কলিউড (তামিল চলচ্চিত্ৰ জগত)
১১ প্ৰবন্ধ
-
মণি ৰত্নম
মণি ৰত্নম (Mani Ratnam; জন্ম: জুন ২, ১৯৫৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেখেত মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰৰ লগতে কেইখনমান হিন্দী, তেলেগু, মালয়ালম আৰু কানাড়া ছবিৰ কাম কৰিছে।
-
ৰজনীকান্ত
ৰজনীকান্ত তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী তামিল চলচ্চিত্ৰ কে. বালাচান্দেৰৰ দ্বাৰা পৰিচালিত অপূৰ্ৱ ৰাগাংগল (১৯৭৫) নামৰ চলচ্চিত্ৰ খনৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰিছিল। কে. বাল্লাচান্দেৰক ৰজনীকান্তে তেওঁৰ মাৰ্গদৰ্শকৰ মৰ্যাদা দিয়ে।
-
শ্ৰুতি হাছান
শ্ৰুতি ৰাজলক্ষ্মী হাছান (Shruti Rajalakshmi Haasan, ஸ்ருதி ஹாசன்) (জন্ম ২৮ জানুৱাৰী, ১৯৮৬) দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু বলিউডত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁৰ পিতৃ-মাতৃ কমল হাছান আৰু সাৰিকা।
-
ধনুষ
ধনুষ (தனுஷ்; জন্ম ২৮ জুলাই, ১৯৮৩) হৈছে ভাৰতীয় এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ আৰু নেপথ্য গায়ক। এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ২৮ জুলাই তামিলনাডুৰ চেন্নাইত।
-
প্ৰভু দেৱা
প্ৰভু দেৱা (ಪ್ರಭುದೇವ, பிரபுதேவா, ప్రభుదేవా; জন্ম: ৩ এপ্ৰিল ১৯৭৩) হৈছে তামিল, তেলুগু, বলিউড, মালায়ালাম আৰু কানাড়া চলচ্চিত্ৰ জগতৰ এজন প্ৰভাৱশালী কথাছবি পৰিচালক, নৃত্য ব্যৱস্থাপক আৰু অভিনেতা। তেওঁ প্ৰায় ২৫ বছৰ কাল কথাছবিৰ লগত জড়িত আৰু এই সময়ছোৱাত তেখেতে নৃত্যৰ বহু নতুন শৈলী উদ্ভাৱন কৰিছে।
-
শিলামবৰ্ষণ ৰাজেন্দৰ
শিলামবৰ্ষণ ঠেছিংগু ৰাজেন্দৰ (சிலம்பரசன் ராஜேந்தர; Silambarasan Thesingu Rajendar) হৈছে এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, নেপথ্য গায়ক, গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ।
-
বিশাল কৃষ্ণ
বিশাল কৃষ্ণ ৰেড্ডি (విశాల్ కృష్ణుడు రెడ్డి, விஷால்) (জন্ম আগষ্ট ২৯, ১৯৭৭) হৈছে এজন তামিল চলচ্চিত্ৰ অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। বিশাল কৃষ্ণ ৰেড্ডি আদি নামেৰেও প্ৰখ্যাত এখেতৰ জন্ম হয় ১৯৭৭ চনৰ ২৯ আগষ্টত তামিল নাডুৰ চেন্নাইত৷
-
শান্তনু ভাগ্যৰাজ
শান্তনু ভাগ্যৰাজ (சாந்தனு பாக்யராஜ்; ইংৰাজী: Shanthnoo Bhagyaraj) হৈছে এজন উদীয়মান তামিল চলচ্চিত্ৰ অভিনেতা। এওঁৰ জন্ম হয় ১৯৮৬ চনৰ ২৪ আগষ্টত তামিল নাডুৰ চেন্নাইত। এওঁৰ পিতৃ কে ভাগ্যৰাজ এজন তামিল চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।
-
সিদ্ধাৰ্থ সূৰ্যনাৰায়ণ
সিদ্ধাৰ্থ নাৰায়ণ (சித்தார்த்) (জন্ম: ১৭ এপ্ৰিল ১৯৭৯) মূলতঃ এজন তামিল চলচ্চিত্ৰ অভিনেতা, গায়ক, লেখক আৰু পৰিচালক। ব্যৱসায় ব্যৱস্থাপনাৰ শিক্ষা সাং কৰি সিদ্ধাৰ্থই চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত খোজ দিয়ে আৰু মণি ৰত্নমৰ সহায়ক হিচাপে কাম কৰে।
-
হোৱাই দিছ কোলাৱেৰী ডি
হোৱাই দিছ কোলাৱেৰী ডি (; Why This Murderous Rage, Girl?) হৈছে ১৮ জানুৱাৰী ২০১২ তাৰিখে মুক্তি পাব লগা তামিল ভাষাৰ চলচ্চিত্ৰ থ্ৰী-ৰ এটি গীত। অনিৰুদ্ধ ৰবিচন্দেৰই সংগীত পৰিচালনা কৰা গীতটো ৰচনাৰ লগতে কণ্ঠদান কৰিছে ধনুষে।
-
ৰিয়াজ খান
ৰিয়াজ আহমেদ খান (ரியாஸ் கான், റിയാസ് ഖാന്) ভাৰতৰ এজন চলচ্চিত্ৰ অভিনেতা। তেওঁ কেইবাখনো তামিল, মালায়ালম, তেলুগু, আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ বালাচন্দ্ৰ মেননে পৰিচালনা কৰা 'চুগম চুগকৰম' বোলছবিত অভিনয়েৰে আত্মপ্ৰকাশ কৰিছিল। পাছলৈ তেওঁ তামিল আৰু তেলুগু বোলছবিত অভিনয় কৰিবলৈ লয়।