শ্ৰীদেৱী কাপুৰ (জন্ম: শ্ৰী আম্মা আয়েংগাৰ আয়াপ্পান;১২ ১৩ আগষ্ট ১৯৬৩ – ২৪ ফেব্ৰুৱাৰী ২০১৮)৩১ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ বলিউড, তেলুগু, তামিল, মালয়ালম আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।৪ তেওঁক বলিউডৰ প্ৰথম গৰাকী মহিলা "চুপাৰষ্টাৰ" হিচাপে অভিভীত কৰা হয়।৫৬ মোহময়ী অভিনেত্ৰী গৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আছিল।৭৮৯১০১১
শ্ৰীদেৱীয়ে মাত্ৰ চাৰি বছৰ বয়সতে এম. এ. থিৰুমুঘামৰ ধৰ্মীয় বোলছবি "থুনাইভান"ত শিশুশিল্পী হিচাপে অভিনয় কৰি অভিনয়ৰ জগত খনলৈ পাতনি মেলিছিল।১২ তাৰ পিছত তেওঁ কেইবাখনো তামিল, তেলুগু, মালয়ালম আৰু কন্নড় বোলছবিত শিশুশিল্পী হিচাপে অভিনয় কৰে। ১৯৭৫ চনৰ জুলি বোলছবিৰ জৰিয়তে তেওঁ হিন্দী ছবিজগতলৈ প্ৰৱেশ কৰে আৰু মাত্ৰ ১৩ বছৰ বয়সত ১৯৭৬ চনৰ তামিল ছবি মুণ্ডৰু মুদিচু ত প্ৰথম মুখ্য অভিনেত্ৰীৰ ভূমিকাত অৱতীৰ্ণ হয়। ইয়াৰ লগে লগে কেইবাখনো জনপ্ৰিয় বোলছবি যেনে, ১৬ ভায়াথিনিলে (১৯৭৭), চিগাপ্পু ৰোজাক্কাল (১৯৭৮), ভাৰুমায়িন নিৰাম ছিভাপ্পু (১৯৮০), মীনদুম কোকিলা (১৯৮১), প্ৰেমাৱিশেষম (১৯৮১), মুনড্ৰাম পিৰাই (১৯৮২), আখাৰী পৰাটাম (১৯৮৮), জাগাডেকা ভীৰুডু অতিলোকা সুন্দৰী (১৯৯০) আৰু কৃষ্ণ কৃষ্ণাম (১৯৯১) আদিৰ জৰিয়তে নিজকে তামিল, তেলুগু, মালয়ালম আৰু কন্নড় ছবিৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।
তেওঁ বলিউডৰ ছলভা চাৱান (১৯৭৮) খনৰ জৰিয়তে মুখ্য ভূমিকাত অভিনয় কৰিবলৈ সুযোগ পায়।১৩ তাৰপিছত তেওঁ কেইবাখনো জনপ্ৰিয় ছবি যেনে, হিম্মতৱালা (১৯৮৩), মাৱালী (১৯৮৩), তহফা (১৯৮৪), নয়া কদম (১৯৮৪), মাশ্বক (১৯৮৪), মাষ্টৰজী (১৯৮৫), নাজৰণা (১৯৮৭), মিঃ ইণ্ডিয়া (১৯৮৭), ৱাক্ত কি আৱাজ (১৯৮৮) আৰু চান্দনী (১৯৮৯) আদি ছবিৰ জৰিয়তে নিজকে বলিউডত প্ৰতিষ্ঠা কৰে। কেইবাখনো বাণিজ্যিক চলচ্চিত্ৰ যেনে সাদমা (১৯৮৩), নাগিনা (১৯৮৬), চালবাজ (১৯৮৯), লামহে (১৯৯১), খোদা গাৱাহ (১৯৯২), গুমৰাহ (১৯৯৪), লাডলা (১৯৯৪) আৰু জুডাই (১৯৯৭)-ত কৰা অভিনয়ৰ বাবে বিশেষভাৱে প্ৰশংসিত হৈছিল। তেওঁ পাঁচটা ফিল্মফেয়াৰ বঁটা আৰু দহবাৰ এই বঁটালৈ মনোনয়ন লাভ কৰিছিল।
২০১২ চনত সুদীৰ্ঘ ১৫ বছৰ বিৰতিৰ পিছত ইংলিছ ভিংলিছ বোলছবিৰ জৰিয়তে আকৌ চলচ্চিত্ৰ জগতলৈ পৰ্দাপন কৰে। তেখেতৰ জীবনৰ অন্তিমখন ছবি আছিল ২০১৭ চনত মুক্তি লাভ কৰা বোলছবি মম্|১৪ ২০১৩ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।১৫
তেওঁ ২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে সংযুক্ত আৰৱ আমিৰাতৰ ডুবাইত শেষ নিশ্বাস ত্যাগ কৰে।
বঁটা আৰু স্বীকৃতি
- ১৯৭১: কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা- শ্ৰেষ্ঠ শিশু অভিনেত্ৰী- পুমবাট্টা
- ১৯৭৭: ফিল্মফেয়াৰ বঁটা দক্ষিণ (তামিল)- বিশেষ বঁটা- ১৬, ৱায়াথিনিলে
- ১৯৮১: তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা- শ্ৰেষ্ঠ অভিনেত্ৰী- মুন্দ্ৰম পিৰাই
- ১৯৮২: ফিল্মফেয়াৰ বঁটা দক্ষিণ (তামিল)- শ্ৰেষ্ঠ অভিনেত্ৰী- মিনদুম ককিলা
- ১৯৯০: ফিল্মফেয়াৰ বঁটা- শ্ৰেষ্ঠ অভিনেত্ৰী- চালবাজ
- ১৯৯১: ফিল্মফেয়াৰ বঁটা দক্ষিণ(তেলেগু)- শ্ৰেষ্ঠ অভিনেত্ৰী- ক্ষণ ক্ষণম
- ১৯৯২: ফিল্মফেয়াৰ বঁটা- শ্ৰেষ্ঠ অভিনেত্ৰী- লমহে
- ২০১৩: ফিল্মফেয়াৰ বঁটা- বিশেষ বঁটা- নাগিনা
- ২০১৭: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- শ্ৰেষ্ঠ অভিনেত্ৰী- মম১৬
- ২০১৯: ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা
- ২০১৩: পদ্মশ্ৰী১৭
- ২০২৩: ৬০ বছৰীয়া জন্মদিন উপলক্ষে ১৩ আগষ্ট ২০২৩-ত গুগল-ডুডল প্ৰকাশ১৮
তথ্যসূত্ৰ
- ↑ Sridevi Bio – Sridevi News, Wallpapers, Gossip, Movies, Pics: Spice Zee
- ↑ The Hindu: Talk of the Town. hindu.com
- ↑ Brahmbhatt, Preetee. This week in entertainment history. Rediff.com
- ↑ (18 December 2012). Sridevi. Tamilnadu.com
- ↑ (August 12, 2015). Sridevi The First Female Superstar of Bollywood. India Today
- ↑ (August 12, 2015). Happy Birthday Sridevi Bollywood's First Female Superstar. Hindustan Times
- ↑ (March 2, 2013). 100 Years of Cinema: From actors to demigods; the first superstars of cinema. news18.com
- ↑ Indian cinema @100: Defining moments you chose. NDTVMovies.com
- ↑ CNN-IBN. 100 Years of Indian Cinema: 50 Iconic Heroines
- ↑ Boxofficeindia.com. Top Actress
- ↑ Rediff. Bollywood's Best Actresses Ever
- ↑ Before All The Galata | Naman Ramachandran. Outlookindia.com
- ↑ (2018-02-24). Bollywood superstar Sridevi dies at 54. BBC News
- ↑ DailyMail. Sridevi has broken a stereotype
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Shiksha, Shruti. (25 June 2018). IIFA Awards 2018: Tumhari Sulu, Sridevi And Irrfan Khan – Complete List Of Winners. NDTV
- ↑ (28 February 2018). Thousands gather to mourn Bollywood's 'first female superstar'. The Daily Telegraph. Telegraph Media Group
- ↑ Sridevi's 60th Birthday. www.google.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীদেৱী” প্ৰবন্ধৰ সংশোধন ৩৮২৯৯৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।