অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বাহৰুখ খান

শ্বাহৰুখ খান (Shahrukh Khan; জন্ম ২ নৱেম্বৰ ১৯৬৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় অভিনেতা, প্ৰযোজক, আৰু দূৰদৰ্শন ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি। এওঁক চমুকৈ এছ আৰ কে (SRK) নামেৰেও জনা যায়।

হালনাগাদ: ১৫ মে’ ২০২৬ ২,৫৮৮ শব্দ · ১৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

শ্বাহৰুখ খান (Shahrukh Khan; জন্ম ২ নৱেম্বৰ ১৯৬৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় অভিনেতা, প্ৰযোজক, আৰু দূৰদৰ্শন ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি। এওঁক চমুকৈ এছ আৰ কে (SRK) নামেৰেও জনা যায়। জনসাধাৰণৰ মাজত "বলিউডৰ বাদশ্বাহ", "কিং অৱ্ বলিউড" আৰু "কিং খান" বুলি পৰিচিত শ্বাহৰুখে ইতিমধ্যে ৮০ খনতকৈও অধিক বলিউড চলচ্চিত্ৰত অভিনয় কৰিছে আৰু ভালেমান বঁটা-বাহনেৰেও সন্মানিত হৈছে। ইয়াৰ ভিতৰত ১৪ টাকৈ ফিল্মফেয়াৰ বঁটাও আছে। সমগ্ৰ এছিয়া মহাদেশতে খানৰ বহুসংখ্যক অনুৰাগী আছে। তদুপৰি বিশ্বৰ মানচিত্ৰত ভাৰতীয়ৰ পৰিচয় দাঙি ধৰাৰ ক্ষেত্ৰতো খানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অনুৰাগীৰ সংখ্যা আৰু উপাৰ্জনৰ দিশৰ পৰা শ্বাহৰুখক বিশ্বৰ সবাতোকৈ সফল অভিনেতাসকলৰ এজন বুলি ধৰা হয়। চলচ্চিত্ৰজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান, আৰু ফ্ৰান্স চৰকাৰে "অৰ্ডাৰ দে' আৰ্টছ্ এ'ট্ দে'ছ্লেটাৰ্ছ্" আৰু "লিজিয়ন ডি'অনাৰ" প্ৰদানেৰে সন্মান যাঁচিছিল।

১৯৮০ৰ দশকৰ শেষৰফালে বহুকেইখন দূৰদৰ্শন ধাৰাবাহিকত অংশ লৈ খানে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৯২ চনত দিৱানা চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ বলিউডত ভূমুকি মাৰে। কেৰিয়াৰৰ প্ৰথমভাগৰ দৰ (১৯৯৩), বাজীগৰ (১৯৯৩) আৰু অঞ্জাম (১৯৯৪) চলচ্চিত্ৰকেইখনত তেওঁ খলনায়কৰ ভূমিকা লৈছিল। ইয়াৰ পিছতে দিলৱালে দুলহানিয়া লে' জায়েংগে' (১৯৯৫), দিল ট' পাগল হে' (১৯৯৭), কুছ্ কুছ্ হোতা হে' (১৯৯৮), মহব্বতে' (২০০০) আৰু কভি খুশ্বি কভি গম (২০০১) আদি ৰোমাণ্টিক চলচ্চিত্ৰসমূহত অভিনয় কৰাৰ লগে লগে তেওঁ প্ৰসিদ্ধি লাভ কৰে। এজন সুৰাপায়ী ৰূপে দেৱদাসত কৰা অভিনয় (২০০২), স্বদেশত নাছা বিজ্ঞানী এজনৰ অভিনয় (২০০৪), চক দে'! ইণ্ডিয়াত হকি প্ৰশিক্ষকৰ অভিনয় (২০০৭) আৰু মাই নে'ম ইজ্ খানত (২০১০) এচপাৰজাৰ চিণ্ড্ৰমত আক্ৰান্ত ৰোগী এজনৰ অভিনয়ৰ বাবে তেওঁ সমালোচকৰ দ্বাৰা উচ্চপ্ৰশংসিত হয়। তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰসমূহৰ ভিতৰত ৰোমাণ্টিক কমেডি চেন্নাই এ'ক্সপ্ৰেছ (২০১৩), কমেডি চলচ্চিত্ৰ হেপ্পী নিউ ইয়েৰ (২০১৪), একশ্বন চলচ্চিত্ৰ দিলৱালে (২০১৫), আৰু অপৰাধমূলক কাহিনীৰ চিত্ৰ ৰেইজৰ (২০১৭) নাম ল'ব পাৰি। তেওঁৰ বহু চলচ্চিত্ৰত ভাৰতীয় জাতীয় সত্তাক বিষয়বস্তু হিচাপে লোৱাৰ লগতে প্ৰৱাসী সমাজৰ সৈতে সম্পৰ্কও দাঙি ধৰা হয়। লিংগ, বৰ্ণবাদ, সামাজিক আৰু ধৰ্মীয় বৈষম্য আৰু এইসম্পৰ্কীয় সমস্যাসমূহো তেওঁৰ চলচ্চিত্ৰসমূহৰ অন্যতম বিষয়বস্তু।

শ্বাহৰুখ চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু ইয়াৰ উপবিভাগসমূহৰ যুটীয়া অধ্যক্ষ। ভাৰতীয় প্ৰিমিয়াৰ লিগৰ ক্ৰিকেট দল কলকাতা নাইট ৰাইডাৰ্ছৰো মালিকীস্বত্ব যুটীয়াভাৱে তেওঁৰ অধীনত আছে। তেওঁ প্ৰায়েই দূৰদৰ্শন আৰু মঞ্চ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভালেমান ব্ৰে'ণ্ড আৰু উদ্যোগী কাম-কাজৰ সৈতে চুক্তিৱদ্ধ হোৱা বাবে বহসময়ত সংবাদ মাধ্যমে তেওঁক "ব্ৰে'ণ্ড এছ আৰ কে" বুলিও অভিহিত কৰে। খানে স্বাস্থ্যসেৱা, দুৰ্যোগৰ সময়ত সাহায্য প্ৰদান আদিৰ জৰিয়তে দেশপ্ৰেমমূলক কাম-কাজো কৰিছে। শিশুৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কে মাত মাতি অহা বাবে ২০১১ চনত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৱে তেওঁক পিৰামিড কন মাৰ্নি এৱাৰ্ড প্ৰদান কৰিছিল। মহিলা আৰু শিশুৰ অধিকাৰ বৃদ্ধিত নেতৃত্ব লোৱা বাবে ২০১৮ চনত তেওঁ ৱৰ্ল্ড ইক'ন'মিক ফৰামৰ পৰা ক্ৰিষ্টেল এৱাৰ্ডো পাইছিল। ভাৰতীয় সংস্কৃতিৰ সবাতোকৈ প্ৰভাৱশীল লোকৰ তালিকাত তেওঁৰ নাম নিয়মীয়াকৈ দেখা যায়। আনকি ২০০৮ চনত নিউজৱিক আলোচনীখনে তেওঁক বিশ্বৰ সবাতোকৈ শক্তিশালী ৫০ জন লোকৰ এজন বুলিও কৈছিল।

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

পত্নী গৌৰী খানৰ সৈতে শ্বাহ ৰুখ, ২০১২ চন
পত্নী গৌৰী খানৰ সৈতে শ্বাহ ৰুখ, ২০১২ চনছবি: Bollywood Hungama · CC BY 3.0

১৯৬৫ চনৰ ২ নৱেম্বৰত নতুন দিল্লীৰ এটা মুছলিম পৰিয়ালত শ্বাহৰুখ খানৰ জন্ম হৈছিল। জীৱনৰ প্ৰথম পাঁচটা বছৰ শ্বাহৰুখে মাংগালোৰত কটাইছিল। তেওঁৰ মামাকৰ ফালৰ ককা ইফটিকাৰ আহমেদে ১৯৬০ৰ দশকত ইয়াৰ বন্দৰতে মুখ্য অভিযন্তাৰূপে কাম কৰিছিল। খানে কোৱা মতে, তেওঁৰ পিতৃৰ ফালৰ ককা জান মহম্মদ আছিল আফগানিস্তানৰ পৰা অহা এজন পাশ্বতুন সম্প্ৰদায়ৰ লোক। খানৰ পিতৃ মিৰ তাজ মহম্মদ খান ব্ৰিটিছ ইণ্ডিয়াৰ পেছোৱাৰৰ (এতিয়া পাকিস্তানৰ অন্তৰ্গত) এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ২০১০ চনত ওলোৱা সংবাদ অনুসৰি খানৰ পৈতৃক পৰিয়ালটো এতিয়াও পেছোৱাৰৰ কিছা খাৱানি বাজাৰ অঞ্চলৰ ছাহ ৱালি কাটালত বাস কৰে। পিতৃ মিৰ আছিল খান আব্দুল গফৰ খানৰ অনুগামী আৰু তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যভুক্ত হৈছিল। দেশৰ বিভাজনৰ পিছতে ১৯৪৮ চনত তেওঁ নতুন দিল্লীলৈ আহে। মাতৃ লতিফ ফাটিমা এজন শীৰ্ষ চৰকাৰী অভিযন্তাৰ জীয়ৰী আছিল। তেওঁৰ পিতৃ-মাতৃ ১৯৫৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল। খানে টুইটাৰত নিজকে "আধা হাইদৰাবাদী (মাতৃ), আধা পাঠান (পিতৃ), আৰু কিছুপৰিমাণে কাশ্মিৰী (আইতা)" বুলি বৰ্ণনা দিছে। পেছোৱাৰত থকা তেওঁৰ পিতৃৰ ফালৰ সম্পৰ্কীয়ই দাবী কৰা অনুসৰি তেওঁলোকৰ পৰিয়ালটো পাছটুনৰ নহয়, তেওঁলোক কাশ্মীৰৰ হিণ্ডকোৱান মূলৰহে। তেওঁলোকে ককাকৰ আদিপুৰুষ আফগানিস্তানৰ আছিল বুলিও মানি লোৱা নাই।

দিল্লীৰ সমীপৱৰ্তী ৰাজেন্দ্ৰ নগৰত শ্বাহৰুখ ডাঙৰ-দীঘল হয়। তেওঁৰ পিতৃয়ে পৰিয়ালটো চলাবৰ বাবে এখন ৰেষ্টুৰে'ণ্ট চলোৱাকে ধৰি কেইবাটাও ব্যৱসায়িক পথ অৱলম্বন কৰিছিল। মধ্যবিত্ত শ্ৰেণীৰ জীৱন কটোৱা তেওঁলোকৰ পৰিয়ালটো এটা ভাড়াঘৰত থাকিছিল। খানে কেন্দ্ৰীয় দিল্লী অঞ্চলৰ চে'ণ্ট কলম্বিয়াছ স্কুললৈ গৈছিল। তাত তেওঁ হকি, ফুটবল আদি খেলবোৰৰ লগতে পঢ়া-শুনাতো পাৰদৰ্শিতা দেখুৱাইছিল। ফলস্বৰূপে তেওঁ স্কুলখনৰ পৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান "স্বৰ্ড অৱ্ অনাৰ" লাভ কৰিছিল। প্ৰথমে শ্বাহৰুখে এগৰাকী খেলুৱৈ হোৱাৰে ইচ্ছা পুহি ৰাখিছিল, কিন্তু এবাৰ কান্ধত আঘাত পোৱাৰ পিছত তেওঁৰ খেলা-ধূলাৰ পথ বন্ধ হ'ল। সেইবাবে তেওঁ ডেকা কালত মঞ্চনাটত অভিনয় কৰিবলৈ লয়। বিশেষকৈ তেওঁৰ প্ৰিয় বলিউড অভিনেতা দিলীপ কুমাৰ, অমিতাভ বচ্ছনৰ উপৰি মমতাজৰ অবিকল ভাও ধৰাৰ বাবে তেওঁ দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল। খানৰ শৈশৱ কালৰ বান্ধৱী আৰু অভিনয়ৰ সংগীৰ মাজত অমৃতা সিঙো আছিল, যিয়ে পিছলৈ এগৰাকী বলিউডৰ অভিনেত্ৰী হ'লগৈ। শ্বাহৰুখে অৰ্থনীতি বিজ্ঞানত স্নাতক শিক্ষা (১৯৮৫-১৯৮৮) লাভৰ বাবে হংসৰাজ কলেজত নামভৰ্তি কৰিছিল যদিও তেতিয়া অধিকাংশ সময় দিল্লীৰ "থিয়েটাৰ একশ্বন গ্ৰুপ"তে (TAG) কটায়। তাত তেওঁ থিয়েটাৰ পৰিচালক বেৰি জনৰ অধীনত অভিনয়ৰ শিক্ষা লৈছিল। ইয়াৰ পিছত তেওঁ গণশিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়লৈ আহে। কিন্তু অভিনয়ৰ কেৰিয়াৰত অধিক গুৰুত্ব দিয়াত তেওঁ এই শিক্ষাও আধাতে সামৰে। বলিউডত সোমোৱাৰ প্ৰাৰম্ভিক কালছোৱাত তেওঁ দিল্লীৰ নেশ্বনেল স্কুল অৱ্ ড্ৰামাত অভিনয়ৰ প্ৰশিক্ষণ লৈছিল। ১৯৮১ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ পিতৃৰ মৃত্যু হয়। ইয়াৰ দহ বছৰ পিছত ১৯৯১ চনত তেওঁৰ মাতৃৰো মধুমেহ ৰোগৰ বাবে মৃত্যু হয়। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত তেওঁৰ ডাঙৰ ভগ্নী শ্বেহনাজ লালাৰুখ (১৯৬০-) মানসিকভাৱে ভাঙি পৰিছিল। ফলত শ্বাহৰুখেই তেতিয়াৰ পৰা বায়েকৰ যত্ন লোৱাৰ দায়িত্ব লয়। শ্বেহনাজে এতিয়াও ভাতৃ আৰু তেওঁৰ পৰিয়ালৰ লগত মুম্বাইৰ বাসগৃহত থাকে।

জন্মতে তেওঁৰ নামটো শ্বাহৰুখ খান (Shahrukh Khan) ৰখা হৈছিল যদিও তেওঁ নিজে নিজৰ নামটো শ্বাহ ৰুখ খান (Shah Rukh Khan) বুলি লিখিবলৈহে পছন্দ কৰে। অৱশ্যে সৰ্বসাধাৰণ লোক আৰু অনুৰাগীয়ে তেওঁক বুজাবলৈ চমুকৈ এছ. আৰ. কে. (SRK) সংক্ষিপ্তৰূপটোও বহুলভাৱে ব্যৱহাৰ কৰে। তেওঁ গৌৰী ছিব্বাৰ নামৰ পঞ্জাবী হিন্দু ছোৱালী এজনীক বিয়া কৰাইছিল। ছয়-বছৰীয়া ক'ৰ্টশ্বিপৰ পিছত ১৯৯১ চনৰ ২৫ অক্টোবৰত সম্পূৰ্ণ হিন্দু পৰম্পৰাৰে তেওঁলোকৰ বিয়াখন অনুষ্ঠিত হৈছিল। বিয়াৰ পিছত তেওঁলোকৰ আৰ্য়ন (জন্ম ১৯৯৭) নামৰ পুত্ৰ আৰু ছুহানা (জন্ম ২০০০) নামৰ এজনী কন্যা সন্তান জন্ম পাইছিল। ২০১৩ চনত ভেৰোণীয়া মাতৃৰ জৰিয়তে তেওঁলোকৰ তৃতীয়টো সন্তান আব্ৰামৰ জন্ম হয়। খানে কোৱা মতে তেওঁ ইছলাম ধৰ্মত গভীৰ বিশ্বাস ৰাখে, কিন্তু তেওঁৰ পত্নীৰ ধৰ্মকো শ্ৰদ্ধা কৰে। তেওঁলোকৰ সন্তানেও দুয়োটা ধৰ্মকে মানি চলে, ঘৰত তেওঁলোকৰ হিন্দু দেৱ-দেৱীৰ মূৰ্তিৰ লগত একেশাৰীতে কোৰানো ৰখা হয়।

অভিনয় কেৰিয়াৰ

১৯৮৮-১৯৯২: দূৰদৰ্শন আৰু চলচ্চিত্ৰজগতত ভূমুকি

খানে প্ৰথম অভিনয় কৰিছিল লেখ টেণ্ডনৰ দূৰদৰ্শন ধাৰাবাহিক দিল দৰিয়াত। এইখনৰ শ্বুটিং ১৯৮৮ চনতে আৰম্ভ হৈছিল যদিও পৰৱৰ্তী কামখিনি লেহেমীয়া হোৱাত ১৯৮৯ চনৰ ধাৰাবাহিক 'ফৌজি'ৰ যোগেৰেহে তেওঁ দূৰদৰ্শনৰ পৰ্দাত প্ৰথম ভূমুকি মাৰে। এই ধাৰাবাহিকখনত তেওঁ সেনা বাহিনীৰ প্ৰশিক্ষণ লোৱা কালৰ এটা বাস্তৱিক চৰিত্ৰৰ ভূমিকা লৈছিল। এই চৰিত্ৰটোৰ নাম আছিল অভিমন্যু ৰায়। ইয়াৰ পিছতে তেওঁ আজিজ মিৰ্জাৰ দূৰদৰ্শন ধাৰাবাহিক চাৰ্কাছ (১৯৮৯-৯০) আৰু মানি কৌলৰ চুটি ধাৰাবাহিক ইডিয়টত (১৯৯১) অংশ লোৱাৰ সুযোগ পায়। খানে উমীড (১৯৮৯), ৱাগলে কি দুনিয়া (১৯৮৮-৯০) আৰু ইংৰাজী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক In Which Annie Gives It Those Ones (১৯৮৯) তো গৌণ চৰিত্ৰৰূপে কম সময়ৰ বাবে ভূমিকা লৈছিল। এই ধাৰাবাহিকসমূহত অভিনয় প্ৰতিভা দেখি বহু সমালোচকে তেওঁৰ অভিনয় শৈলী আৰু মুখৰ ভংগিমাক দিলীপ কুমাৰৰ সৈতে তুলনা কৰিছিল। কিন্তু খানে তেতিয়াও নিজকে বৰ দক্ষ অভিনেতা বুলি ভবা নাছিল আৰু চলচ্চিত্ৰত অভিনয়ৰ বাবে যোগ্য হৈ উঠা নাই গণ্য কৰিছিল।

খানে পিছলৈ মন সলনি কৰে আৰু ১৯৯১ চনৰ এপ্ৰিলত পোনপ্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰিবলৈ আহে। তেওঁ মাকৰ মৃত্যুৰ দুখ আঁতৰাবলৈ এই ক্ষেত্ৰখনলৈ অহা বুলি জনাইছিল। বলিউডত এটা সম্পূৰ্ণ কেৰিয়াৰ গঢ়িবলৈ তেওঁ দিল্লীৰ পৰা মুম্বাইলৈ আহিল আৰু কম সময়ৰ ভিতৰতে চাৰিখন চলচ্চিত্ৰৰ সৈতে চুক্তিৱদ্ধ হয়। তেওঁ প্ৰথম অভিনয়ৰ বাবে আমন্ত্ৰণ পাইছিল হেমা মালিনীয়ে পৰিচালনা কৰা প্ৰথমখন ছবি "দিল আশ্বিয়ানা হ্যায়"ত। তেওঁ জুনৰ ভিতৰত চিত্ৰগ্ৰহণত ভাগো লৈছিল। চলচ্চিত্ৰ হিচাপে তেওঁ প্ৰথম ভূমুকি মাৰে ১৯৯২ চনৰ জুনত মুক্তি পোৱা চলচ্চিত্ৰ দিৱানাত।

১৯৯৩-১৯৯৪: খলনায়ক

১৯৯৩ চনত মুক্তি পোৱা চলচ্চিত্ৰসমূহৰ ভিতৰত তেওঁ দুখন চলচ্চিত্ৰত লোৱা খলনায়কৰ ভূমিকাৰ বাবে প্ৰশংসা বিশেষভাৱে বুটলিবলৈ সক্ষম হয়। বক্স অফিচতো সফলতা লাভ কৰা ইয়াৰে 'ডৰ' চিত্ৰখনত তেওঁ এজন প্ৰেমিক আৰু 'বাজীগৰ'ত এজন হত্যাকাৰীৰ অভিনয় কৰিছিল।

১৯৯৫-১৯৯৮: ৰোমাণ্টিক নায়ক

"দিলৱালে দুলহানিয়া লে' জায়েংগে"ৰ নীৰৱচ্ছিন্ন প্ৰদৰ্শনীৰ ১০০০ সপ্তাহ পূৰ্তি পালনৰ সময়ত নায়িকা কাজলৰ সৈতে শ্বাহৰুখ, ২০১৪ চনত
"দিলৱালে দুলহানিয়া লে' জায়েংগে"ৰ নীৰৱচ্ছিন্ন প্ৰদৰ্শনীৰ ১০০০ সপ্তাহ পূৰ্তি পালনৰ সময়ত নায়িকা কাজলৰ সৈতে শ্বাহৰুখ, ২০১৪ চনতছবি: Bollywood Hungama · CC BY 3.0

১৯৯৯-২০০৩: কেৰিয়াৰৰ প্ৰত্যাহ্বান

"দেৱদাস" চলচ্চিত্ৰখনৰ ভিডিঅ' উন্মোচনৰ সময়ত অভিনেত্ৰী ঐশ্বৰ্যৰ সৈতে (২০০২ চন)
"দেৱদাস" চলচ্চিত্ৰখনৰ ভিডিঅ' উন্মোচনৰ সময়ত অভিনেত্ৰী ঐশ্বৰ্যৰ সৈতে (২০০২ চন)ছবি: Bollywood Hungama · CC BY 3.0

২০০৪-২০০৯: পুনৰুত্থান

"ডন" চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰৰ সময়ত প্ৰিয়ংকা চোপ্ৰাৰ সৈতে শ্বাহৰুখ (২০০৬ চন)
"ডন" চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰৰ সময়ত প্ৰিয়ংকা চোপ্ৰাৰ সৈতে শ্বাহৰুখ (২০০৬ চন)ছবি: Bollywood Hungama · CC BY 3.0

২০১০-২০১৪: "মাই নেম ইজ খান" আৰু একশ্বন-ব্যংগ চিত্ৰ

"মাই নেম ইজ খান"ৰ এটা অনুষ্ঠানত অংশ ল'বৰ সময়ত পৰিচালক কৰন জোহৰ আৰু অভিনেত্ৰী কাজলৰ সৈতে খান (২০১০ চন)
"মাই নেম ইজ খান"ৰ এটা অনুষ্ঠানত অংশ ল'বৰ সময়ত পৰিচালক কৰন জোহৰ আৰু অভিনেত্ৰী কাজলৰ সৈতে খান (২০১০ চন)ছবি: Bollywood Hungama · CC BY 3.0
"চেন্নাই এক্সপ্ৰেছ"ৰ এটা অনুষ্ঠানত খান (২০১৩ চন)
"চেন্নাই এক্সপ্ৰেছ"ৰ এটা অনুষ্ঠানত খান (২০১৩ চন)ছবি: Bollywood Hungama · CC BY 3.0

right|thumb|Vijay with SRK thumb|Vijay with SRK

২০১৫-বৰ্তমানলৈ: কেৰিয়াৰৰ উত্থান-পতন

ইয়াৰ পিছত তেওঁ কাজল, বৰুণ ধাৱান আৰু কৃতি চেননৰ সৈতে ৰোহিত সেট্টিৰ ব্যংগছবি দিলৱালেত অভিনয় কৰে (২০১৫)। চলচ্চিত্ৰখনে ₹৩.৭ বিলিয়ন (US$৫১ মিলিয়ন) উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও কাহিনীটোৱে ভাল ৰিভিউ নাপালে। ২০১৬ চনত তেওঁ মনিশ শৰ্মাৰ ৰোমাঞ্চকৰ কাহিনীৰ ছবি ফেন ত অভিনয় কৰে। ইয়াত তেওঁ এজন ছুপাৰষ্টাৰ আৰু তেওঁৰ অনুৰাগীৰূপে দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰখনে দৰ্শকৰ পৰা বৰ ভাল সঁহাৰি নাপালে। সেই বছৰৰে পিছৰভাগত গৌৰী ছিণ্ডে'ৰ ডিয়েৰ জিন্দেগীত এজন চিনেমাট'গ্ৰাফাৰৰ (আলিয়া ভাটে অভিনয় কৰা) পৰামৰ্শদাতা ৰূপে অভিনয় কৰে।

২০১৭ চনত মুক্তি পোৱা ৰাহুল ধোলাকিয়াৰ অপৰাধমূলক চলচ্চিত্ৰ ৰেইজত তেওঁ এজন খলনায়কৰূপে পৰিচিত মানুহৰ চৰিত্ৰ ৰূপায়ণ কৰে। মানুহজনে ১৯৮০ৰ দশকত গুজৰাটত চোৰাং মদৰ বেপাৰ কৰি পিছলৈ ডকাইতৰ দলত সোমাইছিল। বাণিজ্যিকভাৱে এই চলচ্চিত্ৰখনে মধ্যমীয়া সাফল্য লাভ কৰিছিল। বিশ্বজুৰি ৰেইজৰ সৰ্বমুঠ উপাৰ্জন আছিল প্ৰায় ₹৩.০৮ বিলিয়ন (US$৪৩ মিলিয়ন)। ইমটিয়াজ আলীৰ জব হেৰি মে'ট ছেজালত এজন ভ্ৰমণ সাৰথিৰ (travel guide) অভিনয়েৰে তেওঁক পুনৰ ৰোমাণ্টিক চৰিত্ৰলৈ ঘূৰি আহিল। ভ্ৰমণ সাৰথিৰূপে তেওঁ এগৰাকী পৰ্য্যটকৰ (অনুষ্কা শৰ্মা) প্ৰেমত পৰিছিল। এই চলচ্চিত্ৰখন বাণিজ্যিকভাৱে ব্যৰ্থ হ'ল। পৰৱৰ্তী সময়ত শ্বাহৰুখে অনুষ্কা শৰ্মা আৰু কেটৰিণা কাইফৰ সৈতে যুটি বান্ধি আনন্দ এল. ৰাইৰ ব্যংগ আৰু কাহিনীসমৃদ্ধ চিত্ৰ জিৰত অভিনয় কৰিলে (২০১৮)। ইয়াত তেওঁ ত্ৰিকোণীয় প্ৰেমত বান্ধ খোৱা বৌৱা সিং নামৰ এজন বাওনাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। চলচ্চিত্ৰখনে সমালোচকৰ পৰা মিশ্ৰিত সহাঁৰি লাভ কৰিছিল যদিও খানৰ অভিনয়ক প্ৰশংসা কৰা হৈছিল। হিন্দুস্তান টাইমছ্ কাকতত ৰাজ সেনে খানৰ অভিনয় সম্পৰ্কে লিখিছিল- "দুৰ্দান্ত প্ৰদৰ্শন আৰু অফুৰন্ত উদ্যমৰ সমাহাৰ"। ফাৰ্ষ্টপোষ্টৰ আনা এম. এম. ভে'টিকাডে তেওঁক বৌৱা সিঙৰ চৰিত্ৰটোত "সাংঘাতিকধৰণে খাপ খাইছে" বুলি মন্তব্য কৰিছিল আৰু কৈছিল যে খানৰ "স্বাভাৱিক উদ্যমী, হাস্যমধুৰ আৰু আকৰ্ষণী ব্যক্তিত্ব" চৰিত্ৰটো ফুটাই তোলাত কামত আহিছে। অৱশ্যে উপাৰ্জনৰ দিশৰ পৰা এইখন চলচ্চিত্ৰয়েও বিশেষ সাফল্য লাভ কৰিব নোৱাৰিলে।

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰসমূহৰ তালিকা

TitleYearCredited asRoleDirector(s)NotesRef.
দিৱানা1992অভিনেতাৰাজা চাহাইFilmfare Award for Best Male Debut১ ২
চমতকাৰ1992অভিনেতাসুন্দৰ শ্ৰীবাস্তৱ৩
দিল আস্না হ্যে1992অভিনেতাকৰন সিঙ৪
ৰাজু বন গয়া জেণ্টলমেন1992অভিনেতাৰাজ মাথোৰ৫
মায়া মেমচা'ব1993অভিনেতাললীত কুমাৰ৬
পেহলা নচা1993অভিনেতাHimselfCameo appearance৭
কিং আংকল1993অভিনেতাঅনিল বঞ্চল৮
বাজীগৰ1993অভিনেতাবিকী মালহোত্ৰা (অজয় শৰ্মা)Abbas-MustanFilmfare Award for Best Actor৯ ১০
ড'ৰ1993অভিনেতাৰাহুল মেহৰাNominated—Filmfare Award for Best Performance in a Negative Role১১ ১২
কভি হাঁ কভি না1994অভিনেতাসুনীলFilmfare Critics Award for Best Actor Nominated—Filmfare Award for Best Actor১৩ ১৪ ১৫
আঞ্জাম1994অভিনেতাবিজয় অগ্নিহোত্ৰীFilmfare Award for Best Performance in a Negative Role১৪ ১৬
কৰন অৰ্জুন1995অভিনেতা/ Vijay১৭
জামানা দিৱানা1995অভিনেতা১৮
গুড্ডু1995অভিনেতা১৯
অ' দাৰ্লিং! য়ে হে ইণ্ডিয়া!1995অভিনেতাHero২০
ডিলৱালে দুলহনীয়া লে জায়েংগে1995অভিনেতাৰাজ মালহোত্ৰাFilmfare Award for Best Actor২১ ২২
ৰাম জানে1995অভিনেতা২৩
ত্ৰিমুৰ্তী1995অভিনেতা২৪
ইংলিছ বাবু দেশী মেম1996অভিনেতা/ Hari Mayur / Vikram Mayur২৫
চাহত1996অভিনেতা২৬
আৰ্মি1996অভিনেতাMajor Arjun Singh২৭
Dushman Duniya Ka1996অভিনেতাBadruSpecial appearance২৮
Gudgudee1997অভিনেতাUnknownSpecial appearance২৯
কয়লা1997অভিনেতাShankar৩০
য়েচ ব'চ1997অভিনেতাNominated—Filmfare Award for Best Actor৩১ ৩২
পৰদেশ1997অভিনেতা৩৩
ডিল ট' পাগল হে1997অভিনেতাৰাহুলFilmfare Award for Best Actor৩৪ ৩৫
ডুপ্লিকেট1998অভিনেতা/ Manu DadaNominated—Filmfare Award for Best Performance in a Negative Role৩৬ ৩৭
Achanak1998অভিনেতাHimselfCameo appearance৩৮
ডিল চে..1998অভিনেতা৩৯
কুচ্ কুচ্ হোতা হ্যে1998অভিনেতা, action directorৰাহুল খান্নাFilmfare Award for Best Actor৪০ ৪১
বাদশ্বাহ1999Actor, playback singerৰাজ (বাদশ্বাহ)Abbas-MustanNominated—Filmfare Award for Best Performance in a Comic Role৪২ ৪৩
ফিৰ ভি ডিল হে হিন্দুস্তানী2000অভিনেতা, প্ৰযোজক৪৪
হে ৰাম2000অভিনেতাBilingual film in Tamil and Hindi৪৫
জোচ2000অভিনেতা, playback singer৪৬
Har Dil Jo Pyar Karega2000অভিনেতাৰাহুলSpecial appearance৪৭
মহাব্বতে2000অভিনেতাৰাজ আৰয়ান মালহোত্ৰাFilmfare Critics Award for Best Actor Nominated—Filmfare Award for Best Actor৪৮ ৪৯
Gaja Gamini2000অভিনেতাHimselfSpecial appearance৫০
One 2 Ka 42001অভিনেতাঅৰুন বৰ্মা৫১
অশোকা2001অভিনেতা, প্ৰযোজক(Pawan)Nominated—Filmfare Award for Best Film৫২ ৫৩
কভি খুচি কভি গ'ম2001অভিনেতাৰাহুল ৰাইচণ্ডNominated—Filmfare Award for Best Actor৫৩ ৫৪
Hum Tumhare Hain Sanam2002অভিনেতাগোপাল৫৫
দেৱদাস2002অভিনেতাদেৱদাস মুখাৰ্জীFilmfare Award for Best Actor৫৬ ৫৭
Shakti: The Power2002অভিনেতা৫৮
Saathiya2002অভিনেতাSpecial appearance৫৯
চলতে চলতে2003অভিনেতা, প্ৰযোজকৰাজ মাথোৰ৬০
ক'ল হ' না হ'2003অভিনেতাঅমন মাথোৰNominated—Filmfare Award for Best Actor৬১ ৬২
Yeh Lamhe Judaai Ke2004অভিনেতাDushant৬৩
মে হু না2004অভিনেতা, প্ৰযোজকৰাম প্ৰসাদ শৰ্মাNominated—Filmfare Award for Best Film Nominated—Filmfare Award for Best Actor৬৪ ৬৫
বীৰ - জাৰা2004অভিনেতাবীৰ প্ৰতাপ সিঙNominated—Filmfare Award for Best Actor৬৫ ৬৬
স্বদেশ2004অভিনেতামোহন ভাৰ্গৱFilmfare Award for Best Actor৬৭ ৬৮
Kuchh Meetha Ho Jaye2005অভিনেতাHimselfSpecial appearance৬৯
Kaal2005অভিনেতা, প্ৰযোজকUnknownSpecial appearance in song "Kaal Dhamaal"৭০
Silsiilay2005অভিনেতাSutradharSpecial appearance৭১
Paheli2005অভিনেতা, প্ৰযোজকKishanlal / The Ghost৭২
Alag2006অভিনেতাUnknownCameo appearance in song "Sabse Alag"৭৩
Kabhi Alvida Naa Kehna2006অভিনেতা, action directorদেৱ সৰনNominated—Filmfare Award for Best Actor৭৪ ৭৫
ড'ন - দ্যা চেচ বিগিন2006অভিনেতা, playback singerড'ন / বিজয়Nominated—Filmfare Award for Best Actor৭৫ ৭৬
I See You2006অভিনেতাUnknownCameo appearance in song "Subah Subah"৭৭
চক্ দে! ইণ্ডিয়া2007অভিনেতাকবীৰ খানFilmfare Award for Best Actor৭৫ ৭৮
Heyy Babyy2007অভিনেতাৰাজ মালহোত্ৰাSpecial appearance৭৯
ওঁম শান্তী ওঁম2007অভিনেতা, action directorওম কাপোৰ / ওম প্ৰকাশ মাখিজাNominated—Filmfare Award for Best Actor৭৫ ৮০
Shaurya2008Narrator৮১
Krazzy 42008অভিনেতাUnknownSpecial appearance in song "Break Free"৮২
Bhoothnath2008অভিনেতাআদিত্য শৰ্মাSpecial appearance৮৩
Kismat Konnection2008Narrator৮৪
ৰব নে বনা দি জডী2008অভিনেতাSurinder Sahni (Raj Kapoor)Nominated—Filmfare Award for Best Actor৭৫ ৮৫
Luck by Chance2009অভিনেতাHimselfSpecial appearance৮৬
Billu2009অভিনেতাPriyadarshan৮৭
Dulha Mil Gaya2010অভিনেতাSpecial appearance৮৮
মাই নেম ইজ খান2010অভিনেতাFilmfare Award for Best Actor৮৯ ৯০ ৯১
Shahrukh Bola "Khoobsurat Hai Tu"2010অভিনেতাHimselfCameo appearance৯২
Always Kabhi Kabhi2011অভিনেতাUnknownSpecial appearance in song "Antenna"৯৩
Love Breakups Zindagi2011অভিনেতাHimselfCameo appearance৯৪
ৰা. ৱান2011অভিনেতাG.One / Shekhar Subramanium৯৫
ড'ন ২2011অভিনেতা, প্ৰযোজক, playback singerড'নNominated—Filmfare Award for Best Film Nominated—Filmfare Award for Best Actor৯৬ ৯৭
Student of the Year2012প্ৰযোজক৯৮
জ'ব টক জান2012অভিনেতা, playback singerNominated—Filmfare Award for Best Actor৯৯ ১০০
Bombay Talkies2013অভিনেতাHimselfVariousSpecial appearance in song "Apna Bombay Talkies"১০১
চেন্নাই এক্সপ্ৰেচ2013অভিনেতাNominated—Filmfare Award for Best Actor১০২ ১০৩
Bhoothnath Returns2014অভিনেতাআদিত্য শৰ্মাCameo appearance১০৪
হেপ্পী নিউ ইয়েৰ2014অভিনেতাচন্দ্ৰমোহন শৰ্মা (চাৰ্লী)১০৫
ডিলৱালে2015অভিনেতাNominated—Filmfare Award for Best Actor১০৬ ১০৭
ফেন2016অভিনেতা/ Gaurav ChandnaNominated—Filmfare Award for Best Actor১০৮ ১০৯
Tutak Tutak Tutiya2016Voiceover in trailer১১০
Ae Dil Hai Mushkil2016অভিনেতাTahir Taliyar KhanSpecial appearance১১১
ডিয়েৰ জিণ্ডগী2016অভিনেতাJehangir "Jug" Khan১১২
ৰইচ2017অভিনেতাৰইচ আলমNominated—Filmfare Award for Best Actor১১৩ ১১৪
Tubelight2017অভিনেতাGogo PashaCameo appearance১১৫
Jab Harry Met Sejal2017অভিনেতা১১৬
জিৰ'2018অভিনেতাবাউৱা সিঙ১১৭

তথ্যচিত্ৰ

TitleYearRoleDirector(s)NotesRef.
Bollywood im Alpenrausch2000HimselfSwiss film Uncredited; cameo appearance১১৮
Bollywood for Beginners2002HimselfBritish film১১৯
2005Himself১২০
Bollywood Indiens klingendes Kino2005HimselfGerman film১২১
Living with a Superstar Shahrukh Khan2010Himself১২২
Mughal-E-Azam – A Tribute by a son to his father2011Narrator১২৩
Living with KKR2014Himself১২৪

অন্যান্য কাম-কাজ

চলচ্চিত্ৰ নিৰ্মাণ আৰু দূৰদৰ্শন অনুষ্ঠানৰ পৰিচালনা

৬১তম ফিল্মফেয়াৰ এৱাৰ্ডছ্ পৰিচালনাৰ সময়ত খান
৬১তম ফিল্মফেয়াৰ এৱাৰ্ডছ্ পৰিচালনাৰ সময়ত খানছবি: Bollywood Hungama · CC BY 3.0

ড্ৰিমজ্ আনলিমিটেডৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে শ্বাহৰুখ খানে ১৯৯৯ চনৰ পৰা ২০০৩ চনৰ ভিতৰত তিনিখন চলচ্চিত্ৰৰ সহ-প্ৰযোজনা কৰিছিল। ইয়াৰ সৈতে চুক্তি ভংগ হোৱাত তেওঁ পত্নী গৌৰীৰ সৈতে লগ হৈ কোম্পানীটোক ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট নামেৰে নতুন ৰূপ দিলে। এই নতুন সংস্থাটোৰ দ্বাৰা চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ সৈতে সহযোগিতা কৰা হয়, দৃশ্যসজ্জাৰ প্ৰভাৱসমূহ (visual effects) আৰু বিজ্ঞাপনৰ কাম-কাজ কৰা হয়। ২০১৫ চনলৈ এই কোম্পানীটোৱে কমেও নখন চলচ্চিত্ৰ নিৰ্মাণ অথবা সহ-নিৰ্মাণ কৰিছে। এই চলচ্চিত্ৰসমূহ প্ৰযোজনাৰ কৃতিত্ব সাধাৰণতে খান অথবা পত্নী গৌৰীয়ে লাভ কৰে। এই চলচ্চিত্ৰসমূহৰ কেইখনমানত তেওঁ নিজেই মুখ্য চৰিত্ৰৰ অভিনয় কৰিছে আৰু আন কেইখনমানত অতিথি শিল্পীৰূূপে ভূমুকি মাৰিছে। ২০১১ চনত নিৰ্মিত চলচ্চিত্ৰ ৰা.ৱানৰ (Ra.One) বিভিন্ন দিশ তেওঁ নিজেই তদাৰক কৰিছিল।

২০১৭ চনৰ পৰা তেওঁ টেড্ কনফাৰেন্সৰ (TED Conferences, LLC) অধীনত টেড্ টক ইণ্ডিয়া নয়ী ছোচ্ নামৰ বক্তৃতানুষ্ঠান এটা পৰিচালনাৰ দায়িত্বও লৈছে। অনুষ্ঠানটো দূৰদৰ্শন চেনেল ষ্টাৰ প্লাছৰ যোগেৰে সম্প্ৰচাৰ কৰা হৈছিল।

মঞ্চ অনুষ্ঠানত প্ৰদৰ্শন

শ্বাহৰুখক সঘনে বিভিন্ন মঞ্চ অনুষ্ঠানত ভাগ লোৱা দেখা যায়। তেওঁ অনুষ্ঠান প্ৰদৰ্শন আৰু কনচাৰ্টত অংশ ল'বলৈ ইতিমধ্যে কেবাটাও বিদেশ ভ্ৰমণো কৰিছে। ১৯৯৭ চনত তেওঁ মালয়েছিয়াত অনুষ্ঠিত আশা ভোছলেৰ "মমেণ্টছ্ ইন টাইম কনছাৰ্ট"ত অংশ লৈছিল। পিছৰটো বছৰত কৰিশ্মা কাপুৰৰ সৈতে "শ্বাহৰুখ-কৰিশ্মা: লাইভ ইন মালয়েছিয়া কনছাৰ্ট"ত অংশ ল'বলৈ তেওঁ পুনৰ মালয়েছিয়ালৈ গৈছিল। সেই একেটা বছৰতে তেওঁ জুহি চাওলা, অক্সয় কুমাৰ আৰু কাজলৰ সৈতে The Awesome Foursome শীৰ্ষক বিশ্ব ভ্ৰমণ কাৰ্য্যসূচীৰে সংযুক্ত যুক্তৰাষ্ট্ৰ, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰদৰ্শন আগবঢ়াইছিল। এই কাৰ্য্যসূচীটো পৰৱৰ্তী বছৰত মালয়েছিয়াতো কৰা হৈছিল। ২০০২ চনত মানচেষ্টাৰৰ অ'ল্ড ট্ৰে'ফ'ৰ্ড আৰু লণ্ডনৰ হাইদছ্ পাৰ্কত অনুষ্ঠিত "ফ্ৰম ইণ্ডিয়া ৱিথ লাইফ" অনুষ্ঠানটোত অমিতাভ বচ্ছন, আমীৰ খান, প্ৰীতি জিণ্টা আৰু ঐশ্বৰ্যা ৰায়ৰ সৈতে তেৱোঁ অংশ লৈছিল। অনুষ্ঠানটোত ১০০০০০ৰো অধিক লোক উপস্থিত আছিল।

আই পি এল ক্ৰিকেট দলৰ স্বত্ব

২০০৮ চনত খানে জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ সহযোগত টুৱেণ্টি২০ ক্ৰিকেট টুৰ্নামেণ্ট ভাৰতীয় প্ৰিমিয়াৰ লীগৰ কলকাতাৰ হৈ খেলিবলগীয়া ফ্ৰেন্সাইজ দলটোৰ মালিকীস্বস্ত্ব আহৰণ কৰে। ৭৫.০৯ মিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত কিনি লোৱা এই দলটোৰ নাম কলকাতা নাইট ৰাইডাৰ্ছ্ (কে কে আৰ) ৰখা হ'ল। ৪২.১ মিলিয়ন আমেৰিকান ডলাৰ ব্ৰে'ণ্ড ভ্যে'লুৰে ২০০৯ চনৰ ভিতৰত কে.কে.আৰ. দলটো আই পি এলৰ অন্যতম চহকী দল আছিল। কিন্তু প্ৰথম তিনিটা বছৰত দলটোৰ প্ৰদৰ্শন অতি নিম্নপৰ্য্যায়ৰ আছিল। পিছত দলটোৰ প্ৰদৰ্শন পূৰ্বতকৈ ভালেখিনি উন্নত হ'ল আৰু ২০১২ চনত প্ৰথমবাৰৰ বাবে কেকেআৰে চেম্পিয়নৰ খিতাপ দখল কৰিলে। ২০১৪ চনত দলটো পুনৰবাৰ চেম্পিয়ন হ'ল।

প্ৰচাৰ মাধ্যমত খান

Tag Heuer প্ৰেছ কনফাৰেন্সত কেৰ্ৰেৰা মনাক' জিপি ঘড়ীৰ প্ৰচাৰৰ সময়ত খান (২০১২ চন)
Tag Heuer প্ৰেছ কনফাৰেন্সত কেৰ্ৰেৰা মনাক' জিপি ঘড়ীৰ প্ৰচাৰৰ সময়ত খান (২০১২ চন)ছবি: Bollywood Hungama · CC BY 3.0

ভাৰতীয় সংবাদ মাধ্যমত শ্বাহৰুখ খানে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। তেওঁক প্ৰায়েই "কিং খান", "বাদশ্বাহ অৱ্ বলিউড" আৰু "কিং অৱ্ বলিউড" শিৰোনামৰে বুজোৱা হয়। প্ৰতি বছৰেই দুই তিনিখন চলচ্চিত্ৰৰে জনসাধাৰণক আমোদ দিয়া, দূৰদৰ্শন আৰু বাতৰি কাকতৰ যোগেৰে বিজ্ঞাপন দিয়া, ভাৰতৰ চহৰসমূহত ডাঙৰ ডাঙৰ পোষ্টাৰৰ ফটোত দেখা পোৱা শ্বাহ ৰুখক অনুপমা চোপ্ৰাই "চিৰ বিদ্যমান চে'লিব্ৰিটি" আখ্যা দিছে। ২০০৮ চনত নিউৱিকে তেওঁক বিশ্বৰ সবাতোকৈ প্ৰভাৱশীল ৫০ জন লোকৰ এজন বুলি কৈছিল আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ তাৰকা (World's biggest movie star) বুলি অভিহিত কৰিছিল। ২০১১ চনত লছ্ এঞ্জেলছ্ টাইমছৰ ষ্টিভেন জেইটছিকে শ্বাহৰুখ সম্পৰ্কে মন্তব্য কৰিছিল- "the biggest movie star you've never heard of...perhaps the world's biggest movie star, period"। জনপ্ৰিয়তা সম্পৰ্কে চলোৱা সমীক্ষাত পোৱা গৈছিল যে বিশ্বৰ ৩.২ বিলিয়ন মানুহে শ্বাহৰুখ খানক চিনি পায়। এই সংখ্যাটো হলিউডৰ টম ক্ৰুইজতকৈও বেছি। খান ভাৰতৰ সবাতোকৈ সম্পদশীল চে'লিব্ৰিটিৰ তালিকাতো আছে। ফ'বৰ্ছ ইণ্ডিয়াৰ "শীৰ্ষ ১০০ চে'লিব্ৰিটি"ৰ তালিকাত তেওঁ ২০১২, ২০১৩ আৰু ২০১৫ চনত শীৰ্ষস্থানত আছিল। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪০০–৬০০ নিযুত আমেৰিকান ডলাৰৰ ভিতৰত থাকিব বুলি অনুমান কৰা হৈছে। দেশ-বিদেশৰ বহু ঠাইত খানৰ সম্পত্তি আছে। ইয়াৰ ভিতৰত লণ্ডনত GB£২০ নিযুত অৰ্থমূল্যৰ এটা এপাৰ্টমেণ্ট আৰু ডুবাইৰ পাম জুমেইৰাহত এটা প্ৰাসাদগৃহ আছে।

ভাৰতৰ সবাতোকৈ জনপ্ৰিয়, চৌখিন আৰু প্ৰভাৱশীল লোকৰ তালিকাত প্ৰায়েই শ্বাহৰুখ খানৰ নাম দেখা যায়। দ্য টাইমছ্ অৱ্ ইণ্ডিয়াৰ ৫০ জন শীৰ্ষ ভাৰতীয় আকাংক্ষিত পুৰুষৰ তালিকাত তেওঁ নিয়মিতভাৱে স্থান পাই আহিছে। ২০০৭ চনত ইষ্টাৰ্ন আই আলোচনীখনে আয়োজন কৰা ভোটদানৰ দ্বাৰা খান এছিয়াৰ সবাতোকৈ যৌন আৱেদনময়ী পুৰুষৰূপে নিৰ্বাচিত হৈছিল। ভালেমান ব্ৰে'ণ্ড আৰু উদ্যোগী কাম-কাজৰ সৈতে চুক্তিৱদ্ধ হোৱা বাবে বহসময়ত সংবাদ মাধ্যমে তেওঁক "ব্ৰে'ণ্ড এছ আৰ কে" বুলিও অভিহিত কৰে। তেওঁ বলিউডৰ সৰ্বাধিক উপাৰ্জনকাৰী লোকসকলৰ মাজৰো এজন। দূৰদৰ্শনৰ বিজ্ঞাপনত সবাতোকৈ বেছি দেখা পোৱা তাৰকাৰ তালিকাতো শ্বাহৰুখৰ নাম প্ৰথমেই আহিব। দূৰদৰ্শনৰ বিজ্ঞাপনৰ মুঠ বাজেটৰ কেতিয়াবা ছয় শতাংশ পৰ্য্যন্ত তেওঁ অংশীদাৰ হৈ পাইছে। তেওঁ চুক্তিৱদ্ধ হোৱা কেইটামান উল্লেখযোগ্য ব্ৰে'ণ্ড হৈছে- পেপছি, নকিয়া, হিয়ুণ্ডাই, ডিশ্ব টিভি, ডি'ডেকৰ, লাক্স ইত্যাদি। তেওঁৰ সম্পৰ্কে কিতাপ ৰচিত হৈছে আৰু তেওঁৰ জনপ্ৰিয়তাক ইতিমধ্যে ভালেমান তথ্যচিত্ৰতো দাঙি ধৰা হৈছে। ইয়াৰ ভিতৰত দুটা খণ্ডৰ তথ্যচিত্ৰ The Inner and Outer World of Shah Rukh Khan (২০০৫) আৰু ডিছক'ভাৰি ট্ৰে'ভেল & লিভিং চেনেলযোগে প্ৰচাৰিত দহটা খণ্ডৰ ক্ষুদ্ৰ ধাৰাবাহিক Living with a Superstar—Shah Rukh Khan (২০১০) বিশেষভাৱে উল্লেখযোগ্য। ২০০৭ চনত তেওঁৰ মমৰ মূৰ্তি এটা লণ্ডনস্থিত মাডাম টুছু সংগ্ৰহালয়ত স্থাপন কৰা হয়। ঐশ্বৰ্য্য ৰায় আৰু অমিতাভ বচ্ছনৰ পিছত এই সন্মান পোৱা তেওঁ তৃতীয়গৰাকী ভাৰতীয় চলচ্চিত্ৰ তাৰকা। পিছলৈ লছ এঞ্জলছ্, হংকং, নিউয়ৰ্ক মহানগৰ আৰু ৱাশ্বিংটনত অৱস্থিত মাডাম টুছু সংগ্ৰহালয়তো তেওঁৰ মূৰ্তি একোটা যোগ দিয়া হয়।

বঁঁটা-বাহন

শ্বাহ ৰুখ খান বলিউডৰ জগতখনত সবাতোকৈ বেছি বঁটা-বাহনেৰে স্বীকৃত অভিনেতাসকলৰ এজন। তেওঁ ফিল্মফেয়াৰ বঁটাৰ বাবে ৩০টা মনোনয়ন লাভ কৰিছে আৰু ইয়াৰে ১৪টা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৮ বাৰ তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ স্বীকৃতিস্বৰূপে এই বঁটা লাভ কৰিছিল। এইক্ষেত্ৰত তেওঁ অভিনেতা দিলীপ কুমাৰৰ সৈতে যুটীয়াভাৱে শীৰ্ষস্থানত আছে। তেওঁ শ্ৰেষ্ঠ অভিনেতাৰূপে ফিল্মফেয়াৰ বঁটা পোৱা চলচ্চিত্ৰকেইখন হৈছে- বাজীগৰ (১৯৯৩), দিলৱালে' দুলহানিয়া লে' জায়েংগে' (১৯৯৫), দিল ট' পাগল হে' (১৯৯৭), কুছ্ কুছ্ হোতা হে' (১৯৯৮), দেৱদাস (২০০২), স্বদেশ (২০০৪), চক দে'! ইণ্ডিয়া (২০০৭) আৰু মাই নে'ম ইজ খান (২০১০)। তেওঁ 'জৱান' চলচ্চিত্ৰ খনৰ বাবে ২০২৫ চনত ৭১ সংখ্যক 'ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা' প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেতাৰ ৰজত কমল বঁটা লাভ কৰে।২০০৫ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। ২০০৭ চনত ফ্ৰান্স চৰকাৰে শ্বাহ ৰুখক "অৰ্ডাৰ দে' আৰ্টছ্ এ'ট দে' লেটাৰ্ছ্" (Ordre des Arts et des Lettres) সন্মান আৰু ২০১৪ চনত ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান "লিজিয়ন দিঅনাৰ" (Légion d'honneur) প্ৰদান কৰিছিল।

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ O'Brien 2014, পৃ. 217
  2. ↑ Deewana (1992). বলিউড হাংগামা
  3. ↑ Chamatkar (1992). Bollywood Hungama
  4. ↑ Dil Aashna Hai (1992). Bollywood Hungama
  5. ↑ Raju Ban Gaya Gentleman (1992). Bollywood Hungama
  6. ↑ Maya Memsaab (1993). Bollywood Hungama
  7. ↑ Pehla Nasha (1993). Bollywood Hungama
  8. ↑ King Uncle (1993). Bollywood Hungama
  9. ↑ Baazigar (1993). Bollywood Hungama
  10. ↑ The Winners 1993. Indiatimes
  11. ↑ Darr (1993). Bollywood Hungama
  12. ↑ The Nominations 1993. Indiatimes
  13. ↑ Kabhi Haan Kabhi Naa (1994). Bollywood Hungama
  14. ↑ The Winners 1994. Indiatimes
  15. ↑ The Nominations 1994. Indiatimes
  16. ↑ Anjaam (1994). Bollywood Hungama
  17. ↑ Karan Arjun (1995). Bollywood Hungama
  18. ↑ Zamaana Deewana (1995). Bollywood Hungama
  19. ↑ Guddu (1995). Bollywood Hungama
  20. ↑ Oh Darling Yeh Hai India (1995). Bollywood Hungama
  21. ↑ Dilwale Dulhaniya Le Jayenge (1995). Bollywood Hungama
  22. ↑ The Winners 1995. Indiatimes
  23. ↑ Ram Jaane (1995). Bollywood Hungama
  24. ↑ Trimurti (1995). Bollywood Hungama
  25. ↑ English Babu Desi Mem (1996). Bollywood Hungama
  26. ↑ Chahat (1996). Bollywood Hungama
  27. ↑ Army (1996). Bollywood Hungama
  28. ↑ Dushman Duniya Ka (1996). Bollywood Hungama
  29. ↑ Gudgudee (1997). Bollywood Hungama
  30. ↑ Koyla (1997). Bollywood Hungama
  31. ↑ Yes Boss (1997). Bollywood Hungama
  32. ↑ The Nominations 1997. Indiatimes
  33. ↑ 20 best films of Shah Rukh Khan. ইণ্ডিয়া টুডে
  34. ↑ Dil To Pagal Hai (1997). Bollywood Hungama
  35. ↑ The Winners 1997. Indiatimes
  36. ↑ Duplicate (1998). Bollywood Hungama
  37. ↑ The Nominations 1998. Indiatimes
  38. ↑ Achanak (1998). Bollywood Hungama
  39. ↑ Dil Se (1998). Bollywood Hungama
  40. ↑ Kuch Kuch Hota Hai (1998). Bollywood Hungama
  41. ↑ The Winners 1998. Indiatimes
  42. ↑ Baadshah (1999). Bollywood Hungama
  43. ↑ The Nominations 1999. Indiatimes
  44. ↑ Phir Bhi Dil Ha Hindustani (2000). Bollywood Hungama
  45. ↑ Hey! Ram (2000). Bollywood Hungama
  46. ↑ Josh (2000). Bollywood Hungama
  47. ↑ Har Dil Jo Pyar Karega (2000). Bollywood Hungama
  48. ↑ Mohabbatein (2000). Bollywood Hungama
  49. ↑ The Winners 2000. Indiatimes
  50. ↑ Gaja Gamini (2000). Bollywood Hungama
  51. ↑ One 2 Ka 4 (2001). Bollywood Hungama
  52. ↑ Asoka (2001). Bollywood Hungama
  53. ↑ The Nominations 2001. Indiatimes
  54. ↑ Kabhi Khushi Kabhie Gham (2001). Bollywood Hungama
  55. ↑ Hum Tumhare Hain Sanam (2002). Bollywood Hungama
  56. ↑ Devdas (2002). Bollywood Hungama
  57. ↑ The Winners 2002. Indiatimes
  58. ↑ Shakti – The Power (2002). Bollywood Hungama
  59. ↑ Saathiya (2002). Bollywood Hungama
  60. ↑ Chalte Chalte (2003). Bollywood Hungama
  61. ↑ Kal Ho Naa Ho (2003). Bollywood Hungama
  62. ↑ Nominees for the 49th Manikchand Filmfare Awards 2003. Indiatimes
  63. ↑ Yeh Lamhe Judaai Ke (2004). Bollywood Hungama
  64. ↑ Main Hoon Na (2004). Bollywood Hungama
  65. ↑ Nominees of 50th Filmfare Awards. Indiatimes
  66. ↑ Veer Zaara (2004). Bollywood Hungama
  67. ↑ Swades (2004). Bollywood Hungama
  68. ↑ Filmfare Awards 2005: Big Night. Indiatimes
  69. ↑ Kuch Meetha Ho Jaye (2005). Bollywood Hungama
  70. ↑ Kaal (2005). Bollywood Hungama
  71. ↑ Silsiilay (2005). Bollywood Hungama
  72. ↑ Paheli (2005). Bollywood Hungama
  73. ↑ Alag (2006). Bollywood Hungama
  74. ↑ Kabhi Alvida Naa Kehna (2006). Bollywood Hungama
  75. ↑ Shahrukh Khan: Awards & nominations. Bollywood Hungama
  76. ↑ Don – The Chase Begins Again (2006). Bollywood Hungama
  77. ↑ I See You (2006). Bollywood Hungama
  78. ↑ Chak De India (2007). Bollywood Hungama
  79. ↑ Heyy Babyy (2007). Bollywood Hungama
  80. ↑ Om Shanti Om (2007). Bollywood Hungama
  81. ↑ Shaurya (2008). Bollywood Hungama
  82. ↑ Krazzy 4 (2008). Bollywood Hungama
  83. ↑ Bhoothnath (2008). Bollywood Hungama
  84. ↑ (14 July 2008). 'Shah Rukh is part of my film'. The Times of India
  85. ↑ Rab Ne Bana Di Jodi (2008). Bollywood Hungama
  86. ↑ Luck by Chance (2009). Bollywood Hungama
  87. ↑ Billu (2009). Bollywood Hungama
  88. ↑ Dulha Mil Gaya (2010). Bollywood Hungama
  89. ↑ My Name Is Khan (2010). Bollywood Hungama
  90. ↑ (14 January 2011). Nominations for 56th Idea Filmfare Awards 2010. Bollywood Hungama
  91. ↑ (30 January 2011). 'My Name is Khan', 'Dabangg' shine at Filmfare Awards. Daily News and Analysis
  92. ↑ Shahrukh Bola Khubsurat Hai Tu (2010). Bollywood Hungama
  93. ↑ Always Kabhi Kabhi (2011). Bollywood Hungama
  94. ↑ Love Breakups Zindagi (2011). Bollywood Hungama
  95. ↑ Ra.One (2011). Bollywood Hungama
  96. ↑ Don 2 (2011). Bollywood Hungama
  97. ↑ (11 January 2012). Nominations for 57th Idea Filmfare Awards 2011. Bollywood Hungama
  98. ↑ Jha, Subhash K. (7 July 2011). Shah Rukh Khan's not Karan Johar's star anymore. The Times of India
  99. ↑ Jab Tak Hai Jaan (2012). Bollywood Hungama
  100. ↑ (13 January 2013). Nominations for 58th Idea Filmfare Awards 2012. Bollywood Hungama
  101. ↑ Bombay Talkies (2013). Bollywood Hungama
  102. ↑ Chennai Express (2013). Bollywood Hungama
  103. ↑ (14 January 2014). Nominations for 59th Idea Filmfare Awards 2013. Bollywood Hungama
  104. ↑ Bhoothnath Returns (2014). Bollywood Hungama
  105. ↑ Happy New Year (2014). Bollywood Hungama
  106. ↑ (11 April 2015). Shah Rukh Khan talks about working with Kajol in 'Dilwale'. Daily News and Analysis
  107. ↑ (11 January 2016). Nominations for the 61st Britannia Filmfare Awards. Filmfare
  108. ↑ Tartaglione, Nancy. (1 March 2016). 'Fan' Trailer: Shah Rukh Khan In Dual Roles As Star And (Much Younger) Stalker. Deadline Hollywood
  109. ↑ (9 January 2017). 62nd Jio Filmfare Awards 2017 Nominations. Filmfare
  110. ↑ (17 September 2016). Popularity of SRK's voice is reason for roping him in for 'Tutak Tutak Tutiya' trailer: Sonu Sood. The Times of India
  111. ↑ Rakshit, Nayandeep. (23 August 2016). 'Fan' is not the only release for Shah Rukh Khan this year?. Mid Day
  112. ↑ (23 November 2016). Shah Rukh Khan just revealed a big Dear Zindagi spoiler: His role is a cameo. Hindustan Times
  113. ↑ Tartaglione, Nancy. (4 May 2016). Shah Rukh Khan's 'Raees' Moves To 2017; Clash Avoided With Salman Khan's 'Sultan'. Deadline Hollywood
  114. ↑ (25 November 2016). Raees trailer all set to release next week. বলিউড হাংগামা
  115. ↑ (11 January 2017). Confirmed: SRK-Salman to reunite on screen after 10 years in Tubelight. India Today
  116. ↑ Bhatia, Uday. (4 August 2017). Film Review: Jab Harry Met Sejal. Mint
  117. ↑ (3 January 2018). Everything we know about Shah Rukh Khan’s Zero so far. The Indian Express
  118. ↑ Bollywood im Alpenrausch – Indische Filmemacher erobern die Schweiz. Swiss Films
  119. ↑ (29 July 2002). UK prepares 'Bollywood for dummies'. The Times of India
  120. ↑ Chhabra, Aseem. (17 October 2005). Shah Rukh's inner world. Rediff.com
  121. ↑ (January 2008). Film-Dienst. Katholisches Institut für Medieninformationen. পৃ. 14
  122. ↑ Russell, Ishita. (6 February 2010). Discovery splurges on Shah Rukh Khan series. Mint
  123. ↑ Shah, Kunal M. (18 February 2011). King Khan makes documentary on Mughal-E-Azam, Entertainment — Bollywood. Mumbai Mirror
  124. ↑ (20 February 2014). Shah Rukh Khan gets emotional after watching documentary made on Kolkata Knight Riders. NDTV

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাপদ্মশ্ৰী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহৰুখ খান” প্ৰবন্ধৰ সংশোধন ৬০৬৫৩০ (১৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।