অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আধাৰ (ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ)

আধাৰ (आधार) হৈছে এক ১২ অংকৰ একক পৰিচয় নম্বৰ যাক ভাৰতৰ নাগৰিক আৰু আৱাসী বিদেশী নাগৰিকসকলে স্ব-প্ৰণোদিতভাৱে প্ৰাপ্ত কৰিব পাৰে যিসকলে তেওঁলোকৰ বায়োমেট্ৰিক আৰু জনগাঁথনিগত তথ্যৰ ওপৰত আধাৰিত কৰি আবেদন কৰাৰ তাৰিখৰ ঠিক আগতে বাৰ মাহত ১৮২ দিনতকৈ অধিক সময় ভাৰতত অতিবাহিত কৰিছে।

হালনাগাদ: ১০ অক্টোবৰ ২০২৫ ৮৮১ শব্দ · ৫ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

আধাৰ (आधार১) হৈছে এক ১২ অংকৰ একক পৰিচয় নম্বৰ যাক ভাৰতৰ নাগৰিক আৰু আৱাসী বিদেশী নাগৰিকসকলে স্ব-প্ৰণোদিতভাৱে প্ৰাপ্ত কৰিব পাৰে যিসকলে তেওঁলোকৰ বায়োমেট্ৰিক আৰু জনগাঁথনিগত তথ্যৰ ওপৰত আধাৰিত কৰি আবেদন কৰাৰ তাৰিখৰ ঠিক আগতে বাৰ মাহত ১৮২ দিনতকৈ অধিক সময় ভাৰতত অতিবাহিত কৰিছে। আধাৰ আইন, ২০১৬ৰ ব্যৱস্থা অনুসৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধিকাৰক্ষেত্ৰৰ অধীনত ভাৰত চৰকাৰে জানুৱাৰী ২০০৯ ত স্থাপিত এক বিধিবদ্ধ কৰ্তৃপক্ষ ইউনিক আইডেণ্টিফিকেচন অথৰিটি অফ ইণ্ডিয়া (ইউআইডিএআই)ৰ দ্বাৰা তথ্য সংগ্ৰহ কৰা হৈছে।২

আধাৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ বায়মেট্ৰিক আইডি প্ৰণালী। বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদ পল ৰোমাৰে আধাৰক "বিশ্বৰ আটাইতকৈ অত্যাধুনিক আইডি কাৰ্যসূচী" বুলি বৰ্ণনা কৰিছে।৩ আধাৰ বাসস্থানৰ প্ৰমাণ হিচাপে বিবেচিত কিন্তু নাগৰিকত্বৰ প্ৰমাণ নহয়, আধাৰে নিজেই ভাৰতত বাস কৰাৰ কোনো অধিকাৰ প্ৰদান নকৰে।৪২০১৭ চনৰ জুন মাহত গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে নেপাল আৰু ভূটানলৈ যোৱা ভাৰতীয়সকলৰ বাবে আধাৰ বৈধ চিনাক্তকৰণ নথি নহয়।৫

আধাৰ আইন প্ৰণয়নৰ পূৰ্বে ইউ.আই.ডি.এ.আই.-য়ে ২৮ জানুৱাৰী ২০০৯ ৰ পৰা পৰিকল্পনা আয়োগৰ (বৰ্তমানৰ নীতি আয়োগ) এটা সংলগ্ন কাৰ্যালয় হিচাপে কাম কৰি আহিছিল। ৩ মাৰ্চ ২০১৬ তাৰিখে, আধাৰক আইনী সমৰ্থন দিয়াৰ বাবে সংসদত এখন মুদ্ৰা বিধেয়ক উত্থাপন কৰা হৈছিল।৬ ১১ মাৰ্চ ২০১৬ তাৰিখে, আধাৰ (বিত্তীয় আৰু অন্যান্য ৰাজসাহায্য, সুবিধা আৰু সেৱাৰ লক্ষ্য নিৰ্ধাৰণ প্ৰদান কৰা) আইন, ২০১৬ লোকসভাত গৃহীত হৈছিল।৭৮

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কেইবাটাও ৰায়ৰ বিষয় হৈ পৰিছে আধাৰ। ২৩ ছেপ্টেম্বৰ ২০১৩ তাৰিখে, উচ্চতম ন্যায়ালয়ে এক অন্তৱৰ্তীকালীন আদেশ জাৰি কৰি কয় যে "আধাৰ নথকাৰ বাবে কোনো বাসিন্দাক চৰকাৰে কল্যাণমূলক সুবিধা, বিভিন্ন সেৱা আৰু ৰাজসাহায্যৰ পৰা বঞ্চিত কৰিব নোৱাৰে",৯ কিয়নো ই স্বেচ্ছামূলক আৰু বাধ্যতামূলক নহয়।১০ ন্যায়ালয়ৰ আদালতে কাৰ্যসূচীৰ পৰিসৰ ও সীমিত কৰি আন ৰায়দানসমূহত পৰিচয় নম্বৰৰ স্বেচ্ছামূলক প্ৰকৃতি পুনৰ দৃঢ় কৰে।১১১২১৩ ২৪ আগষ্ট ২০১৭ তাৰিখে ভাৰতীয় উচ্চতম ন্যায়ালয়ে গোপনীয়তাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে নিশ্চিত কৰি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে, বিষয়টোৰ ওপৰত পূৰ্বৰ ৰায়বোৰ বাতিল কৰে।১৪১৫ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে গোপনীয়তা, নিৰীক্ষণ, আৰু কল্যাণমূলক লাভালাভৰ পৰা বৰ্জনকে ধৰি বিভিন্ন ভিত্তিত আধাৰৰ বৈধতা সম্পৰ্কীয় বিভিন্ন গোচৰৰ শুনানি গ্ৰহণ কৰে।১৬১৭ ২০১৭ চনৰ ৯ জানুৱাৰীত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি মোবাইল সেৱালৈকে সকলোৰে বাবে আধাৰ বাধ্যতামূলক কৰি সময়সীমা বৃদ্ধিৰ বাবে আবেদনৰ দ্বাৰা বিচৰা অন্তৱৰ্তীকালীন সকাহৰ ওপৰত নিজৰ ৰায় সংৰক্ষণ কৰে। ২০১৮ চনৰ ১৭ জানুৱাৰীৰ পৰা চূড়ান্ত শুনানি আৰম্ভ হৈছিল১৮ আৰু ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত শীৰ্ষ আদালতে আধাৰ ব্যৱস্থাৰ বৈধতাক সমৰ্থন কৰে।১৯ ২০১৮ চনৰ ছেপ্টেম্বৰ মাহৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে তথাপিও নিৰ্ধাৰণ কৰিছিল যে বেংক একাউণ্ট খোলা, মোবাইল নম্বৰ লোৱা, বা বিদ্যালয়ত ভৰ্তি হোৱাৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক নহয়।২০২১ কিছুমান নাগৰিক স্বাধীনতা গোট যেনে- চিটিজেনছ ফ'ৰাম ফৰ চিভিল লিবাৰ্টিজ আৰু ইণ্ডিয়ান ছ'চিয়েল একচন ফ'ৰাম (আইএনএছএএফ)য়েও গোপনীয়তাৰ চিন্তাক লৈ এই প্ৰকল্পৰ বিৰোধিতা কৰিছে।২২২৩২৪

আধাৰৰ বৈধতাক আদালতত প্ৰত্যাহ্বান জনোৱাৰ২৫২৬ পাছতো কেন্দ্ৰীয় চৰকাৰে নাগৰিকসকলক তেওঁলোকৰ আধাৰ নম্বৰক মোবাইল চিম কাৰ্ড, বেংক একাউণ্ট, কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা, আৰু বৃহৎ সংখ্যক কল্যাণমূলক আঁচনিকে ধৰি বহুতো সেৱাৰ সৈতে সংযোগ কৰিবলৈ ঠেলি দিছে কিন্তু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন, ৰাজহুৱা বিতৰণ ব্যৱস্থা, আৰু বৃদ্ধ পেঞ্চন ইয়াৰ মাজত সীমাবদ্ধ নহয়।২৭

একক পৰিচয় কৰ্তৃপক্ষ

ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ (ইউআইডিএআই) হৈছে এটা বিধিগত কৰ্তৃপক্ষ আৰু এটা চৰকাৰী বিভাগ, যিটো ভাৰত চৰকাৰে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত, আধাৰ আইন ২০১৬ ৰ বিধানসমূহ অনুসৰণ কৰি ২০১৬ চনৰ ১২ জুলাইত স্থাপন কৰে।২৮

ভাৰতৰ সকলো বাসিন্দাক ১২ অংকৰ একক চিনাক্তকৰণ (ইউআইডি) নম্বৰ (যাক "আধাৰ" বুলি কোৱা হয়) প্ৰদান কৰিবলৈ ইউআইডিএআইক বাধ্যতামূলক কৰা হৈছে। ইউআইডি আঁচনিৰূপায়ণৰ বাবে আৱাসীসকলক ইউআইডি সৃষ্ট আৰু আৱণ্টন ৰখাৰ প্ৰয়োজন; অংশীদাৰ ডাটাবেইচসমূহৰ সৈতে ইউআইডি সমূহক আন্তঃসংযোগ কৰাৰ বাবে ব্যৱস্থা আৰু প্ৰক্ৰিয়াসমূহ সংজ্ঞায়িত কৰা; ইউআইডি জীৱনচক্ৰৰ সকলো পৰ্যায়ৰ সঞ্চালন আৰু ব্যৱস্থাপনা; বিভিন্ন সেৱা প্ৰদানৰ বাবে প্ৰণালী উন্নীত কৰণ আৰু ইউ.আই.ডি.-ৰ ব্যৱহাৰ আৰু প্ৰযোজ্যতা নিৰ্ধাৰণ কৰাৰ বাবে নীতি আৰু প্ৰক্ৰিয়া প্ৰস্তুত কৰা।২৯ এই আধাৰ সংখ্যাটো বাসিন্দাজনৰ মূল জনগাঁথনি আৰু বায়'মেট্ৰিক তথ্য যেনে এখন ফটো, দহটা আঙুলিৰ ছাপ আৰু দুটা আইৰিছ স্কেনৰ সৈতে সংযুক্ত, যিবোৰ এটা কেন্দ্ৰীভূত ডাটাবেছত সংৰক্ষণ কৰা হয়।৩০

ভাৰত চৰকাৰে প্ৰথমে ২০০৯ চনৰ জানুৱাৰী মাহত, ভাৰতীয় গেজেটত প্ৰকাশিত এক অধিসূচনাৰ জৰিয়তে পৰিকল্পনা আয়োগৰ তত্বাৱধানত সংলগ্ন কাৰ্যালয় হিচাপে আধাৰ (ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ) (ইউ.আই.ডি.এ.আই) স্থাপন কৰিছিল।৩১অধিসূচনা অনুসৰি ইউআইডি আঁচনি ৰূপায়ণৰ বাবে পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণ কৰা, ইউআইডি ডাটাবেছৰ মালিকীস্বত্ব আৰু পৰিচালনা, আৰু ইয়াৰ উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে নিৰন্তৰভাৱে দায়বদ্ধ হোৱাৰ দায়িত্ব ইউআইডিএআইক দিয়া হৈছিল।

২০১০ চনৰ ছেপ্টেম্বৰ মাহত প্ৰথম ইউআইডি জাৰি কৰাৰ পৰা আৰম্ভ কৰি ইউআইডিএআইয়ে সকলো বাসিন্দাক এটা আধাৰ নম্বৰ প্ৰদান কৰাৰ লক্ষ্য লৈ আহিছে যাতে ই ডুপ্লিকেট আৰু ভুৱা পৰিচয় নিৰ্মূল কৰিব পৰাকৈ যথেষ্ট শক্তিশালী হয়, আৰু নম্বৰটো এটা সহজ আৰু খৰচ-বহনক্ষম উপায় অনলাইন যিকোনো ঠাইত, যিকোনো সময়তে প্ৰমাণিত কৰিব পাৰি।৩২৩৩ আধাৰৰ উদ্দেশ্য কোনো বৰ্তমানৰ পৰিচয় পত্ৰৰ সলনি কৰা নহয়, ই নাগৰিকত্বৰ প্ৰমাণো নহয়।৩৪আধাৰে নাগৰিকত্ব প্ৰদান নকৰে বা অধিকাৰ, সুবিধা বা প্ৰাপ্যৰ নিশ্চয়তাও নিদিয়ে। আধাৰ হৈছে এটা যাদৃচ্ছিক সংখ্যা যিটো কেতিয়াও ০ বা ১ ৰে আৰম্ভ নহয়, আৰু ইয়াত প্ৰফাইলিং বা বুদ্ধিমত্তাৰে ভৰপূৰ নহয় যিয়ে ইয়াক প্ৰৱঞ্চনা বা চুৰিৰ প্ৰতি সহজলভ্য কৰি তুলিব, আৰু এইদৰে এই ক্ষেত্ৰত গোপনীয়তাৰ এটা পৰিমাপ প্ৰদান কৰে। ইউনিক আইডিয়ে বিভিন্ন চৰকাৰী সেৱা যেনে এল পি জি সংযোগ, ৰাজসাহায্যযুক্ত ৰেচন, পিডিএছৰ পৰা কেৰাচিন, বা এন এছ এ পি বা পেঞ্চন আঁচনিৰ অধীনত সুবিধা, ই-চাইন, ডিজিটেল লকাৰ৩৫, ইউনিভাৰ্চেল একাউণ্ট নম্বৰ ( UAN) EPFO ৰ৩৬ অধীনত, আৰু আন কিছুমান সেৱা যেনে চিম কাৰ্ড বা বেংক একাউণ্ট খোলা।৩৭৩৮ ইউ.আই.ডি.এ.আই. ৱেবছাইট অনুসৰি, যিকোনো আধাৰ ধাৰক বা সেৱা প্ৰদানকাৰীয়ে ইয়াৰ ৱেবছাইটত উপলব্ধ আধাৰ প্ৰমাণীকৰণ সেৱা (এ.ভি.এছ.) নামৰ ইউ.আই.ডি.এ.আই.-ৰ ব্যৱহাৰকাৰী-অনুকূল সেৱাৰ জৰিয়তে আধাৰ নম্বৰৰ প্ৰকৃততা পৰীক্ষা কৰিব পাৰে।৩৯লগতে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ অধীনত ইতিমধ্যে নামভৰ্তি কৰা এজন বাসিন্দাই পুনৰ আধাৰৰ বাবে নামভৰ্তি কৰাৰ প্ৰয়োজন নাই।।৪০

ইউআইডিএআই ৰ তথ্য কেন্দ্ৰটো মানেছাৰৰ ইণ্ডাষ্ট্ৰিয়েল মডেল টাউনশ্বিপ (আইএমটি)ত৪১ অৱস্থিত, যাক হাৰিয়ানাৰ তদানীন্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাই ২০১৩ চনৰ ৭ জানুৱাৰী তাৰিখে উদ্বোধন কৰিছিল।৪২বেংগালুৰু আৰু মানেসৰৰ প্ৰায় ৭ হাজাৰ চাৰ্ভাৰত আধাৰ ডাটা ৰখা হৈছে।৪৩

তথ্যসূত্ৰ

  1. ↑ McGregor. (1993). https://dsal.uchicago.edu/dictionaries/mcgregor/. The Oxford Hindi-English dictionary. Oxford University Press. পৃ. 86. ISBN 0-19-864317-9
  2. ↑ About UIDAI. UIDAI
  3. ↑ 'Adhaar' most sophisticated ID programme in the world: World Bank. Daiji World
  4. ↑ (25 December 2016). Aadhaar Card not proof of citizenship: Calcutta HC
  5. ↑ Aadhaar not valid for Indians travelling to Nepal, Bhutan: Home Ministry
  6. ↑ (3 March 2016). Aadhaar legislation tabled as a money Bill. Business Line
  7. ↑ (2016). The Aadhaar (Targeted Delivery of Financial and other Subsidies, benefits and services) Act, 2016
  8. ↑ (11 March 2016). Aadhaar bill passed in Lok Sabha. Live Mint
  9. ↑ (23 September 2013). No person should suffer for not getting Aadhaar: SC
  10. ↑ (24 September 2013). Don't tie up benefits to Aadhaar, court tells Centre. দ্য হিন্দু
  11. ↑ (11 August 2015). Aadhaar Card Not Mandatory, Supreme Court Rules. NDTV
  12. ↑ Correspondent, Legal. Supreme Court counters push for Aadhaar. The Hindu
  13. ↑ Identity project · Scroll.in. scroll.in
  14. ↑ (24 August 2017). Indian top court stands up for privacy. BBC
  15. ↑ Judgment 24 Aug 2017 by the Supreme Court of India(Puttaswamy v. Union)
  16. ↑ PTI. Aadhar Case: SC to Set up Constitution Bench to Hear Pleas Against Aadhaar. thewire.in
  17. ↑ Aadhaar Act Case Background. scobserver.clpr.org.in
  18. ↑ Government To Extend All Aadhaar Linking Deadlines To March 31. bloombergquint.com/
  19. ↑ India's top court upholds constitution validity of Aadhaar card. Al Jazeera
  20. ↑ (26 September 2018). Supreme Court verdict on Aadhar. The Hans India
  21. ↑ Aadhar is constitutional but don't make it mandatory: Indian SC to govt · Setopati - Nepal's Digital Newspaper. setopati.net
  22. ↑ (6 September 2010). UID an assault on individual liberty: Activists. Rediff
  23. ↑ AADHAR: Union Cabinet of Ignorance!. Rediff
  24. ↑ (11 March 2016). Nine issues to debate on Aadhaar Bill. The Hindu
  25. ↑ Challenge to the Constitutionality of Aadhaar Act 2016
  26. ↑ Indian court upholds legality of world's largest biometric database The Guardian, 2018
  27. ↑ Deepalakshmi, K. (2017-03-24). The long list of Aadhaar-linked schemes. The Hindu
  28. ↑ About UIDAI. UIDAI
  29. ↑ (28 January 2009). Notification No.-A-43011/02/2009-Admn.I, 28 January 2009, Planning Commission, Government of India. UIDAI
  30. ↑ (4 December 2010). Learning with the Times: What is Aadhaar?. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  31. ↑ (28 January 2009). Notification No.-A-43011/02/2009-Admn.I, 28 January 2009, Planning Commission, Government of India. UIDAI
  32. ↑ Chin, Roger. (June 2015). India's Aadhaar Project: The Unprecedented and Unique Partnership for Inclusion. Journal of Administrative Science
  33. ↑ (15 March 2011). Government of India Notification (No. 14/2010 / F. No. 6/2/2007 – ES). Reserve Bank of India
  34. ↑ (16 July 2009). Nilekani to give numbers, ministries to issue cards. The Economic Times
  35. ↑ (5 July 2015). Move to link digital locker with Aadhaar challenged. দ্য হিন্দু
  36. ↑ (23 July 2014). EPFO revives Aadhaar for rolling out unique account numbers. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  37. ↑ (24 July 2009). Nilekani takes charge, says first set of IDs in 12-18 months. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  38. ↑ Frequently Asked Questions (FAQs) By Customers: Aadhaar Payment Bridge (APB) System. National Payments Corporation of India
  39. ↑ (27 May 2013). India launches Aadhaar verification services, enrolment centers. ZDNet
  40. ↑ Where to Enroll. UIDAI
  41. ↑ Haryana Review 2013
  42. ↑ (2013-01-07). New UIDAI data centre to come up at Manesar. Hindustan Times
  43. ↑ Aadhaar-enabled DBT savings estimated over Rs 90,000 crore. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আধাৰ (ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ)” প্ৰবন্ধৰ সংশোধন ৫৪২৯৪০ (১০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।