তক্ষশীলা (Taxila) পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ ৰাৱালপিণ্ডি জিলাত অৱস্থিত এখন চহৰ। তক্ষশীলা এখন গুৰুত্বপূৰ্ণ প্ৰত্নতাত্বিক স্থান। পাকিস্তানৰ ৰাজধানী ইছলামাবাদ আৰু পাঞ্জাবৰ ৰাৱলপিণ্ডি অঞ্চলৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ (২০ মাইল) উত্তৰ পশ্চিম দিশত অৱস্থিত। এই ঠাই গ্ৰাণ্ড ট্ৰাঙ্ক ৰ'ডৰ নিকটবৰ্তী। তক্ষশীলা সমুদ্ৰপৃষ্ঠৰ পৰা ৫৪৯ মিটাৰ (১৮০১ ফুট) উচ্চতাত অৱস্থিত। ভাৰত বিভাজন হৈ পাকিস্তান সৃষ্টিৰ আগত এই অঞ্চল ভাৰতৰ অন্তৰ্ভুক্ত আছিল।১২
ইতিহাস
তক্ষশীলা বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় আৰু ই খ্ৰীঃপূঃ ৭ম শতিকাত প্ৰতিষ্ঠা কৰা হৈছিল। গান্ধাৰ জনপদৰ ৰাজধানী আছিল তক্ষশীলা। বাল্মিকীৰ ৰামায়নৰ মতে ৰামৰ ভায়েক ভৰতৰ পুত্ৰ তক্ষই এই বিশ্ববিদ্যালয় স্থাপন কৰিছিল।৩ অৱশ্যে চহৰখনৰ আধুনিক নামটো টলেমীৰ জিয়'গ্ৰাফীত (গ্ৰীক) উল্লেখ থকা প্ৰাচীন চহৰখনৰ প্ৰাচীন নামৰ পৰা উদ্ভৱ হৈছে।৪ এই বিশ্ববিদ্যালয়ত ষাঠীটাতকৈ অধিক বিষয় দুই হাজাৰতকৈ অধিক আচাৰ্য উপাচাৰ্য আছিল। এই বিশ্ববিদ্যালয়ত একেলগে প্ৰায় দহ হাজাৰ পাচঁশ ছাত্ৰ-ছাত্ৰী পঢ়িব পাৰিছিল। এই বিশ্ববিদ্যালয়ত ১২বছৰ বা এক যুগ সময় অধ্যয়ন কৰাৰ পাছত দীক্ষা লাভ কৰিব পাৰিছিল। তক্ষশীলা বিশ্ববিদ্যালয়ৰ বিষয় সমূহ আছিল আয়ুৰ্বেদ বিজ্ঞান, জ্যোতিষ বিজ্ঞান, সমুদ্ৰ শাস্ত্ৰ, সমৰকলা, শস্ত্ৰসঞ্চালন,দৰ্শন, অৰ্থনীতি,ৰাষ্ট্ৰনীতি সৰ্পবিদ্যা, তন্ত্ৰবিদ্যা, মন্ত্ৰবিদ্যা,মনোবিজ্ঞান, ললিতকলা, চিত্ৰকলা আদি। আচাৰ্যসকলৰ নিজৰ নিজৰ আশ্ৰম আছিল। ছাত্ৰসকলে নিজৰ ৰুচি অনুযায়ী বিষয় নিৰ্বাচন কৰি গুৰুৰ আশ্ৰমলৈ গৈছিল।
তথ্যসূত্ৰ
- ↑ www.pbs.gov.pk/sites/default/files/population_ce
- ↑ The name for the city of Taxila as it appears on the Heliodorus Pillar inscription, circa 100 BCE
- ↑ Taxila, ancient city, Pakistan. Encyclopædia Britannica
- ↑ Lahiri, Nayanjot. (2015). Ashoka in Ancient India. Harvard University Press. ISBN 9780674915251
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তক্ষশিলা” প্ৰবন্ধৰ সংশোধন ৫২৭৩৮২ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।