অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমিতাভ বচ্চন

অমিতাভ হৰিবংশ বচ্চন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেখেতৰ জন্ম হৈছিল ১১ অক্টোবৰ, ১৯৪২ চনত। ১৯৭০-ৰ দশকত তেখেতে অভিনীত বোলছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰে 'খঙাল যুৱক' (Angry Young Man) হিচাপে। তেওঁ ভাৰতীয় বোলছবি ইতিহাসৰ আটাইতকৈ প্ৰখ্যাত তাৰকা।

হালনাগাদ: ১৩ ছেপ্তেম্বৰ ২০২৫ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

অমিতাভ হৰিবংশ বচ্চন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেখেতৰ জন্ম হৈছিল ১১ অক্টোবৰ, ১৯৪২ চনত। ১৯৭০-ৰ দশকত তেখেতে অভিনীত বোলছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰে 'খঙাল যুৱক' (Angry Young Man) হিচাপে। তেওঁ ভাৰতীয় বোলছবি ইতিহাসৰ আটাইতকৈ প্ৰখ্যাত তাৰকা।১২

অভিনয়ৰ বাহিৰেও তেখেতে দূৰদৰ্শনত অনুষ্ঠানৰ পৰিবেশনা কৰিছে। কেইখন মান বোলছবিত গান গোৱাৰ উপৰিও তেখেতে অলপ সময়ৰ বাবে ৰাজনীতিত যোগদান কৰি সংসদলৈ নিৰ্বাচিত হৈছিল।

জন্ম আৰু কৈশোৰ

অমিতাভ বচ্চনৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ চহৰত এটা হিন্দু কায়স্থ পৰিয়ালত। তেখেতৰ পিতৃ ড॰ হৰিবংশ ৰায় বচ্চন এগৰাকী প্ৰথিতযশা হিন্দী কবি। মাতৃ তেজী বচ্চন। অমিতাভক প্ৰথমে 'ইন্‌কিলাব' নাম দিয়া হৈছিল। পাছলৈ হৰিবংশ ৰায়ৰ বন্ধু কবি সুমিত্ৰানন্দন পণ্ট-ৰ অনুৰোধত নাম সলাই অমিতাভ ৰখা হয়। তেওঁলোকৰ উপাধি শ্ৰীবাস্তৱ আছিল যদিও দেউতাকে ছদ্ম উপাধি লৈছিল 'বচ্চন' (হিন্দী শব্দৰ অৰ্থ শিশুসুলভ)। অমিতাভে এই উপাধিৰেই চলচ্চিত্ৰত প্ৰবেশ কৰে। এই উপাধিকে এতিয়া বচ্চন পৰিয়ালে সমূহীয়াকৈ লিখে। পিতৃৰ মৃত্যু হয় ২০০৩ চনত আৰু ২০০৭ চনত মাতৃৰ পৰলোক প্ৰাপ্তি হয়।৩

অমিতাভ আছিল দুই ভাতৃৰ ডাঙৰজন। সৰু ভাইটিৰ নাম অজিতাভ। অমিতাভৰ বচ্চনৰ মাতৃ থিয়েটাৰ জগতৰ লগত জড়িত আছিল।৪ অমিতাভ বচ্চনে এলাহাবাদৰ 'জ্ঞান প্ৰবোধিনী' আৰু 'ল'ৰাৰ উচ্চ মাধ্যমিক আৰু মহাবিদ্যালয়ত' শিক্ষা গ্ৰহন কৰিছিল। পাছলৈ তেখেতে নাইনিতালৰ 'শ্বেৰউড মহাবিদ্যালয়' আৰু দিল্লীৰ কিৰোৰীমল মহাবিদ্যালয়ৰপৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। চলচ্চিত্ৰত অভিনয় কৰাৰ আগতে অমিতাভ বচ্চনে কলিকতাৰ 'বাৰ্ড এণ্ড কো.' নামৰ জাহাজৰ কোম্পানী এটাত চাকৰি কৰিছিল।

পৰিয়াল

অমিতাভ বচ্চনে ব্যক্তিগত জীৱনত বিখ্যাত বঙালী লেখক তৰুণ কুমাৰ ভাদুড়ীৰ কন্যা - অভিনেত্ৰী জয়া বচ্চনক বিয়া কৰায়। তেওঁলোকৰ দুটি সন্তান শ্বেতা নন্দা আৰু অভিষেক বচ্চন। অভিষেক বচ্চন পেছাত অভিনেতা আৰু তেওঁ অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে।

কৰ্মজীৱন

প্ৰথম ভাগ: ১৯৬৯ -১৯৭২

অমিতাভ বচ্চনে প্ৰথমে চলচ্চিত্ৰৰ কাম আৰম্ভ কৰে এগৰাকী নেপথ্য ঘোষকৰ ৰূপত, মৃণাল সেন-ৰ বিখ্যাত ছবি ভুৱন সোমত। তাৰ পাছত খাজা আহমদ আব্বাছৰ সাত হিন্দুস্থানী ছবিত প্ৰথমে অভিনয় কৰে। এই ছবিত অমিতাভ বচ্চনে ৰাষ্ট্ৰীয় পৰ্য্যায়ত 'শ্ৰেষ্ঠ অভিষেক অভিনেতা'-ৰ (Best Newcomer) বঁটা লাভ কৰে।৫

১৯৭০ চনত নিৰ্মিত আনন্দ বোলছবিত তেওঁ সহ-অভিনেতাৰ ৰূপত ৰাজেশ খান্নাৰ সতে অভিনয় কৰে আৰু 'শ্ৰেষ্ঠ সহ-অভিনেতা'ৰ বঁটা লাভ কৰে। একে বছৰত মুক্তি লভা পৰৱানা ছবিত তেখেতে প্ৰতিনায়কৰ ভূমিকাতো অভিনয় কৰে। ১৯৭২ চনত তেখেতে বোম্বে টু গোৱা নামৰ এখন হাস্যমধূৰ ছবিতো অভিনয় কৰে।

চলচ্চিত্ৰপঞ্জী

শেহতীয়া চলচ্চিত্ৰ

বৰ্ষচলচ্চিত্ৰভূমিকাটোকা
২০০৬ফে'মিলী —টাইজ অৱ ব্লাডৱীৰেন চাহি
ডৰণা জৰুৰী হ্যেঁঅধ্যাপক
কভী আলৱিদা না কে'হনাসমৰজিৎ সিং তালৱাৰ (ওৰফে চেক্সী চেম)ফিল্মফেয়াৰ শ্ৰেষ্ঠ সহ-অভিনেতা পুৰস্কাৰৰ বাবে মনোনীত
বাবুলবলৰাজ কাপুৰ
২০০৭একলৱ্য: দ্য ৰয়েল গাৰ্ডএকলৱ্য
নিশব্দ্ৱিজয়
চীনি কুমবুদ্ধদেৱ গুপ্তা/ঘাচপাচ
শ্বুট-আউট এত লোখাণ্ডৱালাবিশেষ আগমণ, ডিংৰা
ঝুম বৰাবৰ ঝুমবিশেষ আগমণ, সূত্ৰধাৰ
ৰাম গোপাল ৱাৰ্মা কী আগবাব্বন সিং
ওঁম শান্তি ওঁমবিশেষ আগমণ,নিজস্ব
২০০৮জোধা আকবৰবৰ্ণনাকাৰ
ভূতনাথভূতনাথ (কৈলাশ নাথ)
চৰকাৰ ৰাজসুভাষ নাগৰে ওৰফে চৰকাৰ
গড তুচ্চি গ্ৰে'ট হ'গড অলমাইটি
দ্য লাষ্ট লিয়েৰহৰিশ 'হে'ৰী' মিশ্ৰ
২০০৯দিল্লী-৬বিশেষ আগমণ, দাদাজী
আলাদিনজিনিয়াছ দ্য জেনী
পাঅ'ৰ'ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ বিজেতা শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজেতা
২০১০ৰণৱিজয় হৰ্ষৱৰ্হন
তীন পট্টীৱেংকট
কান্দাহাৰলোকনাথন শৰ্মা
২০১১ডিপাৰ্টমেন্ট
বুদ্ধা হ'গা তেৰা বাপ
আৰক্ষণপ্ৰভাকৰ আনন্দফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত
শ্বু-বাইটজ'ন পীৰে'ৰাপ'ষ্ট-প্ৰডাকছন
২০১২তালছিমানশ্বুটিং চলি আছে
২০১২দ্য গ্ৰে'ট গে'তছবীমেয়াৰ ৱল্ফচেমশ্বুটিং চলি আছে

প্ৰযোজক

বৰ্ষচলচ্চিত্ৰ
১৯৯৬তেৰে মেৰে স্বপনে
১৯৯৭উল্লাচাম
মৃত্যুদাতা
১৯৯৮মেজৰ চাব
১৯৯৮সাত ৰংগ কে স্বপনে
২০০১অক্স
২০০৫বিৰোধ... ফেমিলী কামছ ফাৰ্ষ্ট
২০০৬ফেমিলী — টাইজ অৱ ব্লাড

নেপথ্য গায়ক

বৰ্ষচলচ্চিত্ৰ
১৯৭৭দ্য গ্ৰে'ত গেম্বলাৰ
মিঃ নটৱাৰলাল
১৯৮১লাৱাৰিছ
নছীৱ
চিলচিলা
১৯৮৩মহান
পুকাৰ
১৯৮৪চাৰাবী
১৯৮৯তুফান
যাদুগৰ
১৯৯২খুদা গৱাহ
১৯৯৮মেজৰ চাব
১৯৯৯সূৰ্যৱংশম
২০০১অক্স
কভী খুছী কভী গম
২০০২আঁখে
২০০৩আৰমান
বাগবান
২০০৪দেৱ
এইতবাৰ
২০০৬বাবুল
২০০৭নিশব্দ্
চীনি কুম
২০০৮ভূতনাথ
২০০৯আলাদিন
পা
২০১১বুদ্ধা হ'গা তেৰা বাপ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2007-06-16). Amitabh Bachchan: A Life in Pictures | BAFTA Guru. Bafta.org
  2. ↑ (2002-04-23). FILM | Film legend promotes Bollywood. BBC News
  3. ↑ (2007-12-21). Big B's mother Teji Bachchan is no more. Hindustan Times
  4. ↑ MouthShut.com. MouthShut.com
  5. ↑ Entertainment News, Latest Entertainment News, Hollywood Bollywood News | Entertainment - Times of India. Movies.indiatimes.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিতাভ বচ্চন” প্ৰবন্ধৰ সংশোধন ৫৩৮৫০১ (১৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।