পামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাও (Pamulaparti Venkata Narasimha Rao, তেলেগু: పాములపర్తి వేంకట నరసింహ రావు, ২৮ জুন ১৯২১ – ২৩ ডিচেম্বৰ ২০০৪), আইনজীৱী আৰু ৰাজনীতিবিদ, ১৯৯১-ৰ পৰা ১৯৯৬-লৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল।১ ৰাও চৰকাৰে ভাৰতৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্কাৰৰ বাবে পদক্ষেপ লয়। একে সময়তে চৰকাৰখন ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কেইবাটাও ঘটনাৰ সন্মুখীন হয়২। নিজৰ হাতত ব্যৱসায় আৰু উদ্যোগ দপ্তৰ ৰখা ৰাৱে ভাৰতৰ "লাইচেন্স ৰাজ"ৰো অৱসান ঘটায়।৩। তেওঁক কেতিয়াবা "ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ জনক" বুলিও কোৱা হয়।২০২৪ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে মৰণোত্তৰভাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ৪৫।
পৰৱৰ্তী প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী আৰু মনমোহন সিঙেও ৰাওৰ অৰ্থনৈতিক সংস্কাৰৰ নীতিসমূহক আগবঢ়াই নিয়ে। ৰাৱে ৰাজীৱ গান্ধীৰ দিনৰ সমাজবাদী নীতিসমূহ আঁতৰাই লাইচেন্স ৰাজ"ৰ অৱসানৰ গতি খৰতকীয়া কৰে। ১৯৯১ ত তেওঁ অৰ্থনৈতিকভাবে প্ৰায় ভাগি পৰা ভাৰতৰ পৰিত্ৰাণৰ বাবে ইন্টাৰনেশ্যনেল মনিটেৰী ফাণ্ডৰ নীতিসমূহৰ আধাৰত ভাৰতীয় দৃষ্টিভংগীৰ পৰা গ্ৰহণ কৰি দেশৰ এক ঐতিহাসিক অৰ্থনৈতিক সংস্কাৰৰ বাবে মনমোহন সিঙক বিত্তমন্ত্ৰী নিযুক্তি দিয়ে৩। এক সংখ্যালঘু চৰকাৰৰ নেতা হৈও অৰ্থনৈতিক আৰু ৰাজনৈতিক আইনসমূহ সংসদত উত্থাপন আৰু অনুমোদন কৰোৱাৰ ক্ষমতাৰ বাবে তেওঁক চাণক্য আখ্যা দিয়া হয়।৬৭
ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ মতে ৰাৱ এজন "দেশপ্ৰেমীক ৰাজনেতা যি দেশৰ স্বাৰ্থ যিকোনো ৰাজনীতি তন্ত্ৰতকৈ উৰ্ধত বুলি ভাবিছিল"। কালামে আৰু কৈছিল যে ৰাৱে ১৯৯৬ চনতে তেওঁক পাৰমাণৱিক পৰীক্ষাৰ বাবে সাজু হ'বলৈ কৈছিল যদিও ১৯৯৬ চনৰ সাধাৰণ নিৰ্বাচনত চৰকাৰ সলনি হোৱাৰ হেতুকে তেতিয়া কৰিব পৰা নগ'ল যদিও পাছৰ বাজপায়ী চৰকাৰৰ দিনত কৰা হ'ল।
ৰাওৰ সময়তে কংগ্ৰেছৰ বিকল্প হিচাবে ভাৰতীয় জনতা পাৰ্টিৰ (বি জে পি) উত্থান ঘটে। চৰকাৰখনে উত্তৰ প্ৰদেশৰ বি জে পিৰ কল্যান সিং চৰকাৰৰ সময়ত অযোধ্যাত বাবৰি মছজিদ ধ্বংসক লৈ স্বাধীনতাৰ পাছত হোৱা চৰম দুৰ্ভাগ্যজনক হিন্দু-মুছলমান সংঘৰ্ষৰো সন্মুখীন হ'ব লগা হয়৮।
ব্যক্তিগত হিচাবে ৰাও সাহিত্য, কম্পিউটাৰ চফ্টৱেৰ আদি বিভিন্ন বিষয়ত জিজ্ঞাসু আছিল৯। তেওঁ ১৭ টা ভাষা ক'ব পাৰিছিল১০১১।
২০০৪ চনত হৃদযন্ত্ৰৰ মাইকৰ্ডিয়েল ইনফ্ৰেকশ্যনৰ ফলত ৰাওৰ দেহাৱসান হয়। হাইদৰাবাদত তেওঁৰ অন্তিম সংস্কাৰ কৰা হয়।১২
তথ্যসূত্ৰ
- ↑ Prime Ministers of India. Indian PM's official website. Retrieved 2 March 2007
- ↑ Narasimha Rao – a Reforming PM. BBC News (23 December 2004). Retrieved 2 March 2007
- ↑ Arvind Kumar, Arun Narendhranath (3 October 2001). India must embrace unfettered free enterprise. Daily News and Analysis
- ↑ PV Narasimha Rao Remembered as Father of Indian Economic Reforms. VOA News (23 December 2004)
- ↑ (31 December 2012). Narasimha Rao led India at crucial juncture, was father of economic reform: Pranab
- ↑ V. Venkatesan. (1–14 January 2005). Obituary: A scholar and a politician. Frontline
- ↑ PV Narasimha Rao Passes Away. Retrieved 7 October 2007
- ↑ BBC On This Day, 1992: Mob rips apart mosque in Ayodhya. BBC News
- ↑ (15 July 1991). The meek inheritor. India Today
- ↑ (23 December 2004). PVN - Obituary
- ↑ (December 23, 2004). 'PV': A scholar, a statesman
- ↑ Narasimha Rao cremated. thehindubusinessline.com (26 December 2004). Retrieved 18 April 2007
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পি ভি নৰসিংহ ৰাও” প্ৰবন্ধৰ সংশোধন ৬১৭৪৫০ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।