টুইটাৰ (Twitter) হ’ল এটা ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত এক সামাজিক সংযোগ (চচিয়েল নেটৱৰ্কিং) ব্যৱস্থা আৰু মাইক্ৰব্লগিংৰ এটা জালস্থান বা ৱেবছাইট, য’ত ব্যৱহাৰকাৰীসকলে সৰ্বোচ্চ ১৪০টা আখৰৰ বাৰ্তা আদান-প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে। এই বাৰ্তাবোৰকে টুইট (tweet) বুলি নামকৰণ কৰা হৈছে। টুইটাৰৰ সদস্যসকলৰ টুইট কৰা বাৰ্তাবোৰ তেওঁলোকৰ প্ৰফাইল পাতত দেখা যায়। টুইটাৰৰ সদস্য সকলে অন্য সদস্যসকলৰ টুইট পঢ়াৰ বাবে অনুসৰণ বা follow কৰাটো ইয়াত আৱশ্যক। কোনো সদস্যৰ টুইট পঢ়াৰ বাবে যাৰ স’তে একলগ হৈছে সেইসকল অনুসৰণকাৰী (follower) বুলি কোৱা হৈছে।১
টুইট লিখিবৰ বাবে সদস্যসকলে টুইটাৰ ৱেবচাইট ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও মোবাইল ফোন বা এছএমএচৰ মাধ্যমৰেও টুইট লিখাৰ সুবিধা আছে।২ টুইটাৰৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেন ফ্ৰান্সিস্কো চহৰত অৱস্থিত। তদুপৰি টেক্সাছৰ চেন এণ্টনি আৰু মাচাছ্যুচেটচৰ বষ্টনত টুইটাৰৰ চাৰ্ভাৰ আৰু শাখা কাৰ্যালয় আছে।
ইতিহাস
২০০৬ চনৰ মাৰ্চ মাহৰ পৰা টুইটাৰৰ যাত্ৰা আৰম্ভ হৈছিল। তাৰপিছত ২০০৬ চনৰ জুলাই মাহত জেক ডৰ্চিয়ে আনুষ্ঠানিকভাৱে ইয়াৰ উদ্বোধন কৰে। বৰ্তমান টুইটাৰে সমগ্ৰ বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ২০১০ চনৰ ৩১ অক্টোবৰ তাৰিখলৈকে টুইটাৰত ১৭৫ মিলিয়ন অৰ্থাৎ ১৭.৫ কোটিৰো বেছি সদস্য আছিল। ৩ পৰিসংখ্যা অনুসৰি একেই সময়তে টুইটাৰত ১৯০ মিলিয়ন বা ১৯ কোটি সদস্য আছিল আৰু দৈনিক ৬৫ মিলিয়ন বা ৬.৫ কোটি টুইট বাৰ্তা, আৰু ৮ লাখ অনুসন্ধানৰ কাম সম্পন্ন হৈছিল।৪ টুইটাৰক ইয়াৰ বিশেষতা অনুসৰি ইণ্টাৰনেটৰ এছএমএচ বুলি অভিহিত কৰা হৈছে।৫
টুইটবোৰ বিষয়

চেন এণ্টনিয়োৰ গৱেষণা প্ৰতিষ্ঠান পিয়েৰ এনালাইটিকচে আগষ্ট ২০০৯ত ৰাতিপুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ (CTC সময় অঞ্চলৰ) মাজৰ আমেৰিকাৰ ২০০০ ইংৰাজী টুইট দুসপ্তাহৰ বাবে অধ্যয়ন কৰি টুইটসমূহক ছভাগত ভাগ কৰে:
- অৰ্থহীন কথা – ৪০%
- বাৰ্তালাপ – ৩৮%
- Pass-along value – ৯%
- নিজৰ প্ৰচাৰ – ৬%
- স্পাম – ৪%
- বাতৰি – ৪%
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (October 30, 2009). There's a List for That. blog.twitter.com
- ↑ Using Twitter With Your Phone. Twitter Support
- ↑ Twitter: On-Track for 200 Million Users by Year's End
- ↑ twitter.com - Quantcast Audience Profile. Quantcast.com
- ↑ D'Monte, Leslie. (April 29, 2009). Swine flu's tweet tweet causes online flutter. Business Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুইটাৰ” প্ৰবন্ধৰ সংশোধন ৫৫৪৪৯০ (২১ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।