অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ছিংগাপুৰ

ছিংগাপুৰ দক্ষিণ-পূব এছিয়াৰ এক দ্বীপ ৰাষ্ট্ৰ। দেশখন মালয় উপদ্বীপৰ নিকটত অৱস্থিত। ইয়াৰ আনুষ্ঠানিক নাম ছিংগাপুৰ প্ৰজাতন্ত্ৰ (Republic Singapura ৰেপুব্লিক্‌ ছিংগাপুৰা; Republic of Singapore ৰিপাব্লিক্‌ অফ্‌ ছিংগাপুৰ্; 新加坡共和国 চিঞ্চিয়াপু গংহেগুঅ; சிங்கப்பூர் குடியரசு চিঙ্কাপ্পূৰ্ কুদিয়াৰাচু)।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৫ ২৯৪ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ছিংগাপুৰ দক্ষিণ-পূব এছিয়াৰ এক দ্বীপ ৰাষ্ট্ৰ। দেশখন মালয় উপদ্বীপৰ নিকটত অৱস্থিত। ইয়াৰ আনুষ্ঠানিক নাম ছিংগাপুৰ প্ৰজাতন্ত্ৰ (Republic Singapura ৰেপুব্লিক্‌ ছিংগাপুৰা; Republic of Singapore ৰিপাব্লিক্‌ অফ্‌ ছিংগাপুৰ্; 新加坡共和国 চিঞ্চিয়াপু গংহেগুঅ; சிங்கப்பூர் குடியரசு চিঙ্কাপ্পূৰ্ কুদিয়াৰাচু)।

নামকৰণ

"ছিংগাপুৰ" নামটো আহিছে মালয় ভাষাৰ Singapura 'ছিংগাপুৰা'ৰ পৰা। 'ছিংগাপুৰা' শব্দটি আহিছে সংস্কৃত ভাষাৰ 'सिंहपुर' পৰা যাৰ অসমীয়া অনুবাদ 'সিংহপুৰ'।

জলবায়ু

ছিংগাপুৰ বিষুৱৰেখাৰ মাত্ৰ ১ ডিগ্ৰী উত্তৰত অৱস্থিত বাবে ইয়াৰ জলবায়ু নিৰক্ষীয় প্ৰকৃতিৰ।

অৰ্থনীতি

১৯৬৫ চনত স্বাধীনতা লাভৰ পূৰ্বে ছিংগাপুৰ ব্ৰিটিছৰ অধীনত এক 'ক্ৰাউন কলনী' আছিল৷১ এই দ্বীপ পূব এছিয়াত ব্ৰিটিছ নৌবাহিনীৰ প্ৰধান ঘাটি আছিল। ব্ৰিটিছ নৌবাহিনীৰ প্ৰধান ঘাটি থকাৰ কাৰণে ছিংগাপুৰক 'জিবৰালটাৰ অফ দা ইষ্ট' বোলা হৈছিল।২ ১৮৬৯ চনত চুয়েজ খাল খোলাৰ পিছত ইউৰোপ আৰু এছিয়াৰ মাজত সমুদ্ৰ বাণিজ্য বৃদ্ধি পায়, ঠিক তেতিয়াই ছিংগাপুৰক বিশ্বৰ প্ৰধান সমুদ্ৰ বন্দৰ হিচাপে ব্যৱহাৰ কৰা আৰম্ভ হয়৷৩

১৯৬৫ চনত অৰ্থাৎ স্বাধীনতা লাভৰ বছৰত এই দেশেৰ জনমুৰি আয় আছিল ৫১৬ আমেৰিকান ডলাৰ। এই ৫১৬ ইউ.এচ. ডলাৰ আছিল তেতিয়া পূব এছিয়াৰ মাজত তৃতীয় সৰ্বোচ্চ। স্বাধীনতাৰ পিছত ইউৰোপৰ পৰা বিনিয়োগ অহাৰ ফলত ছিংগাপুৰৰ অৰ্থনীতি লাহে লাহে শক্তিশালী হোৱা আৰম্ভ হয়। আশীৰ দশকৰ মাজত এই দেশে উন্নত ৰাষ্ট্ৰৰ মৰ্য্যদা লাভ কৰে৷৪৫৬

পৰ্যটন

পৰ্যটন ছিংগাপুৰৰ অন্যতম প্ৰধান শিল্প আৰু ই দেশখনৰ অৰ্থনীতিত ব্যাপক অৱদান আগবঢ়াইছে। প্ৰতি বছৰ কেইবা মিলিয়ন পৰ্যটকে ছিংগাপুৰ ভ্ৰমণ কৰে।

  • নৈশ চাফাৰী: ছিংগাপুৰ চিৰিয়াখানা, পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ নৈশ চাফাৰী৷৭ নৈশ চাফাৰীত গভীৰ ৰাতি জংঘলৰ ভিতৰৰ নানান পশু-পক্ষীৰ মাজেৰে গাড়ীৰে পৰ্যটকসকলে বিচৰণ কৰে।
  • মাৰলায়ন পাৰ্ক: মাৰলিন বা সিংহ-মৎস্য হৈছে ছিংগাপুৰীৰ গৌৰৱৰ প্ৰতীক, বীৰত্বৰ প্ৰতীক। কথিত আছে যে বহু পূৰ্বে ছিংগাপুৰ যেতিয়া তেমাচেক বা সমূদ্ৰনগৰী নামে পৰিচিত আছিল তেতিয়া প্ৰচণ্ড এক সামূদ্ৰিক প্ৰাণী দ্বীপলৈ উঠি আহিছিল। অধিবাসীসকলে তেতিয়া নিজকে ঈশ্বৰৰ হাতত অৰ্পণ কৰিছিল। তেতিয়াই সমুদ্ৰৰ পৰা সিংহ-মৎস্য আকৃতিৰ এক জন্তু আহি সেই প্ৰাণীৰ বিৰুদ্ধে যুদ্ধ কৰি অধিবাসীসকলক উদ্ধাৰ কৰিছিল। মাৰলিনৰ মূৰ্তি মেৰিনা বে-এৰ মাৰলায়ন পাৰ্কত অৱস্থিত।
  • চেণ্টোচা আইলেণ্ড: সমুদ্ৰৰ মাজত সৰু এক দ্বীপত গঢ়ি তোলা বিনোদন কেন্দ্ৰ।

জনসংখ্যা

ছিংগাপুৰৰ জনসংখ্যা প্ৰায় পাঁচ মিলিয়ন।

তথ্যসূত্ৰ

  1. ↑ Bureau of Economic and Business Affairs. (June 2012). 2012 Investment Climate Statement – Singapore. United States Department of State
  2. ↑ The familiar pattern of Chinese consumption growth
  3. ↑ আৰ্কাইভ কপি
  4. ↑ Statistical Report, March 2014. Singapore Exchange
  5. ↑ আৰ্কাইভ কপি
  6. ↑ আৰ্কাইভ কপি
  7. ↑ ছিংগাপুৰ ডট কম

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিংগাপুৰ” প্ৰবন্ধৰ সংশোধন ৫৪৯৭৪৮ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।