অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

তামিলনাডু

তামিলনাডু (তামিলে: தமிழ்நாடு তাম্যিল্ড়্‌ নাড়্যি আ-ধ্ব-ব: [t̪ɐmɨɻ n̪aːɽɯ]) ভাৰতীয় প্ৰজাতন্ত্ৰৰ ২৮খন ৰাজ্যৰ অন্যতম। এই ৰাজ্যৰ ৰাজধানী চেন্নাই (পূৰ্বতে মাদ্ৰাজ)। তামিলনাডু ভাৰতীয় উপদ্বীপৰ দক্ষিণত অৱস্থিত। এই ৰাজ্যৰ সীমাত পণ্ডিচেৰী, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ অৱস্থিত।

হালনাগাদ: ৯ মে’ ২০২৬ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

তামিলনাডু (তামিলে: தமிழ்நாடு তাম্যিল্ড়্‌ নাড়্যি আ-ধ্ব-ব: [t̪ɐmɨɻ n̪aːɽɯ]) ভাৰতীয় প্ৰজাতন্ত্ৰৰ ২৮খন ৰাজ্যৰ অন্যতম। এই ৰাজ্যৰ ৰাজধানী চেন্নাই (পূৰ্বতে মাদ্ৰাজ)। তামিলনাডু ভাৰতীয় উপদ্বীপৰ দক্ষিণত অৱস্থিত। এই ৰাজ্যৰ সীমাত পুডুছেৰী, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ অৱস্থিত। তামিলনাড়ুৰ ভৌগোলিক উত্তৰ দিশত পূৰ্বঘাট, পশ্চিম দিশত নীলগিৰি, আন্নামালাই পৰ্বত আৰু পালাক্কাদ, পূব দিশত বংগোপসাগৰ, দক্ষিণ পূব দিশত মান্নাৰ উপসাগৰ আৰু পক প্ৰণালী আৰু দক্ষিণত ভাৰত মহাসাগৰ অৱস্থিত।

আয়তনৰ দিশৰ পৰা তামিলনাডু ভাৰতৰ একাদশ (এই ৰাজ্যেৰ আয়তন গ্ৰীছৰ সমান) আৰু জনসংখ্যাৰ ফালৰ পৰা সপ্তম বৃহত্তম ৰাজ্য।১ অন্যদিশে এই ৰাজ্য ভাৰতৰ জিডিপিৰ পঞ্চম বৃহত্তম অৱদানকাৰী২ আৰু ভাৰতৰ সবাতোকৈ অধিক পৰিমাণ নগৰায়িত ৰাজ্য।৩ ভাৰতৰ সৰ্বাধিক সংখ্যক বাণিজ্যিক সংস্থা (১০.৫৬%) এই ৰাজ্যত অৱস্থিত।৪৫

প্ৰায় ৫০০খ্ৰীষ্টপূৰ্বৰ পৰা তামিলনাড়ু ভূখণ্ড তামিল জাতিৰ আৱাসস্থল। প্ৰায় ১৫০০-২০০০ বছৰ ধৰি এই অঞ্চলৰ প্ৰচলিত ভাষা তামিল বিভিন্ন লেখা আৰু সাহিত্যত ব্যৱহৃত হৈ আহিছে। তামিলনাড়ু প্ৰাকৃতিক সম্পদ, দ্ৰাবিড় স্থাপত্যৰ বিশালাকাৰ হিন্দু মন্দিৰ, শৈলচহৰ, সমুদ্ৰ তীৰ, বিভিন্ন ধৰ্মৰ তীৰ্থস্থানৰে পৰিপূৰ্ণ ৰাজ্য। এই ৰাজ্যত ৪টা ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান আছে।৬৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Population of Tamil Nadu as of 01/07/2008
  2. ↑ Gross Domestic Product by prices as of 28 February 2008
  3. ↑ Tamil Nadu the most urbanised State: Minister
  4. ↑ Enterprises in India
  5. ↑ (12 November 2005). Tamil Nadu, The best place to do business
  6. ↑ Press Information Bureau
  7. ↑ UNESCO World Heritage List

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তামিলনাডু” প্ৰবন্ধৰ সংশোধন ৬০৫৫৮০ (৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।