ড॰ মনমোহন সিং (ਮਨਮੋਹਨ ਸਿੰਘ;; জন্ম ২৬ চেপ্তেম্বৰ ১৯৩২ আৰু মৃত্যু ২৬ ডিচেম্বৰ ২০২৪) ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী। অৰ্থনীতিবিদ ড॰ সিং জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ কাৰ্যনিৰ্বাহ কৰা প্ৰথম শিখ প্ৰধানমন্ত্ৰী।
মনমোহন সিঙৰ জন্ম হৈছিল গহত (বৰ্তমান পাকিস্তানৰ পঞ্জাৱত)। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়ালটি ভাৰতলৈ আহে। অক্সফ'ৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৬৬-৬৯ চনত ৰাষ্ট্ৰসংঘত চাকৰি কৰে। ললিত নাৰায়ন মিশ্ৰই তেওঁক ভাৰতীয় ব্যৱসায় আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপদেষ্টা নিৰ্বাচন কৰাৰ লগে লগে তেওঁৰ আমোলাতন্ত্ৰিক জীৱন আৰম্ভ হয়। ৭০ আৰু ৮০ ৰ দশকত মুখ্য অৰ্থনৈতিক উপদেষ্টা (১৯৭২-৭৬), ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ (১৯৮২-৮৫), পৰিকল্পনা আয়োগৰ অধ্যক্ষ (১৯৮৫-৮৭) আদি ভাৰত চৰকাৰৰ কেইবাটাও দপ্তৰত তেওঁ চাকৰি কৰে।
১৯৯১ চনত ভাৰত প্ৰৱল বিত্তীয় সংকটত পৰে। নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে সকলোকে আচৰিত কৰি অ-ৰাজনৈতিক ড॰ মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাপে কেবিনেটত মকৰল কৰে। প্ৰতিপক্ষৰ তীব্ৰ বিৰোধিতা সত্ত্বেও পাছৰ কেইবছৰত ড॰ সিঙে ভাৰতৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাপে গোলকীয়ভাৱে সিঙ প্ৰতিষ্ঠিত হ'ল, যদিও ১৯৯৬ চনত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। তথাক্ৰমে পাছৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত সিঙে ৰাজ্যসভাত বিৰোধীপক্ষৰ নেতা হিচাপে কংগ্ৰেছ দলক নেতৃত্ব প্ৰদান কৰে।
২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (UPA) ক্ষমতালৈ অহাৰ সময়ত অধ্যক্ষা ছোনিয়া গান্ধীয়ে অপ্ৰত্যাশিতভাৱে মনমোহন সিঙক প্ৰধানমন্ত্ৰিত্ব অৰ্পণ কৰে। সিঙৰ নেতৃত্বৰ "UPA I" চৰকাৰে নেশ্যনেল ৰুৰেল হেল্থ মিশ্যন, ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, মহাত্মা গান্ধী ৰুৰেল এম্প্লয়মেণ্ট গেৰাণ্টি এক্ট, ৰাইট টু ইনফৰমেশ্যন এক্টকে ধৰি কেইবাখনো আইন আৰু আঁচনি গ্ৰহণ কৰে। ২০০৮ চনত ভাৰত আৰু আমেৰিকাৰ চিভিল নিউক্লিয়াৰ এগ্ৰিমেণ্ট বিলখনৰ বিৰোধিতা কৰি লেফ্ট ফ্ৰণ্টে চৰকাৰৰ পৰা সমৰ্থন উঠাই লোৱাৰ বাবে চৰকাৰ প্ৰায় ভংগই হ'বলৈকে ওলাইছিল। যদিও UPA I -অৰ কাৰ্য্যকালত ভাৰতৰ অৰ্থনীতি যথেষ্ট উৰ্ধগামী হয়, ২০০৮ চনৰ মুম্বাই আক্ৰমণ আৰু মাওবাদী বিদ্ৰোহ আদিয়ে চৰকাৰক বিপাঙত পেলায়।
২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ পুনৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে বিজয়ী হয় আৰু পুনৰ মনমোহন সিঙৰ প্ৰধানমন্ত্ৰিত্বত চৰকাৰ গঠন কৰে। পাছৰ কেইবছৰত কমনৱেল্থ গেমচৰ আয়োজন, ২ জি স্পেক্ট্ৰাম, কয়লাৰ আৱণ্টন আদি কেইবাটাও দুৰ্নীতি কাণ্ডই চৰকাৰক জুৰুলা কৰে।
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
১৯৩২ চনৰ ২৬ ছেপ্তেম্বৰত ব্ৰিটিছ শাসিত পঞ্জাৱৰ গহত (বৰ্তমান পাকিস্তানত) গুৰমুখ সিঙৰ ঔৰসত আৰু অমৃত কৌৰৰ গৰ্ভত মনমোহন সিঙে জন্মলাভ কৰে। শিশু অৱস্থাতে মাকক হেৰুওৱা মনমোহনক আইতাকে (দেউতাকৰ মাক) তুলি-তালি ডাঙৰ-দীঘল কৰে।
দেশ বিভাজনৰ পাছত তেওঁলোকৰ পৰিয়ালটো ভাৰতৰ অমৃতসৰলৈ গুছি আহে আৰু তেওঁ তাৰ হিন্দু কলেজত অধ্যয়ন কৰে। তাৰ পাছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত ক্ৰমে ১৯৫২ আৰু ১৯৫৪ চনত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৫৭ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ 'ট্ৰাইপচ' (Tripos) সফলতাৰে সমাপ্ত কৰে।
কৰ্মজীৱন
১৯৫৭ চনৰ পৰা ১৯৫৯ চনলৈকে মনমোহন সিং পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল। ১৯৬৬ চনত তেওঁ দিল্লী স্কুল অৱ ইকনমিক্স (Delhi School of Economics)ত অধ্যাপক হিচাপে কৰ্মৰত আছিল আৰু ১৯৬৬-১৯৬৯ চনৰ সময়ছোৱাত ৰাষ্ট্ৰসংঘত কৰ্মনিৰ্বাহ কৰিছিল।১
১৯৬৯ চনত দিল্লী স্কুল অফ ইকনমিক্সত আন্তৰ্জাতিক বাণিজ্যৰ অধ্যাপক হিচাপে কৰ্মৰত থকা অৱস্থাতে ১৯৭২ চনত তেওঁক বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্ত কৰা হৈছিল।
১৯৭৬ চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৯৮০-১৯৮২ চনৰ সময়ছোৱাত তেওঁ পৰিকল্পনা আয়োগৰ লগত জড়িত আছিল। ১৯৮২ চনত তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হয়। ২০২৪ চনৰ এপ্ৰিলত তেওঁ ৰাজ্যসভাৰ সদস্যপদৰ পৰা অৱসৰ গ্ৰহণ কৰে।
পৰিয়াল আৰু ব্যক্তিগত জীৱন
মনমোহন সিঙে ১৯৫৮ চনত গুৰচৰণ কৌৰক বিয়া কৰায়। তেওঁলোকৰ তিনিগৰাকী কন্যা - উপিন্দৰ সিং, দমন সিং আৰু অমৃত সিং।২উপিন্দৰ সিঙে অশোক বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩ তেওঁ 'এনচিয়েণ্ট দিল্লী '(১৯৯৯) আৰু 'এ হিষ্ট্ৰী অৱ এঞ্চিয়েণ্ট এণ্ড আৰ্লি মেডিয়াভেল ইণ্ডিয়া' (২০০৮) কে ধৰি ছয়খন কিতাপ লিখিছে।
মৃত্যু
২৬ ডিচেম্বৰ ২০২৪ তাৰিখে সিঙক হৃদৰোগ আৰু বৃদ্ধৱস্থা সম্পৰ্কীয় সমস্যাৰ বাবে নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছিল। ২০২৪ চনৰ ২৬ ডিচেম্বৰত ৯২ বছৰ বয়সত একেখন চিকিৎসালয়তে সিঙৰ পৰলোকপ্ৰাপ্তি ঘটে।৪
বাহ্যিক সংযোগ
- মনমোহন সিং at Dev Library
- Manmohan Singh at Dev Library
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনমোহন সিং” প্ৰবন্ধৰ সংশোধন ৬১৭৭৬৮ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।