অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ধনুষ

ধনুষ (தனுஷ்; জন্ম ২৮ জুলাই, ১৯৮৩) হৈছে ভাৰতীয় এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ আৰু নেপথ্য গায়ক। এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ২৮ জুলাই তামিলনাডুৰ চেন্নাইত।

হালনাগাদ: ৩০ মাৰ্চ ২০২৫ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ধনুষ (தனுஷ்; জন্ম ২৮ জুলাই, ১৯৮৩) হৈছে ভাৰতীয় এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ আৰু নেপথ্য গায়ক। এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ২৮ জুলাই তামিলনাডুৰ চেন্নাইত। ২০১১ চনত, তেওঁ তামিল চলচ্চিত্ৰ 'আদুকালাম'ৰ বাবে শ্ৰেষ্ঠ অভিনেতা হিচাবে জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰে আৰু একে বছৰতে তেওঁৰ “হোৱাই দিছ কোলাৱেৰী ডি” শীৰ্ষক গীতটো ইউটিউবত সৰ্বাধিক দেখা ভাৰতীয় গানলৈ পৰিণত হোৱাৰ বাবে তেওঁ আন্তৰ্জাতিক মনোযোগ পায়। ২০১৪ চনত, তেওঁ দক্ষিণত দুটা ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০১৫ চনত শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ (কাকা মুত্তাই) -ৰ প্ৰযোজনাৰ বাবে তেওঁ দ্বিতীয়বাৰ জাতীয় পুৰস্কাৰ লাভ কৰে।

ব্যক্তিগত জীৱন

তামিল চলচ্চিত্ৰৰ পৰিচালক ও প্ৰযোজক কাস্তুৰি ৰাজাৰ পুত্ৰ ধনুষৰ জন্ম হয় ১৯৮২ চনৰ ২৮ জুলাইত। তেওঁ ভাতৃ, পৰিচালক সেলভাৰাঘবানৰ কাষ চপাৰ পিছত তেওঁ অভিনয়ত প্ৰৱেশ কৰিছিল।১

ধনুষ ১৮ নৱেম্বৰ ২০০৪-ৰ ৰজনীকান্তৰ জ্যেষ্ঠ ছোৱালী ঐশ্বৰ্য ৰজনীকান্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ দুই সন্তান যাত্ৰা আৰু লিঙ্গা, যাৰ ২০০৬ আৰু ২০১০ চনত জন্মগ্ৰহণ কৰিছিল।২

২০১৬ চনত, মেলুৰৰ এক প্ৰবীণ দম্পতী ধনুষক সিহঁতৰ পুত্ৰ সন্তান হিচাবে দাবি কৰিছিল আৰু তাৰ বাবে ৬৫ হাজাৰ টকা দাবী কৰিছিল। এই কেচটো ২০১৭ চনৰ এপ্ৰিলত মাদ্ৰাজ হাইকোৰ্টৰ মাদুৰাই শাখাৰ দ্বাৰা প্ৰমাণৰ অভাৱৰ বাবে দ্ৰুতভাৱে খাৰিজ কৰা হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ K. Selvaraghavan. Internet Movie Database
  2. ↑ Tamil Nadu / Chennai News: Rajnikanth turns grandfather . The Hindu (13 October 2006). Retrieved 10 April 2013
  3. ↑ (2017-04-21). Dhanush wins paternity case, HC quashes claims of couple claiming to be his parents. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাভাৰতীয় কণ্ঠশিল্পীকলিউড (তামিল চলচ্চিত্ৰ জগত)ভাৰতৰ চলচ্চিত্ৰ পৰিচালকফিল্মফেয়াৰ বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীতামিল চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধনুষ” প্ৰবন্ধৰ সংশোধন ৪৯৯৭৪৮ (৩০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।