অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মণি ৰত্নম

মণি ৰত্নম (Mani Ratnam; জন্ম: জুন ২, ১৯৫৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেখেত মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰৰ লগতে কেইখনমান হিন্দী, তেলেগু, মালয়ালম আৰু কানাড়া ছবিৰ কাম কৰিছে।

হালনাগাদ: ১৩ আগষ্ট ২০২৫ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মণি ৰত্নম (Mani Ratnam; জন্ম: জুন ২, ১৯৫৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেখেত মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰৰ লগতে কেইখনমান হিন্দী, তেলেগু, মালয়ালম আৰু কানাড়া ছবিৰ কাম কৰিছে।১

তেওঁ সাতটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, চাৰিটা ফিল্মফেয়াৰ বঁটা, ছটা ফিল্মফেয়াৰ এৱাৰ্ড চাউথ,২ আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত অসংখ্য বঁটা লাভ কৰিছে। ২০০২ চনত ভাৰত চৰকাৰে তেওঁক চলচ্চিত্ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে পদ্মশ্ৰী বঁটাৰে সম্বৰ্ধনা জনায়।

চলচ্চিত্ৰৰ লগত জডি়ত পৰিয়ালত জন্ম গ্ৰহণ কৰাৰ পিছতো মণিৰত্নমে সৰুতে ছবিৰ প্ৰতি কোনো আগ্ৰহ গঢ়ি তুলিব পৰা নাছিল।৩ মেনেজমেণ্টৰ স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ পৰামৰ্শদাতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।৩ ১৯৮৩ চনত কানাড়া ছবি পল্লৱ অনু পল্লৱীৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তেলেগু আৰু মালয়ালম চিনেমাত কাম কৰাৰ পিছত তেওঁ মৌনা ৰাগম (১৯৮৬) ছবিৰে তেওঁৰ ডাঙৰ অগ্ৰগতি লাভ কৰে, এই ছবিখনে‍ তেওঁক তামিল চিনেমাৰ এগৰাকী আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে প্ৰতিষ্ঠা কৰে আৰু তেওৈঁল প্ৰথম ফিল্মফেয়াৰ শ্ৰেষ্ঠ পৰিচালক বঁটা কঢিয়াই আনে।

তেওঁৰ প্ৰতিখন ছবিতে নিজস্ব সুকীয়া শৈলী আছে, সুন্দৰ চিত্ৰায়নৰ গীত আৰু অনন্য বেক-লাইটিং তেওঁৰ চিনেমাৰ গুৰুত্বপূৰ্ণ দিশ।

প্ৰাৰম্ভিক জীৱন

১৯৫৬ চনৰ ২ জুনত তামিলনাডুৰ মাদুৰাইত চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে ওতপ্ৰোতভাৱে জড়িত তামিল ব্ৰাহ্মণ পৰিয়ালৰ দ্বিতীয় সন্তান হিচাপে জন্মগ্ৰহণ কৰিছিল মণিৰত্নমে।৪৫৬ তেখেতৰ পিতৃ এছ গোপালৰত্নম এজন চলচ্চিত্ৰ বিতৰক আছিল আৰু তেওঁ ভেনাছ পিকচাৰ্ছৰ বাবে‍ কাম কৰিছিল৭ আনহাতে তেওঁৰ খুড়াক "ভেনাচ" কৃষ্ণমূৰ্তি আছিল এজন চলচ্চিত্ৰ প্ৰযোজক। তেওঁৰ ডাঙৰ ভাতৃ জি ভেংকটেশ্বৰনে‍ (মৃত্যু ২০০৩) তেওঁৰ কিছু ছবি প্ৰযোজনা কৰিবলৈ আগবাঢ়ি গৈছিল।৭৮৯ জি ভেংকটেশ্বৰৰ দৰে তেওঁৰ কনিষ্ঠ ভাতৃ জি শ্ৰীনিবাসনেও (মৃত্যু ২০০৭ তেওঁৰ কিছু ছবিৰ সহ-প্ৰযোজনা কৰিছিল।১০

মণি ৰত্নম মাদ্ৰাজ (বৰ্তমান চেন্নাই)ত ডাঙৰ-দীঘল হৈছিল,১১ ভাই-ভনী আৰু ভতিজাকহঁতৰ সৈতে। চলচ্চিত্ৰৰ লগত জডি়ত পৰিয়ালত ডাঙৰ-দীঘল হোৱাৰ পিছতো বয়োজ্যেষ্ঠসকলে নিষিদ্ধ বুলি গণ্য কৰাৰ বাবে শিশুসকলক ছবি চাবলৈ দিয়া নহৈছিল।১২

স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ লগে লগে তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰামকৃষ্ণ মিছন বিবেকানন্দ মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ মুম্বাইৰ জামনালাল বাজাজ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজৰ পৰা বিত্তীয় বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৮ ১৯৭৭ চনত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ মাদ্ৰাজৰ এটা প্ৰতিষ্ঠানত মেনেজমেণ্ট কনচালটেণ্ট হিচাপে নিযুক্তি লাভ কৰে, আৰু তাত কিছুদিন কাম কৰে।৮

ব্যক্তিগত জীৱন

১৯৮৮ চনৰ ২৬ আগষ্টত ৰত্নমে অভিনেত্ৰী সুহাসনীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১৩ দম্পতীহালৰ এটি‍ পুত্ৰ আছে।১৪ পৰিয়ালটো চেন্নাইৰ আলৱাৰপেটত বাস কৰে, য’ৰ পৰা তেওঁ নিজৰ প্ৰডাকচন কোম্পানী মাদ্ৰাজ টকিছ চলায়।১৫১৬

১৯৯৫ চনত মণিৰত্নমক তেওঁৰ ছবি বম্বে য'ত এজন হিন্দু পুৰুষৰ সৈতে‍ এগৰাকী মুছলমান মহিলাৰ ৰোমাঞ্চ চিত্ৰিত কৰাক বিৰোধিতা কৰি ইছলামিক উগ্ৰপন্থী বুলি আৰক্ষীয়ে সন্দেহ কৰা আক্ৰমণকাৰীয়ে ঘৰতে বনোৱা বোমা নিক্ষেপ কৰি আক্ৰমণ কৰাৰ পিছত তেওঁ আহত হয় আৰু চিকিৎসালয়ত ভৰ্তি হয়।১৭

বঁটা আৰু সন্মান

বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱ যেনে টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, বুছান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, টকিঅ’ ফিল্মেক্স আৰু বাৰ্মিংহাম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ ছবিসমূহ পুৰ্বদৃষ্টিৰে সুপৰিচিত হৈ উঠে৷১৮ তেওঁৰ ছবিসমূহ ভেনিচ চলচ্চিত্ৰ মহোৎসৱ, ৰটাৰডেম চলচ্চিত্ৰ মহোৎসৱ, মণ্ট্ৰিয়েল বিশ্ব চলচ্চিত্ৰ মহোৎসৱ আৰু পাম স্প্ৰিংছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদি বহু চলচ্চিত্ৰ মহোৎসৱত নিয়মিতভাৱে প্ৰদৰ্শিত হৈ আহিছে৷১৮ তেওঁৰ দুখন ছবি ৰোজা আৰু বম্বেয়ে ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ নাৰ্গিছ দত্ত বঁটা লাভ কৰিছে। প্ৰথমখন ১৮ সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰ শাখাৰ বাবেও মনোনীত হৈছিল।১৯ ২০১০ চনত ৬৭ সংখ্যক ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মণিক জেগাৰ-লেক’ল্টৰ গ্ল’ৰী টু দ্য ফিল্মমেকাৰেৰে সন্মানিত কৰা হয়।২০২১ ২০১৫ চনৰ জুলাই মাহত আন্তঃৰাষ্ট্ৰীয় চিনেমালৈ আগবঢ়োৱা সন্মানীয় অৱদানৰ বাবে বাগৰি ফাউণ্ডেশ্যন লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ছান মাৰ্ক লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত হয়।২২ প্ৰায় একে সময়তে নিউয়ৰ্ক চহৰৰ মিউজিয়াম অৱ দ্য মুভিং ইমেজত মণিক বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তেওঁৰ ছবি ৰোজা, বম্বে, আৰু দিল ছে সংগ্ৰহালয়ত পুৰ্বদৃষ্টি হিচাপে প্ৰদৰ্শিত হৈছিল।২৩

তথ্যসূত্ৰ

  1. ↑ (2023-04-27). Fantastic that films now recognised as Indian, not from north, or south: Mani Ratnam. The Indian Express
  2. ↑ (12 August 2007). Everyone loves the black lady. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ 66 things you probably didn't know about the living legend Mani Ratnam. HT Media
  4. ↑ The timeless duo: Mani Ratnam and Ilaiyaraaja. The Week
  5. ↑ Shetty, Kavitha. (15 February 1994). A shooting success. ইণ্ডিয়া টুডে
  6. ↑ Nynnat, Sophia. (2021-01-23). White and Brahmin-Aryan Supremacism: A Journey Across the Film World. Medium
  7. ↑ N, Sathiya Moorthy. Film producer GV commits suicide. Rediff
  8. ↑ (10 September 2007). Mani mantra for B-school. The Telegraph
  9. ↑ S, Shivakumar. (10 May 2003). The seamier side of film financing. দ্য হিন্দু
  10. ↑ (28 May 2007). Film producer G. Srinivasan dead. দ্য হিন্দু
  11. ↑ Singh, Vidya. (3 November 2011). Maniratnam, the filmmaker. The New Indian Express
  12. ↑ Rangan 2014
  13. ↑ (26 August 2018). Suhasini wishes her husband Mani Ratnam on their wedding anniversary. The Times of India
  14. ↑ (2 April 2008). Mani Ratnam's son a hit at party meet. The Indian Express. Press Trust of India
  15. ↑ Ramkumar, Krishna. (19 September 2009). Planet plush!. The Times of India. পৃ. 37
  16. ↑ (18 January 2003). Security cover for Mani Ratnam reviewed. দ্য হিন্দু
  17. ↑ Shekhar, G.C. (July 10, 1995). Movie Director Injured By Bomb; Police Blame Muslim Extremists. Associated Press
  18. ↑ The Director – Mani Ratnam. berlinbabylon14
  19. ↑ Competition program: XVIII MIFF (1–12 july 1993). 34th Moscow International Film Festival
  20. ↑ Bhaskaran, Gautaman. (7 September 2010). Venice honours Mani Ratnam. হিন্দুস্তান টাইমছ
  21. ↑ Venezia 67 Awards. Venice Film Festival
  22. ↑ London Indian Film Festival Awards. London Indian Film Festival
  23. ↑ Dore, Shalini. (11 June 2015). Mani Ratnam Tribute Set at Museum of the Moving Image. Variety

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চলচ্চিত্ৰ পৰিচালকহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকমালায়ালম ভাষাৰ চলচ্চিত্ৰ পৰিচালককলিউড (তামিল চলচ্চিত্ৰ জগত)ফিল্মফেয়াৰ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণি ৰত্নম” প্ৰবন্ধৰ সংশোধন ৫৩২২১০ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।