অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

১৯৩০ চনৰ ধুবুৰীৰ ভূমিকম্প

১৯৩০ চনৰ ধুবুৰীৰ ভূমিকম্প (ইংৰাজী: 1930 Dhubri earthquake) স্থানীয় সময় অনুসৰি ৩ জুলাইৰ পুৱা ০৩:২৩ বজাত (ভাৰতীয় মান সময়) ভাৰতৰ (তেতিয়াৰ ব্ৰিটিছ ভাৰত) ধুবুৰীৰ সমীপত সংঘটিত হৈছিল। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.১ মেগ্নিটিউড।

হালনাগাদ: ১১ আগষ্ট ২০২৬ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

১৯৩০ চনৰ ধুবুৰীৰ ভূমিকম্প (ইংৰাজী ভাষা: 1930 Dhubri earthquake) স্থানীয় সময় অনুসৰি ৩ জুলাইৰ পুৱা ০৩:২৩ বজাত (ভাৰতীয় মান সময়) ভাৰতৰ (তেতিয়াৰ ব্ৰিটিছ ৰাজ) ধুবুৰীৰ সমীপত সংঘটিত হৈছিল। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.১ মেগ্নিটিউড। ইয়াৰ ফলত ধুবুৰী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ বেছিভাগ অট্টালিকা তথা ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হৈছিল। অৱশ্যে এই ভূমিকম্পত কোনো লোকৰ মৃত্যু হোৱা নাছিল।১ ধুবুৰীৰ ওচৰত ৰছি–ফোৰেল স্কেল (Rossi–Forel scale) অনুসৰি এই ভূমিকম্পৰ সৰ্বোচ্চ তীব্ৰতা আছিল IX (অৰ্থাৎ 'বিধ্বংসী কঁপনি')।

তথ্যসূত্ৰ

  1. ↑ Documentation on past disasters, their impact, Measures taken, vulnerable areas in Assam.. Centre for Natural Disaster Management, Assam Administrative Staff College. পৃ. 8

সম্পৰ্কিত শ্ৰেণী

ভূমিকম্পধুবুৰী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৩০ চনৰ ধুবুৰীৰ ভূমিকম্প” প্ৰবন্ধৰ সংশোধন ৬২৬২৩৯ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।