কন্নড় (Kannada, ಕನ್ನಡ কন্নড) ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।১
ভৌগোলিক বিতৰণ
২০১১ চনৰ জনসংখ্যা গণনাৰ সময়ত ভাৰতত কন্নড় ভাষাৰ ৪৩.৭ নিযুত মাতৃভাষী বক্তা আছিল। ই কৰ্ণাটক ৰাজ্যৰ প্ৰধান ভাষা, য'ত প্ৰায় ৪.০৬ নিযুত লোকৰ মাতৃভাষা কন্নড়, অৰ্থাৎ ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ। কন্নড় ভাষা তামিলনাডু (১১.৪ লাখ), মহাৰাষ্ট্ৰ (৯.৯ লাখ), অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা (৫.৩ লাখ), কেৰল (৭৮ হাজাৰ) আৰু গোৱাত (৬৭ হাজাৰ) পোৱা যায়।২ কৰ্ণাটকত প্ৰায় ১.২৯ নিযুত লোকে কন্নড়ক দ্বিতীয় বা তৃতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে।৩
তামিলনাডুৰ ভাষাগত গোটসমূহৰ ভিতৰত কন্নড়ভাষীসকল তৃতীয় বৃহত্তম গোট। তেওঁলোকৰ জনসংখ্যা প্ৰায় ১২.৩ লাখ, যি তামিলনাডুৰ মুঠ জনসংখ্যাৰ প্ৰায় ২.২%।৪৫
লাক্ষাদ্বীপত ব্যৱহৃত মালয়ালম ভাষা ভাষাত বহু কন্নড় শব্দ থাকে।৬
আমেৰিকা যুক্তৰাষ্ট্ৰত, ২০০৬-২০০৮ সময়ছোৱাৰ ভিতৰত ৩৫,৯০০ কন্নড় ভাষী আছিল,৭ যিটো ২০১৫ চনৰ লোকপিয়লৰ সময়ত ৪৮,৬০০ লৈ বৃদ্ধি পাইছিল। কানাডাত ৩,৯৭০ (২০১৬), অষ্ট্ৰেলিয়াত ৯,৭০০ (২০১৬), ছিংগাপুৰত ২২,০০০ (২০১৮), আৰু মালয়েছিয়াত ৫৯,০০০ (২০২১) কন্নড় ভাষী পোৱা গৈছে।
বিকাশ
কন্নড় ভাষা মালয়ালম ভাষা আৰু তামিলৰ দৰে এটা দক্ষিণ দ্ৰাবিড়ীয় ভাষা আৰু তামিল-কন্নড় ভাষাৰ অৱশিষ্ট, যাৰ পৰা ইয়াৰ ব্যাকৰণ আৰু মূল শব্দভঁৰালি উৎপত্তি হৈছে। ইয়াৰ ইতিহাস প্ৰধানকৈ তিনি ভাগত বিভক্ত: ৪৫০ খ্ৰীষ্টাব্দৰ পৰা ১২০০ খ্ৰীষ্টাব্দলৈ পুৰণি কন্নড় (হলেগন্নড়), ১২০০–১৭০০ সময়ছোৱাত মধ্য কন্নড় (নড়ুগন্নড়), আৰু ১৭০০ৰ পৰা এতিয়ালৈকে আধুনিক কন্নড় (হোচাগন্নড়)।৮৯
কন্নড় ভাষাৰ ব্যাকৰণ, ধ্বনিবিজ্ঞান, শব্দভঁৰালি আৰু পদ গঠন আদিত সংস্কৃত ভাষা আৰু প্ৰাকৃত ভাষাৰ গভীৰ প্ৰভাৱ আছে। সাহিত্যিক কন্নড় ব্যাকৰণত পাণিনীৰ ব্যাকৰণ, কাতন্ত্ৰ আৰু সকটায়ন নামৰ অপাণিনীয় সংস্কৃত ব্যাকৰণ আৰু প্ৰাকৃত ব্যাকৰণৰ প্ৰভাৱ প্ৰধানকৈ দেখা যায়।১০ প্ৰাচীন কালৰে পৰা কৰ্ণাটকত সাহিত্যিক প্ৰাকৃতৰ প্ৰচলন আছিল বুলি ধৰা হয়। প্ৰাকৃত ভাষা কোৱা লোকে কন্নড় ভাষাভাষীসকলৰ সৈতে সংস্পৰ্শত আহি ভাষাগত প্ৰভাৱ পেলাইছিল।১০১১৯
পণ্ডিত ইৰাভথম মহাদেৱনৰ মতে, খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ প্ৰাকৃত অভিলেখত কন্নড় মূলৰ বহু শব্দ পোৱা যায়। ইয়াৰ পৰা স্পষ্ট যে, কন্নড় তেতিয়াই এটা সমৃদ্ধ মুখ্য ভাষা হিচাপে ব্যৱহৃত হৈছিল।১২১৩১৪
কন্নড় সংখ্যা
| সংখ্যা | নাম | অসমীয়া |
|---|---|---|
| ೦ | সূন্নে (ಸೊನ್ನೆ) | ০ |
| ೧ | ওন্দু (ಒಂದು) | ১ |
| ೨ | এৰিডু (ಎರಡು) | ২ |
| ೩ | মূৰু (ಮೂರು) | ৩ |
| ೪ | নাল্কু (ನಾಲ್ಕು) | ৪ |
| ೫ | আইদু (ಐದು) | ৫ |
| ೬ | আৰু (ಆರು) | ৬ |
| ೭ | ইয়েএলু (ಏಳು) | ৭ |
| ೮ | এণ্টু (ಎಂಟು) | ৮ |
| ೯ | ওম্বাত্তু (ಒಂಬತ್ತು) | ৯ |
তথ্যসূত্ৰ
- ↑ (2011). Kannada alphabet, pronunciation and language. omniglot.com
- ↑ Office of the Registrar General & Census Commissioner, India. C-16: Population by mother tongue, India – 2011
- ↑ (১৪ মাৰ্চ ২০১০). Indiaspeak: English is our 2nd language. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Nagarajan, Rema. (১৬ এপ্ৰিল ২০০৮). Kannadigas TN's 3rd biggest group. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Boland-Crewe, Tara; Lea, David. (২০০৩). The Territories and States of India. Routledge. পৃ. 224–226. ISBN 9781135356255
- ↑ Palanithurai, Ganapathy. (২০০২). Dynamics of New Panchayati Raj System in India: Select states. Concept Publishing Company. ISBN 9788180691294
- ↑ Table 1. Detailed Languages Spoken at Home
- ↑ Steever 1998, পৃ. 129
- ↑ R. Narasimhacharya. (1934). History of the Kannada Language (Readership Lectures). University of Mysore. পৃ. 1. ISBN 978-81-206-0559-6
- ↑ Mythic Society (Bangalore, India). (1985). The quarterly journal of the Mythic society (Bangalore)., Volume 76. Mythic Society (Bangalore, India). পৃ. Pages_197–210
- ↑ B. K. Khadabadi; Prākr̥ta Bhāratī Akādamī. (1997). Studies in Jainology, Prakrit literature, and languages: a collection of select 51 papers Volume 116 of Prakrit Bharti pushpa. Prakrit Bharati Academy. পৃ. 444 pages
- ↑ Classical Kannada, Antiquity of Kannada. Centre for classical Kannada. Central Institute for Indian Languages
- ↑ Iravatham Mahadevan. (২০০৩). Early Tamil Epigraphy from the Earliest Times to the Sixth Century AD. Harvard University Press. Cre-A. ISBN 9780674012271
- ↑ K R, Subramanian. (২০০২). Origin of Saivism and Its History in the Tamil Land. Asian Educational Services. পৃ. 11. ISBN 9788120601444
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কন্নড় ভাষা” প্ৰবন্ধৰ সংশোধন ৫১৪৮০৮ (৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।