অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হৰিৰহাট

হৰিৰহাট ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ গোলকগঞ্জ মহকুমাত এখন সৰু গাঁও আৰু বজাৰ। ই প্ৰাচীন বসতিস্থল "পূৰ্ণি গাঁও" অঞ্চলৰ অংশ। পূৰ্ণি গাওঁত অৱস্থিত স্থানীয় পঞ্চায়ত কাৰ্যালয়ে হৰিৰহাট গাঁও পঞ্চায়তৰ পৰিচালনা কৰে।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২৬ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

হৰিৰহাট ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ গোলকগঞ্জ মহকুমাত এখন সৰু গাঁও আৰু বজাৰ।১ ই প্ৰাচীন বসতিস্থল "পূৰ্ণি গাঁও" অঞ্চলৰ অংশ। পূৰ্ণি গাওঁত অৱস্থিত স্থানীয় পঞ্চায়ত কাৰ্যালয়ে হৰিৰহাট গাঁও পঞ্চায়তৰ পৰিচালনা কৰে।

অৱস্থান

অসমৰ ৰাজধানী দিছপুৰৰ পৰা প্ৰায় ২১৪ কিলোমিটাৰ নিলগত হৰিৰহাট অৱস্থিত। ইয়াৰ ওচৰৰ আন ৰাজ্যৰ ৰাজধানীসমূহৰ ভিতৰত আছে গেংটক (১৫৬.৮ কিলোমিটাৰ), শ্বিলং (২৩২.৬ কিলোমিটাৰ), আৰু আগৰতলা (৩১৭.৭ কিলোমিটাৰ)। হৰিৰহাট ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, আগমনী, আৰু কোচ বিহাৰ ৰাজ্যকে ধৰি আন কেইবাখনো চহৰৰ ওচৰত।

হৰিৰহাটৰ নিকটতম ৰেল ষ্টেচনসমূহ হ'ল: আগমনী, গোলকগঞ্জ, ধুবুৰী আৰু বঙাইগাঁও৷ নিকটতম বিমানবন্দৰ হৈছে ৰূপসী বিমানবন্দৰ, যি হৰিৰহাটৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

ভাষা

ঠাইখনত আঞ্চলিক বিশেষ ভাষা হিচাপে কোচ ৰাজবংশী ভাষা ব্যবহাৰ কৰা হয়। যিকোনো কাৰ্য্যালয়ৰ কামৰ ক্ষেত্ৰত অসমীয়া ভাষা প্ৰয়োগ কৰা হয়।

অনুষ্ঠান-প্ৰতিষ্ঠান

এই ঠাইত এক পুৰণিকলীয়া হৰিমন্দিৰ তথা সৎসংঘ মন্দিৰ আছে। ইয়াত বিভিন্ন মন্দিৰ থকাৰ উপৰিও এটা মছজিদ আছে।

তথ্যসূত্ৰ

  1. ↑ Golakganj Block · Dhubri District. dhubri.assam.gov.in. Government Of Assam, India

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিৰহাট” প্ৰবন্ধৰ সংশোধন ৬৩৫৬৯৬ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।