বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আধাৰ (ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ)
আধাৰ (आधार) হৈছে এক ১২ অংকৰ একক পৰিচয় নম্বৰ যাক ভাৰতৰ নাগৰিক আৰু আৱাসী বিদেশী নাগৰিকসকলে স্ব-প্ৰণোদিতভাৱে প্ৰাপ্ত কৰিব পাৰে যিসকলে তেওঁলোকৰ বায়োমেট্ৰিক আৰু জনগাঁথনিগত তথ্যৰ ওপৰত আধাৰিত কৰি আবেদন কৰাৰ তাৰিখৰ ঠিক আগতে বাৰ মাহত ১৮২ দিনতকৈ অধিক সময় ভাৰতত অতিবাহিত কৰিছে।
-
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহ
তলৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৫০ খন ৰাজ্যৰ নামৰ লগতে প্ৰত্যেকখন ৰাজ্যৰে প্ৰাথমিক তথ্যসমূহ দিয়া হৈছে:
-
আল-আহজাব
আল-আহজাব (الأحزاب, al-aḥzāb; অৰ্থ: the confederates, বা "গোত্ৰ", "মিত্ৰজোঁট", বা "সংযুক্ত শক্তিসমূহ") হৈছে পবিত্ৰ কোৰআনৰ ৩৩তম ছূৰা যাৰ ৭৩টা আয়াত আছে। ছূৰাৰ নাম লোৱা হৈছে সেই দলসমূহৰ (আল-আহজাব), বা কনফেডাৰেট (কুৰাইশ্ব আৰু অন্যান্য জনগোষ্ঠীৰ মাজত মিত্ৰতা)ৰ উল্লেখৰ পৰা, যিসকলে খাদৰ যুদ্ধত (৫/৬২৭)…
-
আল-মুমিনুন
আল-মু’মিনুন (المؤمنون, ’al-mu’minūn; অৰ্থ: "বিশ্বাসীসকল") হৈছে কোৰআনৰ ২৩ তম অধ্যায় (ছূৰা) যাৰ ১১৮ টা শ্লোক (আয়াত)। অনুমিত প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ বিষয়ে (আচবাব আল-নুজুল), ই হৈছে পূৰ্বৰ "মক্কান ছূৰা", যাৰ অৰ্থ হৈছে ইয়াক মদিনাত পিছলৈ প্ৰকাশ কৰাৰ পৰিৱৰ্তে মক্কাত প্ৰকাশ কৰা হৈছিল বুলি…
-
এইছটিএমএল
এইচ টি এম এল (HTML) হ’ল 'হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ' (Hyper Text Markup Language)-ৰ চমু ৰূপ। ই প্ৰগ্ৰামিং লেংগুৱেজ নহয় যদিও, তাৰ দৰেই এই মাৰ্কআপ লেংগুৱেজসমূহো, টেগসমূহৰ সহায়ত ৱেবপেজৰ তথ্যসমূহৰ বিভিন্নধৰণৰ আকৃতিৰ সাধাৰণ পৰিকাঠামোবোৰ সজোৱাত সহায় কৰে।
-
ঘাগ্ৰা চোলি
ঘাগ্ৰা চোলি ভাৰতীয় উপমহাদেশৰ মহিলাসকলৰ এক প্ৰকাৰৰ জাতিগত পোছাক। এইবিধ পোছাক লেহেঙ্গা চোলি আৰু স্থানীয়ভাৱে চানিয়া চোলি বুলিও জনা যায়। এই পোছাক বিশেষকৈ ভাৰতৰ ৰাজ্য ৰাজস্থান, গুজৰাট, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু আৰু কাশ্মীৰৰ লগতে পাকিস্তানৰ…
-
চট্টগ্ৰাম বন্দৰ
চট্টগ্ৰাম বন্দৰ হৈছে বাংলাদেশৰ প্ৰধান সাগৰীয় বন্দৰ। বাংলাদেশৰ বন্দৰ চহৰ বুলি খ্যাত চট্টগ্ৰাম চহৰ আৰু কৰ্ণাফুলি নদীৰ পাৰত অৱস্থিত এই বন্দৰটোৱে বাংলাদেশৰ ৰপ্তানি-আমদানিৰ ৯০ শতাংশতকৈ অধিক ব্যৱসায় পৰিচালনা কৰে। বাংলাদেশৰ উপৰি ভাৰত, নেপাল আৰু ভূটানে ইয়াক ব্যৱহাৰ কৰি আহিছে।
-
ছাদ (ছূৰা)
ছাদ (ص, Ṣād; "The Letter Sad") কোৰআনৰ ৩৮ নং ছূৰা (অধ্যয়) যাৰ ৮৮টা আয়াত (শ্লোক) আৰু ১টা ছিজদাহ ۩ আছে। ছাদ (ص ) আৰবী বৰ্ণমালাৰ অষ্টাদশ আখৰৰ নাম। পৰম্পৰাগত ইছলামিক আখ্যান অনুসৰি যেতিয়া মুহাম্মাদে তেওঁ নিজৰ জনগোষ্ঠী কুৰাইশ্বৰ পৰা প্ৰত্যাখ্যানৰ সৈতে মোকাবিলা কৰি আছিল তেতিয়া ছাদক আল্লাহে মুহাম্মাদৰ…
-
ছোলি
ছোলি( Choli) মানে ব্লাউজ বা বডিচৰ দৰে শৰীৰৰ ওপৰ ভাগৰ কাপোৰ যি সাধাৰণতে তলপেট বা কঁকালৰ ওপৰছোৱা উদং কৰি চুটিকৈ কাটি লোৱা হয়৷ ভাৰতীয় উপমহাদেশত ইয়াক শাড়ীৰ সৈতে পিন্ধা হয়। ভাৰত উপমহাদেশৰ ঘাগ্ৰা চোলিৰ সাজ-পোছাকৰ অংশও ছোলি।
-
জল প্ৰদূষণ
জল প্ৰদূষণ (water pollution) বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। পানী অবিহনে জীৱই জীৱন নিৰ্বাহ কৰিব নোৱাৰে। এই পানীৰ উৎসসমূহ হ’ল সাগৰ, নদী, হ্ৰদ, পুখুৰী, খাল, বিল, ভূগৰ্ভৰ পানী আৰু জলীয় বাষ্প। খোৱাৰ বাবে উপযোগী পানীত পৰ্যাপ্ত পৰিমাণৰ পৌষ্টিক উপাদান যেনে খনিজ লৱণসমূহ থকাটো প্ৰয়োজন।
-
তক্ষশিলা
তক্ষশীলা (Taxila) পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ ৰাৱালপিণ্ডি জিলাত অৱস্থিত এখন চহৰ। তক্ষশীলা এখন গুৰুত্বপূৰ্ণ প্ৰত্নতাত্বিক স্থান। পাকিস্তানৰ ৰাজধানী ইছলামাবাদ আৰু পাঞ্জাবৰ ৰাৱলপিণ্ডি অঞ্চলৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ (২০ মাইল) উত্তৰ পশ্চিম দিশত অৱস্থিত। এই ঠাই গ্ৰাণ্ড ট্ৰাঙ্ক ৰ'ডৰ নিকটবৰ্তী।
-
তাবিজ
তাবিজ(amulet), হৈছে এক সৌভাগ্য আকৰ্ষক সামগ্ৰী। এই তাবিজে ইয়াৰ অধিকাৰীক সুৰক্ষা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। তাবিজৰ বাবে সাধাৰণতে যিকোনো ব্যৱহৃত সামগ্ৰীবোৰৰ ভিতৰত আছে ৰত্ন, মূৰ্তি, মুদ্ৰা, চিত্ৰ, উদ্ভিদৰ অংশ, জন্তুৰ অংশ, আৰু লিখিত শব্দ আদি।
-
তেজপুৰ লিচু
তেজপুৰ লিচু অসমৰ তেজপুৰৰ বিভিন্ন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ লিচু। ইয়াৰ বৈজ্ঞানিক নাম, Litchi chinensis। ই Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ এটা প্ৰজাতি। তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে।
-
ত্ৰিমাত্ৰিক ক্ষেত্ৰ
ত্ৰিমাত্ৰিক ক্ষেত্ৰ (ইংৰাজী: Three-dimensional space) আমাৰ ব্ৰহ্মাণ্ডখনৰ এটা তিনিটা চলকেৰে (সময় চলকক বাদ দি) বৰ্ণোৱা প্ৰণালী। এই তিনিটা চলক বা মাত্ৰাক সাধাৰণতে দীঘ, প্ৰস্থ, ঊচ্চতা(বা গভীৰতা) বোলা হয়, এই তিনিটা চলক কেতিয়াও একেখন সমতলত (জ্যামিতিক) থাকিব নোৱাৰে।
-
তৰানা
তৰানা হৈছে হিন্দুস্থানী শাস্ত্ৰীয় কণ্ঠ সংগীতৰ এটা সংৰচনাৰ প্ৰকাৰ য’ত কিছুমান নিৰ্দিষ্ট শব্দ (যেনে "ওদানী", "তোদানী", "তাদীম" আৰু "ইয়ালালী") যিবোৰ ফাৰ্চী আৰু আৰবী ধ্বনিমূলৰ ওপৰত ভিত্তি কৰি মধ্যম (মধ্য লয়) বা দ্ৰুত (দ্ৰুত লয়) গতিত পৰিৱেশন কৰা হয়।
-
দলগত যৌনকাৰ্য
দলগত যৌনকৰ্ম বা দলীয় যৌনকাৰ্য (Group Sex) হ'ল তিনিজন বা ততোধিক ব্যক্তিয়ে একত্ৰে যৌনকাৰ্য সম্পন্ন কৰা। সাধাৰণ জীৱন শৈলীত দলগত যৌনকৰ্ম বিশেষ জনপ্ৰিয় নহয়। পৰ্ণগ্ৰাফিৰ ই এটা প্ৰধান ভাগ। ইয়াত একেলগে প্ৰদৰ্শন আৰু দৰ্শন কাৰ্য চৰিতাৰ্থ হয়।
-
দীৰ্ঘতমা
দীৰ্ঘতমা আছিল ঋগবেদৰ দাৰ্শনিক পদ্যৰ বাবে সুপৰিচিত এজন প্ৰাচীন ভাৰতীয় ঋষি। তেওঁ ঋগবেদৰ প্ৰথম মণ্ডল (খণ্ড)ৰ ১৪০ৰপৰা ১৬৪লৈকে সূক্ত (স্তৱ) ৰচনা কৰিছিল।
-
পশুকামিতা
পশুকামিতা ( Zoophilia) বা পাশ্বাচাৰ (Bestiality) হৈছে মানুহ আৰু প্ৰাণীৰ মাজত আন্তঃপ্ৰজাতি-যৌন কাৰ্য্যকলাপ। কিন্তু কিছুমান গৱেষকে আকৰ্ষণ (পশুকামিতা) আৰু যৌনক্ৰিয়া (পাশ্বাচাৰ)ৰ মাজত বিভাজন ৰেখা তৈয়াৰ কৰিছে।
-
পাইথাগোৰাছৰ উপপাদ্য
পাইথাগোৰীয় উপপাদ্য (Pythagorean theorem) বা পাইথাগোৰাছৰ উপপাদ্য (Pythagoras' theorem) হ'ল এটি তত্ব, জ্যামিতিৰ এই তত্ত্বটো পাইথাগোৰাছে প্ৰথম প্ৰমাণ কৰিছিল। ইয়াৰ প্ৰথম প্ৰয়োগ বেবিলোনিয়া আৰু ভাৰতত হৈছিল।
-
পূৰ্ণিমা (তিথি)
পূৰ্ণিমা (Purnima, पूर्णिमा) হʼল এটি সংস্কৃত শব্দ। প্ৰতি মাহৰ পূৰ্ণিমা তিথিত পূৰ্ণ চন্দ্ৰ দেখা যায়, আৰু এই দিনটোৱে দুটা চন্দ্ৰ পাক্ষিকৰ (পক্ষ) মাজত বিভাজন চিহ্নিত কৰে। এই দিনা চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীয়ে ঠিক একেডাল সৰলৰেখাত অৱস্থান কৰে, যাক চিজিজি (Syzygy) বোলা হয়।
-
প্ৰসংগ প্ৰণালী
অন্য কোনো বস্তু, কোনো নিৰীক্ষক বা কোনো স্থান-কাল স্থানাংক প্ৰণালী (Space-Time Coordinate system)ৰ সাপেক্ষেহে কোনো এটা বস্তুৰ গতি বিধি ব্যাখ্যা কৰিব পাৰি।
-
ফেচিয়েল
ফেচিয়েল(Facial) হৈছে মুখৰ ছালৰ যত্নৰ বাবে কৰা পৰিচৰ্যাৰ এটা ভাগ, য'ত ভাপ, এক্সফোলিয়েচন (জৈৱিক আৰু ৰাসায়নিক), এক্সট্ৰেকচন, ক্ৰীম, লোচন, ফেচিয়েল মাস্ক, পিল, আৰু মালিচ আদি অন্তৰ্ভুক্ত হৈ থাকে। সাধাৰণতে বিউটি পাৰ্লাৰত এইবোৰ কৰা হয় যদিও ই এক সাধাৰণ স্পা চিকিৎসাও।
-
ফেচিয়েল মাস্ক
ফেচিয়েল মাস্ক( Facial Mask) হ’ল মুখ পৰিষ্কাৰ বা ছাল মসৃণ কৰাৰ উদ্দেশ্যে লগোৱা ক্ৰীম বা ডাঠ পেষ্টৰ দ্বাৰা কৰা মুখৰ যতন। মুখৰ মাস্কত প্ৰায়ে খনিজ পদাৰ্থ, ভিটামিন, আৰু ফলৰ পৰা আহৰণ কৰা সাহ, যেনে কেকটাছ আৰু টিয়ঁহ থাকে। শ্বীট মাস্ক হ’ল মুখত মাস্ক লগোৱাৰ বাবে ব্যৱহাৰ কৰা কাগজ, চেলুল’জ বা কাপোৰ।
-
বলডীনি হ’ৰী
বলডীনি হ’ৰী বা বলডীনি পাহাৰসমূহ চেৰ্নিহিভ চহৰত ডেছনা নদীৰ সোঁপাৰত অৱস্থিত এটা ঐতিহাসিক অঞ্চল। ১৯৭২ চনৰপৰা ই ভূদৃশ্য কলাৰ এটা স্মাৰক হিচাপেও স্বীকৃত। বলডীনি হ’ৰী চেৰ্নিহিভৰ ঐতিহাসিক কেন্দ্ৰৰপৰা প্ৰায় দুই কিলোমিটাৰ দূৰত অৱস্থিত। চহৰৰ কেন্দ্ৰৰপৰা খোজকাঢ়ি বা ৰাজহুৱা পৰিবহণেৰে টলষ্টয় পথলৈ যাব পাৰি।
-
বহুদক্ষিণা যজ্ঞ
বহুদক্ষিণা যজ্ঞ আছিল মিথিলাৰ ৰজা জনকে তেওঁৰ ৰাজসভাত আয়োজন কৰা এক বিখ্যাত পাণ্ডিত্যপূৰ্ণ যজ্ঞ। ৰাজসভাত যজ্ঞত অংশগ্ৰহণ কৰা ব্ৰাহ্মণ পণ্ডিতসকলৰ ভিতৰত শ্ৰেষ্ঠ ব্ৰহ্মজ্ঞানী বা ব্ৰহ্ম-নিষ্ঠ বা বেদৰ শ্ৰেষ্ঠ পণ্ডিতক বিচাৰি উলিওৱাৰ উদ্দেশ্যে ইয়াৰ আয়োজন কৰা হৈছিল।
-
বাংলাদেশী ৰন্ধনশৈলী
বাংলাদেশী ৰন্ধনশৈলী (Bangladeshi Cuisine) বাংলাদেশত উদ্ভৱ হোৱা এক পাকশৈলী। বাংলাদেশৰ বৈচিত্ৰময় ইতিহাস আৰু নদীকেন্দ্ৰিক ভৌগলিক বৈচিত্ৰৰ দ্বাৰা বাংলাদেশী খাদ্যাভাস গঢ় লৈ উঠিছে। দেশখনৰ প্ৰধান খাদ্য হৈছে চাউল আৰু মাছ। বাংলাদেশী জনগোষ্ঠীৰ অধিকাংশই বঙালী নৃগোষ্ঠীৰ, যিয়ে বঙালী খাদ্য অনুসৰণ কৰে।
-
বিঘা
বিঘা মাটিৰ কালি জোখৰ এটা একক। এই একক প্ৰধানতঃ নেপাল,বাংলাদেশ আৰু ভাৰতৰ উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান আৰু অসমত ব্যৱহাৰ কৰা হয়। 'বিঘা'ৰ মান্য জোখৰ অঞ্চল বিশেষে ভিন্নতা আছে। উৎস বিশেষে ১,৫০০ পৰা ৬,৭৭১ বৰ্গমিটাৰত এক বিঘা হয় বুলি পোৱা যায়।
-
বিয়েৰ
বিয়েৰ হৈছে একপ্ৰকাৰৰ নিচাযুক্ত পানীয়। শ্বেতসাৰ নামৰ এবিধ শৰ্কৰাৰ বিদ্যুৎ বিশ্লেষণ কৰি পোৱা চেনীজাতীয় পদাৰ্থৰ কিন্বনৰ যোগেদি বিয়েৰ তৈয়াৰ কৰা হয়। শৰ্কৰা বিশ্লেষণৰ উৎসেচকসমূহ ঘাইকৈ শুষ্ক অৱস্থাত থকা খাদ্যশস্য যেনে বাৰ্লি আৰু ঘেঁহুৰ পৰা আহৰণ কৰা হয়।
-
বৈশ্য
বৈশ্য প্ৰাচীন ভাৰতীয় সমাজৰ চাৰিটা মুখ্য বৰ্ণৰ অন্যতম, যাক সাধাৰণতে কৃষি, পশুপালন আৰু বাণিজ্যিক ক্ৰিয়াকলাপৰ সৈতে সংযোগ কৰা হয়। বৈদিক আৰু পৰৱৰ্তী সংস্কৃত সাহিত্যত বৈশ্যসকলক অৰ্থনৈতিক উৎপাদন আৰু সম্পদ সৃষ্টিৰ মুখ্য বাহক হিচাপে বৰ্ণনা কৰা হয়।
-
ভাপ
ভাপ বা বাষ্প গেছীয় পৰ্যায়ত থকা পানীযুক্ত পদাৰ্থ৷ বাষ্পীভৱনৰ বাবে বা উতলাৰ বাবে ভাপৰ সৃষ্টি হ’ব পাৰে, য’ত পানী বাষ্পীভৱনৰ পৰ্যায় পোৱালৈকে তাপ প্ৰয়োগ কৰা হয়।