হৰিৎ প্ৰদেশ হৈছে ভাৰতৰ এখন প্ৰস্তাৱিত ৰাজ্য যি উত্তৰ প্ৰদেশৰ পশ্চিম অংশক সামৰি লয়।১ হৰিৎ শব্দৰ অৰ্থ হৈছে সেউজীয়া যি অঞ্চলটোৰ কৃষিক্ষেত্ৰৰ উন্নত অৱস্থাক প্ৰতিনিধিত্ব কৰে।
এই অঞ্চলটোৰ জনসাংখ্যিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বৈশিষ্ট আৰু গঠন উত্তৰ প্ৰদেশৰ আন অংশৰ তুলনাত পৃথক। হাৰিয়ানা, পঞ্জাব আৰু উত্তৰ ৰাজস্থানৰ সৈতেহে এই অঞ্চলটোৰ অধিক মিল দেখা যায়।
প্ৰশাসনীয় বিভাগ

পশ্চিম উত্তৰ প্ৰদেশে ২২ খন জিলা আৰু ছটা প্ৰশাসনিক বিভাগ বা সংমণ্ডলক সামৰি লয়
- ছাহাৰানপুৰ সংমণ্ডল
- মোৰাদাবাদ সংমণ্ডল
- বেৰেইলি সংমণ্ডল
- মীৰাট সংমণ্ডল
- আলিগড় সংমণ্ডল
- আগ্ৰা সংমণ্ডল
তথ্যসূত্ৰ
- ↑ Sajal Basu. (2005). Regionalism, ethnicity, and left politics. Rawat Publications. ISBN 81-7033-930-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিৎ প্ৰদেশ” প্ৰবন্ধৰ সংশোধন ৩৩৫৭৫৬ (২৫ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।