অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৱালাপট্টন্নম নদী

ৱালাপট্টনম নদী উত্তৰ কেৰালাৰ কান্নুৰ জিলাৰ মাজেৰে বৈ যোৱা ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন নদী। ই কান্নুৰ জিলাৰ আটাইতকৈ দীঘল নদী।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৱালাপট্টনম নদী উত্তৰ কেৰালাৰ কান্নুৰ জিলাৰ মাজেৰে বৈ যোৱা ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন নদী। ই কান্নুৰ জিলাৰ আটাইতকৈ দীঘল নদী।১

গতিপথ

ৱালাপট্টনম নদীৰ উৎপত্তি কৰ্ণাটকৰ পশ্চিমঘাটৰ ব্ৰহ্মগিৰি পাহাৰত। আৰম্ভণিতে নদীখনে কৰ্ণাটকৰ মালেনাডু অঞ্চলৰ মাত্যানি, বিৰুনানি, পোৰাডু, বদাগাৰাকেৰী আৰু কিক্কোড আদি গাঁৱৰ মাজেৰে পূব দিশলৈ বৈ যায়। ১ পিছত নদীখনে তীব্ৰভাৱে পশ্চিমমুখী হৈ এটা ঠেক, গভীৰ উপত্যকাৰ মাজেৰে বৈ কন্নুৰ জিলাৰ পাহাৰীয়া অঞ্চললৈ নামি আহেইয়াৰ পিছত নদীখন কন্নুৰৰ পাহাৰীয়া অঞ্চলৰ মাজেৰে মাণিক্কাডাভু, ভাট্টিয়ামথোডে, ৱায়াথুৰ, নুচিয়াড, চামাথাচাল আৰু উচাট্টু কায়ামৰ মাজেৰে বৈ যায়। উচাট্টু কায়ামত পায়্যাভূৰ নদীখন ৱালাপট্টনম নদীত মিলিত হয়। তাৰ পিছত নদীখন মাদাম্বাম হৈ মালাবাৰ সমভূমিত প্ৰৱেশ কৰে।২ সমভূমিত নদীখন শ্ৰীকন্দাপুৰম, চেংগালায়ি, মুঙগাম, কোয়্যাম, কান্দাক্কাই, মুল্লাক্কোডি, নানিচেৰী, পৰশিনিক্কাডাভু, কোলাচেৰী, কাম্বিল, নাৰাথ, ভেলাপুৰম, পাপ্পিনিচেৰী আৰু আজিকোডৰ মাজেৰে বৈ যায়। কোয়্যামত বাভালি নদী ৱালাপট্টনম নদীত মিলিত হয়। অৱশেষত নদীখন আজিক্কালত আৰব সাগৰত পৰে। এই স্থানতে কুপ্পম নদীও ৱালাপট্টনম নদীৰ সৈতে মিলিত হয়।৩১

উপনৈসমূহ

  • পায়াভূৰ নদী
  • আৰালাম নদী
  • ভেনি নদী
  • বাৱলী নদী
  • পুল্লুপি নদী
  • মুণ্ডয়াপুঝা নদী
  • থায়িক্কুণ্ডাম নদী

তথ্যসূত্ৰ

  1. ↑ Nair, Adoor K. K. Ramachandran. (1989). Kerala State Gazetteer. State Editor, Kerala Gazetteers
  2. ↑ India, Geological Survey of. (1999). Records of the Geological Survey of India. The Survey
  3. ↑ Nazeer, Mohamed. (2015-08-11). Concern over water quality in Valapattanam river. The Hindu

সম্পৰ্কিত শ্ৰেণী

নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱালাপট্টন্নম নদী” প্ৰবন্ধৰ সংশোধন ৬২৭৭০৯ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।