যমী, আৰু এগৰাকী জন হিতৈষী। তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলিছিল।
-
শাম্মী কাপুৰ
শাম্মী কাপুৰ (शम्मी कपूर, Shammi Kapoor; জন্মঃ ২১ অক্টোবৰ, ১৯৩১ - মৃত্যুঃ ১৪ আগষ্ট, ২০১১) আছিল ভাৰতীয় চলচ্চিত্ৰ শিল্প জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫০ আৰু ১৯৬০ ৰ দশকত হিন্দী চিনেমাৰ জগতত তেওঁ আছিল অত্যন্ত জনপ্ৰিয়, শীৰ্ষস্থানীয় চিত্ৰতাৰকা শিল্পী আৰু প্ৰভাৱশালী ব্যক্তিত্ব।
-
অমৰীশ পুৰী
অমৰীশ পুৰী (Amrish Puri; ২২ জুন ১৯৩২ – ১২ জানুৱাৰী ২০০৫) এগৰাকী ভাৰতীয় অভিনেতা আৰু থিয়েটাৰ শিল্পী আছিল। তেওঁ ঘাইকৈ হিন্দী চলচ্চিত্ৰ সমূহত খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষ ভাবে জনাজাত।
-
প্ৰকাশ ৰাজ
প্ৰকাশ ৰাজ (Prakash Raj; জন্ম: ২৬ মাৰ্চ ১৯৬৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক, প্ৰযোজক, টেলিভিচন উপস্থাপক, কৰ্মী আৰু ৰাজনীতিবিদ, যিয়ে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ জগতত অভিনয়ৰ বাবে পৰিচিত।
-
প্ৰভাস
ভেংকট সত্যনাৰায়ণ প্ৰভাস ৰাজু উপ্পলপতি (Venkata Satyanarayana Prabhas Raju Uppalapati; ২০১৪ চনত প্ৰভুদেৱা পৰিচালিত হিন্দী চলচ্চিত্ৰ 'এক্সন জেক্সন'ত তেওঁ গেষ্ট এপিয়াৰেঞ্চ হিচাপে থাকে। 'মাডামে টুচ্চাউদৰ ৱেক্স মিউজিয়াম'ত মমৰ ভাস্কৰ্য ৰখা প্ৰভাস দক্ষিণ ভাৰতৰ প্ৰথম অভিনেতা।