ৰাজহ চক্ৰ (Revenue circle), ৰাজহ সংমণ্ডল, ফিৰ্কা, বা পাটোৱাৰ চক্ৰ হৈছে ভাৰতৰ ৰাজ্যসমূহৰ বিভিন্ন জিলাৰ অন্তৰ্গত এক স্থানীয় ৰাজহ উপ-বিভাগ বা অঞ্চল।১ ৰাজহ চক্ৰসমূহৰ উদ্দেশ্যে হʼল স্থানীয় প্ৰশাসনক সৰল কৰা। প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত কিছুসংখ্যক ৰাজহ গাঁও থাকে, যিবোৰ ৰাজহ পৰিদৰ্শকৰদ্বাৰা পৰিচালিত হয়। ৰাজহ পৰিদৰ্শকজনৰ কেইবাটাও মুখ্য প্ৰশাসনিক ভূমিকা থাকে, যাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দুটি হৈছে কৰ ৰাজহ চিনাক্তকৰণ আৰু সংগ্ৰহ। কেতিয়াবা ৰাজহ চক্ৰত থকা ভূমি পৰিসৰক প্ৰশাসনিক উদ্দেশ্যত পৰিদৰ্শক ভূমি ৰাজহ চক্ৰ হিচাপে চিহ্নিত কৰা হয়।২৩ ৰাজহ ব্লক বা ৰাজহ সংমণ্ডলবোৰ তহচিলদাৰ (মৌজা) এখনৰ সমান বা তাতোকৈ ডাঙৰো হʼব পাৰে যদিও ৰাজহ চক্ৰ তাৰ তুলনাত সাধাৰণতে সৰু হয়। কেৱল তামিলনাডু ৰাজ্যতে ১৩৪৯টা ৰাজহ চক্ৰ আছে।৪
তথ্যসূত্ৰ
- ↑ ৰাজহ চক্ৰ. XOBDO
- ↑ Delimitation of Parliamentary and Assembly Constituencies Order, 2008. The Election Commission of India
- ↑ Pandey, Krishan K.; Tikkiwal, G. C. (2010). Generalized Class of Synthetic Estimators for Small Areas under Systematic Sampling Scheme. Statistics in Transition. পৃ. 75–89
- ↑ Government of Tamil Nadu - About Tamil Nadu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজহ চক্ৰ” প্ৰবন্ধৰ সংশোধন ৫৪২৭২৯ (৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।