এইচ টি এম এল (HTML) হ’ল 'হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ' (Hyper Text Markup Language)-ৰ চমু ৰূপ। ই প্ৰগ্ৰামিং লেংগুৱেজ নহয় যদিও,১ তাৰ দৰেই এই মাৰ্কআপ লেংগুৱেজসমূহো, টেগসমূহৰ সহায়ত ৱেবপেজৰ তথ্যসমূহৰ বিভিন্নধৰণৰ আকৃতিৰ সাধাৰণ পৰিকাঠামোবোৰ সজোৱাত সহায় কৰে। ইয়াক চিএছএছ আৰু জাভাস্ক্ৰীপ্টৰ সহায়ত উন্নতমানৰ ৰূপ প্ৰদান কৰিব পাৰি।
ইণ্টাৰনেটত ৱেবছাইটৰ পেজসমূহ তৈয়াৰ কৰাত ই সকলোতকৈ জনপ্ৰিয়। ইয়াৰ এক্সটেনশ্বন ফাইল .html আৰু .htm উভয়ে হ’ব পাৰে। বিভিন্ন ধৰণৰ টেগ ব্যৱহাৰ কৰি এই এইচ টি এম এলৰ সহায়ত বিভিন্ন ধৰণৰ ফৰমেট তৈয়াৰ কৰিব পাৰি। ইয়াৰ শেহতীয়া সংস্কৰণটো হ’ল- এইচ টি এম এল ৫ (HTML5)।
ইতিহাস
১৯৮০ চনত ব্ৰিটিছ কম্পিউটাৰ বিজ্ঞানী টিম বাৰ্নাৰ্ছ লী চাৰ্ণৰ (CERN) এজন ঠিকাদাৰ আছিল। পোনপ্ৰথমে চাৰ্ণ গৱেষকসকলোৰ মাজত দস্তাবেজ শ্বেয়াৰ কৰাৰ কাৰণে ENQUIRE prototyped নামৰ এটি System -ৰ প্ৰস্তাৱ দিয়ে। ১৯৮৯ চনত টিম বাৰ্নাৰ্ছ লীয়ে ব্ৰাউজাৰ তথা চাৰভাৰৰ চফ্টৱেৰ এইচ টি এম এল (HTML) -ৰ কথা উল্লেখ কৰে। এবছৰতেই চাৰ্ণৰ তথ্য চিষ্টেম ইঞ্জিনীয়াৰ Robert Cailliau -ৰ সৈতে যৌথভাৱে চাৰ্ণৰ ই প্ৰকল্পৰ বাবে অনুৰোধ কৰে, যদিও প্ৰকল্পটো আনুষ্ঠানিকভাৱে চাৰ্ণৰ দ্বাৰা গৃহীত নহয়।
এইচ টি এম এলৰ সংস্কৰণসমূহ
| সংস্কৰণ | চন |
|---|---|
| এইছটিএমএল | ১৯৯১ |
| এইচ টি এম এল ২.০ | ১৯৯৫ |
| এইচ টি এম এল ৩.২ | ১৯৯৭ |
| এইচ টি এম এল ৪.০.১ | ১৯৯৯ |
| এক্স এইচ টি এম এল | ২০০০ |
| এইচ টি এম এল ৫ | ২০১৪ |
| সংস্কৰণ | First draft | Candidate recommendation | Recommendation |
|---|---|---|---|
| HTML 5.0 | 2007২ | 2012 | 2014 |
| HTML 5.1 | 2012 | 2015 | 2016 |
| HTML 5.2৩ | 2015 | 2017 | 2017 |
| HTML 5.3 | 2017৪ |
মাৰ্কআপ
ৰ পেজৰ গঠন]]
* টোকা: ইয়াৰে কেৱল <body> আৰু <code></body></code> -ৰ মাজৰ অংশখিনিহে ব্ৰাউজাৰত প্ৰদৰ্শিত হ’ব (বগা অংশখিনি)।৫
উদাহৰণস্বৰূপে
হেডিং নম্বৰ ১
হেডিং নম্বৰ ২
হেডিং নম্বৰ ৩
হেডিং নম্বৰ ৪
হেডিং নম্বৰ ৫
হেডিং নম্বৰ ৬
এইচ টি এম এল টেগৰ উদাহৰণ
| টেগৰ নাম | নাম | ফাংচন | কোডৰ উদাহৰণ |
|---|---|---|---|
| <! DOCTYPE> | ড’কটাইপ | ই নথিৰ প্ৰকাৰক বুজায়। | |
| <html> | এইচ টি এম এল | ই এইচ টি এম এল ডকুমেণ্টক বুজায় আৰু ই এইচ টি এম এল নথি আৰম্ভ কৰে। | |
| <head> | হেড | ৱেবপেজত ব্যৱহৃত উপাদানসমূহ প্ৰদৰ্শন নকৰিবলৈ এই কোড ব্যৱহাৰ কৰা হয়। | |
| <title> | টাইটেল | ৱেবপেজৰ শিৰোনাম নিৰ্ধাৰণ কৰে (টেব (জিইউআই) ত প্ৰদৰ্শিত হ’ব), ইয়াক <head>-ৰ মাজত ৰখা হয়। | |
| <body> | বডী | এই অংশৰ উপাদানসমূহ ৱেবপেজত দৃশ্যমান হয় (ইয়াত অনুচ্ছেদৰ লগতে আৰু কিছু থাকে)। | |
| <h1> -ৰ পৰা <h6> লৈ | হেডিং | বিভিন্ন আকাৰৰ শিৰোনাম (<h1> হৈছে বৃহত্তম) | |
| <p> | প্ৰেগ্ৰাফ | পাঠ্যৰ এটি অনুচ্ছেদ নিৰ্ধাৰণ কৰে। | |
| <a> | এংকৰ | অন্যান্য ৱেবপেজৰ সক্ৰিয় লিংক তৈয়াৰ কৰে। | |
| ইমেজ | পৃষ্ঠাত এখন চিত্ৰ প্ৰদৰ্শন কৰে। | ||
| <br> | ব্ৰেক | ই একক লাইনৰ বিৰতি কৰায়। | |
| <center> | চেণ্টাৰ | কোনো এটা বিষয় পৃষ্ঠাৰ কেন্দ্ৰলৈ লৈ যায়। | |
| <script> | স্কীপ্ট | ৱেবপেজৰ স্ক্ৰীপ্ট তৈয়াৰ কৰে, ইয়াক সাধাৰণতে জাভাস্ক্ৰীপ্টত লিখা হয়। |
* টোকা:প্ৰথম টেগসমূহক আৰম্ভণি টেগ (Start tag) বা খোলা টেগ (Opening tag) আৰু শেষৰ টেগসমূহক বন্ধ টেগ (Closing tag) বা শেষ টেগ (End tag) বুলি কোৱা হয়।
ল’গ’

১৮ জানুৱাৰী, ২০১১ চনত, ডাব্লিউ থ্ৰী চি এইচটিএমএল ৫ ৰ ব্যৱহাৰ বা আগ্ৰহৰ প্ৰতিনিধিত্ব কৰাৰ বাবে এটি ল’গ’ প্ৰৱৰ্তন কৰিছিল, যি ডাব্লিউ থ্ৰী চিৰ আগত জাৰি কৰা অন্যান্য বেজেজসমূহৰ তুলনাত কোনো নিৰ্দিষ্ট মানৰ বৈধতা বা সংগতিক নহয়। ১ এপ্ৰিল ২০১১ চন পৰ্যন্ত, এই ল’গ’টি শাসকীয় হয়।৬
প্ৰাথমিকভাৱে ইটোক ৰাজহুৱা কামত উপস্থাপন কৰাৰ সময়ত, ডাব্লিউ থ্ৰী চি এইচটিএমএল ৫ ল’গ’টোক “সাধাৰণ এইছটিএমএল ৫, চিএছএছ, এছভিজি, ডাব্লিউঅ’এফএফ, আৰু অন্যান্য অপেন ৱেব প্ৰযুক্তিৰ বিস্তৃত চেটসমূহৰ বাবে সাধাৰণ-উদ্দেশ্য ভিজুৱেল পৰিচয় হিচাবে ঘোষণা কৰিছে।”৭ ৱেব ষ্টেণ্ডাৰ্ড প্ৰজেক্টসহ কিছু ৱেব ষ্টেণ্ডাৰ্ড এডভোকেটৰ “এইচটিএমএল ৫” ৰ সংজ্ঞাটোকে এটি সৰু শব্দ হিচাবে সমালোচনা কৰিছিল আৰু পৰিভাষাৰ অস্পষ্টতা আৰু ভুল যোগাযোগৰ সম্ভাৱনা নিৰ্দেশ কৰে।৭ তিনি দিন পাছত, ডাব্লিউ থ্ৰী চি সম্প্ৰদায়ৰ প্ৰতিক্ৰিয়াৰ প্ৰতিক্ৰিয়া জনায় আৰু ল’গ’ সংজ্ঞা পৰিৱৰ্তন কৰে, সম্পৰ্কিত প্ৰযুক্তিসমূহৰ সংখ্যাটোক বাদ দি ডাব্লিউ থ্ৰী চি তেতিয়া কৈছিল যে, ল’গ’টো “আধুনিক ৱেব এপ্লিকেচনসমূহৰ মূল ভিত্তি এইচটিএমএল ৫ ক উপস্থাপন কৰে।”৮৬
তথ্যসূত্ৰ
- ↑ Romy, Ben. (April 5, 2012). Why HTML is Not a Programming Language. Ischool
- ↑ (3 May 2007). Web Applications 1.0
- ↑ Plan 2014. World Wide Web Consortium
- ↑ (14 December 2017). HTML 5.3. World Wide Web Consortium
- ↑ HTML Page Structure|url=https://www.w3schools.com/html/html_intro.asp | আহৰণ কৰা হৈছে=২৫ মে ২০২০
- ↑ W3C HTML5 Logo FAQ. World Wide Web Consortium
- ↑ HTML5 Logo: Be Proud, But Don't Muddy the Waters!. The Web Standards Project
- ↑ The HTML5 Logo Conversation. World Wide Web Consortium
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এইছটিএমএল” প্ৰবন্ধৰ সংশোধন ৫৩৬৭৫৬ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।