তেজপুৰ লিচু অসমৰ তেজপুৰৰ বিভিন্ন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ লিচু। ইয়াৰ বৈজ্ঞানিক নাম, Litchi chinensis। ই Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ এটা প্ৰজাতি। তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে। ইলাছি, বিলাতি, বম্বাই, পিঁয়াজী, হালধীয়া আদি হৈছে স্থানীয়ভাৱে উৎপাদন কৰা তেজপুৰ লিচুৰ কিছুমান প্ৰকাৰ। অসমৰ প্ৰায় প্ৰতিখন জিলাতেই লিচু হয়, যদিও শোণিতপুৰ জিলাতেই সৰ্বাধিক লিচু উৎপাদন কৰা হয়। তেজপুৰ লিচুৰ বিভিন্ন প্ৰকাৰবোৰৰ ভিতৰত বম্বাই আৰু ইলাছিয়েই সৰ্বোৎকৃষ্ট প্ৰকাৰ। কোনোধৰণৰ কৃত্ৰিম ৰসায়ন প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত এই লিচু বিদেশলৈও ৰপ্তানি কৰা হয়। মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ ফলৰ বজাৰত তেজপুৰ লিচুৰ সমাদৰ থকাৰ লগতে আমেৰিকা, ছুইজাৰলেণ্ড আদি দেশতো ই অতি জনপ্ৰিয়। তেজপুৰ লিচু শোণিতপুৰ জিলাৰ পৰৱা, ডাৰিকাটি, ভালুকপুং, ওপৰ কছাৰী গাঁও, বান্দৰমাৰী, তামোলবাৰী, খনামুখ, মইলাগাঁও অঞ্চলত উৎপাদন কৰা হয়। ভৌগোলিকভাৱে তেজপুৰ লিচু আৰু ভিতৰত উৎপাদিত হয়।
ভৌগোলিক স্বীকৃতি
২০১৫ চনৰ ৩১ মাৰ্চত চেন্নাইস্থিত ভৌগোলিক স্বীকৃতি প্ৰদানকাৰী মুখ্য কাৰ্যালয়ৰ পৰা উত্তৰ-পূৱৰ অন্য আঠ বিধ উৎপাদৰ সৈতে তেজপুৰ লিচুয়ে ভৌগোলিক স্বীকৃতি লাভ কৰে।১ ভৌগোলিক স্বীকৃতি লাভ কৰা উত্তৰ পূৱৰ অন্য আঠ বিধ উৎপাদ হৈছে অসম কাৰ্বি আংলং আদা (অসম), খাছী মেণ্ডাৰিণ (মেঘালয়), লাৰ্জ কাৰ্ডামম (ছিক্কিম), চৰাই চকুৱা জলকীয়া (মিজোৰাম), কচাই নেমু (মণিপুৰ), ত্ৰিপুৰা কুইন আনাৰস (ত্ৰিপুৰা), অৰুণাচল কমলা (অৰুণাচল প্ৰদেশ) আৰু নাগালেণ্ড গছ আলু (নাগালেণ্ড)।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপুৰ লিচু” প্ৰবন্ধৰ সংশোধন ৪২২২৩২ (৪ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।